ইতিহাসৰ সতী জয়মতী আইকুঁৱৰী
ইতিহাসৰ সতী জয়মতী আইকুঁৱৰী
ইতিহাসৰ সতী জয়মতী আইকুঁৱৰীৰ বিষয়ে ৰচনা Essay on Sati Joymoti Aaikonwari in Assamese
- জয়মতীৰ স্বামীৰ নাম কি আছিল?
- জয়মতী কুঁৱৰী ৰচনা
- জয়মতীৰ ত্যাগ
- জয়মতী জন্ম চন
- লাই আৰু লেচাই কোন?
- সতী জয়মতী দিৱস
![]() |
| ইতিহাসৰ সতী জয়মতী আইকুঁৱৰীৰ বিষয়ে ৰচনা |
ইতিহাসৰ সতী জয়মতী আইকুঁৱৰী
আহোম ৰমণী জয়মতী কুঁৱৰী অসম বুৰঞ্জীৰ এক অনন্যসাধাৰণ ব্যক্তিত্ব। জয়মতী আত্মত্যাগ অসম বুৰঞ্জীতেই নহয়, বিশ্বৰ বুৰঞ্জীতে বিৰল ঘটনা। ৰত্নগর্ভা অসমত আহোম স্বৰ্গদেউসকলৰ ছশবছৰীয়া গৌৰৱময় ইতিহাসৰ এক অমংগলীয়া ক্ষণতে জয়মতীৰ জীৱনৰ সকৰুণ ঘটনাটি সংঘটিত হয়। এতিয়াৰ পৰা ৩২৬ বছৰৰ আগতে ১৬০১ শকৰ ১৩ চ'ত গুৰুবাৰে, জয়মতী কুঁৱৰীয়ে স্বামী গদাপাণি আৰু দেশ ৰক্ষাৰ কাৰণে মানৱৰণী দানবৰ হাতত অকালতে প্রাণ বিসর্জন দিব লগা হয়। তেওঁৰ মহান ত্যাগ, কষ্ট সহিষ্ণুতা আৰু দৃঢ় মানসিকতাই সেই সময়ৰ আহোম শাসন তন্ত্রত গা কৰি উঠা ৰাজনৈতিক বৈষম্য আৰু অশুভশক্তি সমূহক মষিমূৰ কৰি পতনমুখী অসমৰ পুনৰুত্থানত অভূতপূর্ব বৰঙণি যোগায়। মৃত্যুঞ্জয়ী জয়মতীৰ আত্মত্যাগ আৰু মহৎ আদর্শ চিৰকালেই অসমৰ জাতীয় জীৱনৰ পাথেয়।
আহোম ৰাজত্বৰ ছশবছৰীয়া ইতিহাস-পৰিক্ৰমাত কোনো ঐতিহাসিক ব্যক্তিৰ জীবন কাহিনীয়ে সতী জয়মতীৰ দৰে জনমানসত গভীৰ ৰেখাপাত কৰিব পৰা নাই। জয়মতীৰ আত্মত্যাগ কিদৰে সংঘটিত হৈছিল সেই বিষয়ে কেইবাখনো অসম বুৰঞ্জীত উল্লেখ থকাৰ উপৰিও প্রচলিত গীত-মাত, জনশ্রুতি, প্রবাদ, কিম্বদন্তি ৰূপত গাঁৱে-ভূঞে, চহৰে নগৰে জনতাৰ প্ৰাণত প্রতিধ্বনিত হৈ আছে। বুৰঞ্জী সাহিত্যৰে সমৃদ্ধ অসমীয়া জাতিৰ ৰাজনৈতিক প্রেক্ষাপটত একালত বিশেষ ভূমিকা গ্রহণ কৰা ৰত্ন প্রসবিনী জয়মতীৰ কাহিনী বহুপলমকৈ পোহৰলৈ আহে। বলদেৱ মহন্তদেৱৰ ৰচিত কলিকতাৰ জোনাকী কাকতত ওলোৱা 'জয়মতী কুঁৱৰী আৰু লাঙ্গি গদাপাণি' নামৰ প্ৰথম অসমীয়া প্রবন্ধটিয়ে জয়মতীৰ জীৱন-কাহিনীৰ অনুসন্ধান আৰু চিন্তা-চৰ্চাৰ পথ মকুলি কৰে। এনে এগৰাকী নাৰীৰ আত্মত্যাগৰ মৰ্মন্তদ ঘটনা কেইবাজনো বিশিষ্ট বুৰঞ্জীবিদৰ ৰচনাত ঠাই নোপোৱাতো মনকৰিবলগীয়া। সেই সময়ৰ লিখিত সাহিত্যও জয়মতীৰ সর্ম্পকে নিমাত। আগৰ দিনত হয়তো তিৰোতাৰ এনে মৃত্যু বিশেষ অসাধাৰণ ঘটনা বুলি বিবেচিত নহৈছিল। জয়মতীৰ শাস্তিৰ অন্তৰালত ঘটা ঘটনাক সেইকালৰ মানুহে দেশপ্রেমৰ চেতনাৰে উদ্বুদ্ধ হৈ নিৰীক্ষণ কৰিব নাজানিছিল।
বংশাৱলী আৰু জয়মতী সম্পর্কীয় তথ্য সম্বলিত মালিতা পুথিখনৰ মতে জয়মতীৰ পিতৃ লাইঘেপেনা বৰগোহাই। তেওঁৰ পূৰ্বপুৰুষ ফ্রাচেংমুং বৰগোহাঁই। জয়মতীৰ মাতৃ আছিল লেচাই বুঢ়াগোহাঁইৰ জীয়েক। লাইথেপেনা বৰগোহাঁয়ে বাৰগৰাকী ভাষা বিয়া কৰাইছিল। তেওঁৰ তেৰগৰাকী জীয়ৰী আৰু চৌবিশজন পুত্র আছিল। জয়মতী কুৱঁৰীৰ মহৎ আত্মত্যাগৰ ঘটনাই আহোম শাসনতন্ত্ৰৰ এক বিশেষ সময়ৰ ৰাজনৈতিক বাতাবৰণৰ কথা সোঁৱৰাই দিয়ে। চাওলুং ছ্যু-কাফাই গঢ়ি থৈ যোৱা সোণৰ অসমৰ বুকুয়েদি ১৫৯২ শৰ্কৰ পৰা ১৬০৫ শর্কলৈকে অন্তবিপ্লৱৰ কাল ধুমুহা বৈছিল। সঘনাই ৰজা ভঙ্গা-পতা, ৰজা-ৰাজকোঁৱৰ হত্যা, অঙ্গক্ষত, গৃহকন্দল, ৰাজপদ আৰু ক্ষমতা লাভৰ খোৱা-কামোৰা, সন্দেহ-সংশয় আৰু অবাঞ্ছিত খাম-খেয়ালিৰ চাকনৈয়াই পূর্বব শক্তিশালী ৰাজ্যৰ শাসন ব্যৱস্থা থানবান কৰিলে। সিংহাসনত ৰজা থকা সত্বেও ডা-ডাঙৰীয়া, বিষয়াসকলে নিজৰ খেয়াল খুচিমতে ৰাজকার্যত হাত দি অৰাজকতাৰ সৃষ্টি কৰে।
স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পাছত ৰাজনীতিজ্ঞ, স্বদেশানুৰাগী ডাঙৰীয়া, বিষয়াসকলে মোগলক ভেটিবলৈ শৰাইঘাট আৰু কলিয়াবৰত ব্যস্ত থকাৰ সময়তে তলখাপৰ বিষয়া লেচাই ডেবেৰাই বৰবৰুৱা পদত অধিষ্ঠিত হোৱাৰ সুযোগ গ্রহণ কৰে। তেওঁ ক্রমে উদয়াদিত্য বা চুন্যৎফা, ৰামব্বজ বা চুক্লামফা, প্রথম তুংখুঙীয়া ৰজা, চামগুৰীয়া চুহুং ৰজা-এইসকলক বধ কৰায়। তাৰ উপৰি ৰামঞ্চজসিংহ স্বৰ্গদেৱৰ বংশ নিধন, তিপাম ৰজা, নামৰূপীয়া ৰজাকে ধৰি অসংখ্য ৰাজকোঁৱৰ, ডা-ডাঙৰীয়া, বিষয়া আৰু কেইবাগৰাকী আইকুঁৱৰীক (ৰাণীক) হত্যা কৰে। তুংখুঙীয়া গোবৰ ৰজাৰ মৃত্যুৰ পাছত দিহিঙ্গীয়া ফৈদৰ চুজিনা কোঁৱৰ ৰজা হৈ তিনিবছৰ ৰাজত্ব কৰে। কিন্তু আতন বুঢ়াগোহাঁইয়ে তেওঁক ঘৃণ লগাই ৰজা হোৱাৰ অযোগ্য কৰাত মনোকষ্ট পাই তেওঁ শিলত মূৰ আফালি ১৬৭৭ খ্রীষ্টাব্দত আত্মহত্যা কৰে। তেতিয়া আতন বুঢ়াগোহাঁয়ে ডা-ডাঙৰীয়া বিষয়াসকলৰ সৈতে ৰাজ্য ৰক্ষা কৰি থাকি পিছত স্বৰ্গদেউ চুদৈফাক ৰজা পাতে। ১৬৭২ খ্রীষ্টাব্দত লাচিত বৰফুকনৰ মৃত্যু হোৱাত তেওঁৰ ককায়েক লালুকসোলা মেটেকতলীয়া ফুকন বা নিমাতি বৰফুকন পদত অধিষ্ঠিত হয়। ইয়াৰ পাছৰ পৰাই উজ্জনিত আতন বুঢ়াগোহাঁই আৰু নামনিত লালুকসোলা বৰফুকন দুয়োজনৰ মাজত ক্ষমতালোভ আৰু ৰাজপদলোভক কেন্দ্র কৰি মনোমালিন্যৰ সূত্রপাত হয়।
লালুকসোলা বৰফুকনে নিজে ৰজা হোৱাৰ বাসনাৰে ৰাজমন্ত্রী আতন বুঢ়াগোহাঁইক ক্ষমতাচ্যুত কৰিবলৈ বঙালৰ ঝটিখোৱা বাদুলিৰ জৰিয়তে বঙ্গৰ নবাব মন্জুৰ খাঁৰ হতুৱাই অসম আক্রমণ কৰোৱাৰ আচনি তৈয়াৰ কৰে। শৰাইঘটীয়া মানুহৰ মুখে এই বাতৰি পাই বুঢ়াগোহাঁই ডাঙৰীয়াই স্বৰ্গদেৱক নিমিত্ত কৰি তুলসীজানৰ পৰ্বতৰ পৰা দিহিঙ্গত লগাই সকলোৰে দোৱাল তুলি এটা গড় বন্ধালে আৰু নাম থলে লাইমতী। লাইমতী গড়েই চিন্তামণি গড়ৰূপে জনাজাত। ৰাজমন্ত্ৰীৰ গড় বন্ধোৱা কাৰ্যই লালুকসোলা বৰফুকনৰ সন্দেহ অধিক ঘণীভূত কৰিলে। পৰিণতিস্বৰূপে দুয়োজনাৰ মাজত বিভেদ বাঢ়ি যায় আৰু লালুকসোলাই মিত্রভাবে মোগলক গুৱাহাটী এৰি দি কলিয়াবৰলৈ আহে। তাৰপাছতে তেওঁ ডেবেৰা বৰবৰুৱাৰ দৰে 'দশমৰ পদ কৰিবলৈ' আৰম্ভ কৰে। লালুকসোলা বৰফুকনে গড়গঞা ৰজাৰ বংশ নিপাত, আতন বুঢ়াগোহাঁই আৰু তেওঁৰ পৰিয়াল, স্বৰ্গদেউ চুদৈফা, ৰাজকোঁৱৰ সকল আৰু অন্যান্য বিষয়াসকলক বধ কৰে। তেওঁ নিজে সর্বেসর্বা হৈ ভায়েক মৰঙ্গী আৰু ভাতধৰাক ঘাই ঘাই পদত নিয়োগ কৰে। ভাগিনীয়েক স্বদেশপ্রাণা ৰমণী গাভৰু বা ৰহমত বানুৰ (আজমতাৰাৰ বেগম) অনুৰোধ উপেক্ষা কৰি বঙ্গৰ নবাব মনছুৰখাঁক অসমৰ হিয়াৰ আমঠু গুৱাহাটী এৰি দি ৰাজধানীত উঠি ৰজা হৈ পৰে। অসমৰ অধীশ্বৰ হোৱাৰ উচ্চাকাংক্ষা আৰু ক্ষমতাৰ খকত মোগলত গুৱাহাটী এৰি দি লালুকসোলা বৰফুকনে স্বৰ্গদেউ ছু্যু-কাফা দিনৰে পৰা কোনেও নকৰা অপকর্ম কৰি যুগলৈ কুখ্যাতি ৰাখিলে।
আতন বুঢ়াগোহাঁইয়ে ডেবেৰা বধিবৰ সময়ত "ৰাজ্যত শাস্তি স্থাপন কৰিম" বুলি "শালগ্রাম তাম-তুলসী" চুই খোৱা শপত বাস্তবায়িত কৰিব নোৱাৰিলে। স্বৰ্গদেউ চুদৈফাৰ লোকান্তৰৰ পাছত লালুকসোলা বৰফুকনে চামগুৰীয়া ফৈদৰ চৈধ্যবছৰীয়া কটাৰী নলীয়া' (অতি ক্ষীণ) কোঁৱৰ চুলিকফাক ১৬৭৯ খ্রীস্টাব্দত ৰজা পাতে। ৰজা চুলিকফা বা ল'ৰা ৰজালৈ হিন্দুমতে বুঢ়া বৰফুকনে তেওঁৰ কণমানি বাৰবছৰীয়া জীয়েকক বিয়া দিয়ে পর্বতীয়া কুঁৱৰী পাতে। ল'ৰা ৰজাক সিংহাসনৰ সাক্ষীগোপাল কৰি শাসনৰ ৰাজজৰী নিজৰ হাতৰ মুঠিত ৰাখি অনেক অকার্যত লিপ্ত হয়। দেশৰ চৌদিশে আতংক সৃষ্টি কৰা কোঁৱৰ নিধন আৰু অঙ্গক্ষতৰ বাতৰি পাই জয়মতী কুঁৱৰী শংকিত হৈ পৰে। ৰাজ্যখনত দুৰ্ঘোৰ সংকটৰ অৱসান ঘটাই শান্তি স্থাপন কৰিব পৰা শক্তিশালী, দৃঢ়মনৰ গদাপাণি কোঁৱৰৰ বাহিৰে তেতিয়া অন্য কোঁৱৰ আৰু নাছিলেই। সেয়েহে বিচক্ষণা জয়মতীয়ে স্বামীৰ দেহ-প্রাণ হৰণ-ভগন নহবৰ কাৰণে জয়দেউ কাকুতিৰে গদাপাণিক পলাবলৈ খাটনি ধৰিলে। নিজেও গদাপাণিৰ কোনো সম্ভেদ নিদিবলৈ ভীষ্ম প্রতিজ্ঞা কৰিছে। গদাপাণি কোঁৱৰৰ পলায়ন আৰু জয়মতীৰ শাস্তি সর্ম্পকে জনশ্রুতি, প্রকাশিত-অপ্রকাশিত বুৰঞ্জী আদিত বিভিন্ন ধৰণে পোৱা যায়। সাঁচিপতীয়া বুৰঞ্জী কিছুমান প্রকাশ হোৱাৰ আগলৈকে জয়মতীৰ শাস্তি তথা মৃত্যুৰ বাবে ল'ৰা ৰজাকেই জগৰীয়া কৰা হৈছিল। কিন্তু পুৰণি বুৰঞ্জীবোৰ প্ৰকাশ পোৱাৰ পাছত বুৰঞ্জীবিদসকলে ৰাজনৈতিক ঘটনাবলী নতুন দৃষ্টি ভঙ্গীৰে চালি জাৰি চাই লালুকসোলা বৰফুকনকহে প্রধানকৈ এই ঘটনাৰ বাবে দায়ী বুলি মতপোষণ কৰিছে- লালুকসোলা বৰফুকনে কুঁৱৰীক শাস্তি দি বাতৰি উলিয়াবলৈ গাঠি হাজৰিকাক দিয়ে। হাজৰিকাই সর্গভা কুঁৱৰীক চাওদাং লগাই জেৰেঙা পথাৰত নানা অমানুষিক শাস্তি দিয়ে। জেৰেঙা পথাৰত চৈধ্যদিন অমানুষিক শাস্তি ভোগ কৰি জয়মতী কুঁৱৰীয়ে নশ্বৰ দেহা ত্যাগ কৰে।
বুৰঞ্জীবিদ ভুবনচন্দ্র সন্দিকৈদেৱে ১২০ খনীয়া পাতৰ এখন পুৰণি সাঁচিপতীয়া বুৰঞ্জীত থকা জয়মতীৰ নির্যাতনৰ কথা উল্লেখ কৰিছে শাস্তি কৰোৱা ঠাই ৰজাৰ বাহৰৰ নিকটতে, জেৰেঙা পথাৰত। তাতে কুটকুৰী গছত বান্ধি ৰাখি শাস্তি দিলে অনেক প্রকাৰে। পাছত এসময়ত শাস্তি ভুগি ভুগি কুঁৱৰী মৰিল শক ১৬০১ চ'ত মাহ ১৩ দিন গুৰুবাৰে। এইদৰে লাঙ্গি গদাপাণিক নাপাই কুঁৱৰীক মাৰিলে। ড° সূর্যকুমাৰ ভূঞযদেৱৰ সম্পাদিত তুংখুঙীয়া বুৰঞ্জী আৰু অসম বুৰঞ্জীত উল্লেখ আছে যে জয়মতী আৰু গদাপাণিয়ে লালুকসোলা বৰফুকনৰ ভয়ত পলাই যোৱাৰ পূর্বে তেওঁলোকৰ দুই কোঁৱৰ লাই-লেচাইক নগাচাঙ্গত থৈছিল, সগর্ভা জয়মতীয়ে নির্যাতনত মৃত্যু বৰণ কৰিছিল। সগর্ভা জয়মতীৰ শাস্তি আৰু মৃত্যু অতি মর্মান্তিক আৰু পৰিতাপৰ বিষয়। 'অসমৰ পদ্য বুৰঞ্জী'ত আছে মাতৃ জয়মতীৰ লগতে তেওঁলোকৰ একমাত্র কন্যাটিকো চাওদাঙে বধ কৰে।
গদাপাণি কোঁৱৰে তুংখুঙ এৰি যোৱাৰ পিছত তেওঁ দেশৰ ভালেমান ঠাইত আত্মগোপন কৰি থকাৰ কথা বুৰঞ্জীত পোৱা যায়। কিন্তু তেওঁৰ আত্মগোপন কালত আশ্রয় লোৱা ঠাইসমূহৰ বিষয়ে একাদিকক্রমে সঠিক তথ্য দাঙি ধৰা টান। গদাপাণিয়ে প্রথমতে কেইদিনমান মেটেকাৰ বগী পোহাৰীৰ ঘৰত ৰৈছিলগৈ, তাৰ পাছত সহায় বিচাৰি তেওঁ নগাপৰ্বতৰ ফালে যায়গৈ। হৰকান্ত বৰুৱা সদৰামিনৰ বুৰঞ্জীমতে গদাপাণিয়ে তেওঁৰ ভাৰ্যা জয়মতীৰ সৈতে পলাই গৈ অটব্য অৰণ্যত গছ পাতেৰে এটি সৰু ঘৰ কৰি আছিল। ৰজাৰ মানুহে গৈ তাতো বিচাৰি পোৱাত পত্নীৰ কথামতে তেওঁ অকলে আঁতৰি পলায় আৰু নিষ্ঠুৰলোকে গাভৰুক শাস্তি দি বধ কৰে। জয়মতীৰ নির্যাতনেই বুঢ়াফুকন আৰু ল'ৰা ৰজাৰ পতনৰ কাৰণ। বিশ্বৰ ভালেকেইখন মহাকাব্যত নাৰী নির্যাতন আৰু অপহৰণৰ পৰিণতিস্বৰূপে বহু ৰজা-মহাৰজাৰ পতন ঘটা ৰাজ্য, ৰাজধানী ধ্বংস স্তূপত জাহ যোৱাৰ উদাহৰণ আছে। ইলিয়াডত হেলেনৰ অপহৰণে ট্রয় নগৰ ধ্বংস, ৰামায়ণত সীতাৰ অপহৰণে ৰাৱণৰ স্বর্ণ লংকা ভষ্মীভূত, মহাভাৰতত কুৰুপতি দুর্যোধনৰ ৰাজসভাত দ্রৌপদীৰ নির্যাতন কৌৰৱৰ ধ্বংসৰ অন্যতম কাৰণ হৈ পৰে। সেইদৰে অসম বুৰঞ্জীতো জয়মতীৰ নির্যাতন আৰু মৃত্যুৱে লালুকসোলা বৰফুকন আৰু ল'ৰা ৰজাৰ পতন ঘটাই দেশত শাস্তি স্থাপনৰ কাৰণে গদাপাণি কোঁৱৰক ৰজা হোৱাত সহায় কৰে।
প্রিয়তমা ভাষাক অবর্ণনীয় অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিবলৈ গদাপাণিয়ে ছদ্মবেশেৰে নগাচাঙৰ পৰা আহি তেওঁক ধৰাই দি ৰক্ষা কৰিবলৈ পত্নীক ইংগিত দিয়াৰ কথা বুৰঞ্জীয়ে কয়। নগা পর্বত, নামচাঙ্গ, টাবলুঙ্গ আদিত আত্মগোপন কৰি থকাৰ পৰা গদাপাণিয়ে ছদ্মবেশেৰে পাণ, আলু, কচু, জলকীয়া আদি ভৈয়ামত বেহাবলৈ অহাৰ চলেৰে নগৰৰ গতি-বিধিৰ উমান লৈ শাহুয়েকৰ ঘৰত সোমাই লাই-লেচাইক চাই যায়। গদাপাণিয়ে নামচাঙ্গৰ কাঞ্চা নামৰ এগৰাকী নগা ৰাজকুমাৰীৰ সহায়ত এজাক নগা বন্ধুলৈ পত্নীক উদ্ধাৰ কৰিবলৈ আহে। কিন্তু তেওঁ আহি পোৱাৰ পূর্বেই জয়মতীৰ দেহাবসান ঘটে। পত্নী-বিয়োগৰ পাছত গদাপাণিয়ে উদাস মনেৰে অনাই বনাই ফুৰি নাজিৰাৰ ময়ূৰ মজুমদাৰ বৰুৱাৰ ঘৰত প্রবেশ কৰে। তাৰ পৰা তেওঁ কলিয়াবৰলৈ গৈ ভিনিহিয়েক বন্দৰ বৰফুকনক সাক্ষাৎ কৰে। বন্দৰ বৰফুকনে ডা- ডাঙৰীয়া, ফুকন, বিষয়াসকলেৰে আলচ কৰি গদাপাণিক সৰিয়হতলীতে ৰজা পাতি সেৱা কৰি ৰাজধানীমুৱা হয়।
গড়গাওঁ নগৰত ১৬০৩ শক বা ১৬৮১ খ্রীষ্টাব্দত শাওনৰ ২২ দিন যাওঁতে মহাৰজা গদাধৰসিংহ শিঙৰি ঘৰত উঠিল, ২৩ তাৰিখে সিংহপীৰাত বহিল। ২৪ তাৰিখে মংগলবাৰে সিংহাসনত উঠিল। সেইদিনাই স্বর্গদেৱে আহোম জাতি নাম চাও চুপাতফা আৰু হিন্দুমতে গদাধৰ সিংহ নাম গ্রহণ কৰে। আত্মগোপন কালত অনাই বনাই ফুৰোতে দেশৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আদি দিশৰ বিষয়ে লাভ কৰা জ্ঞান অভিজ্ঞতাই তেওঁক ৰাজ্যশাসনত প্রভূত সহায় কৰে। স্বৰ্গদেউ গদাধৰ সিংহ বাহুবলী, শাসন কার্যত কঠোৰ অথচ সুশৃংখল ৰঙা হিচাপে পৰিচিত। তেওঁ স্বেচ্চাচাৰী বিষয়াসকলক, চক্রান্তকাৰী ৰাজদ্রোহী সকলক, ধৰ্মৰ নামত নিষ্কর্মা আৰু ব্যভিচাৰ কৰা লোকক নির্মূল কৰি পতনমুখী ৰাজ্যলৈ শান্তি সুস্থিৰতা ঘুৰাই আনে। গদাধৰ সিংহই ডা-ডাঙৰীয়া, বা-বিষয়াসকলেৰে যুগুত কৰি ৰাজ্যগ্রাসী মোগলক ইটাখুলিৰ ৰণ ঘটুৱাই (এই ৰণখনেই আহোম আৰু মুছলমানৰ শেষ ৰণ) গুৱাহাটী পুনৰ উদ্ধাৰ কৰাৰ লগতে শত্রুপক্ষৰ যুদ্ধৰ বহু সম্ভাৰ লাভ কৰে। স্বৰ্গদেউ গদাধৰ সিংহই তেওঁৰ দিনত হোৱা মিৰি আক্রমণ (১৬৮৭ খ্রীঃ) নগা আক্রমণ (১৬৯২ খ্রীঃ) ৰোধ কৰি শান্তিপূর্ণভাৱে ৰাজ্য শাসন কৰে। তেওঁৰ পাছত অসমৰ স্বাধীনতাৰ ৰবি মাৰ যোৱালৈকে ১৩০ বছৰ কাল তুংখুঙীয়া ফৈন্দৰ ৯ জন ৰজাই একাদিক্রমে ৰাজত্ব কৰে। আহোম ৰাজফৈদ বিলাকৰ ভিতৰত তুংখুঙীয়া ফৈদৰ গুৰুত্ব আৰু গঠনমূলক কৰ্মৰ নিদর্শনে অসম বুৰঞ্জীত এখন সুকীয়া আসন দখল কৰি আছে।
গদাকোঁৱৰক ৰাজৰোষৰ পৰা আঁতৰাই ৰাখি অসমৰ অধীশ্বৰ কাৰ্যত জয়মতী কুঁৱৰীৰ আত্মবলিদানৰ লগতে আৰু কেইবাগৰাকী নাৰীৰ অকুণ্ঠ অবদান অনস্বীকার্য। এবাৰ তেওঁ পলৰীয়া অৱস্থাত ৰজাৰ সৈন্যৰ হাতত শলঠেকত পৰোঁতে তিনিজনী পোহাৰীয়ে গাৰ কাপোৰেৰে গদাপাণিক ঢাকি নিজৰ আপোন মানুহ ঢুকুৱা বুলি ইনাই বিনাই কান্দি সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিলে। সেই পোহাৰী তিনিজনী হ'ল ৰহাৰ ৰহদৈ, টিপামৰ ভাদৈ আৰু শলগুৰিৰ আঘোণী। ৰজা হোৱাৰ পাছত গদাধৰ সিংহই সেই সকলৰ স্মৃতি ৰক্ষার্থে দৌল, পুখুৰী, আলি, নগৰ, বজাৰ আদি নিৰ্মাণ কৰাইছিল। মেটেকাৰ বগী বৰপোহৰীৰ নামত বগী দ'ল, বগী পুখুৰী, ৰহদৈ আলি, ৰহদৈ দ'ল, ৰহদৈ পুখুৰী, লকাকত সোপাদৈ পুখুৰী, ৰমণী আলি, ৰমণী বজাৰ, শলগুৰিৰ আঘোণী বাইৰ নামত শলগুৰি আলি, টিপামৰ ভাদৈ পুখুৰী, ভাদৈ নগৰ আদি মহাৰজা গদাধৰ সিংহৰ উদাৰতা আৰু কৃতজ্ঞতাৰ চানেকি। স্বৰ্গদেউ গদাধৰ সিংহই পত্নী জয়মতীৰ স্মৃতি ৰক্ষার্থে কোনো প্রচেষ্টা নোলোৱাটো চিন্তা কৰিবলগীয়া। কিন্তু তেওঁৰ সুযোগ্য সন্তান লাই কোঁৱৰ অর্থাৎ ৰুদ্রসিংহই মাতৃৰ স্মৃতি যুগমীয়া কৰি বাখিবলৈ জয়সাগৰ নামৰ পুখুৰী আৰু তাৰ পাৰত জয়দৌল বন্ধায়।
জয়মতী কুঁৱৰীৰ শাস্তি আৰু মৃত্যুৰ বিৰুদ্ধে সেইসময়ত কোনো প্রতিবাদ কিয় নহ'ল এই সম্পকে প্রশ্ন উত্থাপন নোহোৱা নহয়। দুটা আঢ্যবস্তু, সংস্কৃতিবান পৰিয়ালৰ জীয়ৰী আৰু বোৱাৰী হোৱা সত্বেও জয়মতীৰ এনে নৃশংস অত্যাচাৰৰ কোনো ধৰণৰ প্রতিবাদ কিয় নহ'ল ইয়াৰ সমিধান বুৰঞ্জীয়েই দিয়ে। স্বেচ্চাচাৰী ৰজা আৰু বৰফুকনৰ নৃশংস অত্যাচাৰলৈ ভয় কৰি বাধা প্রদান নকৰাটো ইয়াৰ অন্যতম কাৰণ। দ্বিতীয়তে ৰাজমন্ত্রী আতন বুঢ়াগোহাঁই, লাইথেপেনা বৰগোহাঁই, বৰপাত্র গোহাঁই প্রমুখ্যে বিষয়াসকল সেইসময়ত মোগলক যুদ্ধত ঘটুৱাবলৈ গুৱাহাটী আৰু কলিয়াবৰত ব্যস্ত থাকিব লগা হোৱাত জয়মতীৰ অমানুষিক অত্যাচাৰ আৰু মৃত্যুৰ প্রতিবাদ নোহোৱাটো আনটি মুখ্য কাৰণ। ৰাজবিষয়াৰ হাতত নিকাৰ ভুঞ্জি জয়মতীয়ে প্রাণ ত্যাগ কৰিলে। কিন্তু তেওঁ নিজ প্রতিজ্ঞাৰ পৰা অলপো বিচলিত নহ'ল। এয়ে হৈছে জয়মতী কুঁৱৰীৰ চৰিত্ৰৰ মহত্ব।
ক্ষণজন্মা, ৰাজনীতিগর্ভা, পতিপ্রাণা জয়মতী কুঁৱৰীৰ অফুৰন্ত দেশপ্রেম অসমৰ জাতীয় জীৱনৰ গৌৰৱময় গাথা। এই গৰাকী সতীৰ মহৎ আদর্শ সামগ্রিকভাবে ঐক্য-প্ৰেৰণাৰ সাতসৰী। মহীয়সী জয়মতীৰ ইতিবৃত্ত লুইতৰ দৰে চহৰে-নগৰে। দেশে-বিদেশে জনগণৰ মনৰ দিগন্তত প্ৰসাৰিত হৈছে। ১৯১৪ চনত প্রথমে 'জয়মতীৰ তিথি উৎসৱ' জয়সাগৰৰ পুখুৰীৰ পাৰত ৰাজহুৱাভাৱে উদযাপিত হয়। তেতিয়াৰ পৰাই প্রতিবছৰে অসমৰ গাৱে-ভুঞে, নগৰে-চহৰে জয়মতীৰ তিথি উৎসৱ পালন কৰি অহা পৰিলক্ষিত হয়। আজি একবিংশ শতিকাত উপনীত হৈ আমি আমাৰ ঐতিহ্যপূর্ণ বুৰঞ্জী সম্পদৰ সমুদায় তথ্য বিজ্ঞান সন্মত বিচাৰ বিশ্লেষণেৰে উদ্ধাৰ হৈছে বুলি কবলৈ অপাৰগ। ঐতিহ্য আৰু আধুনিকতাৰ মিলনতহে জাতীয় সত্তাৰ ভৱিষ্যৎ নি়ৰ্ভৰ কৰে।
******

Comments
Post a Comment