পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ বিষয়ে পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ বিষয়ে

পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ বিষয়ে 

পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ বিষয়ে অসমীয়াত About Pandit Krishnakanta Handique in Assamese 


About Pandit Krishnakanta Handique in Assamese
পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ বিষয়ে 




পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱ


কৃষ্ণকান্ত সন্দিকৈদেৱৰ জন্মঃ

ইং ১৮৯৮ চনৰ ২০ জুলাইৰ দিনা এক শুভ লগ্নত যোৰহাট নগৰত পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ জন্ম হয়। কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীষাৰ দেউতাকৰ নাম আছিল ৰাধাকান্ত সন্দিকৈ আৰু মাকৰ নাম নাৰায়ণী সন্দিকৈ আছিল। অসমৰ কেবাটাও ৰাজহুৱা অনুষ্ঠানৰ উন্নতিকল্পে মুক্তহতে দান বৰঙণি আগবঢ়োৱা হেতুকে জনসাধাৰণে কৃতজ্ঞতাৰ চিন স্বৰূপে ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াক "দানবীৰ” উপাধিৰে বিভূষিত কৰিছিল। দানবীৰ ৰাধাকান্ত সন্দিকৈৰ চাৰিজন পুতেকৰ ভিতৰত কৃষ্ণকান্ত সন্দিকৈ আছিল আটাইতকৈ ডাঙৰ ।


কৃষ্ণকান্ত সন্দিকৈদেৱৰ শিক্ষা:

কৃষ্ণকান্ত সন্দিকৈয়ে ঘৰতে প্রাথমিক শিক্ষা লাভ কৰাৰ পিছত দেউতাকে যোৰহাটৰ চৰকাৰী হাইস্কুলত নাম লগাই দিয়ে। ইং ১৯১৩ চনত পোন্ধৰ বছৰ বয়সত কৃষ্ণকান্ত সন্দিকৈদেৱে যোৰহাট চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা দি সুখ্যাতিৰে উত্তীর্ণ হয়। প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত তেওঁ গুৱাহাটীলৈ গৈ কটন কলেজত এফ, এ, মহলাত ভর্তি হয়। ইং ১৯১৫ চনত কৃষ্ণকান্তই কটন কলেজৰপৰা এফ.এ. পৰীক্ষা উত্তীর্ণ হয় আৰু ইং ১৯১৭ চনত সংস্কৃত সম্মানসহ স্নাতক উপাধি লাভ কৰে। তাৰ পিছত ইং ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা সংস্কৃতৰ 'বেদ শাখা'ত এম. এ পৰীক্ষা দি কৃষ্ণকান্ত সন্দিকৈদেৱে প্রথম শ্রেণীৰ প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হয়। ইং ১৯২০ চনত কৃষ্ণকান্ত সন্দিকৈদেৱে বিলাতলৈ গৈ অক্সফোর্ড বিশ্ববিদ্যালয়ত 'আধুনিক বুৰঞ্জী' বিভাগত নাম ভর্তি কৰি অধ্যয়ন কৰে আৰু ইং ১৯২৩ চনত উক্ত বিশ্ববিদ্যালয়ৰপৰাই এম.এ পৰীক্ষাত উত্তীর্ণ হয়।ইং ১৯২৩ চনৰপৰা ইং ১৯২৭ চনলৈকে কৃষ্ণকান্তই ইউৰোপৰ নানা ভাষা-সাহিত্য অধ্যয়ন কৰে। ফৰাচী দেশৰ ৰাজধানী পেৰিচলৈ গৈ তেওঁ ৰুচ, জামান, গ্রীক, ফৰাচী, লেটিন, স্পেনিচ আদি ভাষা শিকি বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰে।


কৃষ্ণকান্ত সন্দিকৈদেৱৰ সাহিত্য সেৱা:

সোণ-ৰূপৰ চামুচ মুখত লৈ জন্ম লাভ কৰা কৃষ্ণকান্ত সন্দিকৈদেৱে জ্ঞান অর্জনকে জীৱনৰ মূল লক্ষ্য হিচাপে গ্রহণ কৰিছিল। দেশ-বিদেশৰ নানা ভাষা-সাহিত্য অধ্যয়ন কৰি জ্ঞান আহৰণ কৰা কৃষ্ণকান্তদেৱৰ সংস্কৃত সাহিত্যৰ ওপৰত অগাধ পাণ্ডিত্য আছিল। প্রাচীন ভাৰতীয় সাহিত্যৰ সৈতে তেওঁৰ আত্মাৰ নিভৃত সম্পর্ক গঢ়ি উঠিছিল। সেই হেতুকেই কৃষ্ণকান্তদেৱৰ কাপত প্রাচীন ভাৰতীয় সাহিত্যই নতুন ৰূপত আত্মপ্রকাশ কৰি বিশ্বসাহিত্যৰ দৰবাৰত ভাৰতৰ শ্ৰেষ্ঠত্ব প্রমাণ আৰু প্ৰতিষ্ঠা কৰিছিল।


কৃষ্ণকান্ত সন্দিকৈদেৱে প্রধানতঃ আৰু ৰচনা ৰাজি:

ইংৰাজী ভাষাতহে কলম চলাইছিল। সেইবাবে তেওঁৰ জ্ঞানৰ গভীৰতা আৰু অধ্যয়ন পুষ্টতাৰ কথা বিশ্বৰ বিভিন্ন দেশৰ পণ্ডিতেও অনুভৱ কৰিবলৈ সক্ষম হৈছিল। প্রাচীন কালত ভাৰতীয় ভাষা-সাহিত্য বিশেষভাৱে সমৃদ্ধ আছিল। কৃষ্ণকান্তৰ সাহিত্য চর্চায়ো সেই কথাকে পুনৰ দোহাৰিছে। খ্রীষ্টীয় পঞ্চম শতিকাত ভাৰতবৰ্ষত প্ৰৱৰসেন নামৰএজন মহাকবি আছিল। এই মহানকবি গৰাকীয়ে প্ৰাকৃত ভাষাত 'সেতুবন্ধ' নামেৰে এখন মহাকাব্য ৰচনা কৰিছিল। পোন্ধৰটা সর্গ বা অধ্যায়ত লিখা এই গ্রন্থখনৰ আন এটা নাম হ'ল-"ৰাৱনবহো”। কৃষ্ণকান্ত সন্দিকৈয়ে প্রাকৃত ভাষাৰ এই কঠিন গ্ৰন্থখনৰ ওপৰত বিস্তভাৱে আলোচনা চলাইছে আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰিছে। ফলত প্রাকৃত ভাষাৰ জ্ঞান নথকা বিশ্বৰ অগণন জ্ঞান পিপাসু পাঠকে প্রাচীন ভাৰতৰ এই অমূল্য গ্ৰন্থখনৰ ৰসপান কৰিবলৈ সক্ষম হৈছে।


পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ "নৈষধ চৰিত” সংস্কৃত সন্দিকৈৰ এখন মহাকাব্য। খ্রীষ্টীয় দ্বাদশ শতিকাত শ্রীহর্ষ নামৰ এগৰাকী কবিয়ে গ্রন্থখন ৰচনা কৰিছিল। কৃষ্ণকান্তই কুৰিটা সর্গ বা অধ্যায়ত বিভক্ত এই গ্রন্থখন সাৱলীলভাৱে ইংৰাজী ভাষাত অনুবাদ আৰু ব্যাখ্যা কৰি ইং ১৯৩৪ চনত প্রকাশ কৰিছে। কৃষ্ণকান্ত সন্দিকৈদেৱৰ কীর্তি স্তম্ভ হ'ল 'যশক্তিলক'। জৈন মহাকবি সোমদেৱ বিৰচিত এই বিশাল গ্রন্থখনক "যশক্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ” নামেৰে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে। গদ্য আৰু পদ্যক সমানভাৱে ব্যৱহাৰ কৰা "যশস্তিলক" এখন চম্পু কাব্য। চাৰে পাঁচশ পৃষ্ঠাৰ হিমালয় সদৃশ এই গ্রন্থখন সাৱলীলভাৱে ইংৰাজীলৈ অনুবাদ কৰি কৃষ্ণকান্তই এক বিৰল প্ৰতিভাৰ পৰিচয় দি বিশ্ববাসীক প্রাচীন ভাৰতীয় সাহিত্যৰ ৰসপান কৰাৰ সুবিধা দিছে। "যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ” পাঠ কৰাৰ পিছত অঙ্কাৰ বটো নামৰ ইটালীৰ অধ্যাপক এজনে কৃষ্ণকান্তৰদেৱৰ প্ৰতিভাৰ ভূয়সী প্রশংসা কৰিছে আৰু সেই গ্ৰন্থখনকে তেওঁৰ সৰ্বশ্রেষ্ঠ সৃষ্টি বুলি স্বীকাৰ কৰিছে।


সংস্কৃত, প্রাকৃত, ইংৰাজী আদি ভাষাৰ বিশাল জ্ঞানৰ অধিকাৰী কৃষ্ণকান্ত সন্দিকৈয়ে অসমীয়া ভাষাত কোনো গ্রন্থ ৰচনা কৰা নাই। সেয়ে, অসমীয়া সাহিত্যৰ পাঠকসকলে কৃষ্ণকান্ত সন্দিকৈৰ ৰচনাৰাজিৰ সোৱাদ ল'ব পৰা নাই। অৱশ্যে মাজে-সময়ে অসমীয়া ভাষাৰ বিভিন্ন আলোচনীত প্রকাশিত –

(১) সৰস্বতীৰ বৰ, (২) মোগল ৰাজকন্যাৰ কবিত্ব প্রতিভা, (৩) জাপানৰ বীৰ নোগী, (৪) আত্মবিচাৰ, (৫) অমৰ প্রকাশ, (৬) ইউৰোপৰ ভাষা আৰু সাহিত্য, (৭) গ্রীকভাষা, (৮) জামানীৰ জ্ঞান সাধনা, (৯) অনুবাদৰ কথা, (১০) কছ অভিনয়, (১১) ভাৰতীয় চিন্তা, (১২) প্রাচীন বেবিলনৰ বেদ, (১৩) সাংখ্যদর্শন, (১৪) গ্রীক নাটকৰ দান, (১৫) জামান সাহিত্যৰ সপোন নাটক, (১৬) স্পেনিচ সাহিত্যৰ ৰমিঅ' জুলিয়েট, (১৭) সাগৰৰ মাজৰ দুর্গ, (১৮) প্রাচীন মিচৰৰ উপাখ্যান, (১৯) চক্ৰেটিছৰ মতে কবিৰ প্রকৃতি আদি অসমীয়া ভাষাত ৰচনা কৰা প্ৰৱন্ধসমূহ অসমীয়া ভাষা সাহিত্যলৈ তেওঁৰ হীৰামূলীয়া অৱদান। ইয়াৰ উপৰি ইং ১৯৩৭ চনত অসম সাহিত্য সভাৰ সপ্তদশ গুৱাহাটী অধিবেশনৰ সভাপতি আসনৰপৰা কৃষ্ণকান্তদেৱে পাঠ কৰি দিয়া নিজৰ অভিভাষণখনো অসমীয়া ভাষা সাহিত্যৰ এটি আপুৰুগীয়া সম্পদ।


কৃষ্ণকান্ত সন্দিকৈদেৱৰ বৃত্তি আৰু সমাজ সেৱা: 

কৃষ্ণকান্ত সন্দিকৈয়ে নিজৰ দেশ আৰু জাতিক খুউব ভাল পাইছিল। সেইবাবেই জ্ঞান অৰ্জনৰ বাবে দিহিঙে দিপাঙে ঘূৰি ফুৰাৰ লগতে অসম আৰু অসমীয়াৰ উন্নতিৰ উপায়ো চিন্তা কৰিছিল। বিশ্বৰ বহু সাহিত্য অধ্যয়ন আৰু বহু ঠাই ভ্ৰমণ কৰি কৃষ্ণকান্তই বাৰুকৈয়ে উপলদ্ধি কৰিছিল যে, শিক্ষাৰ পোহৰেহে মানুহক উন্নতিৰ বাট দেখুৱাব পাৰে। অর্থাৎ অসমত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ নহ'লে অসমীয়া জাতিয়ে কেতিয়াও উন্নতিৰ মুখ দেখিবলৈ নাপাব। সেয়ে, অসমৰ আন এগৰাকী মণিষী, উজনি অসমৰ প্ৰথম 'গ্ৰেজুৱেট' আৰু প্ৰথম অসমীয়া চাহ খেতিয়ক যোৰহাটৰ বি, এ, জগন্নাথ বৰুৱাদেৱে অসমত শিক্ষাৰ প্ৰসাৰৰ দিহা কৰিবলৈ ইং ১৯৩০ চনত যোৰহাটত এখন কলেজ স্থাপন কৰে। জে, বি, বা জগন্নাথ বৰুৱা কলেজ নামৰ এইখনেই অসমৰ দ্বিতীয় কলেজ। (অসমৰ প্রথম কলেজখনৰ নাম হ'ল 'কটন কলেজ'। ইং ১৯০১ চনত এই কলেজখন গুৱাহাটীত স্থাপিত হৈছে।) বি, এ, জগন্নাথ বৰুৱাদেৱে প্ৰতিষ্ঠা কৰা উজনি অসমৰ এই প্ৰথম কলেজখনৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে কৃষ্ণকান্ত সন্দিকৈয়ে। ইং ১৯৩০ চনৰ পৰা ১৯৪৮ চনলৈ সুদীর্ঘ ১৮ বছৰ কাল তেওঁ এই কলেজত অবৈতনিকৰূপে অধ্যক্ষৰ গুৰু দায়িত্ব পালন কৰি কলেজখন গঢ়ি তোলে। কৃষ্ণকান্ত সন্দিকৈদেৱৰ দৰে জ্ঞান পিয়াসী বিদ্বান ব্যক্তিয়ে জগন্নাথ বৰুৱা কলেজৰ অধ্যক্ষৰ দায়িত্ব মূৰ পাতি লৈ কামত মনোনিৱেশ কৰা হেতুকেই কলেজখনে অতি সোনকালে বিশ্ববিদ্যালয়ৰ তৰফৰপৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল।


স্বাধীন ভাৰতৰ অঙ্গ- ৰাজ্য অসমৰ প্ৰথম মুখ্যমন্ত্রী আছিল গোপীনাথ বৰদলৈ। অসমত উচ্চ শিক্ষাৰ প্ৰসাৰ ঘটাবলৈ গোপীনাথ বৰদলৈদেৱে ইং ১৯৪৮ চনত অসমত প্রথম বিশ্ববিদ্যালয় স্থাপন কৰে। আধুনিক অসমৰ জ্ঞান বিজ্ঞানৰ পীঠস্থান এই 'গুৱাহাটী বিশ্ববিদ্যালয়'ৰ উপাচাৰ্য্যৰ গুৰু দায়িত্ব গ্ৰহণ কৰিবলৈ বৰদলৈদেৱে কৃষ্ণকান্ত সন্দিকৈক অনুৰোধ কৰে। কৃষ্ণকান্তই বৰদলৈদেৱৰ অনুৰোধ ৰক্ষা কৰি নৱজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ গুৰু দায়িত্ব মূৰ পাতি লয় আৰু নিজৰ কর্তব্য-পৰায়ণতা তথা নির্মল চৰিত্ৰৰ প্ৰভাৱেৰে বিশ্ববিদ্যালয় খনক গঢ়ি তোলাত আত্ম-নিয়োগ কৰে কৃষ্ণকান্তৰ অক্লান্ত পৰিশ্ৰম আৰু স্বার্থহীন প্ৰচেষ্টাৰ ফলশ্রুতি হিচাপে নিচেই কম দিনৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতবৰ্ষৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ আসন লাভ কৰিবলৈ সক্ষম হয়।


আন্তর্জাতিক খ্যাতিসম্পন্ন পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে জ্ঞান আৰু শিক্ষা বিস্তাৰৰ কাৰণে মাথো জগন্নাথ বৰুৱা কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়তে নিজৰ সেৱা আগবঢ়াই ক্ষান্ত থকা নাই। নানা অনুষ্ঠান, প্রতিষ্ঠানলৈ মুক্ত হলে দান-বৰঙণি আগবঢ়োৱাৰ শিক্ষাটে। কৃষ্ণকান্তই দেউতাক দানবীৰ ৰাধাকান্ত সন্দিকৈৰপৰা উত্তৰাধিকাৰ সূত্রে লাভ কৰিছিল। সেই বাবেইতেওঁ জগন্নাথ বৰুৱা কলেজৰ বিজ্ঞান শাখাৰ বাবে নগদ ধনৰ 'টোপোলা আগবঢ়াইছিল, 'চন্দ্রকান্ত অভিধান'ৰ ২য় সংস্কৰণ প্ৰকাশ কৰাৰ যাৱতীয় খৰচ নিজে বহন কৰিছিল আৰু নিজৰ সহ-ধর্মিনী হেমলতা সন্দিকৈর স্মৃতি ৰক্ষাৰ্থে আঢ়ৈ লাখ টকা খৰচ কৰি "হেমলতা সন্দিকৈ বিদ্যালয়” স্থাপন কৰিছিল। অকল সেয়াই নহয়, ইং ১৯৪০ চনত 'অসম ছাত্র সম্মিলন'এ প্রকাশ কৰা নিজৰ মুখপত্র "মিলন'ৰ বাবে কাগজৰ সম্পূৰ্ণ দাম কৃষ্ণকান্তই স্বেচ্ছাই দিবলৈ গাত লৈছিল। সাহিত্যাচাৰ্য্য অতুলচন্দ্ৰ হাজৰিকাদেৱৰ 'গগনাৰ সুৰ' আৰু 'স্মৃতিৰ পাপৰি' নামৰ কিতাপ দুখন প্ৰকাশৰ বাবে নগদ এহেজাৰ টকা আৰু তেওঁৰ জীৱনী লেখক আব্দুছ ছাত্তাৰ চাহাবৰ 'প্রসঙ্গ-কোষ'ৰ দ্বিতীয় সংস্কৰণৰ প্ৰকাশৰ বাবেও নগদ এহেজাৰ টকা তেওঁ দান হিচাপে আগবঢ়াইছিল।


সাহিত্যাচার্য্য, অতুলচন্দ্ৰ হাজৰিকাদেৱে পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈক 'জ্ঞান ঋষি' নামেৰে অভিহিত কৰিছিল। জ্ঞান-ঋষি গৰাকীৰ ব্যক্তিগত পুঁথি ভৰালত দহ হাজাৰতকৈও অধিক কিতাপ আছিল। বৈকুণ্ঠ গমনৰ ভালেমানদিন আগেয়ে ইং ১৯৬৭ চনত জ্ঞান ঋষি গৰাকীয়ে নিজৰ পুথি-ভঁৰালটো দেশৰ ভৱিষ্যত পুৰুষক জ্ঞান অৰ্জনৰ সুবিধা দিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ দান দি গেছে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যালয় (যোৰহাটত থকা চন্দ্রকান্ত সন্দিকৈ ভবন) সন্দিকৈ পৰিয়ালৰ এটি শলাগিবলগীয়া দান'। চন্দ্ৰকান্ত ভৱনৰ সকলো ধৰণৰ মেৰামতিৰ দায়িত্ব কৃষ্ণকান্ত সন্দিকৈদেৱে নিজেই বহন কৰিছিল। এইদৰেই কৃষ্ণকান্ত সন্দিকৈদেৱে নিস্বার্থভাৱে সমাজৰ প্ৰতি নিজৰ সেৱা আগবঢ়াই এগৰাকী সচেতন আৰু সুনাগৰিকৰ ভূমিকা পালন কৰিছিল।


কৃষ্ণকান্ত সন্দিকৈদেৱৰ উপাধি আৰু সম্মান: 

ইং ১৯৩৭ চনত ডিচেম্বৰ মাহত গুৱাহাটীত অসম সাহিত্য সভাৰ সপ্তদশ অধিবেশন অনুষ্ঠিত হয়।এই অধিবেশনত সভাপতিত্ব কৰিবলৈ অসমৰ জন-সাধাৰণে পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈক নির্বাচিত কৰি তেওঁৰ প্ৰতিভাব প্রতি সম্মান প্রদর্শন কৰে।‌ ইং ১৯৪৯ চনত মাদ্রাজত উপাচার্য্য সম্মিলন, আৰু ওৱালটায়াৰত আন্তঃবিশ্ববিদ্যালয় সমিতিৰ বছৰেীয়া অধিবেশন অনুষ্ঠিত হয়। এই দুয়োখন অধিবেশনৰে সভাপতিব আসন অলঙ্কৃত কৰে পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈদেরে। ইং ১৯২১ চনত 'অসম ছাত্র সম্মিলন'ৰ অধিবেশনতো সন্দিকৈদেৱে সভাপতিত্ব কৰিছিল। ইয়াৰ উপৰিও ভাৰত চৰকাৰে সন্দিকৈদেৱৰ গুণৰাজিৰ প্রতি শ্রদ্ধা জনাই 'পদ্মশ্রী' আৰু 'পদ্মভূষণ' উপাধি প্রদান কৰিছে। অসমৰ বৌদ্ধিক তথা সাংস্কৃতিক জগতৰ কেন্দ্ৰপীঠ স্বৰূপ অসম সাহিত্য সভাই তেখেতক 'সদস্য মহীয়ান' ৰূপে অভিহিত কৰিছে আৰু অসমৰ গুৱাহাটী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক সম্মানিত ডি-লিট উপাধিৰে বিভূষিত কৰিছে। সাহিত্য অকাডেমীয়ে মৰণোত্তৰভাৱে ১৯৮৫ চনত অকাডেমী বঁটা প্ৰদান কৰিও সম্মান জনাইছে


কৃষ্ণকান্ত সন্দিকৈদেৱৰ ব্যক্তিগত জীৱন: 

ব্যক্তিগত জীৱনত কৃষ্ণকান্ত সন্দিকৈ দেৱে সদায় সময় আৰু নিয়মানুবর্তিতা মানি চলিছে। নিজৰ ঘড়ীটো সদায় নির্দিষ্ট সময়তকৈ দুঘণ্টা আগবঢ়াই ৰাখিহে তেখেতে সকলো কাম সম্পন্ন কৰিছে। সদা শান্ত, ধীৰ-স্থিৰ সন্দিকৈদেৱে অধ্যয়ন আৰু জ্ঞান অন্বেষণৰ বাহিৰে আন কোনো কথাতেই 'চিৰিয়াচ' হোৱা নাই। তেখেতৰ জীৱনী লেখক আব্দুছ ছাত্তাৰ চাহাবে উল্লেখ কৰা এটা সাধাৰণ কথাৰপৰাই সন্দিকৈদেৱে কেনে ধৰণে পুথি অধ্যয়ন কৰিছিল তাৰ আভাষ পোৱা যায়। আব্দুছ ছাত্তাৰ চাহাবে এদিন নিজে সন্দিকৈদেৱক সুধিছে- "আপুনি হেনো এদিন লেখা-পঢ়া কৰা কোঠাত পঢ়ি আছিল। এনে সময়তে মালী এজনে আহি ক'লে, হুজুৰ ভূমিকম্প আহিছে। আপুনি হেনো উত্তৰত কালে- মই কিতাপখন পঢ়ি শেষ কৰো, বহিবলৈ দেগৈ যা।" পিছত কথাটো শুনি সন্দিকৈদেৱে হেনো 'হয় নেকি' বুলি হাঁহিছিল। কৃষ্ণকান্ত সন্দিকৈয়ে সামর্থ্য থকা সত্ত্বেও নিজৰ ল'ৰা-ছোৱালীক কোনো বিখ্যাত শিক্ষানুষ্ঠানলৈ নপঠিয়াই নিজে অধ্যাপনা কৰা নৱ প্ৰতিষ্ঠিত জগন্নাথ বৰুৱা কলেজত পঢ়ুৱাই গৌৰৱ অনুভৱ কৰিছিল। জগন্নাথ বৰুৱা কলেজত অধ্যক্ষ হৈ থাকোতে বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ দায়িত্ব বহন কৰোঁতে কৃষ্ণকান্ত সন্দিকৈদেৱক যেতিয়াই-তেতিয়াই মানুহে সাক্ষাৎ কৰিব নোৱাৰিছিল। নিজৰ কাম থাকিলে স্বয়ং মুখ্যমন্ত্রীয়ে মাতি পঠিয়ালেও তেখেতে সাক্ষাৎ কৰিবলৈ নগৈছিল। সময়ক তেখেতে অমূল্য ৰতন হিচাপে গণ্য কৰিছিল। জীৱনৰ প্ৰতিটো ঘণ্টা মিনিট চেকেণ্ডকে তেখেতে পৰিকল্পিত ভাবে জুখি-জুখি খৰচ কৰিছিল।


কৃষ্ণকান্ত সন্দিকৈদেৱৰ মৃত্যুঃ 

বহু ভাষা-সাহিত্যৰ মৰ্মজ্ঞ, জ্ঞান-তপস্বী কৃষ্ণকান্ত সন্দিকৈদেৱে ইং ১৯৮২ চনৰ ৭ জুন তাৰিখে ডিব্ৰুগড়ৰ জি,এম, হাস্পতালত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল চাৰি কুৰি বছৰ। জীৱনকালত তেখেতে নিজৰ নামৰ লগত কোনো বিশেষণ ব্যৱহাৰ কৰা নাছিল আৰু আন কাকো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নাছিল। অসম মাতৃৰ এগৰাকী' সুসন্তান আছিল বাবেই তেখেতৰ নামৰ আগত পণ্ডিত প্ৰৱৰ বিশেষণ লগাই আমি নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। অসমবাসীৰ মনত তেখেত চিৰদিন অমৰ হৈ থাকিব।



******


  • কৃষ্ণকান্ত সন্দিকৈ অনুবাদৰ কথা
  • পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ 
  • কৃষ্ণকান্ত সন্দিকৈৰ গৃহ শিক্ষকজনৰ নাম কি আছিল?
  • কৃষ্ণকান্ত সন্দিকৈ উপাধি
  • অনুবাদৰ কথা প্রবন্ধ
  • কৃষ্ণকান্ত সন্দিকৈৰ ব্যক্তিত্ব



 


Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা