যৌতুক প্রথা আৰু আইন
যৌতুক প্রথা আৰু আইন
যৌতুক প্রথা আৰু আইন বিষয়ে ৰচনা অসমীয়াত About Dowry System and Law Essay in Assamese
![]() |
| যৌতুক প্রথা আৰু আইন |
যৌতুক প্রথা আৰু আইন
নাৰীৰ সৃষ্টিৰ অবিহনে পুৰুষৰ অস্তিত্ব মুখ্যহীন। কিন্তু তেনে জ্বলতো আমাৰ সমাজৰ নাৰী আজিও নির্যাতিতা। কেতিয়াবা যদি কর্মস্থলীত কেতিয়াবা আকৌ ঘৰতে। অপ্রিয় হলেও সত্য যে নাৰী পুৰুষতকৈ শাৰীৰিকভাবে দুর্বল আৰু এই সুযোগ যেন কোনেও এৰি দিয়া নাই। বহু ক্ষেত্রত আকৌ স্বয়ং নাৰীয়েই নাৰীৰ ক্ষেত্ৰত হেঙাৰ স্বৰূপে থিয় দিয়ে। নাৰী নিৰ্যাতনৰ দিশসমূহ ভালদৰে ফঁহিয়াই চালে দেখা যায় যে আমাৰ সমাজৰ একাংশ নাৰী নিৰ্য্যাতিত হৈছে যৌতুকৰ নামত। "যৌতুকৰ দাবীত বোৱাৰী হত্যা", "যৌতুকৰ বাবেই নিজ পত্নীকে হত্যা" ... আদিবোৰ এতিয়া সহজ লভ্য বাতৰি। মন কৰিবলগীয়া যে যৌতুকৰ অপৰাধত অভিযুক্ত হোৱা অপৰাধী সকলৰ ভিতৰত "শাহুআই" গৰাকীও পিছ পৰি থকা নাই। প্রকৃততে যৌতুক বুলিলে আমি কি বুজো? এজনী ছোৱালীক বিবাহৰ সময়ত মাতৃপক্ষই মৰমৰ চিনস্বৰূপে দিয়া কিছু উপহাৰ। সাধাৰণ অর্থত আমি তাকে যৌতুক বুলি কওঁ। পিছে আমাৰ সমাজত যৌতুকৰ ধাৰণা তাতে সীমাবদ্ধ হৈ থকা নাই। যৌতুক এতিয়া নগদ ধন, মটৰ বাইক আদিলৈ বৃদ্ধি পাই ক্রমে সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হৈছে। বিয়াৰ পিছতেই হওক বা আগতেই হওঁক এতিয়া দৰাপক্ষই কন্যাপক্ষক যৌতুক দাবী কৰে আৰু যদি কেনেবাকৈ এই দাবী কন্যাপক্ষই মানি লব নোৱাৰে, তেন্তে কন্যাপক্ষই চৰম বিপৰ্যায়ৰ সম্মুখীন হ'ব লগা হয় যৌতুক দিব নোৱাৰাৰ বাবেই বহুতো পিতৃ-মাতৃয়ে কন্যাদানৰ দৰে পৰম সুখৰ পৰা বঞ্চিত হ'ব লগা হয়। আকৌ কোনো পিতৃ-মাতৃয়ে হেৰুৱাবলগীয়া হয় বহুতো আশাৰে সংসাৰৰ বান্ধোনত বান্ধি দিয়া মৰমৰ ‘ছোৱালী জনীক'।
ভাৰতবৰ্ষৰ আন কিছুমান ৰাজ্যত আকৌ যৌতুকৰ বাবেই গঢ় লৈ উঠিছে আন কিছুমান ভয়ংকৰ সমস্যাই। যেনে-নাৰী ভ্রূণ হত্যা। পিতৃ-মাতৃয়ে যৌতুক দিব নোৱাৰে বাবেই কন্যা সন্তান জন্ম দিয়াটো পাপ বুলি ধৰি গৰ্ভতে হত্যা কৰে এনে সন্তানক। গতিকে দেখা যায় যে, যৌতুক প্রথাৰ বাবে প্রতিদিনে নির্যাতিত হ'বলগীয়া হৈছে একাংশ নাৰী। যৌতুক ভাৰতীয় সমাজৰ এক বহু পুৰণি প্রথা। সময়ে সময়ে বহু মনীষীয়ে ইয়াক আঁতৰ কৰাৰ প্ৰয়াস কৰিও সফল হ'ব পৰা নাই। সমলৰ সোঁতত ভয়ংকৰ ৰূপ ধাৰণ কৰা এই সমস্যাটোক নিৰ্মূল কৰাৰ বাবেই ১৯৬১ চনত ভাৰতৰ সংসদে প্রণয়ণ কৰে "যৌতুক নিষিদ্ধ আইন-১৯৬১"। যৌতুক নিষিদ্ধ আইনৰ ২নং ধাৰা মতে যৌতুক হ'ল বিবাহৰ সময়ত কোনো এটা পক্ষই আন এটা পক্ষক প্রত্যক্ষভাৱে দিয়া বা দিবলৈ মান্তি হোৱা কোনো সম্পত্তি বা মুল্যবান সামগ্রী। এই আইনৰ ৩নং ধাৰা অনুযায়ী যৌতুক লোৱা বা দিয়া কাৰ্য্যক অপৰাধ বুলি গণ্য কৰা হৈছে। তেনে অপৰাধীক অতি কমেও ৫ বছৰ কাৰাদণ্ড আৰু ১৫ হাজাৰ টকা জৰিমণা বিহাৰ ব্যৱস্থা কৰিছে। আনহাতে এই আইনৰ ৪নং ধাৰা অনুযায়ী যৌতুক দাবী কৰা অপৰাধীক ৫ মাহৰ পৰা ২ বছৰলৈ কাৰাদণ্ড আৰু ১০ হাজাৰ পৰ্য্যন্ত জৰিমণা বিহাৰ ব্যৱস্থা কৰিছে।
"যৌতুক নিষিদ্ধ আইন ১৯৬১ "ৰ ৫নং ধাৰা অনুযায়ী যৌতুক পোৱা বা দিয়াৰ চুক্তি আইনৰ দৃষ্টিত কেতিয়াও গ্রহণযোগ্য নহয়। আটাইতকৈ মনকৰিবলগীয়া যে এই আইনৰ ৮নং ধাৰা অনুযায়ী ৰাজ্য চৰকাৰে প্রয়োজনীয় অঞ্চলত যৌতুক নিষিদ্ধকৰণ বিষয়া নিয়োগ কৰিব পাৰে আৰু তেওঁৰ ক্ষমতা এই বিশেষ আইনখনে প্রদান কৰিছে। আমি দেখা আন এক ঘৃণনীয় কাৰ্য্য হ'ল যৌতুকৰ দাবীত বিফল হ'লে সেই বোৱাৰী বা পত্নীক হত্যা কৰা কাৰ্য্য। এনে কার্যত লিপ্ত হোৱা অপৰাধীক ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪-খ ধাৰা অনুযায়ী এনে অপৰাধীক অতি কমেও সাত বছৰলৈ কাৰাদণ্ডৰে দণ্ডিত কৰি আৰু যাবজীৱন কাৰাদণ্ডও দিব পাৰে। তাৰোপৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮-ক ধাৰা অনুযায়ী কোনো স্বামী বা স্বামীৰ পৰিয়াল বৰ্গই কোনো মহিলাক শাৰিৰীক বা মানসিকভাৱে অত্যাচাৰ কৰিলে তেনে অপৰাধীক তিনি বছৰলৈ কাৰাদণ্ড বা জৰিমণাৰে দণ্ডিত কৰিব পাৰে।
আইনে যৌতুক প্রথা নিবাৰণ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছে।এই আইন বা ধাৰাসমূহ ফলৱৰ্তী কৰিবলৈ হ'লে প্রত্যেকজন ব্যক্তি সজাগ হ'ব লাগিব। বিশেষকৈ নাৰীসমাজ। যৌতুক প্রথা নাৰীৰ বাবে এক অপমানসূচক প্রথা। ইয়াক যেন কোনো নাৰী বা পিতৃ-মাতৃয়ে মানি নলয়। এনে অপৰাধীৰ বিৰুদ্ধে তেওঁলোকে গোচৰ ৰুজ কৰি তেওঁলোকক আইনৰ হাতত গতাই দিব লাগে যাতে দ্বিতীয় এজনে তেনে কাৰ্য্য কৰাৰ পৰা বিৰত থাকে। যৌতুক প্রথা সমাজৰ পৰা নির্মূল কৰিবলৈ সমাজৰ একাংশ লোক সদায়েই অগ্রণী ভূমিকা লৈ অহাৰ বিপৰীতে একাংশ লোকে যৌতুক দাবী কৰি বা গ্রহণ কৰি বা দান কৰি প্ৰথাটোক জীয়াই ৰাখিছে। গতিকে প্রয়োজন আহি পৰিছে সমাজ সচেতনতাৰ। কেৱল আইন প্রণয়ন কৰিলেই যৌতুক প্রথা সামজৰ পৰা নাইকিয়া হৈ নাযায়। প্রত্যেকজন ব্যক্তিয়ে যৌতুক প্রথাৰ বিৰুদ্ধে মাত মাতিব লাগিব। যৌতুক প্রথাৰ ঘাই শিপাডালি সমাজৰ পৰা উভালিব লাগিব। তেহে নাৰী নিৰ্যাতনৰ এই অস্ত্রপাত সমাজৰ পৰা আঁতৰ হ'ব।
******

Comments
Post a Comment