এগৰাকী মহান সর্বস্বত্যাগী গৰীয়সী নাৰী - মীৰাবাঈ

এগৰাকী মহান সর্বস্বত্যাগী গৰীয়সী নাৰী - মীৰাবাঈ


এগৰাকী মহান সর্বস্বত্যাগী গৰীয়সী নাৰী - মীৰাবাঈ About Mirabai in Assamese

  • মীৰাবাঈৰ জীৱন কাহিনী
  • মীৰাবাঈ কবিতা
  • মীৰাবাঈৰ স্বামীৰ নাম কি?
  • মীৰাবাঈৰ ভজন

About Mirabai in Assamese
এগৰাকী মহান সর্বস্বত্যাগী গৰীয়সী নাৰী - মীৰাবাঈ




এগৰাকী মহান সর্বস্বত্যাগী গৰীয়সী নাৰী - মীৰাবাঈ


ষোড়শ শতিকাৰ ৰাজস্থানৰ ৰাজকুমাৰী মীৰাবাঈ আছিল কৃষ্ণ ভক্তিত সম্পূর্ণ আত্মবিলোপন কৰা এগৰাকী উত্তম ভক্তা, অভিজাত ঘৰৰ বোৱাৰী হৈয়ো জীৱনৰ সুখ সম্ভোগ, বিলাসিতা বিসর্জন দি ভক্তি পন্থাৰ সাধনাত নিজকে বিলাই দিছিল। গৌতম যুদ্ধৰ দৰে পৰম সত্যৰ সন্ধানত ৰাজপ্ৰসাদৰ অতুল বৈভৱ ত্যাগ কৰি ধ্যানৰত হোৱাৰ দৰে মীৰাৰো সপোনৰ নিধি, কৃষ্ণ প্রেমৰ লীলাভূমি বৃন্দানবলৈ গুচি আহিল। গোকুল, বৃন্দাবনৰ অঙ্গনেই মীৰাৰ সাবলীল স্বত্বঃস্ফুট ভাৱবোৰ প্ৰকাশ কৰিছিল। অন্যান্য হৰি ভকতসকলৰ দৰে মীৰাৰ জীৱনৰ উদ্দেশ্য আছিল ইহকাল আৰু পূর্বজন্মৰ কর্মবন্ধনৰ পৰা মুক্তি লাভ কৰা। আনন্দময়, প্রেমময় কৃষ্ণৰ ব্ৰহ্মৰূপতে লীন যোৱা বিচাৰে। সেয়েহে তেওঁ ভক্তিপন্থাৰ সকলো যীতি-নীতি মানি চলিছিল। ভক্ত-তপস্বীসকলৰ সঙ্গত বহি কৃষ্ণৰ শুণাণুকীর্তন শ্রবণ আৰু কীর্তন কৰিছিল। তেওঁ নিজে স্তুতিগীত ৰচিছিল, কেবল গোবিন্দ কৃষ্ণ, হৰিৰ উদ্দেশ্যে, সেয়া স্মৰণ কৰিছিল অতি প্রেমপূর্ণ মুহূর্তত নিজকে দাসীৰূপে সখিৰূপত কল্পনা কৰি মীৰাই অবিচ্ছিন্ন অন্তৰঙ্গ বন্ধুৰ দৰে কৃষ্ণক জ্ঞান কৰিছিল। 


মীৰাবাউৰ 'স্তুতিগীত' সমূহ 'ভজন' ৰূপত প্রকাশ পালে। প্রশস্তি মূলক গীত আৰু ভক্তি প্রেমমূলক গীত-এই দুইবিধ গীত ভক্তাকবি গৰাকীয়ে কৃষ্ণৰ উদ্দেশ্যে উৎসর্গা কৰা ভাৱ অনুভূতিৰ প্রকাশ এই প্রশস্তি গীতত পৰিস্ফুট হৈছে। ভক্ত কবিসকলৰ দৰে তেৱো অনাথ, পতিত আৰু পাপীৰ দৰে কল্পনা কৰি ভগৱান কৃষ্ণৰ ওচৰত দোষ, অপৰাধৰ ক্ষমা প্রার্থনা কৰিছে। কৃষ্ণৰ অপাৰ কৰণাৰাশিৰ তেওঁ প্রার্থক। সেয়েহে তেওঁ নিজকে ক্ষুদ্রাতি ক্ষুদ্র বুলি ভাবি স্তুতি কৰিছে। 


পাৰিবাৰিক অশান্তি আৰু স্বামীৰ পৰিয়ালৰ পৰা যি অশান্তি, উৎপীড়ন পাইছিল, সেয়াই তেওঁক বৈৰাগ্যশীলা কৰিছিল। সেই সময়ত কৃষ্ণ-ভক্তিত সম্পূর্ণ নিমঞ্জন হৈ শান্তি পাইছিল। ভক্তিৰ গভীৰতা আৰু একনিষ্ঠতাই তেওঁক জন্ম আৰু মৃত্যুৰ ব্যৱধান আঁতৰালে, আধ্যাত্মিক অভিজ্ঞতাই তেওঁক আত্মা লগত পৰমাত্মা বা পৰম ব্রহ্মৰ লগত বিলীন হৈ যোৱাৰ আকুল কাকুতিবোৰ প্ৰকাশ পালে গীতি কবিতা সমূহত। কিন্তু এনে প্রশস্তিমূলক বা আত্মা-পৰমাত্মা বিষয়ক গীত বা ভজনৰ সংখ্যা মীৰাবাঈৰ কম। মীৰাবাঈ আছিল দ্বাপৰ যুগৰ কৃষ্ণ প্রেমিকা গোপীসকলৰ দৰে নিঃস্বার্থ, সবলচিত্তৰ। তেওঁ নিজকে গোপী বুলি কল্পনা কৰি বৃন্দাবনৰ পথে পথে, দধি, দুগ্ধ বিক্ৰী কৰিবলৈহে যেন ওলাই আহিছে। গোপীসকলৰ দৰে ভক্তিৰে সিক্ত মান-অভিমানো কৰিছে কৃষ্ণৰ ওচৰত, সেয়া যেন গীত পদসমূহত পৰিস্ফুট হৈছে। 


প্রায় ত্রয়োদশ শতিকাৰ পৰা উত্তৰ ভাৰতত ভক্তিবাদৰ এক প্রবলক আলোড়ন চলিছিল। এই আলোড়ন বা আন্দোলনৰ এটি বিশেষ উল্লেখযোগ্য অবদান হৈছে আঞ্চলিক ভাষাত কাব্য সাহিত্যৰ নবযুগৰ সূচনা কৰে, এনে সাহিত্যই ধৰ্ম প্ৰচাৰৰ মাধ্যমো হৈ পৰিছিল। ত্রয়োদশ শতিকাৰ পূর্বে দাক্ষিণাত্যৰ 'আলোৱাৰ 'সকলে পোন প্রথমে বিষ্ণু অৱতাৰৰ কাহিনীবোৰ বিশেষকৈ কৃষ্ণৰ, ত্রিবিক্ৰমৰ বামন অৱতাৰৰ গীত পদ তামিল ভাষাত লেখি নৱ বৈষ্ণব ধর্ম প্ৰচাৰ কৰে। বাৰজন আলৱাৰৰ নৱমজন বিষ্ণুচিত্তৰ জীয়েক অণ্ডালে, ভালেমান ভক্তিমূলক গীত পদ লেখিছিল সেইবাবে এওঁক ভক্তি কন্যা বুলি প্রসিদ্ধ আৰু প্রায় সাত আঠ শতিকাৰ পাছৰ মীৰাবাঈৰ প্রতিমা বুলিব পাৰি। কৃষ্ণৰ লগত আধ্যাত্মিক পৰিণীতা বুলি কোনো মানুহৰ লগত বিয়া নহ'ল। মীৰাবাঈৰ অৱশ্যে বিবাহ হৈছিল যদিও বিবাহিতা জীৱন স্থায়ী নহ'ল। 


১৪৯৮ খৃষ্টাব্দত জন্মগ্রহণ কৰা মীৰাই অকালতে পিতৃ-মাতৃক হেৰুৱাই ককাদেউতাক ৰাও দুদাজীৰ লগত থাকি উপযুক্ত শিক্ষা লাভ কৰিছিল আৰু শাস্ত্রীয় সঙ্গীতৰ কঠোৰ অনুশীলন কৰিছিল। তেওঁৰ সেই মার্জিত শিক্ষা আৰু সঙ্গীত সাধনাই ৰূপ লৈছিল গীতি কবিতাৰ সৃষ্টিশীলতা। ৰাও দুদাজী কেৱল সুদক্ষ শাসনকর্তাই নাছিল, তেখেত এজন বিষ্ণুৰ পৰম ভক্তও আছিল, যাৰ পৰা কৃষ্ণ-ভক্তিৰ সুষমা বিচ্ছুৰিত হৈছিল নাতিনী মীৰাৰ প্ৰাণত মনত আজীৱন ধৰি মাৰ্টাৰ ৰাজপ্রসাদলৈ আহিছিল সন্ত, মহন্তসকল, যিসকলৰ মুখহস্তে নিগৰিত হৈছিল কৃষ্ণভক্তি ৰস। তেনে এজন সন্ত ভিক্ষুকে শিশু মীৰাক দিছিল এটি মনোৰম কৃষ্ণ মূর্তি, যাৰ প্ৰেৰণাত মূর্ত হৈ পৰিছিল মীৰাৰ অন্তৰত গোকুলৰ কৃষ্ণৰ লীলাসমূহ, ভুবন-মোহন ৰূপ। আনকি বিবাহৰ পাছতো স্বামী গৃহলৈ লৈ গৈছিল সেই প্রাণবন্ত যেন মূর্তিটোক। স্বামী ভোজৰাজ আৰু শহুৰ ৰাণা সঙ্গৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকসকলে মীৰাক উৎপীড়ন আৰু বিদ্বেষ কৰিবলৈ আৰম্ভ কৰিলে, কিয়নো স্বামীগৃহৰ কুলদেৱী কালীৰ পূজা কৰিবলৈ 'একশৰণীয়া' মীৰাৰ মনে বিদ্রোহ কৰিলে। বিপ্লবী সত্তাৰ মীৰাৰ প্রতিদিন কৃষ্ণ বন্দনাৰ গীতেৰে আৰু পৰিব্রাজক সাধু মহন্তৰ অতিথি সেৱা শুশ্রূষাৰে জীৱন সুন্দৰ আৰু প্রেমময় হৈ পৰিছিল। 


ৰাজ পৰিয়ালৰ নাৰীৰ কঠোৰ বিধি বিধান নমনা বাবে সেই যশস্বী গায়িকা সতী গৰাকীয়ে স্বামীৰ অবৰ্তমানত পৰিয়ালৰ পৰা পাইছিল গ্লানি, নিন্দা শুনিবলৈ পাইছিল মৃত্যুৰ পদ-ধ্বনি, তেওঁৰ জীবন কাহিনীত আছে, এপিয়লা বিষ, এটা বিষাক্ত সাপ পঠিয়াই তেওঁৰ জীবন নাশ কৰিবলৈ বিচাৰিছিল ৰতন সিঙে। কিন্তু অলৌকিক ভাবে সেইবিলাক অমৃতসুধালৈ পৰিৱৰ্তিত হৈছিল। বিষপান কৰি মীৰা হৈ পৰিল অমৰ, জ্যোতির্ময়ী। তেওঁৰ গীতত এনে ৰহস্যময় কাহিনীবোৰে কৰুণসুৰত বিনাইছে-

'শুনা ৰাণা, তুমি মোক বিষেই দিছিলা কিন্তু মই জুয়ে পোৰা সোণৰ নিচিনাকৈ বাৰটা সূৰ্যৰ জ্যোতিৰ দৰে জ্যোতির্ময়ী হৈ পৰিলো। বিভিন্ন ৰাগত প্রায় চাৰিশ কবিতাই 'মীৰা ভজন'ৰ ৰূপ লৈছে। 'মীৰাবাঈ মল্লাৰ' তেওঁৰ নিজস্ব ৰাগ। এই অভিজাত ৰাজগৃহৰ ৰাজকুমাৰীয়ে নিজ জন্মভূমি, স্বামীগৃহ এৰি প্রথমে কৃষ্ণৰ লীলাভূমি গকুল, পিছলৈ কৃষ্ণৰ শেষ লীলাভূমিৰ দ্বাৰকাত জীৱনৰ শেষ কাল বাস কৰি তাতেই অন্তিম নিশ্বাস পেলালে। ভজনসমূহত যথাক্রমে মাৰোৱাৰী, ব্রজাভাষা আৰু গুজৰাটী ভাষাৰ সমাহাৰ ঘটিছে। এটি মধুময় ভক্তি প্রেমপূর্ণ জীৱনে পিছলৈ ঘাত-প্রতিঘাত, বিপদ শঙ্কুল পথেৰে অতিক্ৰম কৰি মহান ত্যাগ আৰু বিৰল সেৱাৰ আদৰ্শ চিৰযুগমীয়া কৰি থৈ গ'ল মীৰাবাঈয়ে।




******

  • ৰাধা বা মীৰা
  • মীৰাবাঈ গান
  • মীৰাবাঈৰ শিক্ষা 
  • মীৰাবাঈৰ ছবি
  • মীৰাবাঈৰ মৃত্যু
  • মীৰাবাঈৰ গল্প


Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা