সমাজ আৰু সাহিত্য ৰচনা

সমাজ আৰু সাহিত্য ৰচনা 


সমাজ আৰু সাহিত্য ৰচনা অসমীয়াত Samaj Aru Sahitya Rosona

 

Samaj Aru Sahitya Rosona
সমাজ আৰু সাহিত্য ৰচনা




সমাজ আৰু সাহিত্য ৰচনা 


সাহিত্য সমাজৰ দাপোন। বহুল অর্থত এখন সমাজ বৰ্ত্তি থকাৰ প্ৰমান হিচাপেই সাহিত্যই আত্মপ্রকাশ কৰে। সমাজৰ অন্তপ্রবাহিত গতি প্রকৃতিয়েই নিয়ন্ত্রণ কৰে সাহিত্যক। সেয়েহে সমাজ আৰু সাহিত্যৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। প্রথমেই আমি এই কথা উপলব্ধি কৰা দৰকাৰ যে মানুহ সমাজবদ্ধ প্রাণী। সমাজৰ বুকুত থাকি মানুহে নিজৰ মন, বোধ, বুদ্ধি, চিন্তা আদিৰ ব্যৱহাৰ কৰি নতুন নতুন সৃষ্টিৰে জীৱনক সমৃদ্ধ কৰি তোলে। এনে ধৰণৰ সৃষ্টিয়ে হ'ল সংস্কৃতি। যদিও এনে সৃষ্টিৰ ক্ষেত্ৰত আমি ব্যক্তি বিশেষে প্রাধান্য দিওঁ তথাপিও আমি পাহৰিলে নহ'ব যে এনে সৃষ্টিৰ আঁৰত থকা এটা অন্যতম কাৰক হ'ল সমাজখন। সমাজবদ্ধ জীৱ নোহোৱা হ'লে মানুহৰ বাবে এনে সৃষ্টি সম্ভৱ নহ'লহেতেন। মানৱ মনৰ এনে অলেখ সৃষ্টিৰ ভিতৰত সাহিত্যও এবিধ আৰু অন্যতম। গতিকে স্বাভাৱিক ভাৱে সাহিত্যৰ লগত সমাজৰ এক সম্পর্ক আছে। সাহিত্য আৰু সমাজৰ বিশেষালোচনাৰ গভীৰতালৈ যোৱাৰ আগতে যদি কেতবোৰ প্রাথমিক উপদানৰ বিষয়ে বিচাৰ কৰো তেতিয়াও এই সম্পর্কটোৰ ভালেমান দিশ আমাৰ চকুত পৰিব। সাহিত্য প্রকাশৰ মাধ্যম হ'ল ভাষা। ভাষা আচলতে এক ধৰণৰ সামাজিক দান। সমাজৰ পৰা বিচ্ছিন্ন হৈ থাকি কোনেও ভালদৰে এটা ভাষা আয়ত্ব কৰিব নোৱাৰে। সমাজৰ বুকুতে ভাষা লালিত-পালিত হয় আৰু সমাজৰ সদস্য হিচাপেই লিখকে তাক আহৰণ কৰি সাহিত্য প্রকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে।


সাহিত্য সৃষ্টিৰ বাবে লিখকক লাগে নানান অভিজ্ঞতা আৰু লিখকে এই অভিজ্ঞতা আহৰণ কৰে সামাজৰ পৰা। কেৱল লিখকেই সাহিত্য নপঢ়ে। ভাল সাহিত্যৰ সৃষ্টিৰ ক্ষেত্ৰত পাঠকেও অৰিহণা যোগায়। পাঠক লোকলৈ সাহিত্যৰ ৰস বিচাৰ কৰি লিখকৰ উত্তম সৃষ্টিৰ বাবে প্ৰেৰণা দিয়ে। তদুপৰি ভাল লিখক সকলেও নিজকে পুষ্ট কৰে আন আন বিশিষ্ট লিখক সকলৰ সাহিত্য কৰ্মৰ অধ্যয়নৰ মাজেৰে। সেয়েহে সাহিত্য এটা এক পক্ষীয় ব্যৱস্থা নহয়। পাঠক আৰু লিখকৰ মাজত হোৱা এক সামাজিক আদান প্রদানৰ বলতহে সাহিত্য গতিশীল হৈ থাকে। সাহিত্য কর্মত এজন লিখকৰ চিন্তা কল্পনা বা মতামতে ঠাই পায়। কিন্তু উল্লেখনীয় বিষয় এইটোৱে যে এই চিন্তা, কল্পনা, মতামত আদিও গঢ় লৈ সামাজিক প্রেক্ষাপতৰ ওপৰতে। তদুপৰি তেওঁ সাহিত্যত যিবোৰ বিষয় লৈ আলোচনা কৰে এই সকলোবোৰেই সমাজৰে বিষয়। মানৱ জীৱনৰ প্রেম-প্রীতি, আশা-আকাংশা, হা-হতাশা, সমস্যা-সমাধান আদিয়েই হ'ল সাহিত্যৰ বিষয়। সেয়েহে সাহিত্যক সমাজৰ দাপোন বুলি কোৱা হয়।


সাহিত্যই যিদৰে সমাজক প্রতিফলিত কৰে সেইদৰে সমাজক পথো দেখুৱাই। যুগে যুগে সৃষ্টি হোৱা বিভিন্ন জনৰ চিন্তা ভাৱনাৰ লগত পৰিচয় ঘটে সাহিত্য অধ্যায়নৰ মাজেৰে। কাৰণ সাহিত্যৰ মাজতে একো একোটা যুগৰ ঘটনাৱলীয়ে প্রকাশ লাভ কৰে। সেয়েহে এইবোৰৰ অধ্যায়নৰ মাজেৰে জীৱন আৰু জগৎ সম্পর্কে এক ধাৰণা গঢ় দিয়াত সহায় হয়। যুগে যুগে সাহিত্য চর্চাই মানুহক উন্নত কৰি সুক্ষ্ম আবেগ অনুভূতি আৰু মহৎ নৈতিকবোধ অর্জন কৰাত সহায় কৰি আহিছে। সাহিত্য এক শিল্প। এই শিল্পৰ মাজেৰে মানুহে ৰূপান্তৰৰ এই সাধনাই সমাজক যে প্রভাবিত কৰিব ই খাটাং। 




******

~সংগৃহীত

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা