অসমৰ থলুৱা শিল্প: মাটি তাঁতশাল

অসমৰ থলুৱা শিল্প: মাটি তাঁতশাল

অসমৰ থলুৱা শিল্প: মাটি তাঁতশাল বা তাঁত শিল্প Matir Taat-haal or Tat Hilpo


Matir Taat-haal
অসমৰ থলুৱা শিল্প: মাটি তাঁতশাল




অসমৰ থলুৱা শিল্প: মাটি তাঁতশাল


অসম এখন নদীমাতৃক দেশ। এই অসমৰ পুৰণি নাম কামৰূপ। ইয়াৰও আগত প্রাগজ্যোতিষপুৰ আছিল। বর্তমান এই অসমখনত বসবাস কৰি থকা মানৱ প্রজাতি প্রধানত: অস্ট্রেলীয়, ককেচীয় আৰু মঙ্গোলীয় গোষ্ঠীৰ বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছে। মূল মানব প্রজাতিৰে আকৌ স্থানীয়ভাবে বসবাস কৰাৰ ধৰণ-কৰণ, চাল-চলন, আচাৰ-ব্যৱহাৰ, খাদ্যাভ্যাস আদি বেলেগ হোৱাৰ উপৰিও পৰিবেশ জনিত কাৰণ, ভৌগলিক অৱস্থিতি আৰু মানৱে নিজে তৈয়াৰ কৰি লোৱা সামগ্রীক পৰিবেশত গোষ্ঠীগত বৈশিষ্ট্যৰ প্রভাৱ বিস্তাৰ কৰাৰ থল থাকে। এনেদৰে এখন দেশৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু ধর্মীয় কাৰকসমূহেও একোটা স্বকীয় ধাৰা সৃষ্টি কৰাৰ অবকাশ থাকে, কিছু কিছু ক্ষেত্ৰত জনগোষ্ঠীসমূহৰ সহ অৱস্থানৰ বাবেও এক নতুন সামাজিক ধাৰাৰ প্ৰচলন হোৱা দেখা যায়। বিভিন্ন কাৰণত সমাজ ব্যৱস্থা সংস্কাৰমুখী হোৱাৰ পৰিপেক্ষিতত তেনে এক সংস্কাৰমুখী ধাৰা সকলো দিশতে বিদ্যমান আৰু ক্রমে সংস্কাৰ সৰ্ব্বজন সমাদৃত। 


মানৱ সমাজ বর্তি থাকিবলৈ সুস্থিৰ শাসন ব্যৱস্থা, অর্থনৈতিক সৱলীকৰণৰ প্রয়োজনীয়তা, সামাজিক দায়বদ্ধতা, সুপৰিকল্পিত নীতি আদি বোৰ কর্মমুখী জীৱন নিৰ্বাহৰ বাবে অতিকৈ প্ৰয়োজন। মানৱৰ মৌলিক প্রয়োজন অন্ন, বস্ত্র, বাসস্থান। এনে মৌলিক উপাদান অন্ন কৃষিৰ জৰিয়তে সমাজ জীৱনৰ উপলব্ধ হোৱাতো স্বাভাৱিক আছিল। বাসস্থান সমূহ জনগোষ্ঠী ভেদে চাংঘৰ, কেঁচা ঘৰ, পকীঘৰ আদি নামকৰণেৰে তৈয়াৰ কৰি লৈছিল। ঠিক সেইদৰে কর্মময় জীবন নির্বাহক মূল হিচাপে গ্রহণ কৰি কপাহৰ খেতি আৰু ইয়াৰ পৰা সূতা কাটি কাপোৰ প্ৰস্তুত কৰা পৰম্পৰাৰ নির্মাতা ৰূপে খ্যাতি অর্জন কৰিছিল। উল সুতা, মুগা সুতা, এৰী সূতা প্রস্তুত প্রণালীতো কৃতিত্ব লাভ কৰাৰ লগে লগে কাপোৰ প্রস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা আহিলা 'মাটি তাঁত-শাল' বা মাটিত খুটা পুতি কৰা তাঁত-শাল সকলো জনগোষ্ঠীৰে সমাদৃত হয় আৰু আহিলা বিধৰ জৰিয়তে মানৱ সমাজে প্রয়োজনীয় বস্তুৰ যোগান নিজাকৈ কৰি লোৱাত সফল হৈছিল। বর্তমান বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ চৰম উন্নতিৰ লগে লগে এই আহিলা বিধৰ পৰিৱর্তন হোৱাটো প্রণিধানযোগ্য। ক্রমোন্নতি উৰামাকো তাঁত-শাল আৰু যন্ত্র চালিত তাঁত-শাল উল্লেখনীয়। জনগোষ্ঠী সমূহৰ মাজত এমূৰে মাটিত পুতি আনটো মুৰ ককালত বন্ধা অৱস্থাত বোৱা তাঁত-শালো উল্লেখনীয়। 


বর্তমান দ্রুত বিদ্যায়তনিক শিক্ষা ব্যবস্থা তথ্য কাৰিকৰী শিক্ষা ব্যবস্থা সমূহৰ উন্নয়নৰ স্বাৰ্থত অতীতত ব্যৱহাৰ হোৱা কিছু আহিলা আমাৰ মানসপটৰ পৰা লুপ্ত হ'ব ধৰিছে। এনে এক মাটি তাঁত-শাল আজিৰ সমাজত প্ৰায় লুপ্তপ্রায়। বস্ত্র উৎপাদনত ব্যৱহৃত প্রধান আহিলা হ'ল কঁপাহ। ক'লামাটি কপাহ উৎপাদনৰ বাবে উপযুক্ত, কপাহ এবিধ গছৰ পৰা উৎপাদন যাক আঁহযুক্ত বোলা হয়। পলু জাতীয় জীৱ এড়ী পলুৰ পৰা এড়ী সুতা, মুগা পলুৰ পৰা মুগা সূতা (মধ্যভাৰতত টচ্ মুগা নামেৰেও এবিধ পলু পোৱা যায়), পাট পলুৰ পৰা পাট সূতা প্রস্তুত কৰা হয়। পলু সমূহৰ ক্রম অনুসৰি এড়া আৰু শুৱালো, কেচেক আৰু চোম। চোম আৰু নুনী গছৰ পাত খাদ্য হিচাপে ব্যৱহাৰ হয়। স্থানভেদে অন্য গছো ব্যৱহাৰ হয়। কপাহ আৰু পলুৰ জৰিয়তে পাব পৰা সূতা প্রণালীবদ্ধভাবে তাঁত-শালত ব্যৱহাৰ কৰি বস্তু উৎপাদন কৰিব পাৰি। কপাহৰ গুটি গুচাবৰ বাবে নেওঠনী (কাঠৰ কুঁহিয়াৰ শাল সদৃশ) ব্যৱহাৰ কৰা হয়। সূতা কাটিবলৈ টাকুৰী ব্যৱহাৰ হয়। মুগা আৰু পাট সূতা পলুৰ বাঁহ সিজাই লৈ বাঁহৰ খুটা প্রণালীবদ্ধভাবে পুতি এডাল ঘূৰণীয়া কাঠত মেৰিয়াব পৰা কৰাৰ বাবে যি আহিলা প্রয়োগ হয় তাক ভাওঁৰী বোলে। 


এডাল বাঁহত ঘীলা গুটি বা (ঘূৰণীয়াকৈ কটা) কাঠ যুক্ত কৰি টাকুৰী তৈয়াৰ কৰা হয়। টাকুৰীত সূতা কাটিবৰ বাবে কপাহক পাতলকৈ মেলি এডাল বাঁহৰ শলাৰ সহায়ত দীঘলকৈ কটা হয়। এনে কপাহৰ দীঘলীয়া নুৰাক পাঁজী বোলে। পাঁজীৰ পৰা সুতা টাকুৰীৰ সহায়ত কটা হয়। এনেদৰে কটা সুতা বাঁহৰ মহুৰাত (ডাঙৰ) মেৰিয়াই সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। এনে ডাঙৰ মহুৰাক সূতলাহী বোলা হয়। এড়ী বাঁহ এমুখ বহল কৰি এডাল বাঁহ বা কাঠৰ মাৰিত সূতা কটার বাবে ভৰাই লোৱা হয়। এনে মাৰিক টাকুৰী মাৰি বোলে। এড়ী সুতা এড়ী বাঁহটোৰ পৰা সূতা সদৃশ কৰি (অসম্পূর্ণ অবস্থাত) দীঘলকৈ থুপ কৰি তিয়াই যতৰত বা টাকুৰীত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা আছে। এনে ব্যৱস্থাৰ খুপ হৈ থকা সূতা সমূহক চাপৰী বোলা হয়। সুতা লেটিয়াবলৈ বাঁহেৰে তৈয়াৰী লেটাই আৰু বৰ চেৰেকীৰ ব্যৱহাৰ হয়। লেটাইৰ পৰা উলিওৱা সূতা উঘাত ল'বলৈ সৰু চেৰেকী ব্যৱহাৰ হয়। উধা (বাঁহ আৰু কাঠেৰে তৈয়াৰী), ১৪ বা ১২টা ব্যৱহাৰ হোৱা দেখা যায়। উঘাৰ পৰা কিছু সূতা সিজোৱা অবস্থাত আৰু কিছু সূতা কেঁচাকৈ তাঁত বাতি কৰাত বা দীঘ দিয়াত বা তাঁত লগোৱাত, ঘাই খুটি, পুলি খুটি আৰু বাটচিৰী (বাঁহৰ) ব্যৱহাৰ হয়। সূতা দুই মূৰলৈ অন্য নিয়াৰ বাবে মহুৰা বা কেটেলা পক্ষৰ কাঁইট ব্যৱহাৰ কৰে। মহুৰা ইকৰা বা বাঁহৰ লেকেচীৰ পৰা তৈয়াৰ কৰা হয়। মহুৰা কাটিবলৈ বা সূতা পকাবলৈ যতৰ ব্যৱহাৰ হয়। যতৰ কাঠেৰে তৈয়াৰ কৰা হয়। যঁতৰত মহুৰা ভৰাই লোৱা অংশ শলা মাৰি বোলে। তাত বাটি কৰাৰ ক্ষেত্ৰত কাঢ়নী টনা (১২টা উঘাত একাঢ়নী) বিহা সম্পূর্ণ হোৱা (অর্থাৎ ২০ কাঢ়নীয়ে এবিহা) বোলা হয়। বিহা অহাৰ পাছত বাঁচ সুতাৰ মাজত ভৰোৱা যায় বাঁচ ভৰোৱা আহিলা। পিতলৰ নাইবা তামৰ দেখা যায়। বাঁচ ইমুৰৰ পৰা সিমূৰলৈ নিবৰ বাবে কুচীৰ ব্যৱহাৰ হয়। কুচী ঝাও বন বা উলু খেৰৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ পাছত ব-তুলিবৰ বাবে ব-তোলা চুঙা (বাঁহৰ) ব সুতা, ব-শলি বা নাকী শলি, চিপ শলি (বাঁহৰ) প্রয়োজন হয়। ব-চাৰি বাতি-দুবাতি তোলাৰ পাছত তাঁতখন লুটিয়াই লৈ বাকী দুবাতি তোলাৰ ব্যৱস্থা কৰিব লাগে। এনে ব্যৱস্থাক মূৰ সলোৱা বোলে। তাঁত বাটি সম্পূর্ণ হোৱা সূতা সমূহ দুই মুৰে দুটা তোলোঠা ব্যৱহাৰ হয়। 


এটা আঠ শিৰিয়া আৰু আনটো ঘূৰণীয়া দুয়োটা তোলোঠা এটা লোৰ যুক্ত আৰু এমুৰে দুটাকৈ ফুটা থকা ফুটাত ব্যৱহাৰ কৰা বাঁহৰ আহিলাক তোলোঠা মাৰি/কাণ মাৰি কাণত দিয়া বোলে। আঠ শিব যুক্ত তোলোঠাক শিপিনীৰ ফালে ব্যৱহাৰ হয় বাবে শিপিনী তোলোঠা আৰু তোলোঠা ৰখাবলৈ চাৰিটা বাঁহৰ খুটা (সমানে মাটিত পোতা আনটো ডোঁৱৰ তোলোঠা বা জোঁৱৰ তোলোঠা বোলে) প্রয়োজন হয়। পথালিকৈ দুটা খুটা জখলা বা শলখা মাৰিৰ (বাঁহৰ বা কাঠৰ) দ্বাৰা যুক্ত কৰা যায় য'ত পোৱাকৈ এডাল বাঁহৰ মাৰি থাকে, মাৰি ডালক চালি চালি মাৰি (বাঁহৰ) পৰিচালিত হয়। দুয়োডাল জখলা ওচৰৰ পৰা দুডাল ৰচী ব্যৱহাৰ হয়। এই ৰচী ডালক বোলে। চালি মাৰিৰ পৰা দোৰপতি ধৰি ৰাখিবলৈ শলখাৰ ঘিলাজৰী বোলে। (খিলাগুটি ব্যৱহাৰৰ বাবে) ঘিলা দুয়োচাল ৰচীত ছয়টা ব্যৱহাৰ হয় আৰু এই ঘিলাক ঘিলা চকৰী বোলা হয়। তিনিটা খিলা চকৰীত ৰচীডাল এক বিশেষ কাঠ যুক্ত কৰা হয়। দুয়োচটা কাঠৰ মাজত ৰাঁচ ব্যৱহাৰ পদ্ধতিৰে ব্যৱহাৰ হয় যাক বাঘমোৰ বোলে। দোৰপতি দুচটা হয়। দোৰপতি দুটা মুৰে দুটা ফুটা থাকে দুয়ো ফুটা দুডাল বাঁহৰ গাঠিৰে যুক্ত কৰা হয় এই খুটিক শিপিনী খুটি/শতিনী খুটি/মুৰিয়লী খুটি বোলে। (ঘিলাৰ পৰিৱৰ্ত্তে বর্তমান বাঁহৰ গাঁঠি নাইবা লোৰ খাৰু ব্যৱহাৰ হোৱা দেখা যায়)। দুয়োপাৰি সূতাৰ মাজেৰে মাকো চলাবলৈ ওপৰলৈ ব- আৰু চালি মাৰিত চৰাই আৰু নাচনী জৰী ব্যৱহাৰ হয়। তলৰ দুপাৰি ক-যুক্ত কৰিবলৈ দুডাল ডাং ব্যৱহাৰ কৰা হয়। ডাং দুয়োডাল ৰচীৰে যুক্ত হয়। ৰচীক তলধৰা বোলে। গৰকা মাৰি (দুডাল) শিপিনী তোলোঠাৰ ফালে আৰু আনটো তোলোঠাৰ ফালে গৰকা মাৰি দুডাল এটা নিগনি খুটি বা গৰকা ধৰাৰ দ্বাৰা মাটিৰ সৈতে যুক্ত হয়। 


তাঁত ববলৈ বা বাণী ববলৈ ব্যৱহাৰ হয় মাকো। (নাহৰ কাঠৰ) মাকোৰ সোঁ মাজত মহুৰা ভৰাব পৰাকৈ এটা বিন্ধা থাকে। মহুৰা ধৰি ৰাখিবলৈ পদ্ধতিগতভাবে মাকোত বিন্ধা দিয়া থাকে। মহুৰা ভৰোৱা মাৰিডালক গেৰেলী মাৰি (বাঁহৰ) বোলে। গেৰেলী মাৰি ধৰি ৰাখিবৰ বাবে মাকোত পথালিকৈ এটি সৰু বিন্ধা থাকে য'ত নাকটি বা মাখী ব্যৱহাৰ হয়। মহুৰা ৰখাৰ বাবে মহুৰা খৰাহী (কুকী সদৃশ) ব্যৱহাৰ হয় বহুতে মহুৰা খোৰোং বোলে। তাত বৈ শেষ হোৱাৰ সময়ত সম্পূর্ণ সুতা শেষ কৰিবৰ বাবে কেঁচা সূতা নেচা হিচাপে ৰচীৰে তোলোঠাত যুক্ত কৰা হয় এনে ৰচীক জোঁৱৰ বা জোঁৱৰ বন্ধা বোলে। শিপিনী বহাৰ ফালে দুটা পুলি খুটা বা কুকুৰ খুটা ব্যৱহাৰ হয়, য'ত তোলোঠা তললৈ নাযাবৰ বাবে কাণ বাটি ব্যৱহাৰ কৰা হয়। ভোঁৱৰ তোলোঠা শলখাৰ পৰা ৰচীৰ সহায়ত ৰখা যায়। ৰচীডালক তোলোঠা জৰী বোলে। দুটা বহন খুটা (বাঁহৰ) খুটি এটা কাঠ দুটা ফুটা উলিয়াই বহন খুটাত যুক্ত কৰি শিপিনী বহাৰ ব্যৱস্থা কৰা হয়। এনে পীৰাক বহন বা বহনা পীৰা বোলে। শিপিনীৰ বোৱা কার্যত কেতিয়াবা বানিৰ ক্ষেত্রত এফালে আগবাঢ়ে। এনে হোৱাকে উহালি পৰা বোলে। শিপিনীয়ে হাতেৰে ঢুকি পোৱালৈকে তাঁত বোৱা অৱস্থাক এক উহালি বোলে।


এনে তাঁত-শালৰ জৰিয়তে অসমৰ বিভিন্ন জনগোষ্ঠী সমূহে উৎপাদন কৰা বস্তু সমূহক ৰিহা, চাদৰ মেখেলা, চেলেং, ডাঙৰী কাপোৰ, খনীয়া কাপোৰ, এড়ী চাদৰ পাট আৰু মুগাৰ চাদৰ-মেখেলা, ৰুমাল, আঠুৱা, গামোচা, চুৰীয়া আদি নামেৰে জনা যায়। ৰিহা, চাদৰ আদিত আকৌ কেচ বচা, বুটা ৰচা, গুনা বচা, গাৰী দিয়া ব্যৱস্থাৰ প্ৰচলন হয়। গাৰী দিয়াও কুঁহিয়াৰ পতিয়া গাৰী, খৰিকা গাৰী নামেৰে প্রচলিত। ঠিক সেইদৰে গামোচা, চাদৰ মেখেলা আদিত প্রকৃতি প্রদত্ব বিভিন্ন ফুল আৰু মানুহে ব্যৱহাৰ কৰা আহিলা আদিৰ ভিত্তিত তৈয়াৰ কৰা ফুল দেখা যায়। নামকৰণত উফুল, গগনা ফুল, বাতৰি ফুল, পদুমফুল, লতাফুল, পানকটা আদি জনা যায়। ফুল তৈয়াৰ কৰাৰ বাবে বাঁহৰ মিহিকৈ কাঠি কৰি লোৱা হয়। ফুলৰ চানেকী হিচাপেও সংৰক্ষিত হৈ থকা দেখা যায়। তাঁত-শালত দেখা দিয়া অসুবিধা সমূহ একনীয়া বা এডলীয়া, হলিয়া বা যোৰমনা, হাতী গুৰীয়া, শালিকী জুটিয়া, গেৰা গাঁঠি আদি নামেৰে জনা যায়। (স্থান ভেদে আহিলা সমূহৰ নাম বেলেগ হোৱাটো স্বাভাবিক)


এতিয়া দেখা গ'ল এনে সঁজুলিসমূহ তৈয়াৰ কৰিব পৰা পৈণত কাৰিকৰ সমাজ জীৱনত সহজে উপলব্ধ। অন্যহাতে অসম বনজ সম্পদতো যথেষ্ঠ চহকী। এনে বনজ সম্পদৰ পৰা আহৰণ কৰা কাঠ বাঁহ আদিৰ সুন্দৰ ব্যৱহাৰ কৌশল মানৱৰ আয়ত্বাধীন। মানৱৰ এনে নিজা উদ্ভাবনী কৌশলৰ আৱিষ্কাৰ হোৱা তাঁত-শালৰ জৰিয়তে শ্রীমন্ত শঙ্কৰদেৱে সেই সময়ৰ তাঁতীকুঁচি নামৰ ঠাইখনৰ তিনিশ তাঁতীৰ হতুৱাই দুকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বহল এখন বিচিত্র বস্তু তৈয়াৰ কৰাৰ কথা বিভিন্ন সময়ত লিখনি সমূহত উপলব্ধ। এনে এক মহান কার্য সম্পাদন সম্ভৱ হৈছিল শ্রীমন্ত শঙ্কৰদেৱৰ উদ্ভাবনী শক্তিৰ লগে লগে তাৰাৰ প্রপন্ন শিষ্য মাধৱদেৱৰ সহযোগিতা আৰু তাঁতীকুঁচিৰ তাঁতী সকলৰ কর্ম দক্ষতাত। উক্ত বৃহৎ বস্ত্ৰখনত পৰিস্ফুট হৈছিল মানব সমাজত প্রগাঢ় ৰূপত প্রতিষ্ঠা হৈ থকা শংকৰদেৱৰ আবাসস্থলী বৈকুণ্ঠৰ বিনন্দীয়া ৰূপ। যাৰ বৰ্ণনা আধ্যাত্মিক গ্রন্থ সমূহৰ পাতে পাতে বিদ্যমান। এনে নৈপুণ্য কর্মৰাজি সেই সময়ৰ কৰ্মঠ সমাজ ব্যৱস্থাৰ এক জ্বলন্ত নিদর্শন। এনেদৰে শিপিনী সকলে সুবিধা অনুযায়ী মাটি তাঁত-শালৰ দ্বাৰা নিজ গৃহতে থাকিয়ে অর্থনৈতিক সৱলীকৰণ হ'ব পাৰে। পৰিয়ালক আর্থিক দিশত সহায় কৰাৰ লগতে নিজৰ কর্মশক্তি অটুট ৰাখি নিৰোগী হৈ থাকিব পাৰে।




*******

 


Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

শংকৰদেৱৰ বিষয়ে ৰচনা অসমীয়া

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা