লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ বিষয়ে

গোপীনাথ বৰদলৈদেৱৰ বিষয়ে 


গোপীনাথ বৰদলৈদেৱৰ বিষয়ে ৰচনা অসমীয়াত Essay on Lokpriya Gopinath Bordoloi


Essay on Lokpriya Gopinath Bordoloi
লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ বিষয়ে 




লোকপ্রিয় গোপীনাথ বৰদলৈ


লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ জন্মঃ 

স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈৰ পিতৃ-মাতৃৰ নাম আছিল ডাক্তৰ বুদ্ধেশ্বৰ বৰদলৈ আৰু প্ৰাণেশ্বৰী দেৱী। বুদ্ধেশ্বৰ বৰদলৈ আছিল চৰকাৰী ডাক্তৰ। চৰকাৰী চাকৰি কৰা মানুহ। চৰকাৰৰ নিৰ্দেশত তেওঁ স-পৰিয়ালে দিহিঙে-দিপাঙে ঘূৰি ফুৰিছিল। বুদ্ধেশ্বৰ বৰদলৈৰ স্থায়ী ঘৰ আছিল গুৱাহাটীত। ডাক্তৰ বুদ্ধেশ্বৰ বৰদলৈয়ে নগাঁও জিলাৰ ৰহাত চাকৰি কৰি থাকোতে ১৮১২ শকৰ জেঠ মাহৰ ২৬ তাৰিখ (ইং ১৮৯০ চন) দেওবাৰৰ দিনা তেওঁৰ পৰিবাৰে এটি পুত্র সন্তানৰ জন্ম দিয়ে। মাক-দেউতাকে পুতেকৰ নাম ৰাখে গোপীনাথ। এই গোপীনাথেই সময়ত লোকপ্রিয় গোপীনাথ বৰদলৈ নামেৰে জনাজাত হয়।


লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ শিক্ষা:  

গোপীনাথ বৰদলৈৰ প্ৰাথমিক শিক্ষা ৰহাতেই আৰম্ভ হয় যদিও তেওঁৰ সাত বছৰ বয়সত চৰকাৰী আদেশত দেউতাক মঙ্গলদৈ লৈ বদলি হৈ যায়। মঙ্গলদৈত দুবছৰ থকাৰ পিছত চৰকাৰে তেওঁক পুনৰ বৰপেটালৈ বদলি কৰি পঠিয়ায়। বৰপেটালৈ যোৱাৰ পিছত দেউতাকে গোপীনাথক বৰপেটাৰ স্কুলত নাম লগাই দিয়ে। ডাক্তৰ বুদ্ধেশ্বৰ বৰদলৈয়ে স-পৰিয়ালে বৰপেটাত থাকোতেই তেওঁৰ পৰিবাৰ প্ৰাণেশ্বৰী দেবীয়ে ইহলীলা সম্বৰণ কৰে। সেই সময়ত গোপীনাথৰ বয়স হৈছিল বাৰ বছৰ। মাকৰ মৃত্যুৰ পিছত দেউতাকে গোপীনাথক বৰপেটাৰ পৰা গুৱাহাটীৰ ঘৰলৈ পঠিয়াই দিয়ে। ল'ৰালি কালতে গোপীনাথে মাকক হেৰুৱাৰ পিছত বিধৱা বায়েক শশীকলা দেৱীয়ে তেওঁক তুলি-তালি ডাঙৰ দীঘল কৰাৰ দায়িত্ব লয়। সেই সময়তে গোপীনাথক গুৱাহাটীৰ কটন কলেজিয়েট উচ্চ ইংৰাজী বিদ্যালয়ত নাম ভর্তি কৰি দিয়া হয়। পঢ়া-শুনাত তেওঁ বৰ চোকা আছিল। 


ইং১৯০৭ চনত গোপীনাথে কটন কলেজিয়েট উচ্চ-ইংৰাজী বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষা দি প্রথম শ্রেণীত উত্তীর্ণ হয় আৰু 'চিত্রাঙ্কণ'ত 'ষ্টাৰ' লাভ কৰে। সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হোৱাত চৰকাৰে উচ্চ-শিক্ষাৰ বাবে তেওঁক ছাত্র-বৃত্তি প্রদান কৰে। ষোল বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষা উত্তীর্ণ হোৱাৰ পিছত গোপীনাথে কটন কলেজত ভর্তি হয়। ইং ১৯০৯ চনত তেওঁ কটন কলেজৰপৰাই প্ৰথম শ্ৰেণীত আই, এ, পাছ কৰে। তাৰ পিছত উচ্চ-শিক্ষাৰ বাবে তেওঁ কলিকতালৈ যায় আৰু কলিকতাৰ বিখ্যাত স্কটিচ্ চার্চ কলেজত নাম লগাই বুৰঞ্জী বিষয়ত অনার্চ লৈ বি,এ, পঢ়িবলৈ লয়। ইং ১৯১২ চনত গোপীনাথে অনার্চসহ বি, এ, পাছ কৰে। তাৰ পিছত তেওঁ কলিকতা বিশ্ববিদ্যালযত বুৰঞ্জী বিষয়ত এম, এ, আৰু ৰিপন কলেজত আইন পঢ়িবলৈ লয়। এম, এ, আৰু আইনৰ প্ৰথম বার্ষিক পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত গোপীনাথে প্রিয়বন্ধু চন্দ্ৰনাথ শৰ্মাৰ সৈতে উত্তৰ ভাৰত ভ্ৰমণ কৰিবলৈ যায়। ইং ১৯১৪ চনত গোপীনাথে এম, এ, পৰীক্ষাত উত্তীর্ণ হয় আৰু আইনৰ পাঠ্যক্রম সমাপ্ত কৰে। সেই বছৰতে তেওঁ গুৱাহাটীলৈ ঘূৰি আহে।


লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ চাকৰি: 

গোপীনাথ বৰদলৈয়ে ইং ১৯১৪ চনত গুৱাহাটীলৈ ঘূৰি অহাৰ পিছত গুৱাহাটীৰ সোণাৰাম বৰুৱা উচ্চ-ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। তাৰ কিছুদিন পিছতেই তেওঁ আইনৰ পৰীক্ষাত উত্তীর্ণ হয়। আইনৰ স্নাতক হোৱাৰ পিছত ইং ১৯১৭ চনত তেওঁ শিক্ষকতা কৰিবলৈ এৰি দিয়ে আৰু গুৱাহাটী আদালতত ওকালতি আৰম্ভ কৰে।


লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ বিৱাহ:  

শিক্ষকৰ চাকৰি ইস্তফা দি ওকালতি আৰম্ভ কৰাৰ দুবছৰৰ পিছত ইং ১৯১৯ চনত গোপীনাথ বৰদলৈয়ে উত্তৰ গুৱাহাটী নিৱাসী ভূমিকান্ত বৰদলৈৰ জীয়েক সুৰবালা বৰদলৈৰ সৈতে বিৱাহপাশত আৱদ্ধ হয়। গোপীনাথ বৰদলৈয়ে পৰিবাৰ সুৰবালাৰ সৈতে সফল দাম্পত্য জীৱন অতিবাহিত কৰে। তাৰেই ফলশ্রুতি হিচাপে তেওঁলোকে চাৰিজন পুতেক আৰু পাঁচজনী ছোৱালীৰ জনক জননী হোৱাৰ গৌৰৱ অর্জন কৰে।


লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ ৰাজনীতি আৰু সমাজসেৱা: 

ইং ১৮২৬ চনৰ আগলৈকে আমাৰ অসমখন এখন স্বাধীন দেশ আছিল। ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ইংৰাজৰ হাতলৈ যায়। তেতিয়াৰপৰাই অসম দেশখন ভাৰতৰ অঙ্গৰাজ্য হয়। ইংৰাজৰ হাতৰপৰা দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ দেশবাসী আন্দোলনত নামে। দেশমাতৃৰ বহুতো সু-সন্তানক আন্দোলন কৰাৰ অপৰাধত ইংৰাজে ধৰি নি ফাটেকত ভৰাই নানা ধৰণে যন্ত্রণা দিয়ে। বহুতকে আকৌ ৰাজদ্রোহী বুলি অভিহিত কৰি ফাঁচি কাঠত ওলোমাই মৃত্যু দণ্ড দিয়ে। তথাপি দেশৰ জনতাই মাতৃ-ভূমিৰ হৃত স্বাধীনতা ঘূৰাই অনাৰ প্ৰচেষ্টাৰপৰা কাহানিও বাজ হোৱা নাই। সাধ্যানুসৰি চেষ্টা চলায়ে গৈছে।


ছাত্ৰাৱস্থাৰপৰাই গোপীনাথ বৰদলৈয়ে দেশ আৰু জাতিৰ উন্নতিৰ উপায় চিন্তা কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে, ৰাজনৈতিক স্বাধীনতাৰ অবিহনে ভাৰতবাসীয়ে দাসত্বৰ শিকলিৰপৰা মুক্তি নেপায়। সেয়ে, দেশৰ স্বাধীনতাৰ বাবে সমগ্র দেশ জুৰি এক ঐক্যবদ্ধ সংগ্ৰামৰ আৱশ্যকতা গোপীনাথ বৰদলৈয়ে বৰকৈ অনুভৱ কৰে। সেই সময়ত মোহনদাস কৰমচান্দ গান্ধীয়ে দক্ষিণ আফ্রিকাৰপৰা ঘূৰি আহি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দি ইংৰাজৰ দাসত্বৰপৰা ভাৰতবৰ্ষক মুক্ত কৰাৰ সংকল্প গ্রহণ কৰে। গোপীনাথ বৰদলৈয়েও সেই উদ্দেশ্যতে ভাৰতৰ জাতীয় কংগ্ৰেছত যোগ দিয়ে। ইং ১৯২০ চনত কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশেষ অধিবেশন অনুষ্ঠিত হয়। দেশভক্ত তৰুণৰাম ফুকন, কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ, চন্দ্ৰনাথ শৰ্মা আদিৰ সৈতে গোপীনাথ বৰদলৈয়েও এই অধিবেশনত যোগদান কৰে। এই অধিবেশনতে মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ পস্তাৱ গৃহীত হয়।


ইং ১৯২১ চনত- গোপীনাথ বৰদলৈ গুৱাহাটী জিলা কংগ্ৰেছৰ সম্পাদক নির্বাচিত হয়। সেই বছৰতে দেশ জুৰি অসহযোগ আন্দোলন আৰম্ভ হয়। গোপীনাথ বৰদলৈয়ে ওকালতি কৰিবলৈ এৰি দি আন্দোলনত জপিয়াই পৰে। বিদেশী বস্তু বর্জন আৰু স্বদেশী বস্তু গ্ৰহণ কৰাৰ কথা প্ৰচাৰ কৰিবলৈ তেওঁ অসমৰ গাঁৱে-ভূঞে ঘূৰি ফুৰে। গাবে গাঁৱে ঘূৰি ঘূৰি গোপীনাথ বৰদলৈয়ে স্বেচ্ছাসেৱী বাহিনী গঢ়ি তোলে। তেওঁৰ আহ্বানৰ প্রতি সঁহাৰি জনাই জন-সাধাৰণে দ'ম দ'ম বিদেশী বস্তু জুই লগাই পুৰি পেলায়। চৰকাৰ বিৰোধী কাৰ্য্য-কলাপত অংশগ্রহণ কৰাৰ অপৰাধত দায়ী কৰি ইংৰাজ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়ায়। এইটোৱে আছিল গোপীনাথ বৰদলৈৰ প্ৰথম জেল যাত্রা। ইং ১৯২২ চনত জেলৰপৰা মুক্তি পোৱাৰ পিছত তেওঁ আহমদাবাদত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত যোগ দিবলৈ যায়। এই অধিবেশনৰপৰা ঘূৰি অহাৰ সমযত গোপীনাথ বৰদলৈয়ে পশ্চিম অসমৰ গোৱালপাৰা, বকো, পলাশবাৰী আদি ঠাই ভ্ৰমণ কৰি সভা-সমিতি পাতি জন-সাধাৰণক কংগ্ৰেছত যোগ দিবলৈ আহ্বান জনায় আৰু মহাত্মা গান্ধীৰ অসহযোগৰ কথা প্ৰচাৰ কৰে। ফলত চৰকাৰে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰি এবছৰ কাৰাদণ্ডৰে দণ্ডিত কৰি কাৰাগাৰলৈ পঠিযাই।


জেলৰপৰা মুক্তি পোৱাৰ পিছত ইং ১৯২৪ চনত গোপীনাথ বৰদলৈ গুৱাহাটী নগৰপালিকা আৰু লোকেল বোর্ডৰ সদস্য নির্বাচিত হয়। তাৰ পিছত তেওঁ নগৰপালিকাৰ চেয়াৰমেন নির্বাচিত হৈ সুচাৰুৰূপে চাৰিবছৰ কাল গুৱাহাট নগৰপালিকা পরিচালনা কৰে। গোপীনাথ বৰদলৈৰ কাৰ্য্যকালতে গুৱাহাটীত খোৱা-পানীৰ ব্যৱস্থা আৰু হৰিজন ক'লনী স্থাপন হয়। মহাত্মা গান্ধীজীয়ে চলোৱা অসহযোগ আন্দোলনত অংশ গ্রহণ কৰা ছাত্ৰসকলক পুনৰ শিক্ষানুষ্ঠানত নাম ভর্তি কৰোৱাত বাধা দিবলৈ চৰকাৰে কুখ্যাত 'কানিংহাম চাকুলাৰ' জাৰি কৰে। গোপীনাথ বৰদলৈয়ে এই চার্কুলাৰৰ তীব্র প্রতিবাদ কৰে। অসহযোগ আন্দোলনত অংশ গ্রহণ কৰা ছাত্রসকলক শিক্ষা-লাভৰ সুবিধা দিবলৈ গুৱাহাটীত 'কামৰূপ একাডেমী' বিদ্যালয় স্থাপন কৰে। তাৰ পিছতেই তেওঁ সতীৰ্থসকলৰ সৈতে লগলাগি বি.বৰুৱা কলেজো স্থাপন কৰে।


ইং ১৯২৬ চনত অসমৰ আহ্বানত পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪১ তম অধিবেশন অনুষ্ঠিত হয়। এই অধিবেশনৰ অভ্যর্থনা সমিতিৰ সভাপতি আছিল দেশভক্ত তৰুণৰাম ফুকন, সম্পাদক আৰু সহঃ সম্পাদক আছিল কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ আৰু গোপীনাথ বৰদলৈ। সহসম্পাদকৰ গধুৰ দায়িত্বৰ উপৰিও অধিবেশনৰ বাবে বিৰাট সভামণ্ডপ সজোৱাৰ ভাৰো গোপীনাথ বৰদলৈৰ ওপৰতে ন্যস্ত হৈছিল। গোপীনাথ বৰদলৈয়ে নিজৰ সকলো দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰি নিজৰ কৰ্তব্যপৰায়ণতা আৰু কৰ্মদক্ষতাৰ পৰিচয় দিয়ে। ইং ১৯৩২ চনত গুৱাহাটী মিউনিচিপালিটিৰ নির্বাচন অনুষ্ঠিত হয়। নির্বাচনত অংশ গ্ৰহণ কৰি তেওঁ মিউনিচিপালিটিৰ চেয়াৰমেন নির্বাচিত হয়। ইং ১৯৩৪ চনৰপৰা ইং ১৯৩৮ চনলৈ তেওঁ গুৱাহাটী মিউনিচিপাল বোর্ডৰ চেয়াৰমেন হিচাপে কাৰ্য্যনির্বাহ কৰে। ইং ১৯৩৭ চনৰ পহিলা এপ্ৰিলৰপৰা ইংৰাজ চৰকাৰে ভাৰতক স্বায়ত্ব শাসন প্রদান কৰে। ইং ১৯৩৮ চনত গোপীনাথ বৰদলৈ মিউনিচিপালিটিৰ চেযাৰমেন পদৰপৰা পদত্যাগ কৰি অসম বিধান সভাৰ নিৰ্বাচনত নামে। নির্বচিনত জয়লাভ কৰি তেওঁ সংযুক্ত মৰ্চা চৰকাৰ গঠন কৰি নিজে তাৰ কৰ্ণধাৰ হয়। তেৰমাহ দিন এই চৰকাৰে সুকলমে কাৰ্য্য-নির্বাহ কৰে। ইং ১৯৪০ চনত গান্ধীজীৰ আহ্বানত ভাৰতীয় জাতীয় কংগ্ৰেছে সত্যাগ্রহ আন্দোলন আৰম্ভ কৰে। গোপীনাথ বৰদলৈয়ে চৰকাৰ আৰু বিধানসভাৰপৰা পদত্যাগ কৰি সত্যাগ্রহ আন্দোলনত যোগ দি অসমৰ প্ৰথম সত্যাগ্রহী হয়। ইংৰাজ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰি এবছৰ ফাটেকত ৰাখে। এয়া আছিল তেওঁৰ তৃতীয় জেল-যাত্রা।


ইং ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে ইংবাজ চৰকাৰক "ভাৰত ত্যাগ” কৰিবলৈ বাধ্য কৰাবলৈ বোম্বাইত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে পঞ্জাৱ গ্ৰহণ কৰে। কংগ্রেছ অধিবেশনৰপৰা ঘূৰি অহাৰ সময়ত চৰকাৰে গোপীনাথ বৰদলৈক ধুবুৰীত গ্ৰেপ্তাৰ কৰি যোৰহাট জেললৈ পঠিয়ায়। এই সময়তে তেওঁ "হজৰত মহম্মদৰ জীৱনী" আৰু "বুদ্ধদেৱৰ জীৱনী "নামেৰে দুখন জীৱনী পুথি ৰচনা কৰে। জেলৰ যাতনাত দিনে দিনে তেওঁৰ স্বাস্থ্য ভাগি পৰাৰ হেতুকে ইং ১৯৪৪ চনত চৰকাৰে তেওঁক ফাটেকৰ পৰা মুক্তি দিয়ে। ইং ১৯৪৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে বিধান সভাৰ নির্বাচনত অংশগ্রহণ কৰিবলৈ সিদ্ধান্ত কৰে। নিৰ্বাচনৰ জৰিয়তে গোপীনাথ বৰদলৈ পুনৰ অসম কংগ্ৰেছ বিধায়নী দলৰ নেতা নির্বাচিত হৈ অসমত চৰকাৰ গঠন কৰে। ইং ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে। গোপীনাথ বৰদলৈয়ে স্বাধীন ভাৰতৰ অঙ্গ-ৰাজ্য অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে।


গোপীনাথ বৰদলৈয়ে বাৰুকৈয়ে অনুভৱ কৰিছিল যে, আধুনিক শিক্ষাৰ বহুল প্ৰচাৰ হলেহে অসমৰ দৰে পাচ পৰা ৰাজ্যই উন্নতিৰ জখলাৰে আগবাঢ়িব পাৰিব। সেয়েহে তেওঁ দেহে-কেহে খাটি গুৱাহাটী বিশ্ববিদ্যালয়, অসম মেডিকেল কলেজ, বন বিভাগৰ প্রশিক্ষণ বিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়, বি.টি.কলেজ, আয়ুর্বেদিক কলেজ, ইঞ্জিনিয়াৰিং কলেজ আদি শিক্ষানুষ্ঠান স্থাপন কৰে। তদুপৰি দেশত ঐক্য-ভ্রাতৃত্ব-বন্ধুত্ব আদিৰে আৱেগিক একতা স্হাপন কৰিবলৈ, ৰাষ্ট্ৰভাষাৰ প্ৰয়োজনীয়তাও তেওঁ বৰকৈ অনুভৱ কৰিছিল। অসমবাসীৰ মাজত বহুলভাৱে ৰাষ্ট্রভাষা প্ৰচাৰ কৰাৰ উদ্দেশ্যে তেওঁ অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতি স্থাপন কৰে।অসমৰ স্বাৰ্থৰ কাৰণেই গুৱাহাটী উচ্চ-ন্যায়ালয়, অনাতাঁৰ কেন্দ্ৰ আদি অনুষ্ঠানো গোপীনাথ বৰদলৈয়ে স্থাপন কৰে। অসমৰ জনসাধাৰণৰ কল্যাণ সাধনৰ কাৰণে গোপীনাথ বৰদলৈয়ে ''অসম গৃহৰক্ষী আইন", "অসম গাঁও পঞ্চায়ত আইন","কানি নিবাৰন আইন” আদি আইনো প্রণয়ন কৰে।গোপীনাথ বৰদলৈয়ে অসমৰ জনজাতীয় সম্প্রদায়ৰ উন্নতি সাধনৰ কাৰণেও বহুতো যত্ন কৰিছিল। যাতায়াত আৰু চিকিৎসালয়ৰ সুব্যৱস্থা কৰি তেওঁ পার্বত্য অঞ্চল আৰু ভৈয়াম অঞ্চলৰ মাজৰ পার্থক্য কমাই আনিবলৈও যত্ন কৰিছিল। কৃষি আৰু কুটীৰ শিল্পৰ উন্নয়নৰ কাৰণেও বৰদলৈদেৱে অশেষ যত্ন কৰিছিল।


লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ সাহিত্য সেৱাঃ

সুশিক্ষিত গোপীনাথ বৰদলৈয়ে ৰাজনীতি আৰু সমাজসেৱা কৰাৰ লগতে সাহিত্য চর্চ্চা কৰিও ভাষা সাহিত্যৰ সেৱা কৰিছিল "হজৰত মহম্মদৰ জীৱনী", "বুদ্ধদেৱৰ জীৱনী", "তৰুণৰাম ফুকন – তেখেতৰ সম্বন্ধে মই যি জানো" আদি জীৱনী গ্রন্থ ৰচনা কৰাৰ লগতে গোপীনাথ বৰদলৈয়ে গান্ধীজী ৰচিত গীতাভাষ্য "অনাসক্তি যোগ” গ্রন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল।


লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ মৃত্যু:

ইং ১৯৫০ চনৰ ৫ আগষ্ট তাৰিখ। তেতিয়াৰ দিনত অসমৰ ৰাজধানী আছিল শিলং চহৰত। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য-মন্দিৰত "প্রতিবাদ” নামৰ সহ-অভিনয় সম্পন্ন নাটকখনৰ অভিনয় উদ্ধোধন কৰিবলৈ অসমৰ মুখ্যমন্ত্রী গোপীনাথ বৰদলৈ শিলঙৰপৰা গুৱাহাটীলৈ আহিছিল। সন্ধিয়া সাত বজাত নির্দিষ্ট প্রেক্ষা-গৃহত তেওঁ নাটকখন যথা বিহীতভারে উদ্বোধন কৰে। নিশা ১১ বজাত গুয়াহাটীৰ নিজা বাস-ভৱনত শুই থকাৰ সময়ত তেওঁ বুকুত এটা বিষ অনুভৱ কৰে। বিষ লাহে লাহে বেছি হৈ অহাত তেখেতৰ পৰম বন্ধু বিখ্যাত ডাক্তৰ ভুৱনেশ্বৰ বৰুৱাক মাতি আনি চিকিৎসাৰ দিহা কৰোৱা হয়। কিন্তু, সময়ৰ দুর্ভাগ্য, বিখ্যাত চিকিৎসকৰ চিকিৎসাই কোনো ফল নিদিলে। নিশা ২ বাজি ৪০ মিনিটত স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্রী গোপীনাথ বৰদলৈদেৱে শেষ নিশ্বাস ত্যাগ কৰিলে।


লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ ব্যক্তিগত জীৱন: 

ধীৰ-গম্ভীৰ আৰু অধ্যয়নশীল স্বভাৱৰ গোপীনাথ বৰদলৈ উদাৰচিতীয়া আৰু নৈতিকতাৰ পূজাৰী আছিল। জীৱনত কেতিয়াও কাৰো লগত তেওঁ শত্রুতা কৰা নাছিল। সত্য-অহিংসা আৰু অনুশাসনেই আছিল তেওঁৰ জীৱনৰ আদৰ্শ। হিন্দু, মুছলমান, 'স্মৃতিয়ান, অসমীয়া, বঙালী মাৰোৱাৰী, জন-জাতি আদি সকলো লোককে তেওঁ সমান চকুৰে চাইছিল। তেখেতে কৈছিল "প্রত্যেক মানুহেই ভগৱানৰ সৃষ্টি"। গোপীনাথ বৰদলৈদেৱে অসমত বস-বাস কৰা লোকসকলৰ মাজত কোনো ধৰণৰ ভেদা-ভেদৰ সৃষ্টি নকৰি আটাইকে সমানে অসমীয়া জ্ঞান কৰিছিল। অসমৰ সকলো অঞ্চলৰ আৰু সকলো শ্ৰেণীৰ মানুহক সমান চকুৰে চোৱা বাবে তেতিয়াৰ দিনৰ অসমৰ সমূহ ৰাইজেও তেওঁক বৰ ভাল পাইছিল। জন-সাধাৰণৰ প্রিয় পাত্ৰ হোৱা হেতুকেই জন-সাধাৰণে তেওঁক "লোকপ্রিয়” উপাধিৰে বিভূষিত কৰিছিল। ৰাষ্ট্ৰীয় ঐক্যৰ একনিষ্ঠ সেৱক গোপীনাথ বৰদলৈদেৱেই অসমৰ হাইস্কুলসমূহত ৰাষ্ট্রভাষা হিন্দী শিকোৱাৰ দিহা কৰিছিল। অসমক উন্নতিৰ জখলাৰে আগবঢ়াই নিবলৈ সকলো ধৰণৰ আপ্ৰাণ চেষ্টা কৰা কাৰণেই বৰদলৈদেৱক আধুনিক অসমৰ খনিকৰ বুলি কোৱা হয়। নিজৰ কৰ্মৰাজিৰ বাবে তেওঁ চিৰদিন অসমীয়া মানুহৰ মাজত অমৰ হৈ থাকিব।




*****

~সংগৃহীত

 

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা