পৰিবেশ প্রদূষণ ৰচনা
পৰিবেশ প্রদূষণ ৰচনা
পৰিবেশ প্রদূষণ ৰচনা অসমীয়াত Essay on Environment Pollution in Assamese
![]() |
| পৰিবেশ প্রদূষণ ৰচনা |
- পৰিৱেশ প্ৰদূষণ
- পৰিৱেশ প্ৰদূষণ আৰম্ভণি
- পৰিৱেশ প্ৰদূষণ project
- পৰিৱেশ প্ৰদূষণ কাৰণ
- পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উপায়
- পৰিবেশ প্রদূষণ মানে কি?
- প্ৰদূষণৰ প্ৰকাৰ আৰু কি কি?
পৰিবেশ প্রদূষণ
মানুহে নিজৰ সুখ আৰু সমৃদ্ধিৰ উপযোগীকৈ পৰিবেশ গঢ়ি তুলিবলৈ সদায় যত্নবান হৈ আছে। এই কথাত সন্দেহ নাই যে এই পৰিবেশৰ এক অন্যতম উপাদান হ'ল প্ৰকৃতি। ভাৰতীয় আদর্শই প্রকৃতিৰ অনন্ত শক্তি আৰু বিচিত্ৰতাৰ কথা উপলব্ধি কৰিব পাৰিছিল আৰু সেয়েহে মানৱৰ প্ৰয়োজনত প্রকৃতিক ব্যৱহাৰ কৰিলেও তাৰ ভাৰসাম্য ৰক্ষা কৰাটো অত্যন্ত আৱশ্যকীয় বুলি বিবেচনা কৰিছিল। এনে আদৰ্শৰ বাবেই ভাৰতৰ প্ৰাচীন ৰজাসকলেও প্রকৃতিৰ ৰক্ষণাবেক্ষণ কৰাৰ বাবে আৰু প্ৰকৃতিক অধিক সজীৱ কৰি ৰখাৰ বাবে আঁচনি গ্রহণ কৰিছিল। কিন্তু আধুনিক সভ্যতাই প্ৰকৃতিৰ বিৰুদ্ধেই তাৰ সংগ্ৰাম আৰম্ভ কৰিলে। প্ৰকৃতিক পৰাভূত কৰি মানুহে সভ্যতাৰ দৌল সাজিলে। কিন্তু এনে সংগ্ৰামৰ বেলিকা মানুহে পাহৰি গ'ল যে প্রকৃতিৰ পৰাজয় মানে মানুহৰে পৰাজয়। কাৰণ মানুহ এই বিশ্ব প্ৰকৃতিৰ এটা ক্ষুদ্রাতিক্ষুদ্র অংশহে।
আধুনিক সভ্যতা হ'ল শিল্প, বাণিজ্য আৰু উদ্যোগ নিৰ্ভৰ সভ্যতা। মানুহৰ প্ৰয়োজনৰ বাবেই মানুহে গঢ়ি তুলিছে বিশাল উদ্যোগ। জীৱ-জন্তু, হাবি-বন ধ্বংস কৰি মানুহে কেরল নিজৰ প্ৰয়োজনৰ বাবে উদ্যোগ, অট্টালিকা নিৰ্মাণ কৰিছে। নিজৰ সুখ সমৃদ্ধিৰ বাবে হাজাৰ হাজাৰ গাড়ী-মটৰ, কল-কাৰখানা চলাইছে। শস্যৰ উৎপাদন বঢ়াবৰ বাবে কীট-পতঙ্গ সকলোকে মাৰি ন ন ৰাসায়নিক সাৰেৰে মাটিৰ গুণ নোহোৱা কৰিছে আৰু এনেদবেই মানুহে একমাত্র নিজৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰকৃতিৰ চিৰন্তন ৰীতিক প্রত্যাহ্বান জনাইছে। আজি ভাৰতবৰ্ষৰ নিচিনা দেশতে নানান উদ্যোগ গঢ়ি উঠিছে। অসমত নামৰূপ সাৰ কাৰখানা, নাগালেণ্ডৰ টুলি আৰু জাগীৰোডৰ হিন্দুস্তান কাগজ কল, বোকাজানৰ চিমেন্ট কাৰখানা আদিৰ দৰে উদ্যোগবিলাকৰ পৰা ওলোৱা বিষাক্ত আবর্জনাবোৰে নৈ বিল বোৰক দূষিত কৰি পেলাইছে। উল্লেখনীয় যে বিজ্ঞান আৰু আইনৰ মতেও পানী দূষিত হোৱাৰ অন্যতম কাৰণ হ'ল উদ্যোগ প্রতিষ্ঠান সমূহৰ বিষাক্ত পেলনীয়া বস্তুবোৰ। কিন্তু অসমৰ প্ৰতিখন চহৰত বিয়পি পৰা সৰু সুৰা উদ্যোগ বিলাকৰো বিষাক্ত গেছবোৰে পাৰৰ চহৰখনৰ জীৱন যাত্ৰা বিপন্ন কৰি তুলিছে। তদুপৰি বৰ্দ্ধিত জনসংখ্যাৰে ভৰিপৰা চহৰবোৰত নিয়ন্ত্রণহীন জীৱন যাত্ৰাৰ বাবে মল-মূত্র আদি পেলোৱাৰো কোনো নির্দিষ্ট নিয়ম নোহোৱা হৈছে। প্লাষ্টিকৰ বস্তুবোৰৰ অপৰ্য্যাপ্ত ব্যৱহাৰ আদিয়েও মাটি পানী আদিক দূষিত কৰিছে।
পাৰিপাৰ্শ্বিকতা ভাৰসাম্য ৰক্ষা (Geological Balance) নকৰাৰ বাবেও অতি ভয়াবহ সমস্যাৰ সৃষ্টি হৈছে। গছ-গছনি কাটি পাহাৰবোৰ লঠঙা কৰা, পাহাৰ, বন আদি নষ্ট কৰি দিয়াৰ ফলতো প্রাকৃতিক ভাৰসাম্য হেৰাই গৈছে। ডেৰাডুন-মুচৌৰীৰ পাৰ্বতা অঞ্চলত "সহস্ৰ ধাৰা" ব্লকত চূণশিল খনন আৰু বন-বিধস্ত কৰাৰ ফলত প্রাকৃতিক পৰিবেশ বিনষ্ট হৈছিল আৰু চুপ্রিম কোর্টে এনে কার্যত বাধা প্রদান কৰিছিল। আমাৰ অসমতো দীপৰ বিল, সূৰ্য্য পাহাৰ আদিৰ বাবে হোৱা আন্দোলনৰ কথা আমি আটায়ে জানো। পাৰমানবিক শক্তিও আন এক উল্লেখনীয় কাৰণ য'ৰ পৰা ভালে পৰিমাণে পৰিবেশ প্ৰদূষিত হৈছে। পাৰমাণবিক বিভাজনত নির্গত তেজস্ক্রিয় বিকিৰণ। বর্তমান পৃথিৱীত প্রায় ৪০০ ৰো অধিক পাৰমানবিক ৰিয়ে"ৰ আছে আৰু এইবোৰে অহৰহ বায়ু আৰু পানীত তেজস্ক্রিয় পদার্থ এৰি দি আছে। ১৯৮৬ চনত ছোভিয়েত ৰাছিয়াত ইউক্রেনৰ Chernbyl ত পাৰমানবিক প্রকল্পত হোৱা বিস্ফোৰণৰ ফলত তাৰ ৰিয়ে"ৰৰ পৰা নিৰ্গত তেজস্ক্রিয় পদার্থই আনকি চুবুৰীয়া ৰাষ্ট্ৰসমূহকো আতঙ্কিত কৰিছিল।
প্ৰদূষণৰ আন এক মাধ্যম হ'ল শব্দ বা চিঞৰ-বাখৰ। অতিৰিক্ত কোলাহলে মানুহৰ জীৱকোষ, ছাল, খাদ্য নলী আদিত প্রতিক্ৰিয়াৰ সৃষ্টি কৰে। কিন্তু ক্রমান্বয়ে বাঢ়ি অহা যান-বাহন, কল-কাৰখানা আদিৰ শব্দই এই অসহনীয় অৱস্থা পাইছেগৈ। গুৱাহাটীৰ দৰে চহৰত পুৱা দহ বজাত গণেশগুৰি, গুৱাহাটী ক্লাৱ আদি ঠাইত শব্দৰ পৰিমাণ মানুহৰ সহাৰ বাহিৰ হৈ পৰিছে। এই সকলোবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি এক জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ১৯৬৮ চনৰ তিনি ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে জীৱ-জগতৰ অমূল্য সম্পদ ৰাজিৰ সংৰক্ষণ, প্ৰদূষণ সীমিত কৰা আদি উদ্দেশ্যৰে প্রস্তাৱ গ্রহণ কৰে আৰু সেই প্ৰস্তাৱৰ ওপৰত বিতং আলোচনা কৰি কাৰ্য্যসূচী ল'বৰ বাবে ১৯৭২ চনৰ জুন মাহত ষ্টকহামত দুসপ্তাহ জোৰা অভিবৰ্তন বহে। ভাৰতবৰ্ষতো যথাক্রমে ১৯৭৪, ১৯৮১ আৰু ১৯৮৬ চনত তিনিখন গুৰুত্বপূৰ্ণ আইন বলবৎ কৰা হয়। এই আইন কেইখন হ'ল জল প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ আইন, বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ আইন আৰু পৰিবেশ সংৰক্ষণ আইন। ইয়াৰ উপৰি অসংখ্য সৰু বৰ ৰাজ্যিক বা কেন্দ্ৰীয় আইন কৰি পৰিবেশ সংৰক্ষণ কৰাত জোৰ দিয়া হৈছে। কিন্তু অকল আইনৰে মানুহৰ মনোভাৱক বিশুদ্ধ কৰিব নোৱাৰি। কাৰণ আইনৰ ৰক্ষকসকলেই ভালেমান সময়ত এনে কিছুমান কাম কৰে যিটোৰ বিৰুদ্ধে আকৌ গণ আন্দোলন গঢ়ি তুলি প্রতিবাদ জনাব লগা হয়। সেয়েহে যেতিয়ালৈকে দেশৰ সাধাৰণ লোকসকল এই ক্ষেত্রত সচেতন হৈ নুঠিব তেতিয়ালৈকে প্ৰদূষণৰ সমস্যাকো প্ৰতিৰোধ কৰিব পৰা নাযাব।
*******
~সংগ্ৰহীত

Comments
Post a Comment