ভাষাবিদ ড° বাণীকান্ত কাকতিদেৱ

ভাষাবিদ ড° বাণীকান্ত কাকতিদেৱ


ভাষাবিদ ড° বাণীকান্ত কাকতিদেৱৰ বিষয়ে ৰচনা অসমীয়াত Essay on Dr. Banikanta Kakati in Assamese

 

Essay on Dr. Banikanta Kakati in Assamese
ভাষাবিদ ড° বাণীকান্ত কাকতিদেৱৰ বিষয়ে ৰচনা 





ভাষাবিদ ড° বাণীকান্ত কাকতিদেৱ


বাণীকান্ত কাকতিদেৱৰ জন্ম: 

ইং ১৮৯৪ চনৰ নবেম্বৰ মাহৰ এটি শুভক্ষণত বর্তমান বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱৰ এটি কৃষক পৰিয়ালত ভাষাবিদ, নীৰৱ সাধক বাণীকান্ত কাকতিৰ জন্ম হয়। বাণীকান্ত কাকতিৰ দেউতাকৰ নাম ললিত ৰাম কাকতি আৰু মাকৰ নাম আছিল লাহোবালা কাকতি। বাণীকান্ত কাকতি মাক-দেউতাকৰ কনিষ্ঠ সন্তান। সেয়ে, অতি মৰমৰ, অতি আদৰৰ আছিল।


বাণীকান্ত কাকতিদেৱৰ শিক্ষা: 

বাণীকান্ত কাকতিদেৱৰ ককায়েক পৰমানন্দ কাকতি বাটিকুৰিহা নিম্ন প্ৰাইমাৰী বিদ্যালয়ৰ শিক্ষক। পৰমানন্দ কাকতি ৰাধা পণ্ডিত নামেৰেহে সর্বাধিক পৰিচিত। উপযুক্ত বয়সত বাণীকান্তকো তেওঁ নিজে পঢ়ুৱা বিদ্যালয়খনতে নাম লগাই দিয়ে। ককায়েকৰ তত্ত্বাৱধানত বাণীকান্ত কাকতিয়ে মনোযোগ দি পঢ়া-শুনা কৰি প্ৰাইমাৰী বিদ্যালয়ৰ শেষ পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হয় আৰু চৰকাৰৰ ঘৰৰপৰা বৃত্তি বা জলপানী লাভ কৰে। প্রাইমাৰী বিদ্যালয়ৰ শেষ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত ইং ১৯০৫ চনত বাণীকান্তই বৰপেটা হাইস্কুলত নাম লগায়। সেই সময়ত বৰপেটা হাইস্কুলৰ প্ৰধান শিক্ষক আছিল কালীমোহন গুপ্তা স্কুলখন তেতিয়া চৰকাৰী হোৱা নাছিল। এবাৰ স্কুলৰ বছৰেকীয়া পৰীক্ষাত প্রথম হোৱা বাবে ইংৰাজ লেখক চেমুৱেল মাইলছৰ "চেলফ্ হেলেপ্” আৰু জার্মান পণ্ডিত 'মেক্সমুলাৰৰ জীৱনী' নামৰ কিতাপ দুখন বাণীকান্ত কাকতিয়ে পুৰস্কাৰ হিচাপে লাভ কৰে। দুয়োখন কিতাপকে বাণীকান্তই অতি মনোযোগেৰে অধ্যয়ন কৰে আৰু কিতাপ দুখনেও বাণীকান্তৰ মনত দ-সাঁচ বহুৱায়।


ইং ১৯১১ চনত বাণীকান্ত কাকতিয়ে বৰপেটা হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা দিয়ে। সেই সময়ত প্রৱেশিকা পৰীক্ষা বিশ্ব বিদ্যালয়ে চলাইছিল। অসমত তেতিয়াৰ দিনত বিশ্ববিদ্যালয় নাছিল। কলিকতা বিশ্ববিদ্যালয়েই অসমতো প্রৱেশিকা পৰীক্ষা চলোৱাৰ দায়িত্ব বহন কৰিছিল। বাণীকান্তই প্রৱেশিকা পৰীক্ষাত সমগ্র অসম উপত্যকাৰ ভিতৰত প্রথম হৈ উত্তীর্ণ হয়। এই পৰীক্ষাত গোটেই অসমৰ ভিতৰত ইংৰাজীত সর্বোচ্চ নম্বৰ লাভ কৰি বাণীকান্তই সোণৰ আৰু ৰূপৰ পদক অর্জন কৰে। বাণীকান্ত কাকতিদেৱে সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষা উত্তীর্ণ হোৱাৰ পিছত ইং ১৯১১ চনত অসমৰ উচ্চ শিক্ষাৰ একমাত্র অনুষ্ঠান "কটন কলেজ”ত আই, এ, মহলাত নাম ভর্তি কৰে। ইং ১৯১৩ চনত সেই কলেজৰ পৰাই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত আই,এ, পৰীক্ষাত বহে। তেতিয়াৰ দিনত অসম, বঙ্গদেশ, উৰিষ্যা, বিহাৰ আৰু ব্রহ্মদেশো কলিকতা বিশ্ব-বিদ্যালয়ৰ এলেকাধীন আছিল। আই,এ, পৰীক্ষাত বাণীকান্ত কাকতিয়ে বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে। বাণীকান্ত কাকতিৰ এই সাফল্যত সমগ্ৰ অসমে গৌৰৱ বোধ কৰে আৰু অসমৰ নগৰে-চহৰে সভা পাতি বাণীকান্তদেবক সম্বর্দ্ধনা জনায়। ধন্যবাদ জ্ঞাপন কৰে । বাণীকান্তদেবৰ এই অসাধাৰণ কৃতিত্বৰ বাতৰি পাই আচার্য্য প্রফুল্ল চন্দ্র ৰায়েও অভিনন্দন জনায় উৎসাহিত কৰে।


ইং ১৯১৩ চনত বাণীকান্ত কাকতি উচ্চ শিক্ষাৰ বাবে কলিকতা চহৰলৈ যায় আৰু তাত থকা বিখ্যাত প্রেচিডেন্সি কলেজত বি,এ, মহলাত নাম ভর্তি কৰে। ইং ১৯১৫ চনত বাণীকান্ত বি.এ. পৰীক্ষাত বহে আক ইংৰাজীত অনাৰ্চ লৈ দ্বিতীয় শ্রেণীৰ চতুৰ্থ স্থান লাভ কৰি স্নাতক হয়। বি.এ, পৰীক্ষাত বাণীকান্ত কাকতিয়ে নানা কাৰণত আই.এ, পৰীক্ষাত দেখুৱা ধৰণে কৃতিত্ব প্ৰদৰ্শন কৰিব পৰা নাছিল। বি. এ. পাছ কৰাৰ পিছত নানা প্রতিকূল অৱস্থাৰ মাজতো ইং ১৯১৫ চনত বাণীকান্তদেৱে কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাত ইংৰাজী বিভাগত নাম লগায়। কিন্তু অসুস্থতাৰ কাৰণে তেওঁ ইং ১৯১৭ চনত এম.এ পৰীক্ষাত বহিব নোৱাৰিলে। পুনৰ স্বাস্থ্য লাভ কৰাৰ পিছত ইং ১৯১৮ চনত তেওঁ এম, এ পৰীক্ষাত বহে আৰু ইংৰাজী সাহিত্যৰ 'এ' গ্রুপত দ্বিতীয় শ্রেণীত উত্তীর্ণ হয়। ইয়াৰ পাঁচ বছৰ পিছত, ইং ১৯২৩ চনত তেওঁ ইংৰাজী সাহিত্যৰ 'বি' গ্ৰুপত পুনৰ পৰীক্ষাত বহে আৰু প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হয়।


বাণীকান্ত কাকতিদেৱৰ চাকৰিঃ 

ইং ১৯১৮ চনত বাণীকান্ত কাকতিয়ে ইংৰাজীত এম. এ. পাছ কৰাৰ কিছুদিন পিছতেই কটন কলেজৰ ইংৰাজী বিভাগত অধ্যাপকৰ পদ এটা খালী হয়। সূৰ্য্য কুমাৰ ভুঞায়ো সেই সময়ত কটন কলেজত অধ্যাপনা কৰিছিল। ইং ১৯১৮ চনৰ নৱেম্বৰ মাহত বাণীকান্ত কাকতিয়ে কটন কলেজৰ ইংৰাজী বিভাগত অধ্যাপক পদত নিযুক্তি লাভ কৰে। এই পদত একাগ্ৰতাৰে কাম কৰি ইং ১৯৪৭ চনত তেওঁ কটন কলেজৰ অধ্যক্ষ পদলৈ পদন্নোতি লাভ কৰে। ইং ১৯৪৯ চনৰ জানুৱাৰী মাহলৈকে বাণীকান্ত কাকতিয়ে কটন কলেজৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। কটন কলেজৰ অধ্যক্ষ পদৰপৰা অৱসৰ লোৱাৰ পিছত সেই বছৰতে বাণীকান্ত কাকতিয়ে নৱজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে পুনৰ কামত যোগদান কৰে। মৃত্যুৰ সময়লৈকে তেওঁ সেই পদতে থাকি সেৱা আগবঢ়াইছিল।


বাণীকান্ত কাকতিদেৱৰ বৈৱাহিক জীৱন: 

ইং ১৯১৫ চনত বাণীকান্ত কাকতিয়ে সম্মানসহ বি,এ, পাছ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ, এম, এ, মহলাত নাম ভর্তি কৰাৰ পিছত ইং ১৯১৬ চনত বৰপেটাৰ চিৰস্তাদাৰ উমাকান্ত দাসৰ জীয়েক কনকলতা দাসক বিয়া কৰায়। বাণীকান্ত কাকতি আৰু কনকলতা (দাস) কাকতিয়ে যুগ্ম জীৱনত তিনিজন পুত্ৰ আৰু তিনিজনী জীয়েকৰ জনক-জননী হোৱাৰ সৌভাগ্য লাভ কৰে। ইং ১৯৫২ চনৰ ১৭ চেপ্তেম্বৰ তাৰিখে বাণীকান্ত কাকতিৰ সহ-ধর্মিণী কনকলতা কাকতিয়ে বৈকুণ্ঠলৈ গমন কৰে।।


বাণীকান্ত কাকতিদেৱৰ সাহিত্য সেৱা: 

বহুতো সাহিত্যিকৰ দৰে বাণীকান্ত কাকতিয়ে সাহিত্যৰ ভঁৰাললৈ বৰ বেছি গ্ৰন্থ অঘ্য হিচাপে আগবঢ়োৱা নাই যদিও গুণগত দিশত তেওঁৰ লিখনিসমূহৰ মূল্য অসমীয়া ভাষা-সাহিত্যৰ বাবে কল্পনাতীত। বাণীকান্ত কাকতিয়ে কটন কলেজত অধ্যাপনা কৰি থকা সময়তে অশেষ কষ্টেৰে অধ্যয়ন, অন্বেষণ আৰু গৱেষণা চলাই অসমীয়া ভাষাৰ মাইলৰ খুটিস্বৰূপ "অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্রমবিকাশ” নামেৰে চাৱিশ বত্রিশ পৃষ্ঠাৰ ইংৰাজী ভাষাত এখন মূল্যৱান গ্রন্থ লিখি উলিযায়। এই অমূল্য গ্রন্থখনে বাণীকান্ত কাকতিলৈ বহন কৰি আনে অফুৰন্ত খ্যাতি। ইং ১৯৩৫ চনত কলিকতা বিশ্ববিদ্যালয়ে সেই গ্রন্থখনৰ বাবে বাণীকান্ত কাকতিক 'পি, এইচ, ডি' উপাধি প্রদান কৰে। তেতিয়াৰপৰাই তেখেত ডক্টৰ বাণীকান্ত কাকতি নামেৰে বিখ্যাত হৈ পৰে।


ইং ১৯৪০ চনত ডক্টৰ বাণীকান্ত কাকতিয়ে ৰচনা কৰা আন এখন গৱেষণামূলক গ্রন্থ "পুৰণি অসমীয়া সাহিত্য” প্রকাশ পায়। "কলিতা জাতিৰ ইতিবৃত্ত” নামেৰে ডক্টৰ বাণীকান্ত কাকতিৰ আন এখন মূল্যবান গ্রন্থ ইং ১৯৪২ চনত প্রকাশ লাভ কৰে। ডক্টৰ বাণীকান্ত কাকতিয়ে ৰচনা কৰি থৈ যোৱা আন কেইখনমান গ্রন্থ হ'ল 'পখিলা', পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা', 'সাহিত্য আৰু প্রেম', 'দি মাদাৰ গডেচ্ কামাখ্যা', 'বিষ্ণুইট মাইচ এণ্ড লিজেণ্ডচ্' আৰু 'লাইফ এণ্ড টিচিঙচ্ অফ্ শঙ্কৰদেৱ'। ডক্টৰ বাণীকান্ত কাকতিয়ে পুৰণি অসমীয়া সাহিত্যৰ বিষয়ে বিদগ্ধ পণ্ডিতসকলে আলোচনা কৰা বৃহৎ কলেৱৰৰ 'এচপেকটচ্ অফ্ আর্লি আচামিজ লিটাৰেচাৰ' নামৰ মূল্যবান গ্রন্থখনো সম্পাদনা কৰিছিল। ইংৰাজী আৰু অসমীয়া উভয় ভাষাৰ ওপৰতেই সমান দক্ষতা থকা হেতুকে দুয়োটা ভাষাতেই মূল্যবান গ্রন্থ ৰচনা কৰি ডক্টৰ বাণীকান্ত কাকতিয়ে সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছে।


বাণীকান্ত কাকতিদেৱৰ মৃত্যু: 

ইং ১৯৫২ চনৰ ১৫ নৱেম্বৰ তাৰিখে শনিবাৰৰ দিনা প্রাতঃ ভ্ৰমণৰপৰা ঘূৰি অহাৰ পিছতেই ডক্টৰ বাণীকান্ত কাকতিয়ে অসুস্থতা অনুভৱ কৰি বিছনাত শুই পৰে আৰু খন্তেক পিছতেই তেখেতৰ প্ৰাণবায়ু ওলাই অনন্তধামলৈ গতি কৰে। বিছনাৰ ওপৰত পৰি থাকে ৫৮ বছৰীয়া কাকতিৰ নশ্বৰ দেহ। সেইদিনাই সন্ধিয়াপৰত ছাত্র-ছাত্রী, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন আৰু গুণমুগ্ধ ৰাইজে ডক্টৰ বাণীকান্ত কাকতিৰ ভাগৰুৱা নশ্বৰ দেহটোক ভৰলুমুখ শ্মশানত চিতাৰ জুইত সমর্পন কৰে। এইদৰেই অসমীয়া ভাষা-সাহিত্যৰ দৰদী এক মহাজীৱনৰ অন্ত পৰে।


বাণীকান্ত কাকতিদেৱৰ ব্যক্তিগত জীৱনত এভূমুকি: 

এটি সাধাৰণ খেতিয়ক পৰিয়ালত জন্ম গ্ৰহণ কৰি নিজ প্ৰচেষ্টাৰে সমাজৰ শিখৰত আৰোহণ কৰা ডক্টৰ কাকতিৰ চাৰিত্রিক বৈশিষ্ট্যই আছিল তেওঁৰ জীৱনৰ উন্নতিৰ ছাবি-কাঠি। শৃঙ্খলাবদ্ধতা, নিয়মানুবর্তিতা, একাগ্রতা আদিয়েই আছিল তেওঁৰ জীৱনৰ মূলধন। সহজ-সৰল জীৱন-যাপন আৰু উচ্চ চিন্তনেই আছিল ডক্টৰ কাকতিৰ জীৱনৰ আদৰ্শ। সেই হেতুকেই তেওঁ অসম চৰকাৰৰ শিক্ষাধিকাৰ, লোকসেৱা আয়োগৰ চেয়াৰমেন আৰু বিধানসভাৰ সদস্য পদৰ দৰে লোভনীয় পদৱীত যোগদান নকৰি আজীৱন শিক্ষকতা কৰিয়ে কটাইছিল। তেখেতে অনুভৱ কৰিছিল যে, অসম আৰু অসমীয়াৰ উন্নতিৰ বাবে শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা একান্ত আৱশ্যক। সেয়ে নিজে শিক্ষকতা কৰি তেওঁ স্ব জাতিৰ উন্নতি সাধিবলৈ আপ্রাণ চেষ্টা চলাইছিল।


ডক্টৰ কাকতিযে সহজ-সৰল জীৱন-যাপন কৰিছিল বাবেই অতি সাধাৰণ ধৰণৰ সাজ-পোছাকহে পিন্ধিছিল। সাধাৰণ সাজ-পোছাক পিন্ধিয়ে তেওঁ সকলোতে ঘূৰি ফুৰা হেতুকেই কেতিয়াবা কেতিয়াবা ৰেলষ্টেচন, বাছষ্টেচন আদিত তেওঁৰ ছাত্ৰইয়ো চিনিব নোৱাৰি তেওঁক চিগাৰেট জ্বলাবলৈ দিয়াচলাই বিচাৰিছিল। কিন্তু চিনি পোৱাৰ পিছত তেনে ছাত্ৰৰ মুখৰ মাত নাইকিয়া হৈছিল। ডঃ কাকতিয়ে কৈছিল, 'ঈশ্বৰৰ ওচৰত প্রার্থনা কৰিবলৈ শিকা। সত্যইহে মানুহক সম্ভ্রান্ত আৰু মহৎ কৰে।" জীৱনৰ অন্তিম সময়লৈকে তেওঁ ঈশ্বৰত বিশ্বাস ৰাখি সকলো কাম কৰিছিল। ডক্টৰ বাণীকান্ত কাকতি আছিল স্পষ্টবাদী ব্যক্তি। বন্ধু মহলত তেওঁ আনন্দৰ সুৰেৰে কৈছিল, "হাঁহক, আনন্দ কৰক, খাওক আৰু পৰিশ্ৰম কৰক, বচ্ আৰু লাগিছে কি? এয়েতো জীৱন, এয়েতো সংসাৰ। জুখি-জুখি কথা কৈ লেখি-লেখি খোজ দি লাভ নাই ভাই।”


বাণীকান্ত কাকতিদেৱৰ সন্মান লাভ: 

কলিকতা বিশ্ববিদ্যালয়ে ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্রন্থ "অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্রমবিকাশ'ৰ বাবে তেওঁক পি, এইচ, ডি, ডিগ্রী প্রদান কৰি সন্মান জনাইছে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক "ডিন অফ্ দি ফেকাল্টি অফ আর্টচ' বা 'কলাগুৰু' উপাধিৰে বিভূষিত কৰিছে। ডক্টৰ বাণীকান্ত কাকতিৰ মৃত্যুত অসম মাতৃয়ে সুযোগ্য সন্তান আৰু অন্যতম শ্রেষ্ঠ অসমীয়াক হেৰুৱায়। অসমীয়া আৰু ইংৰাজী ভাষাত ডঃ কাকতিয়ে ৰচি থৈ যোৱা গ্ৰন্থ সমূহৰ বাবে চিৰদিন তেওঁ অসমীয়া মানুহৰ শ্রদ্ধাভাজন হৈ থাকিব। 'নীৰৱ সাধনা' প্ৰৱন্ধটিত ডঃ কাকতিয়ে কোৱা কথাবোৰ অসমীয়া যুৱ-ছাত্ৰৰ বাবে চিৰদিন প্রবাদবাক্য হৈ থাকিব।




*****

 ~ সংগৃহীত 

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা