শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা


শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকাৰ‌ বিষয়ে অসমীয়াত Role of Mother in the development of Children's physical, mental and creativity in Assamese  

  • শিশুৰ মানসিক বিকাশ
  • শিশুৰ মানসিক বিকাশত মাতৃৰ ভূমিকা
  • শিশুৰ শাৰীৰিক বিকাশ
  • শিশুৰ বিকাশত মাতৃৰ ভূমিকা


Role of Mother in the development of Children's physical, mental and creativity in Assamese
শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা




শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা


বর্তমান যুগত সমাজৰ সকলো ক্ষেত্রতে মাতৃ অর্থাৎ নাৰীৰ ভূমিকাই প্রধান হিচাপে স্বীকৃতি পাইছে এখন সমাজত, এখন গৃহস্থীত, এখন দেশত, এটা জাতিত। বৈবাহিক যুগ্ম জীৱনৰ সমন্ধৰ পাতনি মেলা দুটি যুৱ মনৰ এটি চৰম প্ৰত্যাশা হ'ল সন্তানৰ পিতৃত্ব আৰু মাতৃত্ব। এগৰাকী মাতৃৰ এটি সন্তান জন্ম দিয়াৰ পাছতে আহি পৰে দায়িত্ব আৰু ভূমিকা, প্ৰতিগৰাকী মাতৃক এনেকৈ সৃষ্টি কৰিছে যত সপ্তশক্তি নিহিত কৰি ৰাখিছে। প্ৰতিগৰাকী মাতৃৰ হৃদয়ত দয়া, ক্ষমা, ধৈর্য, প্রেম, ত্যাগ, সাহস আৰু সহানুভূতি নিহিত হৈ থাকে। সন্তানটিয়ে যিদিনা মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈ ভূমি চুৱে সেইদিনা কান্দোনৰ বোল তোলে। সন্তানটিয়ে পৃথিৱীখন দেখি কন্দাৰ কাৰণ হ'ল- এতিয়া পৃথিৱীত সুখ-দুখৰ যন্ত্রণা ভোগাৰ ভয়। কিন্তু মাতৃগৰাকীক শিশুটিৰ প্রথম কান্দোনে দৃষ্টি আৰু মন আকর্ষণ কৰে। সেই আকৰ্ষণৰ ফলত মাতৃগৰাকীৰ মন-প্রাণ নাচি উঠে। তাৰ পিছত মাতৃগৰাকীৰ মনত জাগি উঠে শিশুটিৰ প্রতি কান্দোনৰ অনুভূতি। সেই অনুভূতি এনেধৰণৰ যে-শিশুটিয়ে কান্দিলে কয় দেহি, শিশুটিয়ে শুই শুই অস্বস্তি বোধ কৰিছে, লগে লগে স্তনৰ অনুভূতি, দেহৰ স্পর্শ আৰু কণ্ঠৰ গুণগুণনিত শিশুটিয়ে কান্দোন পাহৰি মাতৃৰ কোলাত শুই পৰে। মাতৃগৰাকীৰ এনে কাৰ্যই শিশুৰ প্রতি থকা ভূমিকা তুলনাবিহীনভাৱে পৰিচয় দিয়ে।


তাৰ পিছত আহি পৰে মাতৃৰ বিভিন্ন দায়িত্ব বা ভূমিকা। যি দায়িত্বই শিশুটিক ভবিষ্যৎ প্রজন্মত এজন সু-নাগৰিক ৰূপে গঢ়ি তোলাত সহায়ক হয়। প্রথমে থুনুক-থানাক কৰি শিশুটিক ঘৰখনৰ পৰিয়াল পৰিচয়, ৰং পৰিচয়, বৰ্ণ পৰিচয়, আচাৰ-ব্যৱহাৰ আদি মাতৃয়ে ঘৰতে শিকাব লাগিব, কাৰণ শিশুৰ বাবে ঘৰখনেই শিক্ষাৰ প্ৰথম কঠিয়াতলী। তাৰ পিছত শিশুটিৰ বাবে ভেটি সুদৃঢ় কৰি কঠিয়া সিঁচাৰ আগতে শিশুটিৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক দিশকেইটাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। তদুপৰি শিশুৰ ভাবনা, আবেগ, অনুভূতি, ইচ্ছা-অনিচ্ছা, কল্পনা এই দিশকেইটা বুজি লৈ অভিজ্ঞতা আহৰণ বা বিকশিত কৰিব লাগিব। যিহেতুকে শিশুসকলে আমাৰ দেশ আৰু সমাজৰ ভৱিষ্যৎ সেয়েহে শিশুৰ শাৰীৰিক, মানসিক বিকাশ সাধন অত্যন্ত জৰুৰী। প্রতিটো শিশু প্রতিটো পৰিয়ালৰ কাৰণে, সমাজৰ কাৰণে, দেশৰ কাৰণে, পৃথিবীত একো একোটা অমূল্য সম্পদ। সুস্থ শৰীৰ প্রতিটো শিশুৰ জন্মগত অধিকাৰ। প্রতিজন শিশুৰ সুস্থ শৰীৰ, সুস্থ-সবল মন পৰস্পৰ পৰিপূৰক। শিশুৰ সুস্থ মানসিক বিকাশৰ মূলতে হ'ল সুস্থ শৰীৰ। শিশুৰ সুস্থ শৰীৰ আৰু সুস্থ মনৰ বাবে প্রয়োজন সুষম খাদ্য। সাত্বিকভাবে তৈয়াৰ কৰা আহাৰেই সন্তানৰ তেজ, পানী শুদ্ধ কৰে। শিশুৰ মন পানীৰ দৰে কোমল। পানীয়ে যি পাত্রত যি আকাৰ লয়, শিশুৱেও শিশু অৱস্থাত নৈতিক দিশত যি সাংকাৰ দিয়ে, সেই আকাৰেই লয়। লেকেচি ভাঁজ দিয়াৰ দৰে শিশুক ভাঁজ দিয়া অতি সহজ। সেয়েহে শিশুক নৈতিক আচৰণৰ বাবে মহৎলোকৰ বাণী শুনাব লাগে। যেনে- সদায় সঁচা কথা ক'বা, সত্যৰ সদায় জয়, অহিংসাই পৰম ধর্ম, শিক্ষাই জ্ঞান, জ্ঞানেই শিক্ষা, শিক্ষাই মানৱ জীৱনলৈ শান্তিৰ নিজৰা বোৱাব পাৰে আদি।


প্ৰতিগৰাকী মাতৃয়ে সন্তানক সূৰুযমুখী কৰিবলৈ যাওঁতে প্রথম ভূমিকা ল'ব লাগিব আনুষংগিক আৰু আধ্যাত্মিক, শৈক্ষিক দিশটো উপনীত কৰাৰ লগে লগে সেই শিশু পুত্রই হওক বা কন্যাই হওক মাতৃগৰাকীয়ে ধর্মৰ দিশ, সাংস্কৃতিক দিশ উভয়কে আগুৱাই নিয়াৰ চেষ্টা কৰাব লাগিব। যিহেতুকে এগৰাকী মাতৃ হাজাৰজন পিতৃতকৈ উচ্চ। জীৱশ্ৰেষ্ঠ মানুহৰ জন্মৰপৰাই আমৃত্যু এটা পৰিপূৰ্ণ জীৱন। সন্তান জন্মৰপৰাই কেইবাটাও ভাগত শিশুক ভাগ কৰা হৈছে যেনে- পানী কেঁচুৱা, শিশু, শৈশৱ, কিশোৰ। গতিকে প্ৰতিগৰাকী মাতৃয়ে শিশু পুত্রই হওক বা কন্যাই হওক, কিশোৰ-কিশোৰী অৱস্থালৈকে অর্থাৎ ১৮-১৯ বছৰ বয়সলৈকে মাতৃসকলে খাওঁতে-শোওঁতে সেই সময়খিনি শৈশৱ কালছোৱাৰ দৰে ভাবি তেওঁলোকক ধৰ্মৰ নীতিৰে, গীত বা সংস্কৃতিৰ জ্ঞানেৰে তেওঁলোকৰ শিক্ষাৰ দিশৰ লগত যদিহে অনুপ্রাণিত কৰিব পৰা যায় তেতিয়া সেই কিশোৰ-কিশোৰীসকল যুৱক-যুৱতীত উপনীত হোৱাৰ পিছতো অন্য চিন্তাধাৰাই বাঁহ ল'ব নোৱাৰে। চেষ্টাৰ অসাধ্য একো নাই। চেষ্টাৰ ফল মিঠা। যদিহে মাতৃগৰাকীয়ে চেষ্টা নকৰে তেনেহ'লে সেই ফল টেঙা। কাৰণ মাতৃগৰাকীৰ অৱহেলাৰ বাবেই পিছলৈ সন্তানৰপৰা অভিভাৱকে যন্ত্ৰণা ভুগিব লগা হ'ব পাৰে। ড্রাগচ সেৱন, সুৰাপান কৰি যন্ত্রণা দিয়ে। শুদ্ধ কৰাৰ উপায়ো অভিভাৱকৰ হাততেই থাকে। গতিকে নিজ সন্তানক সজ পথেৰে নিবলৈ হ'লে মাৰ্জিত কৰি সাত্ত্বিক সাজপাৰ, সাত্ত্বিক আহাৰৰ ওপৰত মাতৃসকলে নিজৰ সাজপাৰৰ লগতে সন্তানৰ সাজ-পাৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।


শিশুসকল অতি কৌতূহলী মনৰ। নজনাক জনাৰ, নেদেখাক দেখাৰ আগ্রহ ডাঙৰতকৈ শিশুৰ ক্ষেত্ৰত অধিক দেখা যায়। কৌতূহলী মনোভাৱৰ পৰাই সৃজনীক্ষমতা জাগ্রত হয়। ইয়াৰ বিকাশৰ বাবে পিতৃ-মাতৃ, পৰিয়ালৰ লোক, বিশেষকৈ মাতৃগৰাকী অতি সচেতন হ'ব লাগে। মনোবিজ্ঞানী লবেনফিল্ডে কৈছিল যে, 'সৃজনীমূলক কৰ্মৰাশিৰ মাজতে শিশুৰ সতন্ত্ৰভাৱ আৰু নমনীয়তাৰে কৰিব পৰা চিন্তাশক্তিৰ গভীৰতা ধৰিব পাৰি।' মনোবিজ্ঞানৰ নানা পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাই দেখুৱাইছে যে, সৃজনীক্ষমতা সকলো মানুহৰ মাজত কমবেছি পৰিমাণে থাকে। ইয়াৰ বিকাশত পৰিৱেশে এক বিশিষ্ট ভূমিকা গ্রহণ কৰে। শৈশৱকাল এই প্রতিভা বিকাশৰ অতি উত্তম সময়। সেয়েহে এই শৈশৱ অৱস্থাৰ পৰাই শিশুক প্রয়োজনীয় শিক্ষা, উৎসাহ আৰু অনুপ্ৰেৰণাৰে আগবঢ়াই সৃজনী প্রতিভা বিকাশ কৰাত মাতৃগৰাকী বিশেষভাৱে সজাগ হ'ব লাগে। শিশুৰ কৌতূহলী মনে প্রতিমূহুর্ততে পৰিৱেশত দেখা নানা বস্তুৰ বিষয়ে নাইবা নিজে নজনা বা বুজি নোপোৱা কথা জানিবলৈ, বুজিবলৈ পৰিয়ালৰ ডাঙৰ লোকক বিশেষকৈ পিতৃ-মাতৃক নানা প্রশ্ন সুধি ব্যতিব্যস্ত কৰে। এনেদৰে নিচেই সৰু অৱস্থাৰ পৰাই শিশু চৰিত্ৰত পৰিস্ফুট হোৱা অদম্য হেঁপাহৰ মূলতে হৈছে সৃষ্টিশক্তিৰ তাড়না। সেইবাবে তেওঁলোকৰ প্ৰশ্নসমূহৰ যুগিতসংগত আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিব লাগে, কেতিয়াও শিশুৰ প্রতি বিৰক্তি ভাৱ দেখুৱাব নালাগে। মাতৃগৰাকী এইক্ষেত্রত অধিক সচেতন হ'ব লাগে আৰু ঘৰুৱা পৰিৱেশত উপযুক্ত বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে।


শিশুসকলৰ সৃজনী প্রতিভা প্রত্যেকৰে ভিন্ন ভিন্ন হয়। দেখা যায় কিছুমান শিশুরে অতি কম সময়ৰ পৰাই য'তে-ত'তে আঁকিবলৈ চেষ্টা কৰে। কোনোৱে আকৌ নাচি, গাই, কথা কৈ বা আনৰ অনুকৰণ কৰিবলৈ ভাল পায়। কোনো শিশুৱে কিতাপৰ ছবি চাই, সাধু বা কাহিনী শুনি আনন্দ লাভ কৰে। আন এচামে আকৌ সকলো সময়তে খেলা-ধূলা কৰি, খেলাবস্তু ভঙা-গড়া কৰি অন্তর্নিহিত প্রতিভাৰ পৰিচয় দিয়ে। শিশুভেদে বিভিন্ন প্রতিভআসমূহ বিকাশৰ দিশত আগবাঢ়ি যাবলৈ পিতৃ-মাতৃয়ে সহযোগিতা আগবঢ়াব লাগে। শিশুৱে মুক্ত আৰু স্বতঃস্ফুট আত্মপ্রকাশৰ যোগেদি নিজৰ সৃজনশীলতা বৃদ্ধিৰ সুযোগ লাভ কৰাৰ লগতে আনন্দিত হয়। সুন্দৰ বস্তুৰ প্ৰতি শিশুসকল সহজে আকৰ্ষিত হয়। সৌন্দৰ্য্যৰ প্ৰতি অনুভূতি আৰু পৰ্য্যবেক্ষণে শিশুৰ মনত যি আলোড়নৰ সৃষ্টি কৰে তাৰ মুক্ত প্ৰকাশ হৈছে কলা। শিশুৰ ক্ষেত্ৰত দেখা যায় দৃশ্যাত্মক কলাহে প্রকাশ পায়, সেইবাবে আঁকি ভালপোৱা শিশুক ছবি আঁকাৰ বাবে পেঞ্চিল, কাগজ, ফলি, মাটি পেঞ্চিল আদি সামর্থ্য অনুযায়ী যোগাৰ কৰি দি সুবিধা আগবঢ়াব লাগে। নিজৰ ৰুচী অনুযায়ী কাম কৰাৰ ফলত শিশুৰ একান্তভাবে মনোযোগ দিয়াৰ ক্ষমতা বৃদ্ধি পায়, ধৈর্য্য, একাগ্রতা আৰু কল্পনাশক্তি বাড়ে। সাহিত্য, সংগীত, অভিনয় আদিত সৃজনী প্রতিভা প্রকাশ কৰা শিশুক গীতমাত শুনাৰ সুযোগ সুবিধা কৰি দিয়াৰ চেষ্টা কৰিব লাগে। সৰুৰে পৰা পদ্য, সাধু বা কাহিনী, মহৎলোকৰ জীৱনী পঢ়াৰ প্রতি আগ্রহ জন্মাব পাৰি। ইয়াৰ যোগেদি শিশুক সংগীত, সাহিত্য, অভিনয়ৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে উৎসাহ যোগোৱা হয়। 


শিশুৱে এইদৰে সুকুমাৰ কলাৰ জৰিয়তে দেখি, শুনি, কৰি আনন্দ লাভ কৰে লগতে জ্ঞান আৰু কৌশলৰ সংযোগ ঘটে। শৈশৱ কালৰ পৰাই জন্মগত প্রতিভাসমূহ বিভিন্ন মাধ্যমৰ যোগেদি প্রতিভাত কৰি ভৱিষ্যৎ জীৱনত সুস্থ আৰু সুন্দৰ মনৰ অধিকাৰী হয়। শিশুৰ বাবে খেলনা নির্বাচন কৰোঁতে মাতৃগৰাকী অত্যন্ত সাৱধান হ'ব লাগে। বিচাৰিলেই যিকোনো বস্তু নিদি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি সৃজনী প্রতিভাৰ বিকাশ ঘটিব পৰাকৈ কিনিবলৈ চেষ্টা কৰা উচিত। বৰ্তমান বজাৰত এনে বহু উদ্দেশ্যধর্মী খেলাৰ সামগ্ৰী পোৱা যায় যিবোৰৰ যোগেদি শিশুৰ সৃজনী প্রতিভা বিকাশ পূর্ণ বিকশিত কৰি তুলিবলৈ সজাগ আৰু সচেতনতাৰে চেষ্টা কৰিব লাগে। শিশুৰ অপৈণত বয়সৰ কামবোৰ ত্রুটীপূর্ণ হ'লেও পাৰ্যমানে উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব লাগে, লগতে প্রশংসা আৰু পুৰস্কাৰেৰে অভিনন্দিত কৰিব লাগে যাতে তেওঁলোকৰ আত্মবিশ্বাস গঢ়ি উঠে। পিতৃ-মাতৃৰ প্রশংসাই শিশুক অত্যাধিক আনন্দিত আৰু উৎসাহিত কৰে। শিশুক কেতিয়াও ঠাট্টা-মস্কৰা, ককৰ্থনা বা শাৰীৰিক শাস্তি দিব নালাগে। ইয়াৰ দ্বাৰা শিশু হতাশগ্রস্ত হৈ পৰে আৰু প্রতিভা বিকাশৰ স্বাভাৱিক গতি বাধাগ্রস্ত হয়। এইক্ষেত্ৰত মাতৃগৰাকীৰ অধিক সাৱধানতাৰ প্ৰয়োজন। 


সন্তানৰ সৃজনী প্রতিভা বিকাশ অতি ফলপ্রসূ হ'বৰ বাবে তেওঁলোকৰ কামৰ গভীৰতা আনিবলৈ অধিক সাধনাত ব্ৰতী কৰাবলৈ অহৰহ প্ৰচেষ্টা চলাব লাগে। বৰ্তমান বিজ্ঞান প্রযুক্তিৰ যুগত সন্তানৰ বৈজ্ঞানিক মানসিকতা জগাই তুলিবলৈ মাতৃগৰাকী যত্নপৰ হ'ব লাগে। শৈশৱতে বিজ্ঞানৰ প্ৰতি আকৰ্ষণ, অর্থপূর্ণ পর্যবেক্ষণ আৰু পৰীক্ষা নিৰীক্ষাৰ প্রতি আগ্রহ জন্মাব পাৰিলে পৰৱৰ্তী জীৱনত আগবাঢ়ি যোৱাৰ পথ মসৃণ হয়। শিশুৰ সৃজনী প্রতিভাৰ মুক্ত বিকাশত অৰিহণা যোগাব পৰাকৈ ঘৰৰ পৰিৱেশ যাতে সুস্থ হয় তাৰ প্ৰতি মাতৃগৰাকীয়ে সজাগ দৃষ্টি ৰাখিব লাগে। তেওঁলোকৰ প্রতি সহানুভূতিশীল, সহযোগী আৰু বন্ধুত্বপূর্ণ দৃষ্টিভংগীৰে আত্মবিশ্বাস জন্মাই মানসিক সন্তুষ্টিৰে বিকাশৰ পথত অগ্ৰসৰ হ'বলৈ উৎসাহ যোগাব লাগিব। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ। এওঁলোকৰ মাজৰ পৰাই পৰৱৰ্তী সময়ত বিখ্যাত চিত্রকব, সু-গায়ক, সৃষ্টিশীল কবি, সু-সাহিত্যিক, সু-অভিনেতা, শিল্পী, বিজ্ঞানী আৰু দেশনেতা হৈ পিতৃ-মাতৃৰ লগতে দেশৰ নাম উজ্জ্বল কৰিব।




******


  • শিশুৰ সৰ্বাংগীন বিকাশত মাতৃৰ ভূমিকা
  • প্রাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা pdf
  • শিশুৰ নৈতিক চৰিত্ৰ গঠনত পিতৃ মাতৃৰ ভূমিকা
  • শিশুৰ সামাজিকৰণত পৰিয়ালৰ ভূমিকা
  • শিশুৰ বিকাশত পৰিয়ালৰ ভূমিকা
  • শিক্ষাত পৰিয়ালৰ ভূমিকা
  • শিশুৰ চৰিত্ৰ গঠনত অভিভাৱকৰ ভূমিকা


Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা