ছাত্ৰৰ শিষ্টাচাৰ- এটা শৈক্ষিক বিষয়ৰ অঙ্গ ৰচনা
ছাত্ৰৰ শিষ্টাচাৰ- এটা শৈক্ষিক বিষয়ৰ অঙ্গ ৰচনা
ছাত্ৰৰ শিষ্টাচাৰ- এটা শৈক্ষিক বিষয়ৰ অঙ্গ ৰচনা Satror Histasar Rosona
![]() |
| ছাত্ৰৰ শিষ্টাচাৰ- এটা শৈক্ষিক বিষয়ৰ অঙ্গ ৰচনা |
ছাত্ৰৰ শিষ্টাচাৰ- এটা শৈক্ষিক বিষয়ৰ অঙ্গ
শিষ্টাচাৰ বুলি ক'লে সাধাৰণতে দৃষ্টিত সজ ব্যৱহাৰ আৰু সজ আচৰণকে বুজা যায়। ব্যৱহাৰ আৰু আচৰণতে সকলো ধৰণৰ শিষ্টাচাৰ নিহিত হৈ আছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষক-শিক্ষয়িত্রী লৈ যদি এটা গোট বুলি ধৰা হয় এই গোটৰ ব্যৱহাৰ আৰু আচৰণ বিধি সকলো স্তৰতে মার্জনীয় হোৱা উচিত। কিয়নো এজন ছাত্র অকল পঢ়াশুনাত ভাল হ'লেই তেওঁৰ সকলো দিশ ভাল বুলি কোৱাটো অনুচিত। বিদ্যা-বুদ্ধিৰ লগতে ছাত্ৰজনৰ 'শিষ্টাচাৰ' গুণটো এটা বিশেষ মন কৰিবলগীয়া বিষয়। বিদ্যা বুদ্ধিসম্পন্ন ছাত্র যদি শিষ্টাচাৰী নহয়, তেওঁ সমাজত নিজকে খাপ খুৱাই ল'ব নোৱাৰে বা সমাজৰ পৰা স্বীকৃতি নাপায়।
বর্তমান সমাজত উচ্চ শ্রেণীৰ বিষয়ববীয়াকৈ আৰম্ভ কৰি সকলো স্তৰতে এটা বিশৃংখল পৰিৱেশে গা কৰি উঠা দেখা যায়। ইয়ো এক শিষ্টাচাৰৰে অঙ্গ। এনে তথাকথিত অভিজাত শ্ৰেণীৰ বিশেষ অনুষ্ঠান আদিত শিষ্টাচাৰবিহীন বা-বাতৰিয়ে দৈনন্দিন ছাত্ৰ- ছাত্রীসকলক চিন্তিত কৰি তোলাই নহয় সমাজৰ প্রতিজন সচেতন অভিভাৱকক ভবাই তোলা পৰিলক্ষিত হৈছে। আনহাতে ছাত্র সমাজতো মাদক দ্রব্য সেৱন কৰাৰ কথা বাতৰি কাকত আদিত পঢ়িবলৈ পোৱা যায়। ইয়াৰ মূল হ'ল ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি অধ্যয়ন কৰোৱাৰ লগে লগে শিষ্টাচাৰ সম্বন্ধীয় বিশেষ গুণাগুণৰ অধিকাৰী হ'বলৈ শিকোৱা। এই সম্বন্ধে ছাত্র-ছাত্রীক শিক্ষাদান দিবলৈ যাওঁতে শিক্ষকজনো বিশেষ গুণৰ অধিকাৰী হ'ব লাগিব।
অকল পাঠ্যপুথি জ্ঞানৰ দ্বাৰা এজন শিক্ষকে ছাত্র-ছাত্রীক জ্ঞান দিব পাৰে বুলি ধাৰণা কৰাটো নিতান্তই ভুল। শিক্ষা বিষয়টো এটা অন্তৰৰ অন্তর্নিহিত ভাব-অনুভূতিৰ বিষয় হিচাপে গণ্য কৰিলেহে ছাত্র-ছাত্রীক জ্ঞান দিব পৰা যায়। এই ক্ষেত্রত শিক্ষকজন সদাচাৰী হোৱা প্রয়োজন। কোনো এজন শিক্ষকে নিজকে সদাচাৰী বুলি দাবীও কৰিব নোৱাৰে। কিয়নো তেওঁৰ সদাচাৰী, শিষ্টাচাৰী বুলি আনে স্বীকৃতি দিব লাগিব। তেওঁৰ সদাচাৰীৰ গুণটো ফুটি উঠিব চলন-ফুৰণ আৰু আচাৰ ব্যৱহাৰত। এই সম্বন্ধীয় জ্ঞানৰ বাবে শিক্ষক সমাজৰ মাজত সাধনাব প্রয়োজন। শিক্ষকৰ সাধনা পাঠ্যপুথিৰ লগত সম্বন্ধ ৰাখি ৰজিতা খুৱাই যুগুতাব পাৰিব লাগিব।
ঘৰখনো ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আহৰণৰ ঘাই কেন্দ্র। বিদ্যালয়ত এটা সীমিত সময়ৰ মাজত আৱদ্ধ থাকি পাঠ্যপুথিৰ লগতে নৈতিক, শাৰীৰিক আৰু মানসিক জ্ঞান দিব পৰাটো সম্ভৱ নহয়। তাৰ বাবে নিজৰ ঘৰখনো বিদ্যালয়ৰ আর্হিত গঢ়ি তুলিব পাৰিব লাগিব। প্রতিজন ছাত্রই নিজৰ ঘৰখনৰ যি আদর্শ তাক বিদ্যালয়ত অধ্যয়নৰ জৰিয়তে প্রকাশ কৰি ফুটাই তুলিব পাৰিব লাগিব। অকল ছাত্র-ছাত্রীক বিদ্যালয়লৈ পঠাই দিলেই অভিভাৱকসকলৰ কৰ্তব্য শেষ হোৱা বুলি ভাবিব নালাগে। বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ যদি তেওঁ বিদ্যালয়ত কৰিবলৈ দিয়া কামখিনি ঠিকভাৱে কৰিবলৈ সময় নাপায় নাইবা যদি ঘৰখনত তেনেকুৱা ধৰণৰ পৰিৱেশ নাই অর্থাৎ নিজৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত মাক-দেউতাক সদয় নহয় তেতিয়া আমি আমাৰ দেশৰ বাবে এজন মেধাবী ছাত্র পাম বুলি সেই ঘৰখনৰ পৰা আশা কৰিব নোৱাৰো। ঘৰখনৰ প্ৰতিজন ব্যক্তিয়ে তাৰ বাবে সদাচাৰী, শিষ্টাচাৰী হোৱা প্রয়োজন।
অভিভাৱকে ছাত্ৰজনে কি কৰিছে, কি খাইছে, ক'ত আছে, এই সকলোবোৰ জনা দৰকাৰ। তাৰ বাবে ছাত্র-ছাত্রী আৰু অভিভাৱকৰ মাজত সমন্বয়ৰ প্রয়োজন নাইবা ছাত্রজনক এখন তালিকা কৰি দিয়া উচিত। যিখন ঘৰৰ পৰা শিষ্টাচাৰী ছাত্র-ছাত্রী যিখন বিদ্যালয়লৈ আহে সেই ঘৰখনৰ প্ৰতি শিক্ষকজনৰো দুর্বলতা থাকে। কিয়নো তাৰ পৰা বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটো ভাল হোৱা আশা কৰা যায়। বিদ্যালয়ত যেনেকুৱা ধৰণৰ শিক্ষাকেই দিয়া নহওক কিয়, যদি ছাত্ৰজনৰ ঘৰৰ পৰিৱেশ ভাল নহয়, ঘৰখন শিষ্টাচাৰী নহয়, তেতিয়া সমাজে সেই সেই ছাত্ৰৰ পৰা শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিব পাৰিব বুলি আশা কৰা দেখা নাযায় অর্থাৎ শিক্ষা বিষয়টো হ'ল এটা ত্রিকোণীয়া প্রচেষ্টা। এই ত্রিকোণীয়া প্রচেষ্টাত শিক্ষক, ছাত্র আৰু অভিভাৱক এই তিনিওটাবে বিশেষ সমন্বয়ৰ আৱশ্যক।
******

Comments
Post a Comment