যুৱ সমাজ আৰু যুৱ উশৃঙ্খলতা ৰচনা
যুৱ সমাজ আৰু যুৱ উশৃঙ্খলতা ৰচনা
যুৱ সমাজ আৰু যুৱ উশৃঙ্খলতা ৰচনা আৰু অসমীয়াত Essay on Yuva Samaj aru Yuva Ushingkhalata in Assamese Youth Society and Youth chaos
- যুৱ উশৃংখলতা
- যুৱ উশৃংখলতাৰ কাৰণ
- যুৱ উশৃংখল আৰু মানৱ সমাজ
![]() |
| যুৱ সমাজ আৰু যুৱ উশৃঙ্খলতা ৰচনা |
যুৱ সমাজ আৰু যুৱ উশৃঙ্খলতা ৰচনা
বর্তমান সমাজৰ চিন্তাবিদ তথা সচেতন নাগৰিক সকলৰ মাজত যুৱ মানসিকতাই এটা গুৰুত্বপূর্ণ বিষয় হিচাপে স্থান পাইছে। বর্তমান বহু বিতর্কিত আৰু বহু আলোচিত হোৱা এই বিষয়টোৱে সচেতন ৰাইজক চিন্তাত পেলাইছে। আজি কালি সততে চকুত পৰে যুৱসকলৰ এচামৰ নৈতিক স্খলন আৰু মানসিক অধঃপতনে আমাৰ ভৱিষ্যতৰ সমাজখনক অন্ধকাৰ কৰি পেলাব যদিহে নানা ধৰণৰ নীচ কর্ম আৰু মানসিক উশৃঙ্খলতাৰ ধাৰা এনেদৰে প্ৰৱাহিত হৈ থাকিবলৈ ধৰে। বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত পৰিবেশ, পৰিস্থিতি আৰু সমাজৰ সম্পূৰ্ণ প্ৰভাৱ আজিৰ যুৱ সমাজৰ নৈতিক গাঁথনিত পৰিছে। যুৱ মানসিকতা বিকৃত কৰাৰ মূলতে আছে আমাৰ সমাজৰ বিভিন্ন দিশ সমূহ। আজিৰ এচাম যুৱক-যুৱতীতে শিষ্টাচাৰৰ কথা সম্পূর্ণ পাহৰি পেলোৱাৰ দৰেই হৈছে। ভাং, কানি, চিগাৰেট আদি ৰাগিয়াল দ্রব্য সেৱন কৰিছে। সুৰাপান কৰিছে, বাটৰ কাষত নতুবা দোকানত জুৱা খেলিছে। সস্তীয়া হিন্দী, ইংৰাজী বোলছবি চাইছে। ৰাষ্টা ঘাটে বাই ভনি সদৃশ ছোৱালীক অশ্লীল কথা কৈ অভদ্ৰতাৰ পৰিচয় দিছে। বয়ো-জেষ্ঠজনক সন্মান শ্রদ্ধা কৰাৰ পৰিৱৰ্তে অৱহেলা কৰিছে। অৱমাননা অপমানহে কৰা দেখা গৈছে।
যুৱ-চামৰ এই যে চিন্তা-শক্তিহীন আৰু নীচ ক্রিয়া কাণ্ড এইবোৰে ইয়াকে সূচায় যে আমাৰ বৰ্তমানৰ সমাজখনলৈ বেয়াকৈ অন্ধকাৰ নামি আহিছে। অৱশ্যে ইয়াৰ বাবে আমাৰ সমাজ ব্যৱস্থাও কিছু জগৰীয়া বুলি কব পাৰি। আজিৰ যুৱ সমাজৰ নৈতিক স্খলন, চাৰিত্ৰিক অধঃপতনৰ উৎস সমূহ আমাৰ সমাজতে আছে। সিবিলাক বিচাৰি উলিয়াই নিৰাময় কৰাৰ খুবেই প্রয়োজন হৈ পৰিছে। বিভিন্ন ধৰনৰ অপকৰ্মত লিপ্ত, বিভিন্ন মনোবৃত্তিৰ বহুত যুৱক-যুৱতী লগ পোৱা যায়। যি সকলে নিজৰ দেশখনৰ, সমাজখনৰ, নিজৰ জাতিৰ কথা বাদেই নিজৰ অস্তিত্বৰ বিষয়ে জ্ঞাত নহয়। আজি কেইবছৰমানৰ পৰা অসমত এনে এক অৱস্থাৰেই সৃষ্টি হৈছে। নগৰ চহৰৰ কথাতো বাদেই গাওঁ চুবুৰীতো এই অবাটে যোৱা ডেকা লৰা অসংখ্য। এটা শিশু জন্ম হৈ আহোঁতে অসৎ চৰিত্র এটা লগত কেতিয়াও লৈ নাহে। ক্রমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে ঘৰখন আৰু পিছলৈ সামাজিক বিভিন্ন ক্রিয়া কলাপে শিশুক প্রভাবিত কৰে। এনে দৰেই কিছুমান সামাজিক আৰু অর্থনৈতিক কাৰণ শিশুক বিপথে পৰিচালিত হোৱাত সহায় কৰে।
এখন দেশৰ আটাইতকৈ মূল্যবান সম্পদ বিধ হ'ল মানৱ সম্পদ আৰু এই মানৱ সম্পদৰে এক অবিচ্ছেদ্য অংগ হল-যুৱ সমাজ, যাৰ পৰা আশা কৰা হয় এখন দেশৰ এটা জাতিৰ প্ৰগতি আৰু কল্যান। যুৱ সমাজৰ ওপৰতেই ন্যস্ত হৈ আছে সমাজৰ দায়িত্ব; বর্তমান বিশ্বত প্রচণ্ডশক্তি হৈছে যুৱ শক্তি যি শক্তিক বাধা দিবৰ সাহস কাৰো নাই। এই শক্তি যদি কিবা কাৰণত অপচয় হয়, তেন্তে সমাজ তথা এটা জাতিৰ উন্নতিত ই হেঙাৰ হিচাপে থিয় দিব ই চিৰসত্য। এটি শিশুক যিদৰে এজন যুৱক হিচাপে আশা কৰা হয়। সেইদৰে আজিৰ যুৱক-যুৱতী সকল কালিলৈ দেশৰ একো একোজন নাগৰিক হব। গতিকে যদিহে যুব সমাজৰ মাজত এটা সুস্থিৰ বাতাবৰন সৃষ্টি কৰিব পৰা নাযায়। তেন্তে ভৱিষ্যত দেশৰ উন্নতি জানো সম্ভপৰ হব? বর্তমান যুৱক-যুৱতী সকলৰ একাংশ যি পথেৰে ধাবমান হৈছে সেই কথা গভীৰভাৱে চিন্তা কৰিলে মনত সংশয়ৰ ভাৱ উদয় হয়। এই গতিৰ পৰা উদ্ধাৰ কৰাৰ উপায় কি? প্রশ্ন হয়, পথভ্রষ্ট যুৱ সমাজক ৰক্ষা কৰিব কোনে? শংকৰ মাধৱ, আজান ফকিৰ, বিষ্ণু-জ্যোতিৰ সোনৰ অসম পলকতে ছাৰসাৰ হব।
বর্তমান বস্তুবাদী, বিজ্ঞানৰ যুগত মানুহে নিজক লৈয়ে ব্যস্ত হৈ পৰিছে। সমাজৰ কথা চিন্তা কৰিবলৈ যেন কাৰো অৱকাশ নাই। সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ মনবোৰ পৰিবৰ্তন হৈছে। কিন্তু এই পৰিৱৰ্তন চিন্তা ধাৰাই মানুহক কোন দিশলৈ গতি কৰাইছে তাক সুক্ষ্মভাৱে বিবেচনা কৰাৰ সময় সমাগত। এখন সমাজৰ পৰিৱৰ্ত্তন আনিব পাৰে, সচা কথা কিন্তু বর্তমান শিক্ষা ব্যৱস্থা হৈছে সর্বত্র বুদ্ধিমত্তাৰ বিকাশ আৰু চাকৰী মুখী এটা ব্যৱস্থা। আজিৰ শিক্ষা ব্যৱস্থাত নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ পাঠ্যক্ৰমৰ যোগেদি যুবসমাজক সু-পথলৈ ঘুৰাই আনিব পৰা যাব। ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাত নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন। যি আধ্যাত্মিক শিক্ষাই যুব-সমাজক সু পথেৰে আগুৱাই নিয়াত অৰিহনা যোগাব পাৰে। এনে এটা প্রচেষ্টা লবলৈ এখন পৰিকল্পিত মঞ্চ প্রয়োজন হব আৰু এই মঞ্চৰ নেতৃত্ব লবৰ বাবে নিস্বার্থ নিকা ভাৱ-মূর্তি ব্যক্তি লাগিব, যাৰ দ্বাৰা যুৱ-সমাজ সৎ পথেৰে পৰিচালিত হব।
*****
যুৱ উশৃংখলতা আৰু সমাজ ব্যৱস্থা ৰচনা
বর্তমান একবিংশ শতিকালৈ ধাৱমান হোৱা যুবসমাজ আজি ধ্বংসমুখীলৈ আগবাঢ়িছে। অসমকে ধৰি ভাৰতবৰ্ষৰ প্ৰায় ৰাজ্যতেই আজি যুৱ সমাজৰ উশৃংখলতা দিনে দিনে বৃদ্ধি পাব ধৰিছে। এই উর্দ্ধগামী হাৰত অংকুৰিত স্বীজৰ প্রকোপত এদিন সমগ্র দেশতেই এক গভীৰ চাঞ্চল্যৰ সৃষ্টি হ'ব সেইটো খাটাং। আধুনিক সভ্যতাৰ যুগত এই যুৱক-যুৱতীসকলৰ উদণ্ড কাৰ্য্যকলাপ আৰু যুৱ মানসিকতাই যি এক ভয়ানক ৰূপ ধাৰণ কৰিছে সি সঁচাকৈয়ে পৰিতাপৰ বিষয়। কিন্তু ইয়াৰ বাবে দায়ী কোন? দার্শনিক কচোৰ মতে, মৌলিকভাবে কোনো ব্যক্তিয়েই বেয়া নহয়। ব্যক্তিৰ ভাল-বেয়াৰ বাবে সমাজকেই জগৰীয়া কৰাৰ বহুতো কাৰণ দেখা পোৱা যায়। মানুহ সমাজপ্রিয়। সমাজত যেতিয়া দুর্নীতিয়ে আৱৰি ধৰি যুৱ সমাজৰ আশা, আকাংক্ষা প্রতিকূলে যায়, তেতিয়াই দেশ তথা সমাজৰ আৰ্থসামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশতে অস্থিৰতাই বিৰাজ কৰে। ঘৰখনেই হৈছে এজন ব্যক্তিৰ শিক্ষাৰ কঠিয়াতলী। কঠিয়াতলিত যেনেকৈ সাৰ দিলেই উন্নতমানৰ কঠিয়া উৎপন্ন হয়, তেনেদৰে সৰ্বকালৰ সৰ্বশ্রেষ্ঠ ব্যক্তি হ'বলৈ ঘৰখনৰ লগতে সমাজৰ পৰিবেশ উন্নত হ'ব লাগিব।
অভিভাৱকসকলৰ দৰে শিক্ষক সমাজৰো দায়িত্ব যুৱ সমাজৰ ওপৰত অপৰিসীম। ইংৰাজীত এষাৰ কথা আছে- "Teachers make the nation, শিক্ষকৰ ব্যক্তিত্বই ছাত্ৰৰ ব্যক্তিত্ব। এখন সুস্থ-সবল যুৱ সমাজ গঠনৰ বাবে শিক্ষক সমাজেই দায়বদ্ধ। কিন্তু, বৰ্তমান পৰিস্থিতিত শিক্ষক সমাজেও তেওঁলোকৰ দায়িত্ব পালনত ব্যর্থ হোৱা দেখা পোৱা যায়। বর্তমান শিক্ষক সমাজো দুর্নীতিত লিপ্ত হৈ পৰিছে। টেলিভিশ্বন, বাতৰি কাকতত সঘনাই প্রকাশ হৈয়ে থাকে, অমুক শিক্ষকে বিদ্যালয়লৈ অহা চৰকাৰী অনুদান আত্মসাৎ কৰিছে, অমুকত শিক্ষকৰ দ্বাৰা ছাত্রী ধর্ষিতা হ'ল, অমুকত শিক্ষকৰ দ্বাৰা ছাত্রী লাঞ্ছিতা হ'ল ইত্যাদি। গতিকে চাবলৈ গ'লে যুব সমাজ বিপথে যোৱাত নিজেই দায়ী যেন অনুভৱ হয়।
বর্তমান শিক্ষা ব্যৱস্থাই ছাত্র সমাজক নিৰাপত্তাৰ আশ্বাস দিব পাৰিছে বুলি ক'ব নোৱাৰি। সাধাৰণ শিক্ষাৰে শিক্ষিত এচাম নিবনুৱা হতাশ হৈ ঘূৰি ফুৰিবলগীয়া হৈছে, সেইকথা মন কৰিলে ভাৱ হয়, ছাত্র সমাজৰ ভৱিষ্যত সঁচাকৈয়ে অন্ধকাৰ। আজিৰ পুঁজিবাদী সমাজ ব্যৱস্থাত চাকৰিও বজাৰৰ পণ্য দ্রব্যত পৰিণত হ'ল। অৰ্হতাৰ ওপৰত ভিত্তি কৰি চাকৰি লাভ কৰাৰ ব্যৱস্থা নাই। ফলস্বৰূপে আটাইতকৈ মেধাবী ছাত্রজন নিবনুৱা হৈ মাক-দেউতাকৰ বোজা হৈছে। অথচ লগৰ অতি কম মেধাবীসম্পন্ন, দুর্নীতিপৰায়ণ, একাংশই নানা অসৎ ব্যৱসায় আদিৰে টকা ঘটি অঞ্চলৰ উদ্যোগী, নামী যুবক হিচাবে স্বীকৃতি পাইছে। ভেটি দি চাকৰি লৈ সমাজৰ প্ৰতিপত্তি বঢ়াইছে। এনেক্ষেত্রত মেধাবী যুৱকজনৰ মানসিক অৱস্থা সুস্থ হৈ থকাটো সম্ভৱ নহয়। বর্তমান সমাজত অন্যতম সমস্যা হ'ল পৰিৱেশ। আমাৰ চাৰিও ফালে চহৰে-গাঁৱে পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ বহুতো। আমি অলপ মন কৰিলেই দেখিবলৈ পাম বিহ-মেটেকাৰ দৰে দিনে দিনে বাঢ়ি অহা সুৰাৰ বিপনিসমূহ। ইয়াৰ উপৰিও বিদ্যালয়ৰ কাষতে গঢ়ি উঠা কচাইৰ দোকানে পৰিৱেশ দূষিত কৰাৰ লগতে ছাত্ৰসকলৰ মনত বিৰূপ প্রতিক্রিয়া সৃষ্টি কৰিব পাৰে।
গতিকে পৰিৱেশ নিকা কৰি ৰখাৰ দায়িত্ব কেৱল পুলিচ, প্রশাসন বা চৰকাৰী কর্তৃপক্ষৰে নহয়। এইক্ষেত্ৰত জনসাধাৰণ সমানে সচেতন হোৱাটো প্রয়োজন। অৱশ্যে জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰিবলৈ সভা, সমিতি অনুষ্ঠিত কৰি সজাগতাৰ বাবে কাৰ্য্যব্যবস্থা হাতত লোৱা উচিত। যুৱশক্তি এখন সমাজৰ, এটা জাতিৰ, এখন দেশৰ প্ৰধান শক্তি। সমাজৰ উত্থান-পতন নিৰ্ভৰ কৰে যুৱশক্তিৰ ওপৰতে। কথিত আছে- 'আজিৰ ছাত্ৰ ভৱিষ্যতৰ ধৰণী স্বৰূপ।' দার্শনিক স্বামী বিবেকানন্দই কৈছিল- 'মোক এশজন শক্তিশালী আৰু উৎসাহী যুৱক দিয়া, মই সমগ্র বিশ্বৰে পৰিৱৰ্তন সাধন কৰিম।' সমাজ বা দেশত যেতিয়া কোনো সমস্যাই দেখা দিয়ে তেতিয়া যুব শক্তিটোক লৈয়ে আমি আগবাঢ়ি যাবলৈ সাহস গোটাব পাৰো। গতিকে আমাৰ সমাজত দেখা দিয়া সমস্যাবিলাক সমাধান কৰিবলৈ হ'লে যুৱ সমাজে নিজে ককালত টঙালি বান্ধি দুর্নীতি, অপসংস্কৃতিৰ বিপক্ষে থিয় দিব লাগিব। তাৰবাবে তেওঁলোকে নিজকে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ স্বাৱলম্বী কৰি তুলি গঠনমূলক কামত আগবাঢ়িব লাগিব। এতিয়া প্রয়োজন মাথো হৃদয়ৰ উপলব্ধি।
******
~সংগৃহীত

Comments
Post a Comment