শ্রীশ্রী মাধৱদেৱৰ বাল্যকাল, সমাজ সংস্কাৰ আৰু সাহিত্যৰ প্ৰতিভা

শ্রীশ্রী মাধৱদেৱৰ বাল্যকাল, সমাজ সংস্কাৰ আৰু সাহিত্যৰ প্ৰতিভা ৰচনা 


শ্রীশ্রী মাধৱদেৱৰ বাল্যকাল, সমাজ সংস্কাৰ আৰু সাহিত্যৰ প্ৰতিভা ৰচনা অসমীয়াত SriSri Madhavdevor Balyakal, Samaj Sanskar aru Sahityar Pratibha Rosona Asomiyat


SriSri Madhavdevor Balyakal, Samaj Sanskar aru Sahityar Pratibha Rosona Asomiyat
শ্রীশ্রী মাধৱদেৱৰ বাল্যকাল, সমাজ সংস্কাৰ আৰু সাহিত্যৰ প্ৰতিভা





শ্রীশ্রী মাধৱদেৱৰ বাল্যকাল, সমাজ সংস্কাৰ আৰু সাহিত্যৰ প্ৰতিভা ৰচনা  


মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱৰ ১৪১১ শকৰ জেঠ মাহৰ কৃষ্ণ প্রতিপদ তিথিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ কাটিকটা নৈৰ পাৰৰ ঘাগৰবালী গাৱত জন্ম গ্রহণ কৰে। মাধৱদেৱৰ পিতৃৰ নাম মহোদৰ ভূঞা। মহোদৰক দীঘল পুৰীয়া গোবিন্দ গীৰি আৰু বৰকনাগীৰি ভূঞা নামেৰেও জনা যায়। মাধৱদেবৰ পিতৃ গোবিন্দগীৰি বৰ্তমান বাংলাদেশ ৰংপুৰ চহৰ পূৰ্বৰ "বণ্ডুকা" ৰ পৰা অসমলৈ আহিছিল। প্রথমা পত্নী অনুচিতাৰ মৃত্যুৰ পাচত গোবিন্দ গীৰি অসমলৈ আহি বৰদোৱাত থাকিবলৈ লয় আৰু তাতেই মনোৰনাক বিয়া কৰায়। মাধবৰ জন্মৰ পাছত দৈবঞ্জ সকলে চোৱা চিতা কৰি তেঁওলোকে গনি পঢ়ি সন্তানটিক ঈশ্বৰসম্ভূত সর্ব সুলক্ষনীয় বুলি কৈ তেঁওৰ নাম মাধৱ আৰু ৰত্নাকৰ থলে তেওঁ দেখাত এমাহত এবছৰীয়া লৰাটো যেন হৈছিল।


মাধবদেবৰ বাৰ বছৰমান হোৱাত মহোদৰ ভূঞাৰ আশ্রয় দাতা হৰিশিঙা উজিৰে মাধবৰ লিখা পঢ়াৰ দিহা কৰে। অতি কম সময়ৰ ভিতৰতে মাধবদেবে শিক্ষা গ্রহণ কৰি সকলো শাস্ত্ৰৰে যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়। নিচেই সকবে পৰা মাধব তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু খেলা ধূলাত যথেষ্ট পাকৈত আছিল। কিশোৰ কালতে মাধবে কয়স্থ বৃত্তি, ন্যায় তর্ক নীতি আদি শাস্ত্র পঢ়ি বিদগ্ধ পণ্ডিত হৈ পৰিছিল। মাধবদেৱৰ গুৰুসেৱা ইমানেই নিভাজ আছিল যে সচাকৈয়ে এনে উদাহৰণ জগতত বিৰল। তেওঁ সদায় ৰাতিপুৱা শংকৰ গুৰুৰ ওচৰলৈ আহি দাতোন, খৰিকা, তেল পিৰাকে আদি কৰি সকলোবোৰ বস্তু গোটাই দিয়ে। গুৰুজনাৰ স্নানৰ বাবে পানী গৰম কৰি চুৰিয়া গামোচা দিয়ে। ইয়াৰ পাচত ধৰ্ম চৰ্চাৰ বাবে কঠ আদি পাৰি থৈ গুৰুজনাৰ বাবে ৰৈ থাকে। শংকৰদেবৰ তীৰ্থ ভ্রমনৰ সময়তো মাধবদেৱে গাৰ ছাঁৰ দৰে থাকি গুৰু সেৱা কৰিছিল। মাধবদেৱে মহাপুৰুষ শংকৰদেৱে প্ৰবৰ্তন কৰা একশৰণ নাম ধৰ্ম আর্হিকে শিৰত লৈ ধৰ্ম প্ৰচাৰৰ মাধ্যম সাহিত্য সংস্কৃতিৰে এক অনুপম সম্পদ সৃষ্টি কৰিছিল। ধর্ম গুৰু হিচাপে দায়িত্ব বহন কৰাৰ পাচত মাধবদেৱেও অসমৰ চুকে কোনে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিভিন্নজন শিষ্যক ধর্মাধিকাৰ পাতি দশোদিশে সত্র নামধৰ আদি স্থাপন কৰিছিল।


সাহিত্যক ধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাপে লৈ বহুতো কাব্য, গীত ভটিমা ঝুমুৰা আদিৰ ওপৰিও কেইবাখনো পুথি সংকলন আৰু সম্পাদনা কৰিছিল। মাধবদেবে প্রায় ২০০ টা বৰগীত ৰচনা কৰে। তেখেতে ৰচনা কৰা ঝুমুৰা সমূহৰ ভিতৰত চোৰধৰা পিম্পৰা গুচোৱা, ভোজন বেহাৰ, ভূমি লেটোৱা, অর্জুন ভঞ্জন আদি প্রধান। মানব কল্যান আৰু জীৱৰ নিস্তাৰ লাভৰ কাৰণে মাধবদেৱে কৃষ্ণ ভক্তিত আশ্রয় গ্রহণ কৰাকে উত্তম উপায় রূপে তেৰাৰ "নামঘোষাত" স্পষ্ট কৰি দিছে। এফালে ধৰ্ম প্ৰচাৰৰ দ্বাৰা আনফালে সাহিত্য কলা-কৃষ্টিৰ আলোক সন্ধানী অবদানেৰে সকলো শ্ৰেণীৰ মানুহৰ বাবে ভগবান উপসনাৰ দুৱাৰ চিৰমুক্ত কৰি দিয়া মাধবদেৱৰ চিন্তাত মানব প্রেম আৰু সাম্যবাদৰ দৃষ্টিৰ প্ৰতিফলন ঘটিছে। "ভক্তি ৰত্নবলীত" মাধবদেৱে ভক্তিৰ প্রেমময় দুবাৰ খুলি মানবপ্ৰেমৰ চেতনাৰে মানব সেৱা আৰু ভগৱান উপাসনাৰ সমন্বয়েৰে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰত বিশেষভাবে গন চেতনা যোগাবলৈ সক্ষম হৈছিল।


মাধবদেৱ যে অকল ধৰ্ম প্ৰচাৰকেই আছিল এনে নহয়। এজন সংগীতঞ্জ শিল্পী আৰু অভিনেতাও হিচাপেও অসমীয়া জাতিৰ লগতে সমগ্র বিশ্বকে দি থৈ গৈছে এক আপুৰুগীয়া সম্পদ। শিল্পী হিচাপে মাধবদেৱে বৰপেটা সত্ৰত নির্মাণ কৰোৱা বঙিয়াল ঘৰ তাতীকুচিত শংকৰদেৱৰ লগত মিলি তাতী সকলৰ দ্বাৰা বোওৱা বৃন্দাবনী বস্তু তেখেতৰ কুটিৰ শিল্পৰ নিদর্শন। সংগীতঞ্জ হিচাপে মাধবদের আছিল বিচক্ষণ। তেখেতে ঠাইতে যিদৰে গীত, কবিতা ৰচিব পাৰিছিল ঠিক সেইদৰে সেই সমূহ সমূহ সুন্দৰ কণ্ঠেৰে তাল লয়েৰে গাবও পাৰিছিল। জীবনৰ শেষ কাললৈকে মহাপুৰুষ মাধবদেৱে লক্ষ্মী নাৰায়ণ ৰজাৰ অনুগ্রহত ভেলাদুবাৰত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰিছিল বজা লক্ষ্মীনাৰায়নে মহাপুৰুষীয়া ধৰ্মৰ প্রতি আকৃষ্ট হৈ মাধবদেৱৰ ওচৰত শৰণ লব বিচাৰিছিল। কিন্তু মাধবদেবে ৰজাক শৰণ দিয়াৰ পৰিবৰ্তে মুখেৰে হৰিনাম উচ্চাৰণ কৰি থাকোতেই মাধৱদেৱৰ আত্মা পঞ্চভূতত বিলীন হৈ গ'ল। সিদিনা আছিল ১৩১৮ শকৰ ভাদ মাহৰ পঞ্চমী তিথি।


অসমত নব বৈষ্ণব আন্দোলনৰ প্ৰসাৰতা মাধবদেৱে বিশিষ্ট ভূমিকা গ্রহণ কৰিছিল। শংকৰদেবে নাম প্রকাশহে কৰিছিল মাত্ৰ। ইয়াৰ প্ৰচাৰ ঘটাইছিল মাধবদেৱে। এই মহাপুৰুষজন আৰু শিষ্য সকলৰ প্ৰচেষ্টাত গোটেই আসনত মহাপুৰুষীয়া ধর্মই ইমানেই জনপ্রিয়তা লাভ কবিলে যে গোটেই অসমখন সত্ৰ নামঘৰেৰে ভৰি পৰিল। অসমৰ বিভিন্ন ঠাইত সত্রীয়া সংস্কৃতিয়ে গা কৰি উঠিল আৰু ক্রমে অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিত মূল সুঁতি হৈ পৰিল। বৰ অসমৰ বাৰে বৰণীয়া ধর্ম সাহিত্য কলা-সংস্কৃতিত মহাপুৰুষীয়া আৰু সত্ৰীয়া সংস্কৃতি সোনত সুৱগা হ'ল। সেয়েহে মহাপুৰুষ তথা সাহিত্যৰ পূজাৰী মাধবদেৱক আমি স্মৰণ কৰো।




******

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা