শিশুৰ সৰ্বাংগীন বিকাশত পিতৃ-মাতৃ আৰু সমাজৰ ভূমিকা
শিশুৰ সৰ্বাংগীন বিকাশত পিতৃ-মাতৃ আৰু সমাজৰ ভূমিকা
শিশুৰ সৰ্বাংগীন বিকাশত পিতৃ-মাতৃ তথা অভিভাৱকৰ আৰু সমাজৰ ভূমিকা Sishur Sarbangin Bikakhot Pittri Mattri aru Homajor Bhumika
![]() |
| শিশুৰ সৰ্বাংগীন বিকাশত পিতৃ-মাতৃ আৰু সমাজৰ ভূমিকা |
শিশুৰ সৰ্বাংগীন বিকাশত পিতৃ-মাতৃ আৰু সমাজৰ ভূমিকা
যি শিশু পিতৃ-মাতৃৰ আঁচলৰ ধন, নয়নৰ মণি, সেই শিশুক প্রকৃত মানব সম্পদৰূপে গঢ় দিবলৈ পিতৃ-মাতৃয়ে একান্তভাবে যত্নপৰ হ'ব লাগিব। শিশু অৱস্থাৰ পৰাই সিহঁতক আধ্যাত্মিকভাৱে পৰিপূৰ্ণ কৰি একো একোজন সু-নাগৰিক হিচাপে গঢ়িবলৈ হ'লে ঈশ্বৰৰ প্ৰতি বিশ্বাস জন্মাই নৈতিক শিক্ষাৰে আগবঢ়াই নিয়াৰ উপৰি সাহিত্য-সংস্কৃতিত অনুৰাগী কৰি পাঠ্যপুথিৰ শিক্ষাৰ লগতে খেলা-ধুলাও অন্যতম বিষয় হিচাপে আগবঢ়াই নিব লাগিব। ৰামায়ণ, মহাভাৰত আৰু কীৰ্ত্তনৰ সুন্দৰ সুন্দৰ কাহিনীবোৰ শিশুসকলৰ মন উপযোগীকৈ সাধু কথাৰে শিশুৰ মনত আনন্দ দিব লাগে। শিশুৰ মনৰ আনন্দ কেৱল নিজৰ ঘৰখনতেই নহয়। ওচৰ-চুবুৰীয়াকো আনন্দ দিব পাৰে। আনন্দই জীবন, বিষাদেই মৃত্যু সেয়েহে পিতৃ-মাতৃ আৰু সমাজৰ প্ৰথম কাম উপযুক্ত পৰিৱেশ গঢ়ি তোলাটো। শিশুসকলক যদি প্ৰথম অৱস্থাৰ পৰাই ভালকৈ গঢ় দিব পৰা নাযায়, যদি বিভিন্ন খাম-খেয়ালিৰ মাজত সোমাই পৰে, আপোন-পৰ কৰা দেখিবলৈ পায় তেন্তে শিশু ভবিষ্যতৰ সপোন নিশ্চয় একাঁবেকা হোৱাটোৱে স্বাভাবিক। শিশুৰ কোমল মন কোমল বাঁহৰ চেকনীৰ দৰে। যিফালে ভাঁজ লগোৱা হয়, সেই ফালেই ভাঁজ খায়। পুৰঠ হ'লে কঠিন হৈ পৰে। শিশুৰ কোমল মিঠা মাত আৰু অকৃত্রিম হাঁহিয়ে যাৰ অন্তৰ স্পৰ্শ কৰিব নোৱাৰে তাৰ অন্তৰ শিলৰ দৰে কঠিন। শিশুক আপোন-পৰ কৰাজন ঈশ্বৰৰ ৰোষত পৰে। কাৰণ শিশুসকল হ'ল দেৱ শিশু, অমৃতৰ সন্তান।
সেয়েহে ভবিষ্যত সু-নাগৰিক হিচাপে প্রতিজন আত্মনিৰ্ভৰশীল, সততা, অমায়িক আৰু ধীৰ স্থিৰ ভাবেৰে সু-অভ্যাস গঠন কৰাৰ ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্য আৰু সামাজিক পৰিৱেশৰ বিশেষ প্রয়োজন। সেয়েহে নিজৰ সন্তানক প্রকৃত মানুহ কৰিবলৈ হ'লে, প্রথমে মানৱ জীৱনৰ ভেটি স্বৰূপ শিশুৰ দেহ, মন, গঢ় দিব লাগিব। অন্যথা ব্যস্ততাৰ অজুহাতত পিতৃ-মাতৃৰ পৰা প্ৰয়োজনীয় মৰম চেনেহ আৰু সৎ যত্ন অবিহনে শিশুৱে পিতৃ-মাতৃক অবজ্ঞা কৰিবলৈ আৰম্ভ কৰে আৰু শিশুটি অবাধ্য হৈ পৰাৰ সম্ভাবনা দেখা দিয়ে। এই ক্ষেত্ৰত জৱাহৰলাল নেহৰুৱে এষাৰ কথা কৈছিল “এগৰাকী নাৰীক শিক্ষা দিয়া মানে এটা জাতিক শিক্ষা দিয়া।"
গতিকে ব্যাপক হাৰত দেখা দিয়া উশৃঙ্খল সমস্যাবোৰৰ নির্মূল আৰু নিকাকৰণ কেৱল মাত্র মাতৃসকলৰ দ্বাৰাইহে সম্ভৱ হ'ব। সেয়েহে সন্তান-গৰ্ভত থাকোতেই মাকৰ জৰিয়তে সন্তানে বহুতো জ্ঞান আৰু সৎ উপদেশ আহৰণ কৰিব পাৰে। অধ্যয়নে মানুহক উচ্চ জ্ঞান সম্পূর্ণ কৰিব পাৰে। সাহিত্য সংস্কৃতি, গীতা, ভাগৱত, কীৰ্ত্তন, সাহিত্য সংস্কৃতিমূলক গ্রন্থ মহামানৱসকলৰ জীৱনী এনে মাপক ভাষা অধ্যয়ণ কৰা মাতৃসকলৰ বাবে বিশেষ কিতাপ হৈ পৰিছে। মাতৃ সমাজৰ শিক্ষা বিশেষ প্রয়োজন হলেহে ভবিষ্যত প্রজন্মৰ উন্নতি আৰু সৎ অগ্রগতি আশা কৰিব পাৰি। বিশেষকৈ মাতৃৰ সচেতনাই শিশুৰ উন্নতিৰ জখলা। সেইবাবে শিশুটি জন্মৰ পিছৰ পৰা মাতৃ গৰাকীয়ে সুস্থ কৰি তুলিবলৈ সৎ আচৰণ, সু-বচন, সৎ-শিক্ষা, সু-ব্যক্তিত্ব, অধিকাৰী হ'বলৈ অশেষ পৰিশ্ৰম কৰিবলগীয়া হয়। মাতৃৰ আদর্শ শিশুৰ বৃহৎ সম্বল। সন্তান সৈতে মাকৰ যি সম্পর্ক, সি সাংসাৰিক কোনো সম্পৰ্কৰ লগত তুলনা নহয়। সেইবাবে সন্তানৰ ক্ষেত্ৰত মাতৃগৰাকী আৰ্হি স্বৰূপ হ'ব লাগিব। পিতৃ-মাতৃসকল নৈতিক দিশত আগবাঢ়ি আধ্যাত্মিক তত্ত্বদর্শী হ'ব লাগিব। যিসকল পিতৃ-মাতৃ ঈশ্বৰমুখী হৈ জীৱন-যাপন কৰিছে, সেইসকল পিতৃ-মাতৃৰ সন্তান কেতিয়াও বিপথে পৰিচালিত হ'ব নোৱাৰে। বৰ্তমান সময়ৰ দুষ্কৃতিৰে তৃণমূল পর্যন্ত ৰোগাগ্রস্ত হোৱা সমাজৰ প্ৰভাৱ শিশুসকলৰ ওপৰত নপৰোতেই শিশুসকলৰ কোমল হৃদয়ত আধ্যাত্মিক শক্তিক সংৰক্ষণ কৰা আৰু বিকাশৰ ব্যৱস্থা কৰাটো সমাজৰ কৰ্তব্য।
সামাজিকভাবে কিছুমান অনুষ্ঠান পাতি পৌৰাণিক, সাংস্কৃতিক, ইতিহাস আদিৰ দৰে কথাবোৰ বুজাই দিব লাগে। নির্মল চৰিত্ৰসম্পন্ন পুৰুষ মহিলা তথা বর্তমান যুগৰ মহান বৈজ্ঞানিক, অভিলেখ সৃষ্টি কৰা ব্যক্তি, শিল্পী, খেলুৱৈ আৰু নিঃস্বার্থ সমাজসেৱী আদিৰ দৰে লোকসকলৰ কাৰু কাৰ্যক শিশুসকলৰ সম্মুখত দাঙি তেওঁলোকৰ কোমল হৃদয়ত সৎ ভাবৰ তৰঙ্গ তুলি, শিশুসকলৰ সুপ্ত প্রতিভা জাগ্ৰত কৰাব লাগে। শিশুৰ নৈতিক আৰু আধ্যাত্মিক বিকাশ ঘটিলেহে এখন সুস্থ সমাজ ভৱিষ্যতে গঢ়ি উঠিব। এখন সুখী পৰিয়াল তথা এখন সুস্থ সমাজ সুন্দৰ আৰু নিৰাপদ কৰিবলৈ চৰকাৰে শিক্ষা ব্যৱস্থাত ব্যাপক আঁচনি হাতত লৈছে। এই শিক্ষাৰ ক্ষেত্রত কোনো নির্দিষ্ট নিয়ম আৰু শিক্ষা অনুষ্ঠানৰ যোগেদি শিক্ষা আহৰণ কৰে, তেনে ক্ষেত্ৰত শিশুৰ প্ৰকৃত জ্ঞান আৰু অভিজ্ঞতা আহৰণত বাধা আহি পৰে। কিয়নো মানুহৰ নির্দিষ্ট লক্ষ্যৰ আধাৰতহে শিশুক শিক্ষা দিয়া হয়। শিশুৱে লাভ কৰা অভিজ্ঞতা আৰু ইয়াৰ প্রতিক্রিয়া দুয়োটাকে সমাজ বা অনুষ্ঠানে নিয়ন্ত্ৰণ কৰে। গতিকে শিশু শিক্ষাৰ প্ৰকৃত পৰিৱেশ ব্যক্তি সমাজ আৰু অনুষ্ঠানৰ প্রভাব দেখা যায়। কিন্তু নৈতিক আৰু আধ্যাত্মিক দিশত বিশেষ ভূমিকা গ্রহণ এতিয়াও কৰা নাই। দেশৰ এই অৰাজকতাৰ দিশত আমাৰ শিক্ষা ব্যৱস্থাত আধ্যাত্মিক তথা নৈতিক শিক্ষাৰ একান্তই প্রয়োজন হৈছে। সেয়েহে প্ৰতিগৰাকী পিতৃ-মাতৃ তথা অভিভাৱকে নৈতিক তথা আধ্যাত্মিক শিক্ষা ব্যবস্থা পাঠ্যপুথিত অন্তৰ্ভূক্ত কৰাৰ বাবে ব্যাপক জাগৰণ গঢ়ি তুলিব লাগিব। শুদ্ধ চিন্তা আৰু সাধনাৰ মাধ্যমেৰে প্ৰতিজন ব্যক্তিয়েই এনে কৰিলেহে দেশৰ তথা জাতিৰ ধৰণী স্বৰূপ প্ৰতিটো শিশুৰ সৰ্বাংগীন বিকাশ হ'ব আৰু বিকাশ হ'লেহে এক উজ্জ্বল ভবিষ্যত আমি আশা কৰিব পাৰিম।
*****

Comments
Post a Comment