ছাত্ৰ ছাত্ৰী আৰু সামাজিক দায়িত্ব ৰচনা

ছাত্ৰ ছাত্ৰী আৰু সামাজিক দায়িত্ব ৰচনা 


ছাত্ৰ ছাত্ৰী আৰু সামাজিক দায়িত্ব ৰচনা Satra Satri aru Samajik Dayitto Rosona 

  • ছাত্ৰ জীৱন আৰু সমাজ সেৱা
  • ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আৰু সামাজিক দায়বদ্ধতা
  • সমাজ সংগঠনত ছাত্ৰৰ ভূমিকা ৰচনা
  • সমাজৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ দায়িত্ব 


Satra Satri aru Samajik Dayitto Rosona
ছাত্ৰ ছাত্ৰী আৰু সামাজিক দায়িত্ব ৰচনা 




ছাত্ৰ ছাত্ৰী আৰু সামাজিক দায়িত্ব ৰচনা 


সমাজ আছে কাৰণেই এক ৰীতি-নীতি দায়বদ্ধতাৰ মাজেৰে প্ৰতিজন ব্যক্তিৰ মাজত এক গতানুগতিক জীবন চলি আছে। যদি সমাজ নাথাকিলহেঁতেন, তেন্তে এক অশৃংখলতাৰ পৰিৱেশ সৃষ্টি হ'লহেঁতেন। এখন সু-সমাজ গঢ়াৰ লগতে সেই সমাজত থাকি সমাজৰ ৰীতি-নীতি পালন কৰা, দলবদ্ধ হৈ সমাজৰ জটিলতা আঁতৰ কৰা, সমাজ-কল্যাণ সজাগ কৰা এই কর্তব্য পালন কৰাটো সমাজত থকা প্রতিজন ব্যক্তিৰ কৰণীয়। এই দায়িত্ব পালন কৰিবলৈ কুণ্ঠাবোধ কৰিলে নহ'ব। আজিৰ সমাজৰ ছাত্ৰ‌ ছাত্ৰী সকল জাগ্রত হ'বৰ হ'ল। কেৱল শিক্ষাই জীৱনৰ অৰ্হতা নহয়। নিজৰ দায়িত্ব ভাৱি সমাজৰ হকে কামত লিপ্ত হোৱা নিতান্তই প্রয়োজনীয়।


নিজৰ সন্তানক সু-পথত পৰিচালিত কৰাটো প্রতিজন অভিভাৱকৰ একোটা চিন্তনীয় বিষয়। প্রত্যেকজন অভিভাৱকে নিশ্চয়ভাবে ভাবে যে তেওঁৰ সন্তানে ডাঙৰ হৈ সমাজত ভাল মানুহৰূপে প্রতিষ্ঠিত হৈ নিজৰ লগতে মাক-দেউতাকৰ নাম উজ্জ্বলাব। বহু সপোন, আশা বুকুত বান্ধি কষ্ট কৰি নিজৰ সন্তানক সু-ব্যক্তিৰূপে খ্যাত হ'বলৈ তেওঁলোকে নিজ নিজ সন্তানৰ যত্ন লয়। শৈশৱ গৰকি আহি কৈশোৰ অৱস্থাপ্রাপ্ত হয়। শৈশৱৰ কালছোৱা পিতৃ-মাতৃৰ যত্ন মৰমৰ কোলাতে ডাঙৰ-দীঘল হয়, যি সময়ছোৱাত চিন্তা, প্রভাৱ নাথাকে। কিন্তু, কৈশোৰ জীৱন সুকীয়া। নিজস্ব ভাবনা শক্তি, চিন্তনীয় শক্তি আহি পৰে। আহি পৰে এক দায়িত্ব। এক স্বাভাৱিক পৰিক্ৰমাৰ মাজেৰে ছাত্ৰ‌ ছাত্ৰী সকলৰ জীৱনৰ চিন্তা, আশা সপোন এইবোৰৰ চাকনৈয়াত অবগমন কৰে। কেতিয়াবা হয়তু হতাশাগ্রস্ততাও ভুমিকি মাৰে, এনে কালছোৱাতে ঐশ্বৰিক শক্তিৰ জোৱাৰ যেন এই ক্ষণতে আহে। বহুজনৰ আশাৰ দীপ্তি জ্বলে। প্রচেষ্টা চলাই জীৱনৰ সফল বাটৰ দিশে। ভৱিষ্যত জীৱনৰ কথা ভাবি হয়তু হতাশাৰ জোৱাৰ আহি পৰিব পাৰে। এয়া স্বাভাবিক, সমাজৰ প্ৰায় ছাত্ৰ‌ ছাত্ৰীয়েই শিক্ষা সাং কৰি এতিয়া কৰ্মৰ সন্ধানত, কেবল চাকৰি এটা কৰাই জানো জীৱনৰ সফলতা, শিক্ষা জীৱনৰ অৰ্হতা কিন্তু, এই অৰ্হতাৰ লগতে আৰু বহু দিশ সামৰি জীৱনৰ সফলতা পাব পাৰি। তাৰে এটা দিশ হৈছে সমাজ কল্যাণৰ প্রতি দায়বদ্ধতা। যাৰ মন ব্যক্তিগত কল্যাণতকৈ সমাজ কল্যাণৰ প্ৰতি সজাগ, মন উদাৰ, বিশাল, জনকল্যাণকামী, তেনে লোক সমাজৰ হিতার্থে জনসেৱা কৰিবলৈ আগবাঢ়ি আহে। 


ব্যক্তিৰ নিজস্ব চিন্তা-শক্তি আছে। ভাল-বেয়া বিচাৰ কৰিব পৰা ক্ষমতা আছে। মানব সমাজে আজি যি জীৱ শ্রেষ্ঠতা পাইছে, সেই জীৱ শ্রেষ্ঠ গুণৰাজিৰে কর্মত লিপ্ত হোৱা উচিত। ইয়াৰ বিপৰীত দিশে গ'লে জীৱশ্রেষ্ঠতা বোলা অধিকাৰ হেৰুৱাই পেলায়। ছাত্ৰ ছাত্ৰী সকলে নিজৰ সু-চিন্তা ধাৰাৰে চিন্তাশক্তিক পৰিচালনা কৰি আনৰ উপকাৰ সাধিব পৰা কাম কৰিব লাগে। সু-কর্মৰাজিৰ দ্বাৰা এজন ব্যক্তিৰ প্ৰকৃত পৰিচয় প্রতিফলিত হয়। তেওঁ সম্মান পোৱাৰ লগতে কর্মত কৃতকার্যও হয়। শিক্ষাকে সামৰি আন বহুটো দিশক কেন্দ্র কৰি প্ৰতি গৰাকী ছাত্ৰ- ছাত্ৰীয়ে নিজৰ সফলতা দাঙি ধৰা উচিত। জীৱনৰ বহু সময় মানুহে অবাবত ব্যয় কৰে। সেই সময়খিনি যদি একোটা ভাল কামত নিয়োগ কৰা হয়, তেন্তে নিজৰ লগতে দহজনৰ হয়তু উপকাৰ হ'ব। যিকোনো কাম কৰাৰ আগতে এবাৰ হ'লেও ভবা উচিত যে কামটো কৰা সঠিক হয়নে নহয়।


বর্তমান সময়ত প্রতিজন ছাত্ৰ‌ ছাত্ৰীক জাগ্রত কৰা উচিত। প্রতিজন ছাত্ৰ‌ ছাত্ৰীৰ ক্ষমতা আছে কাম কৰিব পৰা আৰু কাম কৰি দেখুওৱাব পৰা। কিন্তু বৰ্তমানৰ প্রযুক্তি বিদ্যাই সেই বিশেষ গুণৰাজি থকা ছাত্ৰ‌ ছাত্ৰীসকলক আন এক দিশত ধাউতি জগাই তুলিছে। যি দিশে মোহিত কৰি তেওঁলোকৰ অন্তৰত জাগি থকা ভাৱ-প্ৰৱণ, চিন্তাধাৰাবোৰ আঁতৰাই পেলাইছে। এনে প্রযুক্তিৰ যান্ত্রিক ব্যবস্থাই সকলোকে যেন পংগু কৰি তুলিছে। নিজৰ দায়বদ্ধতা যেন নিজেই পাহৰিব ধৰিছে। আজিৰ সমাজ জাগ্ৰত হ'বৰ হ'ল। প্ৰতিজন ছাত্ৰ‌ ছাত্ৰীৰ‌ প্রতিযোগিতামূলক পৰিস্থিতিয়ে আৰু তাৰ চিন্তাই প্রতিজন ব্যক্তিৰ মনৰ প্ৰকৃত স্বৰূপটোক মাৰাত্মক কৰি তুলিছে। এনে প্রতিযোগিতামূলক চিন্তাৰ পৰা আঁতৰি আহি সমাজৰ হিতৰ কাৰণে এটা-দুটা কাম কৰি কৃতকার্যতা লাভ কৰা উচিত। এনে চিন্তাই মানুহৰ মনটোক হতাশাত আনি দিয়ে, কৰি দিয়ে মনটোক দুর্বল। কিন্তু, সমাজৰ প্রতি ভাবপ্রৱণ চিন্তাই মনটোক মুকলি আৰু ভৱিষ্যত জীবনৰ দিশে আগুৱাই নিয়াত সহায়হে কৰে। 


ব্যক্তিগত ভোগ-বিলাসৰ কথা নাভাবি নিস্বার্থভাবে সমাজকল্যাণত ব্রতী হোৱা হৈছে সমাজকর্মীৰ লক্ষ্যণ। সমাজৰ উন্নতি মানেই নিজৰ উন্নতি, দেশৰ উন্নতি, নিষ্ঠা, সাধনা, ধৈর্য্য, একতা এই দোলেৰে আগবাঢ়ি গ'লে কামত সফল হ'বই। ছাত্ৰ‌ ছাত্ৰীসকলে পৰনিৰ্ভৰশীল মনোভাৱ ত্যাগ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰা আৰু আনকো উৎসাহ জন্মোৱা, ৰাজনৈতিক শোষণ-নিপীড়ণৰ কবলৰ পৰা মুক্ত কৰা, ৰাজনৈতিক শিক্ষা গ্রহণ কৰা, সামাজিক সম্প্রীতিভাব গঢ়ি তোলা। এই কৰ্মাৱলীবোৰ গ্ৰহণ কৰাটো উঠি অহা প্রতিজন ছাত্ৰ‌ ছাত্ৰীৰ কৰণীয় আৰু এইক্ষেত্ৰত অভিভাৱক সকলেও সন্তানসকলক ধাউতি যুগোৱা উচিত। প্রতিজন ছাত্ৰ‌ ছাত্ৰীয়ে যদি শিক্ষাৰ জ্ঞানৰ পোহৰে সমাজৰ কল্যাণৰ হকে আগবাঢ়ি আহে তেন্তে সমাজৰ উন্নতি সাধন হব।‌ সমাজৰ দহোজনে আগবঢ়াই দিয়া ৰীতি নীতিৰ কোনটো পদক্ষেপ গ্ৰহণ কৰিলে সমাজৰ হিত হ'ব সেয়াও শুদ্ধ ভাৱে বিশ্লেষণ কৰিব পাৰিব‌ লাগিব। শুদ্ধ বিচাৰ বিবেচনা কৰিলেহে সমাজ‌ আগুৱাই যাব।




******


  • শিক্ষা আৰু সমাজ
  • ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
  • সামাজিক দায়বদ্ধতা কি?
  • ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য ৰচনা
  • নিয়মানুবর্তিতা আৰু সময়ৰ সদব্যৱহাৰ

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা