ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণ-জীৱন কাহিনী

ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণ-জীৱন কাহিনী 


ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণ-জীৱন কাহিনী Essay on Dr. Sarvepalli Radhakrishnan in Assamese

  • ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ বিষয়ে
  • সৰ্বপল্লী ৰাধাকৃষ্ণণ জন্ম মৃত্যু
  • ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ শিক্ষক দিৱস
  • সৰ্বপল্লী ৰাধাকৃষ্ণণ বিষয়ে নজনা কথা
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ শিক্ষা দৰ্শন


Essay on Dr. Sarvepalli Radhakrishnan in Assamese
ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণ-জীৱন কাহিনী




ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণ


শিক্ষকৰূপে গৌৰৱময় কৃতিত্ব অর্জন কৰা, পৃথিৱীৰ সাংস্কৃতিক চিন্তাৰ ক্ষেত্ৰত ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণৰ অৱদান অসামান্য; দর্শন-জগতত তেওঁৰ আসন মহিমামণ্ডিত। দার্শনিক আৰু চিন্তানায়ক ৰূপে এইগৰাকী ভাৰতীয় মনীষীৰ খ্যাতি জগতজোৰা। অৱশ্যে শংকৰাচাৰ্য্য নাইবা চক্ৰেটিছ, প্লেটো যি অর্থত দার্শনিক সেই অর্থত ৰাধাকৃষ্ণণ নহয়,—বাট্রাণ্ড ৰাছেলাে নহয়। সর্বেপল্লী ৰাধাকৃষ্ণণৰ দৰ্শনক আধ্যাত্মিক মানৱতাবাদ বা আদর্শবাদী দর্শন বুলিও অভিহিত কৰিব পাৰি। তেওঁ পােষকতা কৰা মতবাদৰ মূলসূত্র হ’ল মানৱৰ আধ্যাত্মিক পুনৰুজ্জীৱন—শিক্ষক, লেখক, বক্তাৰূপে তেওঁ এই কথাত গুৰুত্ব আৰােপ কৰিছে। প্রায় ৬০ বছৰৰ আৱৰ্তত ৰাধাকৃষ্ণণে প্রণয়ন কৰা দর্শন-ধর্মতত্ত্ব-সংস্কৃতি-সমাজ-ব্যক্তি প্রভৃতি বিষয়ক গ্রন্থৰ সংখ্যা হ’ব প্রায় আঢ়ৈ কুৰিখন; ইয়াত বাদেও বিবিধ বিষয়ক প্রবন্ধ-নিবন্ধ বিভিন্ন আলােচনী-পত্রিকাত সিচৰতি হৈ আছে। তেওঁৰ ৰচনাৱলীৰ বিষয়বস্তুৰ গভীৰতা আৰু বিষয়-সূচীৰ ব্যাপকতাই আমাক বিস্ময়াভিভূত কৰে, লেখকজনাৰ মেধা-পাণ্ডিত্য অনুসন্ধিৎসা-অন্তদৃষ্টিয়ে আমাক মুগ্ধ কৰে, চিন্তাৰ মৌলিকত্ব আৰু প্ৰকাশভংগীৰ বিশেষত্বই আমাক চমৎকৃত কৰে। 


অৱশ্যে এইটো ঠিক যে ৰাধাকৃষ্ণণৰ চিন্তাধাৰা আৰু মতাদর্শ অধ্যাত্মকেন্দ্রী হােৱাত তেওঁৰ প্ৰায়বােৰ ৰচনা আৰু ভাষণতেই উল্লেখিত হােৱা বিষয়সমূহ হ’ল- আধ্যাত্মিক প্ৰমূল্যৰ গুৰুত্ব, আধুনিক সভ্যতাত অধ্যাত্মবােধৰ অভাৱ—ইয়াৰ আৱশ্যকতা, বিজ্ঞান আৰু মানৱক আধ্যাত্মিকতাৰ আলােকত বিচাৰ কৰাৰ যুক্তিযুক্ততা ইত্যাদি। ভাৰতীয় চিন্তা-দর্শনৰ প্রবক্তা আৰু ব্যাখ্যাতা, প্রাচ্য সংস্কৃতিৰ অমৃত বাণীৰ অন্যতম আধুনিক প্রচাৰক, পূৱ আৰু পশ্চিমৰ মাজত সাংস্কৃতিক মিলন-সেতু ৰচনাকাৰী ৰাধাকৃষ্ণণৰ খ্যাতি বিশেষকৈ এই ৰূপতেই যদিও, আধুনিক নীতিশাস্ত্র (এথিক্স)ৰ প্রৱৰ্ত্তক হিচাপেও তেওঁ সুপ্রসিদ্ধ।


ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম আৰু শিক্ষা জীৱন:

শিক্ষকৰূপে গৌৰৱময় কৃতিত্ব অর্জন কৰা, ৰাষ্ট্রদূতৰ কাৰ্য্যভাৰ সুকলমে মর্যাদা সহকাৰে চলাওতা, উপ-ৰাষ্ট্রপতি আৰু ৰাষ্ট্ৰপতিৰ আসন সুদীর্ঘ কালধৰি অলংকৃত কৰােতা ৰাধাকৃষ্ণণৰ যুগজয়ী প্রতিষ্ঠা হৈছে চিন্তানায়ক হিচাপে, মহান দার্শনিকৰূপে। আর্ল এটলিয়ে ৰাধাকৃষ্ণণৰ বিষয়ে এইদৰে কৈছিল—“পৃথিৱীৰ শ্ৰেষ্ঠ ধী-শক্তিমান ব্যক্তি কেইগৰাকীৰ ভিতৰত ৰাধাকৃষ্ণণ অন্যতম।” আঙুচ হাক্সলীয়ে তেওঁক “অত্যুৎকৃষ্ট লেখক আৰু ভাবুক-শ্রেষ্ঠ” ৰূপে অভিহিত কৰিছিল। 


শিক্ষা-সংস্কৃতি আৰু দার্শনিক চিন্তাৰ ক্ষেত্ৰত তেওঁৰ ভাবাদর্শই ব্যাপকভাবে প্রভাৱ বিস্তাৰ কৰিছে। জীৱনকৃতিৰ আলেখ-লেখ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয় মাদ্রাজ (বর্তমান চেন্নাই)ৰ পৰা উত্তৰ- পশ্চিম পিনে ৪০ মাইল দূৰত অৱস্থিত তিৰুতানি নামৰ সৰু চহৰ এখনত ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰত। তেওঁৰ পিতৃ-মাতৃ আছিল যথাক্রমে বীৰস্বামী উজ্জা আৰু চিতাম্মা। তেওঁলােক আছিল তেলুগু ব্রাহ্মণ। গােড়া হিন্দু পৰিয়াল এটিত জন্মা আৰু ১২ বছৰ বয়সলৈ হিন্দু তীর্থস্থান তিৰুতানি আৰু তিৰুপতিত ডাঙৰ-দীঘল হােৱা ৰাধাকৃষ্ণণ সৰুৰে পৰাই আছিল ঈশ্বৰ বিশ্বাসী, ধর্মপ্রাণ। তেওঁ নিজেই লেখিছিল যে তেওঁ এনে এটা পৰিমণ্ডলত ডাঙৰ- দীঘল হৈছিল যত অদৃশ্য শক্তি আছিল জীৱন্ত বাস্তৱ। প্রাথমিক বিদ্যালয়ত পঢ়া শেষ হােৱাত তেওঁ পৰৱৰ্তী ১২ বছৰ কাল খৃষ্টান পাদুৰীৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানত শিক্ষা লাভ কৰে—লুথাৰিয়ান মিছ হাইস্কুল, তিৰুপতি (১৮৯৬-১৯০০), ভােৰহীজ কলেজ ভেলােৰ (১৯০০-১৯০৪) আৰু মাদ্রাজ খৃষ্টিয়ান কলেজ (১৯০৪-১৯০৮)। 


খৃষ্টান ধর্মপ্রচাৰক সকলৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানত শিক্ষালাভ কৰা হেতুকে অন্যান্য ধর্মমত, বিশেষকৈ খৃষ্টান ধর্ম তত্ত্বৰ সৈতে তেওঁৰ পৰিচয় ঘটে—এয়ে তেওঁৰ কিশােৰ-মনত ধর্মীয় চেতনা সঞ্জীৱিত কৰি তােলে। তদুপৰি এই কালতেই স্বামী বিবেকানন্দৰ তেজস্বী বাগ্মীতাই তেওঁক উদ্দীপ্ত কৰি তােলে আৰু স্বামীজনাৰ দ্বাৰা সনাতন হিন্দুধর্ম-তত্ত্বৰ মহিমা- গৰিমা প্রচাৰে ভাৰতীয় হিচাপে তেওঁৰ অন্তৰত গৌৰৱবােধ জাগ্রত কৰে। কিন্তু এই গৌৰৱবােধত প্রচণ্ড আঘাত হানে খৃষ্টান ধর্মপ্রচাৰক সকলে হিন্দুবিশ্বাস আৰু আচাৰ-অনুষ্ঠানৰ বিৰুদ্ধে সঘনে উদ্‌গীৰণ কৰা সমালােচনাই। বিৰুদ্ধ সমালােচক সকলৰ এই প্রত্যাহ্বানে প্রাচীন ভাৰতীয় ধর্ম-দর্শন সম্পর্কে গভীৰ আৰু বিস্তৃতভাবে অধ্যয়ন কৰিবলৈ, হিন্দু মতবাদৰ নিৰপেক্ষ বিচাৰ বিশ্লেষণত ব্ৰতী হৈ ইয়াৰ সাৰতত্ত্ব আৰু অসাৰভাগ চালি-জাৰি চাবলৈ তেওঁক উদ্বুদ্ধ কৰে ছাত্ৰাৱস্থাতেই। 


সেই সময়ৰ ভাৰতবৰ্ষৰ বাতাবৰণে তেওঁৰ এই সংকল্পত ইন্ধন যােগায় আৰু এই সংকল্প কর্মময় জীৱনত তেওঁ দক্ষতাৰে কাৰ্যকৰী কৰিলে। দেশে- বিদেশে তেওঁৰ পাণ্ডিত্য স্বীকৃত আৰু অভিনন্দিত হ’ল। বিবেকানন্দ প্রমুখ্যে ধর্ম-গুৰুৱে সনাতন ধর্মৰ গূঢ়তত্ত্ব ইয়াৰ আগেয়েই পশ্চিমত প্রচাৰ কৰিছিল সঁচা; কিন্তু ভাৰতীয় চিন্তা-দর্শন সম্পর্কে পশ্চিম তেতিয়াও অও আৰু উদাসীন আছিল বুলিয়ে ক'ব পাৰি। ৰাধাকৃষ্ণণে যেন, চি, ই, জোডে কোৱাৰ দৰে, “পূৱৰ পৰা এক প্রতি-আক্রমণ চলালে।” ইয়াৰ সাফল্য গৌৰৱােজ্জল। বিশ্বৰ চিন্তাজগতত তেওঁ ভাৰতীয় দর্শনক সুপ্রতিষ্ঠিত কৰিলে। সৰ্বপল্লী ৰাধাকৃষ্ণণে “স্বীকাৰৰক্তিৰ অংশ বিশেষ” নামৰ আত্মজীৱনীমূলক লেখাটোত নিজেই কৈ থৈ গৈছে যে তেওঁ ঘটনাক্রমেহে দৰ্শনৰ ছাত্র হ’ল—দৰ্শনৰ বেদীত নিজকে উচৰ্গা কৰিম বুলি আগৰ পৰাই ভবা। নাছিল। তেওঁ তেতিয়া মাদ্রাজ খৃষ্টীয়ান কলেজৰ ছাত্র। বয়স সােতৰ বছৰ। কলেজত অংক, পদার্থ বিজ্ঞান, শৰীৰ তত্ত্ব, দর্শন আৰু ইতিহাস- এই পাঁচটা বিষয়ৰ যিকোনাে এটা বিষয় বাচি ল'বলগা হ'ল। 


ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণ আদর্শ শিক্ষকৰূপে:

ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণ-জীৱন কাহিনী, শিক্ষা, জন্ম, কৃতিত্ব শিক্ষক দিৱস দার্শনিক-চিন্তানায়কৰূপে বিশ্বজোৰা খ্যাতি অর্জন কৰা, ৰাষ্ট্রদূতৰূপে সুকলমে কাৰ্য্যভাৰ চলাওতা, উপ-ৰাষ্ট্রপতি আৰু ৰাষ্ট্ৰপতিৰ সন্মানীয় আসন সুদীর্ঘকাল ধৰি অলংকৃত কৰোঁতা ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণে নিজকে শিক্ষক বুলি ভবাটো আৰু সেইৰূপে গৌৰৱবােধ কৰাটো তাৎপৰ্যপূৰ্ণ কথা। “মােৰ বিষয় হৈছে শিক্ষা’–এইবুলি তেওঁ নিজেই লেখিছিল। ১৯০৯ চনৰ এপ্রিল মাহত মাদ্রাজ প্রেছিডেন্সী কলেজত দর্শন। বিভাগৰ সহকাৰী অধ্যাপক নিযুক্ত হােৱাৰ দিন ধৰি ওপৰকাল তেওঁ গৌৰৱময় কৃতিত্বৰে শিক্ষকতা কৰি গৈছে। তেওঁ অন্ধ্র আৰু বাৰাণসী বিশ্ববিদ্যালয়ৰ উপাচার্য্যও আছিল। ভাৰত আৰু বহির্ভাৰতৰ কেবাটি বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ উপৰিও তেওঁ পৃথিৱীৰ বিভিন্ন শিক্ষানুষ্ঠানত বক্তৃতা দিছিল আৰু বিশ্বৰ শতাধিক বিদ্যানুষ্ঠানে তেওঁলৈ সন্মানসূচক উপাধি প্রদান কৰিছিল। উল্লেখনীয় যে এই গৰাকী মহান শিক্ষাবিদ পুৰুষে ভাৰতৰ প্রায় প্রতিখন বিশ্ববিদ্যালয়ৰ সমাৱৰ্ত্তন সমাৰােহত এবাৰ নহয় এবাৰ বিশিষ্ট অতিথিৰ ভাষণ দিছিল। ভাৰত চৰকাৰে পাতি দিয়া শিক্ষা আয়ােগৰ অধ্যক্ষ ৰূপেও তেওঁক দায়িত্বভাৰ দিয়া হৈছিল। 


১৯৩৯ চনত লক্ষৌত বহা সর্বভাৰতীয় শিক্ষাবিদ সন্মিলনৰ বছৰেকীয়া অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল। এই সন্মিলনত যােগ দিয়া শিক্ষক-প্রতিনিধি এজনে পিছত লেখিছিল। শিক্ষকৰ দশা প্রায়েই বৰ সন্তোষজনক নহয়। সম্ভৱতঃ তাৰ কাৰণ হ'ল তেওঁৰ সামাজিক অৱস্থা হ'ব লগা ধৰণে উচ্চ খাপৰ নহয়। বােধহয় অইন লােকৰ দৰে টকা-পইচা আর্জিব নােৱাৰাটোও ইয়াৰ কাৰণ। এই ধৰণৰ ভাৱনাই তেওঁক কেতিয়াবা অসুখী কৰি তুলিলেও যেতিয়া এই কথা স্মৰণ কৰে যে তেওঁ সেই দলৰেই এজন, যি দলৰ নেতা স্বয়ং ৰাধাকৃষ্ণণ, তেতিয়া তেওঁ আনন্দিত আৰু গৌৰৱান্বিত বােধ নকৰাকৈ নাথাকে। এই কথা সঁচা যে বৈষয়িক সা- সম্পদৰ বহু কিবাকিবিয়ে শিক্ষক সকলৰ নাই। সেইটো একো কথা নহয়। ৰাধাকৃষ্ণণৰ উপস্থিতিয়ে আমাক অনুভৱ কৰিবৰ সুযােগ দিয়ে যে এই পৃথিৱীত আমিও কিবা এটি গুৰুত্বপূর্ণ কামতেই ব্ৰতী হৈ আছোঁ। সেয়েহে আমিও নিজকে সম্পদশালী বুলি গণ্য কৰিব পাৰো।

ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণৰ নিচিনা শিক্ষক পৃথিৱীতে বিৰল। সেয়েহে পৃথিৱীৰ বিভিন্ন বিশ্ববিদ্যালয়ে সন্মান যাচি তেওঁক আমন্ত্রণ কৰি নি তেওঁৰ জ্ঞানগর্ভ বক্তৃতা শুনিছিল। নিজ ব্যক্তিত্ব, পাণ্ডিত্য আৰু মহৎ অন্তঃকৰণৰ দ্বাৰা এইজনা শিক্ষকে পৃথিৱীৰ বিভিন্ন স্থানৰ অসংখ্য ছাত্র-শিক্ষক আৰু বুদ্ধিজীৱীক মুগ্ধ আৰু অনুপ্রাণিত কৰিছিল। আদর্শ শিক্ষক ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণে ব্যাপক অধ্যয়ন, গভীৰ পাণ্ডিত্য, তীক্ষ্ণ মননশীলতা আৰু সম্যক উপলব্ধিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ মনত গভীৰভাবে ৰেখাপাত কৰিছিল। বিষয়বস্তুৰ অগাধ ব্যুৎপত্তি আৰু ভাষাৰ ওপৰত অসামান্য দখল থকা এই দার্শনিক জনাই দৰ্শনৰ দৰে কঠিন বিষয় এটিও সহজ সৰলভাবে ৰসালকৈ বুজাব পাৰিছিল। ছাত্ৰসকলক তেওঁ নিলগাই নাৰাখিছিল; তেওঁলােকক বন্ধুৰ দৰে ব্যৱহাৰ কৰিছিল; তেওঁলােকৰ চিন্তা-ভাৱনা কাম-কাজৰ বুজ-বাজ লৈছিল। ছাত্ৰসকলক তেওঁ স্নেহ-সমাদৰ কৰিছিল আৰু তেওঁলােকৰ পৰাও তেওঁ পাইছিল শ্রদ্ধা আৰু ভক্তি। 


শিক্ষক হিচাপে তেওঁ ছাত্র-ছাত্রী সকলক আধ্যাত্মিক আৰু নৈতিক বিশ্বত বিশ্বাস কৰিবলৈ শিকোৱাৰ আকাংক্ষাকেই কৰিছিল। তেওঁ এই কথাকেই শিকাব খুজিছিল যে আমি বাস কৰা পৃথিৱীখন নৈতিক পৃথিৱী, যত কৃতকাৰ্য্যতা লাভ কৰাতকৈ সৎ হ'বৰ যত্ন কৰাটো বেছি ভাল। সৎ- শুদ্ধ জীৱন যাপনৰ দ্বাৰা চৰিত্ৰ গঠনৰ, শিক্ষা তেওঁ দিছিল। নীতি-ধৰ্মৰ ৰাষ্ট্রনেতা, শিক্ষক, সুলেখক, সুবক্তা, দার্শনিক ৰাধাকৃষ্ণণৰ অনন্যসাধাৰণ অৱদান আৰু বিশিষ্ট ব্যক্তিত্ব সম্বন্ধে বিস্তৃত আলােচনা কৰিবলগীয়া কথা বহুতাে আছে। এই পুথিত মাথাে চমু সপ্রশংস আলােচনাহে আগবঢ়োৱা হৈছে। সর্বেপল্লী ৰাধাকৃষ্ণণৰ দৰ্শন সর্বধর্ম সমন্বয়ৰ দৰ্শন। তেওঁৰ দৰ্শন তুলনাত্মক দর্শন। প্রাচ্য আৰু পাশ্চাত্য দর্শনত সমানে গভীৰ ব্যুৎপত্তিসম্পন্ন ৰাধাকৃষ্ণণ উভয় দর্শনৰ তুলনামূলক বিচাৰৰ বাবে নিঃসন্দেহে যােগ্যতম ব্যক্তি আছিল। ভাৰতীয় দৰ্শনৰ ইতিহাস প্রণেতা হিচাপেও তেওঁৰ এখন বিশেষ আসন আছে। যদিও ৰাধাকৃষ্ণণে নিজাকৈ কোনাে দার্শনিক মতবাদ বা দর্শন-পদ্ধতিৰ সৃষ্টি কৰা নাই, ভাৰতীয় দৰ্শনৰ প্রবক্তা তথা ব্যাখ্যাতা হিচাপে তেওঁ যি মৌলিকত্ব আৰু কৃতিত্ব প্রদর্শন কৰিছে তাৰ তুলনা নাই। তদুপৰি প্রাচ্য-পাশ্চাত্য চিন্তাৰ সময়ন্বয় ঘটাই এটি বিশ্ব-দর্শন গঢ়ি তােলাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনন্য। প্রাচীন আৰু অর্বাচীন, জ্ঞান আৰু বিজ্ঞানৰ মাজত সংযােগ-সেতু নির্মাণৰ প্ৰচেষ্টাত ব্ৰতী হােৱা তেওঁ এজন আধুনিক কালৰ ৰাজর্ষি। 


আত্মজীৱনীমূলক প্রবন্ধ “স্বীকাৰােক্তিৰ অংশবিশেষ”ৰ এঠাইত তেওঁ লেখিছিল- “অন্যান্য সৃষ্টিশীল লেখকসকলৰ পৰ্য্যায়তে দৰ্শনৰ লেখক সকলকো পৰিগণিত নকৰাৰ একো যুক্তি নাই, অন্ততঃপক্ষে তেওঁলােক বিশুদ্ধতম অনুপ্ৰেৰণাৰ দ্বাৰা প্রণােদিত হােৱাৰ ক্ষেত্ৰত।” সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এই বিশুদ্ধতম অনুপ্ৰেৰণাৰ দ্বাৰা প্রণােদিত হােৱা এগৰাকী মহৎ দার্শনিক, চিন্তাশীল লেখক। তেওঁ আছিল যথাৰ্থতেই এগৰাকী শিক্ষক। সৰ্বপল্লী ৰাধাকৃষ্ণণ বাস্তৱিকতেই আছিল ভাৰতৰত্ন। কিন্তু তেওঁ অকল ভাৰতৰত্নই নাছিল, আছিল বিশ্ব-মনীষীও। 




******


  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বাণী
  • সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰচনা pdf
  • সৰ্বপল্লী ৰাধাকৃষ্ণণ ফটো
  • সৰ্বপল্লী ৰাধাকৃষ্ণণ কবিতা
  • সৰ্বপল্লী ৰাধাকৃষ্ণণ কুইজ
  • শিক্ষক দিৱসৰ বিষয়ে ৰচনা
  • সৰ্বপল্লী ৰাধাকৃষ্ণণ ফটো
  • শিক্ষক দিৱসৰ বিষয়ে ভাষণ

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা