সাহিত্য, ব্যক্তি আৰু সমাজ ৰচনা
সাহিত্য, ব্যক্তি আৰু সমাজ ৰচনা
সাহিত্য, ব্যক্তি আৰু সমাজ ৰচনা অসমীয়াত Sahitya, Byokti aru Somaj Rosona Asomiyat
- সাহিত্য আৰু সমাজ
- সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা
- সাহিত্য আৰু জীৱন
- সাহিত্য আৰু সমাজ সম্পৰ্কীয় ধাৰণা
![]() |
| সাহিত্য, ব্যক্তি আৰু সমাজ ৰচনা |
সাহিত্য, ব্যক্তি আৰু সমাজ
সাহিত্য মানৱ জাতিৰ আমোঘ সৃষ্টি, মানৰ মনৰ মননশীল অভিব্যক্তি। সাহিত্য কাক বুলি প্রশ্ন কৰিলে তাৰ উত্তৰ নিৰ্দিষ্ট সংজ্ঞাৰে দিয়াটো কঠিন। কেবল সাহিত্যৰ ক্ষেত্ৰতে নহয়, সংজ্ঞাৰ দ্বাৰা কোনো বস্তুৰে সম্পূৰ্ণ পৰিচয় পোৱা নাযায়। সাহিত্যৰ বিষয়ে মাথো ইয়াকে ক'ব পৰা যায় যে যুগ যুগ ধৰি মানুহে অন্তৰৰ সকলো অনুভূতি সাহিত্যৰ মাধ্যমতে প্রকাশ কৰি আহিছে। সমসাময়িক ব্যক্তি আৰু সমাজৰ আধাৰত লেখকৰ কাপত বিভিন্ন লেখা প্রকাশ হৈ আছে। সেয়ে সাহিত্য এটা জাতিৰ সভ্যতা-সংস্কৃতি বাহক, জাতিৰ পৰিচায়ক। যি জাতিৰ সাহিত্য উচ্চ খাপৰ সেই জাতিৰ অস্তিত্ব আৰু মৰ্যাদাও উচ্চ খাপৰ। আনহাতে যি জাতিৰ সাহিত্য অনুন্নত সেই জাতিৰ পৰিচয়ো তথৈবচ। ভাষা-সাহিত্যৰ মাজেৰে কোনো এটা জাতিয়ে সম্যক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব পাৰে। যি জাতিৰ ভাষা-সাহিত্য নাই সেই জাতিৰ পৰিচয় নথকাৰ দৰে। সাম্প্রতিক যুগত সাহিত্য অবিহনে সভ্যতাৰ পথত আগবাঢ়ি যোৱাটো উন্নত জাতিয়ে কল্পনাই কৰিব নোৱাৰে।
ব্যক্তিৰ সমষ্টিয়েই হ'ল সমাজ। সেয়ে ব্যক্তিৰ জীৱনৰ লগত সাহিত্যৰ সম্বন্ধ ওতঃপ্রোত। সমাজ-জীৱনৰ ওপৰত গভীৰ ৰেখাপাত কৰিব পৰাকৈ সাহিত্যিকে সাহিত্য সৃষ্টি কৰিব লাগে। ব্যক্তিৰ ধ্যান-ধাৰণা, আশা-আকাংক্ষা সাহিত্যত পৰিস্ফুট হোৱাটো বাঞ্ছনীয়। যি সাহিত্যই সৃষ্টি কৰা নহওঁক কিয় তাত ব্যক্তিৰ হৃদয়ৰ কথা থাকিব লাগে। ব্যক্তিৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আদি দিশৰ ওপৰত সাবলীলভাবে আলোকপাত কৰিব লাগে সাহিত্যত। সাহিত্য যিহেতু সমাজৰ জাবের আগে সেয়ে সাহিত্যৰ দাপোণত ম্যামৰ দাপোম স্বরূপঃ জীৱনৰ ছবি প্রতিবিম্বিত হোৱাটো বাঞ্ছনীয়। সাহিত্য মানুহৰ বাবে সৃষ্টি কৰা হয়। সেয়ে প্রায়ে ব্যক্তি আৰু সমাজৰ বিভিন্ন পটভূমিত সাহিত্য সৃষ্টি কৰা হয়।
সাহিত্যিকসকল সমাজৰ আন মানুহৰ দৰে হোৱা সত্ত্বেও তেওঁলোক সমাজ আৰু মানৱ জাতিৰ কল্যাণৰ স্বাৰ্থত ব্যতিক্রমী হোৱা দেখা যায়। যিসকল মহান লেখক তথা যুগান্তকাৰী সাহিত্যিক সেইসকলে নিজৰ সুখ-স্বাচ্ছন্দ্য নেওচি সাহিত্য কর্মত আজীবন অতিবাহিত কৰিব লগা হয়। সেইসকল সাহিত্যিকে যুগান্তকাৰী সাহিত্য সৃষ্টিৰ মাজেৰে নিজৰ লগতে একোটা জাতিক মহীয়ান কৰিব পাৰিছে। উদাহৰণ স্বৰূপে শ্বেইক্সপীয়াবে অকলে ইংৰাজী সাহিত্যৰ ভঁৰাললৈ যিবোৰ উচ্চ পর্যায়ৰ কবিতা, নাটক আদি ৰচনা কৰি থৈ গৈছে সেইবোৰৰ বাবে ইংৰাজ জাতি সমগ্ৰ বিশ্বতে মহীয়ান হৈ আছে। সেইদৰে এণ্টন চেখভ, ঋষি টলষ্টয়, মেক্সিম গৰ্কী আদি বিশ্ববৰেণ্য সাহিত্যিকে ৰচনা কৰা সাহিত্যৰাজিৰ বাবে ৰুছ জাতি গৌৰৱান্বিত। আমি ভাৰতীয় সকলো মহাকবি কালিদাসৰ অমৰ সৃষ্টিসমূহৰ বাবে গৌৰৱান্বিত। এনে ধৰণৰ উদাহৰণ বিশ্ব সাহিত্য জগতত অলেখ পোৱা যায়। বিশ্বৰ যশস্বী সাহিত্যিকসকলৰ জীৱন ধাৰাৰপৰা সহজে অনুমান কৰিব পাৰি যে প্ৰতিগৰাকী সাহিত্যিকৰে সামাজিক দায়বদ্ধতা
অসীম। সাহিত্য যিহেত মানুহ আৰু সমাজৰ বাবে সকলো শ্ৰেণীৰ মানুহে নিজৰ সুখ-দুখ, হাঁহি-কান্দোন আদি অনুভূতি বিচাৰি পায় আৰু কেতিয়াবা পাঠকে সাহিত্যিকৰ ভাবৰ লগত একাত্ম হ'ব পাৰে। সাহিত্যিকৰ বিভিন্ন সৃষ্টিৰ মাজত সমসাময়িক সমাজখনক উচ্চস্তৰলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাহিত্যিকব দায়িত্ব অপৰিসীমসাহিত্য চর্চা বা সাহিত্য কর্মত আত্ম-নিয়োগ কৰাটো এটা পৱিত্ৰ আৰু মহান কাম। এই কামত নিৰৱচ্ছিন্নভাবে জড়িত থাকিব পাৰিলে সময়ত এগৰাকী সফল সাহিত্যিক হ'ব পৰা যায়। অৱশ্যে অমৰ সাহিত্য সৃষ্টি কৰিবলৈ হ'লে গভীৰ সাধনা, অধ্যয়ন আৰু নিৰন্তৰ চৰ্চাৰ প্ৰয়োজন। সমাজৰপৰা লাভ কৰা বাস্তৱ অভিজ্ঞতা আৰু গভীৰ যোগে লাভ কৰা অভিজ্ঞতা সাহিত্যিক এগৰাকীৰ সফলতাৰ মূল চাবি-কাঠি। অৱশ্যে এই অভিজ্ঞতা অৰ্জনৰ লগে লগে লেখক তথা সাহিত্যিক অভিজ্ঞতা আৰু প্ৰতিভাৰ বলতে লেখকে অমৰ সাহিত্য সৃষ্টি কৰিবলৈ সক্ষম হয়। প্রয়োজনীয় অভিজ্ঞতা, অধ্যয়ন আৰু প্ৰতিভাৰ অভাবতে কিছুমান লেখকৰ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত স্থবিৰতা পৰিলক্ষিত হয়। তত্ৰাচ বিশ্বৰ মানৱ সমাজৰ বিভিন্ন শ্ৰেণীৰ সাহিত্যিকৰ ভিন্ন অৱদানৰ বাবে আজি বিশ্ব সাহিত্যৰ ভঁৰাল নদন-বদন। এয়া মানৱ জাতিৰ অমূল্য সম্পদ আৰু অক্ষয় কীর্তি।
********

Comments
Post a Comment