মণিৰাম দেৱানৰ বিষয়ে ৰচনা
মণিৰাম দেৱানৰ বিষয়ে ৰচনা
মণিৰাম দেৱানৰ বিষয়ে ৰচনা Essay on Moniram Dewan in Assamese
- মণিৰাম দেৱানৰ সম্পূৰ্ণ নাম কি?
- স্বাধীনতা আন্দোলনত মণিৰাম দেৱানৰ ভূমিকা
- মণিৰাম দেৱানৰ ফাঁচী
- চাহ খেতিয়ক হিচাপে মণিৰাম দেৱানৰ ভূমিকা
- মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচিকাঠত ওলমিবলগীয়া হৈছিল?
![]() |
| মণিৰাম দেৱানৰ বিষয়ে ৰচনা |
মণিৰাম দেৱান
মণিৰাম দেৱানৰ পৰিচয়:
মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা বা মণিৰাম দেৱান অত্যন্ত বুধিয়ক, নিকা মনৰ গৰাকী, দেশপ্রেমী মণিৰাম দেৱানে অসমত বৃটিছ শাসনৰ আৰম্ভণিতে বৃটিছৰ আমোলত উচ্চপদস্থ বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰি বৃটিছৰপৰাই দেশ শাসনৰ খুতি-নাতি কৌশলবোৰ একনিষ্ঠতাৰে আয়ত্ত কৰি পিছলৈ সেই বৃটিছসকলকে অসমৰপৰা খেদিবলৈ ফন্দী পাতিছিল। আমাৰ দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথম পৰ্যায়ত সদৌ অসমৰ হৈ নেতৃত্ব দিয়া মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা বা মণিৰাম দেৱানেই আছিল বৃটিছৰ বিৰুদ্ধে যুঁজি মৃত্যুবৰণ কৰা প্ৰথম গৰাকী অসমীয়া শ্বহীদ। তদুপৰি এইজনা বীৰ-পুৰুষৰ নামটোৱেই এনে এক বুৰঞ্জীপ্রসিদ্ধ খ্যাতিৰ অধিকাৰী যে পাহৰণিৰ ৰাক্ষসীনী অথবা দুর্দান্ত কালৰ কুটিল গতিয়েও তেওঁৰ নাম অসম বুৰঞ্জীৰপৰা মচি পেলাব পৰা নাই।
বিশ্বাসী সহযোগী পিয়লী বৰুৱা, দুতিৰাম, বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলি, কন্দপেশ্বৰ সিংহ আদিৰ সৈতে অসমক বৃটিছ ঔপনিবেশিক শাসকসকলৰ কবলৰপৰা উদ্ধাৰ কৰাৰ মানসেৰে মণিৰাম দেৱানে এক গভীৰ ষড়যন্ত্ৰ তৈয়াৰ কৰিছিল। কিন্তু অসমৰ বাবে চৰম দুৰ্ভাগ্যৰ কথা আছিল যে দেৱান আৰু তেওঁৰ সহযোগীসকলে তৈয়াৰ কৰা ষড়যন্ত্র শহাকণীয়া বৃটিছসকলে গম পোৱাৰ পিছত মণিৰাম দেৱানৰ দেশ উদ্ধাৰৰ সমগ্ৰ অভিযান ব্যর্থ হয়। শেষত বিচাৰ হোৱাত বৃটিছ ৰাজশক্তিৰ বিৰুদ্ধে দ্রোহ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰি মণিৰাম দেৱানক তেওঁৰ ঘাই সহযোগী পিয়লী বৰুৱাৰ সৈতে যোৰহাটত ফাঁচী দিয়া হয়।
এইজন সাহসী ব্যক্তিয়ে বৃটিছৰপৰাই শিকি শেষত বৃটিছকে খেদিবলৈ বুদ্ধি পাঙিছিল, দেশ শাসনৰ আউল লগা সমস্যা কেতবোৰ যতনাই সমাধান কৰি বৃটিছৰ পৰা শ্ৰদ্ধা-উপহাৰ পাইছিল, কবিতা-প্ৰৱন্ধ ৰচনাৰে জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰিছিল, "বুৰঞ্জী বিবেক ৰত্ন" নামৰ ইতিহাস লিখি আমাৰ ঐতিহ্য ৰক্ষাৰ ব্যৱস্থা কৰিছিল, "সমাচাৰ দর্পণ” নামেৰে কলিকতাৰপৰা প্ৰকাশিত বাতৰি-কাকত এখনৰ সংবাদদাতা হিচাবে অসমত আহোম যুগতে সাংবাদিকতাৰ খুটি পুতিছিল আৰু প্ৰথম অসমীয়া চাহ খেতিয়ক হিচাবে চেনিজান আৰু চিংলৌত চাহ-বাগিচা খুলি অসমীয়া মানুহৰ মাজত চাহ-শিল্পৰ ব্যৱসায় আৰম্ভ কৰিছিল। তদুপৰি পুৰন্দৰ সিংহ আৰু বৃটিছ কোম্পানীৰ অধীনৰ মন্ত্ৰীসভাৰ সবাটোকৈ বুধিয়ক মন্ত্রী হিচাবেও দেৱানে ৰজাঘৰীয়া খ্যাতি আৰু সৰ্বসাধাৰণৰ শ্ৰদ্ধা-ভক্তি লাভ কৰিছিল।
মণিৰাম দেৱানৰ যুগতে ঐতিহ্যমণ্ডিত অসমখনক মানবিলাকে আক্ৰমণ কৰিছিল আৰু এই মানবিলাকক খেদি অসমক বিপদৰপৰা মুক্ত কৰিবলৈ অহা বৃটিছসকলে ৰক্ষকেই ভক্ষক হৈ গোজেই গৈ গজালিৰ ৰূপ লৈ অসমত থিতাপি লৈছিল। আহোম ৰাজত্বৰ সু-উজ্জ্বল বেলিও এইছোৱা সময়তে চিৰকাললৈ মাৰ গৈছিল। তেনে এক সন্ধিক্ষণতে জন্মলাভ কৰি অসমীয়াৰ ঐতিহ্য আৰু অস্তিত্ব ৰক্ষা কৰিবলৈ প্রাণপণে যুঁজ দিয়া মণিৰাম দেৱান কেৱল এজন ঐতিহাসিক বীৰেই নহয়, তেওঁ অসমীয়া জাতিৰ জীৱনী শক্তিও। অসমৰ জাতীয় জীৱনৰ ক্ৰমবিকাশৰ সৰ্বপ্ৰথম পথ প্রদর্শকো মণিৰাম দেৱানেই। কিয়নো অজেয় শক্তিশালী বৃটিছ শক্তিৰ সুদৃঢ় শাসন আৰু শোষণৰ বিৰুদ্ধে ছেগ চাই কেনেকৈ মূৰ ডাঙি থিয় হ'ব লাগে, সেই কথাও পিছৰ কালৰ মুক্তি-যুঁজাৰুসকলৰ বাবে মণিৰাম দেৱানেইহে প্রতিষ্ঠা কৰি থৈ গৈছিল। বৃটিছে সজা ফাঁচী-কাঠত মণিৰাম দেৱান মৰি তেওঁৰ প্ৰাণ পঞ্চভূতত মিলি গ'ল। কিন্তু তেওঁৰ স্মৃতি অসমীয়া মানুহৰ মনত ছেগা চোৰোকাকৈ হ'লেও চিৰকাললৈ ৰৈ গ'ল। মণিৰাম দেৱানৰ স্মৃতিচাৰণ কৰি অসমীয়া মানুহে বহুদিনলৈ বিহুগীত বা বনগীত হিচাবে কিছুমান গীত গাইছিল-
"ছালত মলঙিলে ছালেদৈ কোমোৰা টেকেলিত মলঙিল লোণ, দেশত মলঙিলে মণিৰাম দেৱান ঐ নেকান্দি থাকিব কোন?" ইত্যাদি।
এনে এজন স্বদেশপ্রেমী অসম সন্তানৰ স্মৃতি সোঁৱৰণ কৰি প্ৰখ্যাত অসমীয়া পণ্ডিত ৰত্নেশ্বৰ মহন্তই 'জোনাকী' আলোচনীৰ প্ৰথম বছৰ তৃতীয় সংখ্যাত লিখিছিল-"মণিৰাম দেৱান আচল ৰাজনীতি বিশাৰদ পুৰুষ আছিল। জার্মানী, ফ্রান্স বা বিলাতত থকা হ'লে, এওঁৰ যশ পৃথিৱী ব্যাপ্ত হ'লহেঁতেন।" কিন্তু পৰিতাপৰ কথা এইজনা বীৰ পুৰুষক আজি অসমীয়াই পাহৰি পেলাবলৈ ধৰিছে। বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই এখন পূর্ণাঙ্গ জীৱনী লিখি, নাট্যকাৰ প্ৰবীণ ফুকনে এখন পূর্ণাঙ্গ নাটক লিখি মণিৰাম দেৱানক বীৰ পুৰুষ ৰূপে প্ৰতিষ্ঠা কৰি থৈ নোযোৱা হ'লে অসমত তেওঁক সম্পূৰ্ণৰূপে জনাৰ কোনো উপায়েই নাথাকিলহেঁতেন। কিন্তু কথা শুনি তল যাব লগা, নাম ল'লেই গা সাতখন-আঠখন কৰা চাৰিঙলৈ বৃটিছ ৰাজত্বৰ আৰম্ভনিতে এদিন অন্ধকাৰ নামি আহিছিল। বৃটিছৰ প্ৰকোপতে সমগ্ৰ দেশৰ লগতে চাৰিং সৃতিৰ গতিও স্তব্ধ হৈ গৈছিল যিছোৱা সময়তেই জন্মগ্রহণ কৰিছিল যুগপুৰুষ মণিৰাম দেৱানে।
মণিৰাম দেৱানৰ জন্ম আৰু ল'ৰালি কাল:
১৭২৮ শকৰ ১৩ বহাগত (১৮০৬ চনৰ ২৭ এপ্ৰিলত) বুৰঞ্জীপ্ৰসিদ্ধ চাৰিঙত মণিৰাম দেৱানৰ জন্ম হৈছিল। সেই সময়ত অসমৰ ৰাজপাটত স্বৰ্গদেৱ কমলেশ্বৰ সিংহই আৰোহন কৰি তেওঁৰ মহামন্ত্রী পূর্ণানন্দ বুঢ়াগোহাঁইৰ সহযোগত ৰাজ্য শাসন কৰিছিল। কমলেশ্বৰ সিংহই ৰাজসভা হাতত লোৱাৰ আগে-পাছে মোৱামৰীয়াসকলে আন্দোলন কৰাৰ বাবে গোটেই অসম জুৰি এক ৰাজনৈতিক আৰু অর্থনৈতিক অচলাৱস্থাই দেখা দিছিল। যাৰ ফলত খোৱা বস্তু-বাহানিৰপৰা আদি কৰি সকলো বস্তুৰে জুই-চাই দাম হৈছিল। ৰজাঘৰ-প্ৰজাঘৰ উভয়তে সমানে বহুত ঘাটি হৈছিল। তেতিয়াই ৰংপুৰৰপৰা ৰাজধানী তুলি আনি যোৰহাটত নগৰ পাতি নতুনকৈ ৰাজধানী সজা হৈছিল। অসমত তেতিয়াই ইষ্ট ইন্ডিয়া কোম্পানীয়ে ৰপ্তানী কৰা বন্দুক, বাৰুদ আৰু গুলীৰো প্ৰচলন হৈছিল। আহোমসকলৰ মাজত যুদ্ধ প্রণালী, যুদ্ধৰ আহিলা-পাতি আৰু লগতে ৰাজ্য শাসনৰ নীতি-নিয়মো সলনি হৈছিল। দেশত এনেবোৰ ঘটনাৰ সোঁত বলি থাকোতেই চাৰিঙত ৰামদত্ত আৰু কৌশল্যাৰ ঘৰত মণিৰাম দেৱানৰ জন্ম হৈছিল। মণিৰাম দেৱানৰ জন্মৰ লগে লগে তেওঁৰ দেউতাক ৰামদত্তৰ আৰ্থিক অৱস্থাৰ উন্নতি হয় আৰু ৰজা কমলেশ্বৰ সিংহৰ কৃপা-অনুগ্রহ লাভ কৰি তেখেতে দোলাকাষৰীয়া বৰুৱাৰ বিষয়-বাব পায়। ঘৰত সন্তান জন্ম হোৱাৰ মুহূৰ্ততে ওচৰৰ গাঁৱে-ভূঞে থকা ডা-ডাঙৰীয়া, চমুৱা-চমাৰ সকলোকে মাছ দান কৰি ৰামদত্ত বৰুৱাই নৱজাতকৰ সোৱঁৰণী কৰাইছিল। সোঁৱৰণী মতেই নৱজাতকৰ নাম মণিৰাম থোৱা হৈছিল আৰু তাৰ পিছত জন্মৰপৰা অষ্টম মাহত মহা সমাৰোহেৰে অন্নপ্রাসন আদিও পতা হৈছিল।
যি লাই বাঢ়ে তাৰ দুপাততে চিন। মণিৰাম দেৱানৰ ক্ষেত্ৰতো সেয়ে হৈছিল। ভৱিষ্যতে যে মণিৰাম বংশ-পৰিয়াল তথা দেশৰ নাম ৰাখোঁতা হ'বগৈ, সেই কথা পানী কেঁচুৱা হৈ থকা অৱস্থাৰ আদব-কায়দা, হাহোঁন-কান্দোন, উঠন-বহন আৰু ভাৱ-ভঙ্গীৰ পৰাই গম ধৰিব পৰা গৈছিল। ল'ৰাক চাবলৈ যোৱা যিকোনো প্ৰকাৰ মানুহ ওচৰ চাপিলেই থোলোকা স্বাস্থ্যৰ মণিৰামে নেকান্দি হাঁহিছিল, কোনোবাই দাং-কোলাকৈ ল'লে চকু পিৰিকাই লওঁতাজনক যেন কিবা কিবি সুধিছিল, ধায়ে আলপৈচান ধৰোতে লেতেৰা কাপোৰ কানিত পেলাই থলে কান্দিছিল। আকৌ ভোক-পিয়াহ লাগিলে গগণ ফালি কেহেঁক-কেহেঁক কৈ কন্দাৰ বিপৰীতে মাথোন হাত-ভৰিহে আছাৰিছিল। এনে ধৰণৰ গাম্ভীর্যতা মণিৰামৰ চৰিত্ৰত কেঁচুৱা কালৰেপৰা ধৰা পৰিছিল। কেঁচুৱা কাল অতিক্ৰম কৰি মণিৰাম দেৱানে যেতিয়া চালুকীয়া অৱস্থা পাইছিল, তেতিয়া লগৰীয়া-সমনীয়াহঁতৰ সৈতে কথা-বার্তা পাতোঁতে, চলন-ফুৰণ কৰোতে সুকীয়া প্ৰতিভাৰ পৰিচয় দিছিল। গাঁৱৰ আনবোৰ ল'ৰা যেতিয়া ধেমালী খেলিবলৈ ওলাই যায়, মণিৰামে আকৌ ধেমালী বাদ দি পঢ়া-শুনা কৰিবলৈহে যায়। তথাপিও মণিৰাম দুষ্ট আছিল। কিন্তু তেওঁৰ দুষ্টালিবোৰ আছিল অলপ বেলেগ ধৰণৰ।
মণিৰাম দেৱানৰ মানৰ দিনত পলায়ন:
আহোম ৰাজবংশৰ মাজত খৰিয়াল লগাৰ ফলত স্বৰ্গদেৱ পুৰন্দৰ সিংহৰ দিনত ১৮১৭ চনত বদন বৰফুকনৰ আমন্ত্রণ পাই ব্রহ্মহ্মদেশৰ মান সৈন্যই অসম দেশ আক্রমণ কৰিছিল। বদনৰ মতে পুৰন্দৰ ৰজা হোৱাৰ উপযোগী ব্যক্তি নহয়। গতিকে তেওঁক অসমৰ ৰাজপাটৰপৰা আঁতৰাই তাৰ ঠাইত বৰফুকনৰ বংশৰ এজন সুযোগ্য পুৰুষক ৰজা পাতি অসম দেশখন ৰক্ষা কৰিব লাগে।
ফলত মানৰ আক্ৰমণত গোটেই অসম কঁপি উঠিছিল। মানহঁতে যাকে য'তে পাইছিল এফালৰ পৰা সকলোকে কাটি-কুটি খাস্তাং কৰিলে। পাটকাই পাহাৰেদি অসমলৈ নামি আহি উজনি অসমৰ গাঁৱে-ভূঞে, বাটে-পথে যি বস্তু পালে, মানহঁতে সকলোকে এফালৰপৰা তহিলং কৰি যাবলৈ ধৰিলে। গাঁও-ভূঁইবোৰত মানুহ নোহোৱা হ'ল। ফলত ঘৰ-গুচি গোটেইখন বাঁহৰ তল হ'ল। প্ৰজাসকলৰো বিলাই-বিপত্তিৰ সীমা নোহোৱা হ'ল। কোনোবা দেশ এৰি দেশান্তৰ হ'ল, কোনোবা খাছী পাহাৰ, জয়ন্তীয়া বা ভোটৰ দেশ ভূটান পালেগৈ। এইদৰে ল'ৰাই-তিৰোতাই তালিয়ে-টোপোলাই আটাইবোৰ মানুহ ভাগি তেনেই ফৰিং ছিটিকা দিলে। গোঁহাই, গগৈ, কোঁৱৰ, ফুকন, বৰুৱা, মটক, সোণোৱাল প্রভৃতি সকলো প্রজাই নিজ দেশ এৰি ক'ত যে থিতাপি ল'লেগৈ তাৰ কোনো হিচাপ নোহোৱা হ'ল। বছা বছা ৰখীয়াৰ দল লগত লৈ স্বৰ্গদেৱো বঙ্গদেশৰ চিলমাৰী পালেগৈ। সেই সময়ত মনিৰামহঁতক লগত লৈ দেউতাক ৰামদত্তও ভটিয়াই গৈ বঙ্গদেশৰ সীমা পালেগৈ।
মণিৰাম দেৱানৰ দেউতাক ৰামদত্ত দোলাকাষৰীয়া বৰুৱাই তেনে এক দুৰ্যোগৰ সময়তো অসমৰ পুৰণি ইতিহাসৰ অধ্যয়ন কৰি মণিৰামহঁতক উপযুক্তভাৱে গঢ় দিয়াৰ চেষ্টাত ব্রতী হৈছিল। আহোম যুগত ইতিহাস আৰু সাহিত্য চর্চা কৰোঁতা, প্রথম অসমীয়া অভিধান যুগুতোৱা যাদুৰাম ডেকা বৰুৱাও সেই সময়ত এজন ফুলকুমলীয়া কিশোৰ আছিল। মানৰ আক্ৰমণত ভটিয়াই গৈ যাদুৰামৰ দেউতাকো মণিৰামৰ দেউতাকৰ লগত একেলগে কেইমাহমান যুগিৰীঘোপাত (বর্তমান যোগীঘোপা) আছিল। এনেদৰে নাজল-নাথল হৈ ঢপলিয়াই ফুৰোতেও যাদুৰামৰ দেউতাক কৃষ্ণদাস ভড়ালী বৰুৱাইও পুৰণি সাঁচিপতীয়া পুথি-পাঁজিবোৰৰ বৰ যতন লৈছিল আৰু পুতেকহঁতক সেইবোৰ পঢ়িবলৈ দি আমাৰ প্রাচীন ঐতিহ্যৰ সোৱাদ ল'বলৈ শিকাইছিল। ফলত মণিৰাম, যাদুৰামক অসমৰ পৌৰাণিক কালৰ শৌর্য-বীর্য তথা খ্যাতিভৰা কথাবোৰে সেই তেতিয়াই অনুপ্রাণিত কৰিছিল।
এইদৰে কিছুদিন কটোৱাৰ পিছত ৰামদত্তই লগত নিজৰ পৰিয়ালটো লৈ ৰংপুৰ (বৰ্তমান বাংলাদেশৰ অধীনত) জিলাৰ বঙালকটালৈ যায়। বঙালকটাত গৈ উপস্থিত হোৱাৰ পিছতে দেউতাকে মণিৰামক এটা গধুৰ দায়িত্ব দিছিল। সেই দায়িত্বটো আছিল তেওঁলোকে লগত লৈ যোৱা পুৰণি সাঁচিপতীয়া পুথিসমূহৰ ইঠাইৰপৰা সিঠাই কৰি ঘূৰি ফুৰোঁতে কিবা ক্ষতি-খুন হ'ল নেকি তাৰ হিচাপ কৰা। দেউতাকৰপৰা এনে এক কঠোৰ দায়িত্ব পোৱাৰ লগে লগে মণিৰামে ভাদমহীয়া ৰ'দত এখন এখনকৈ সকলোবিলাক পুথি-পাঁজিকে ৰ'দাই কিমান পাত নষ্ট নেহোৱাকৈ থাকিল আৰু কিমান পাত হেৰাল, তন্ন তন্নকৈ পৰীক্ষা কৰি চাইছিল। বঙালকটাত থাকোঁতেই মণিৰামে এজন ঘৰুৱা ওজাৰ ওচৰত পঢ়া-শুনা কৰিছিল। আগেয়ে ঘৰত থাকোতেই শিকা আধাখনীয়া লেখা-পঢ়া সম্পূৰ্ণ কৰিবলৈ দেউতাকে মণিৰাম আৰু ভায়েকহঁতক সংস্কৃত, বঙলা আৰু ফাচী ভাষা শিকাবলৈ ঘৰুৱাভাৱেই সেই বঙালী ওজাজন নিযুক্তি দিছিল। মণিৰামৰ বুদ্ধিৰ প্ৰখৰতা আৰু মেধা গুণ দেখি ওজাজন আচৰিত হৈছিল।
এইদৰে যোগীঘোপা, চিলমাৰী, বঙালকটা আদি ঠাইত ঘূৰি-পকি তেওঁলোক পুনৰ কিছুদূৰ উজাই আহি গোৱালপাৰাত থাকিবলৈ ল'লেহি। সেই সময়ত অসমৰ কাছাৰ আৰু গোৱালপাৰা বঙ্গদেশৰ অধীনত আছিল আৰু সেইবাবেই সেই অঞ্চলত বৃটিছে আগৰেপৰাই কোঠ পাতিছিল। গোৱালপাৰাত আহি থাকোঁতেই মণিৰামৰ কেবাজনো বৃটিছ বেপাৰীৰ সৈতে চা-চিনাকি হ'ল আৰু কোম্পানীৰ পৰিচালনাৰ দায়িত্বত থকা বৰমুৰীয়া চাহাব ডেভিদ স্কট, ৰিচাৰ্ডছ ক্ৰচ, মেকলেইন, নৌভিল প্রভৃতিৰ লগতো ঘনিষ্ঠতা গঢ় লৈ উঠিল। চাহাবসকলেও মণিৰামৰ নজনাক জানিবলৈ কৰা আগ্রহ, দেশৰ ৰাজনীতি আৰু সমাজনীতিৰ ওপৰত থকা জ্ঞান আৰু বুদ্ধিৰ প্ৰখৰতা দেখি তেওঁক আপোন কৰি তুলিলে।
প্রথম অসমীয়া চাহ খেতিয়ক- মণিৰাম দেৱান:
অসমীয়া সমাজ আৰু সংস্কৃতিক হাড়ে-হিমজুৱে ভাল পোৱা মণিৰাম দেৱানে ওৰে জীৱন অসমখনৰ উন্নতিৰ কথা চিন্তা কৰিয়েই জীৱনপাত কৰিছিল। সেইবাবেই 'আসাম কোম্পানী'য়ে যাঁচি দিয়া দেৱানৰ পদ আৰু ধনৰ লোভ নেওচিবলৈও তেওঁ কুণ্ঠাবোধ নকৰিলে। কোম্পানীয়ে এদেও-সুদেওকৈ আগ বাঢ়ি-বাঢ়ি যেতিয়া অসমৰ বুকুৰ পৰা সকলো সম্পদকে কাঢ়ি নি বিলাত পোৱালেগৈ, তেতিয়া আৰু তেওঁৰ পক্ষে হাত সাবটি বহি থকাটো সম্ভৱ নহ'ল। মণিৰামে কোম্পানীক জনাই দিলে যে অসমৰ বুকুত হোৱা এই শোষণ তেওঁবিলাকে বন্ধ কৰক নতুবা অসম এৰি উভতি যাওঁক। কিন্তু গোজেই গজালি হৈ থিতাপি লোৱা কোম্পানীৰ বাবে জানো অসম ত্যাগ কৰা সম্ভৱ? বৃটিছে এটাও দাবী মানি নোলোৱাত মণিৰাম ক্ষুণ্ণ হৈ শেষত 'আসাম কোম্পানী' আৰু বৃটিছৰ সঙ্গ দুয়োটাকে ত্যাগ কৰিবলৈ বাধ্য হ'ল।
'আসাম কোম্পানী'ৰ দেৱানৰ পদ ত্যাগ কৰাৰ পিছতে মণিৰামে নিজাকৈ চেনিমৰা আৰু চেংলুঙত (চিংলৌ) দুখন চাহ বাগিছা খুলিছিল। সেই অনুসাৰে মণিৰাম দেৱান আছিল সর্বপ্রথম অসমীয়া চাহ খেতিয়ক। এই ক্ষেত্ৰতো তেওঁক অৱশ্যে বৃটিছসকলে বাধা প্রদান কৰিলে। কিন্তু তেওঁ যথেষ্ট কষ্ট স্বীকাৰ কৰি, বৃটিছৰ বাধাও নেওচি বাগিছা দুখন নিয়াৰিকৈ পাতি এজন সুদক্ষ খেতিয়ক হিচাবে প্রতিষ্ঠা লাভ কৰিছিল। দেৱানে নিজে আত্মনিৰ্ভৰশীল হৈ আনকো সেই পন্থা ল'বলৈ শিক্ষা দিছিল।
অসমবাসীৰ হৈ বৃটিছৰ প্ৰতি অসন্তুষ্টি প্রকাশ:
১৮২৫ চনত বৃটিছ শাসনৰ সংস্পৰ্শলৈ অহাৰ দিনৰেপৰা ১৮৪৫ চনত সেই সম্পর্ক ত্যাগ কৰালৈকে মণিৰাম দেৱানে অসমৰ উন্নতিৰ বাবেই বৃটিছৰ সৈতে বন্ধুত্ব বজাই ৰাখিছিল। কিন্তু সেই কুৰি বছৰৰ পিছৰছোৱা সময়লৈ বৃটিছৰ মনোভাৱ যিমানে শোষণমূলক হৈ উঠিছিল, সেয়া দেখিশুনি মণিৰাম দেৱানেও তেওঁবিলাকৰ প্ৰতি অসন্তুষ্টি প্রকাশ কৰিবলৈ লৈছিল। এচাম বঙালী কেৰাণী-মহৰিৰ কথাত পৰি বৃটিছে ১৮৩৬ চনৰ অসমৰ পঢ়াশালিৰ পৰা অসমীয়া আঁতৰাই তাৰ ঠাইত বঙলা ভাষা প্ৰৱৰ্তন কৰিছিল। শদিয়া, খাছী পাহাৰ, জয়ন্তীয়া, ভূটান, নগা পাহাৰ আদিত বৃটিছ কোম্পানীয়ে প্রভুত্ব চলাবলৈ যোৱাত সেই ঠাইসমূহৰ স্বাধীনচিতীয়া মানুহবিলাক বৃটিছৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল। পৰিস্থিতি গমি-পিতি মণিৰামে যুৱৰাজ ঘনকান্ত সিংহক ৰজা পাতি অসম হেৰোৱা স্বাধীনতা পুনৰাই উদ্ধাৰ কৰিবলৈ যো-জা কৰিলে।
অসমৰ তেনে এক অশান্তিকৰ পৰিস্থিতিৰ বুজ ল'বলৈ কলিকতাৰপৰা গৱৰ্ণৰ জেনেৰেলে ১৮৫৩ চনত এজন পর্যবেক্ষকক অসমলৈ পঠাইছিল। কলিকতাৰ সদৰ আদালতৰ জৰ্জ এন্দুজ জন মফ্ট মিলছ নামৰ এই চাহাবজনে সেই চনৰে পাঁচ জুন তাৰিখে আহি শিৱসাগৰ পায়হি। মিল্ছ চাহাবে আহিয়েই অসমৰ গণ্য-মান্য শিক্ষিত চাম ৰাইজৰপৰা বৃটিছ শাসনৰ সপক্ষে-বিপক্ষে মতামত বিচাৰিলেহি। তেওঁৰ হাতত বৃটিছ শাসনৰ সপক্ষে অনেক অসমীয়াই আর্জি-এতলা দিয়াৰ পৰিৱৰ্তে মাত্র দুজন ব্যক্তিয়েহে বৃটিছ শাসনৰ ঘোৰ বিৰোধিতা কৰি আবেদন পত্র লিখিছিল। সেই দুজন ব্যক্তিৰ ভিতৰত প্ৰথমজন আছিল স্পষ্টবাদী মণিৰাম দেৱান আৰু আনজন হ'ল চন্দ্রকান্ত সিংহৰ পুতেক যুৱৰাজ ঘনকান্ত সিংহ। অৱশ্যে ঘনকান্ত সিংহৰ আবেদনখনো মণিৰাম দেৱানেই লিখিছিল; তাত চহীটোহে আছিল যুৱৰাজৰ। যুৱৰাজৰ আবেদন পত্ৰ পঢ়াৰ পিছত মিন্টু চাহাবৰ খং মূৰৰ চুলিত উঠিছিল।
এই অভিযোগসমূহ আগবঢ়াই দেৱানে সামৰণিত অসম দেশখন কিদৰে শাসন কৰিলে দেশৰ প্ৰজাৰ মাজত সুখ-শান্তি বিৰাজ কৰিব আৰু চৰকাৰৰো কোনো প্ৰকাৰৰ বিপদ-বিঘিনি নহ'ব, তাৰ আঁচনি আৰু উপায়ো নিয়াৰিকৈ আগবঢ়াইছিল। সেই আঁচনি আৰু উপায় মতে মণিৰাম দেৱানৰ প্ৰধান দাবী আছিল বিশ্বনাথত আগৰদৰেই বৃটিছৰ এজন মহামন্ত্রী চাহাবক ৰাখি উজনিৰ ৰংপুৰত আহোম ৰাজবংশক শাসন কৰিবলৈ সুবিধা দিব লাগে। মিছ চাহাবে কিন্তু ৰাজকোঁৱৰ ঘনকান্ত আৰু দেৱানৰ আৰ্জি দুখন সুকীয়াকৈ ৰাখি বাকীবোৰ ফটা কাগজৰ দ'মত পেলাই দিছিল। এই দুয়োখন আবেদনেই কিন্তু অসমীয়া জাতীয় জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। অসম শোষণ কৰিবলৈ অহা বৃটিছৰ পোন প্ৰথম বিৰোধিতা কৰি লিখা এই আবেদন দুখন পঢ়ি উঠি মিল্ চাহাবৰ খং দুগুণে চৰিছিল। সেয়েহে মণিৰামৰ মগজুৰ বিকৃতি ঘটাৰ ফলতহে সেই কথাবোৰ লিখিছে বুলি মিছে দেৱানৰ ওপৰত দোষ জাপি দি বৃটিছ গৱৰ্ণৰ জেনেৰেললৈ এনেদৰে লিখিছিল - "মণিৰাম দেৱান মানুহজন বৰ টেঙৰ, কুটনীতি কৰি ফুৰা, তলে পুতল আৰু ষড়যন্ত্রকাৰীৰ শীতল সন্নিপাত, এওঁ বৃটিছৰ গোটেই শাসন প্রণালীটোকে নিন্দা কৰিছে আৰু নিন্দা বা গৰিহণা দিয়াৰো যি সীমা আছে তাকো চেৰাই গৈ অতিৰঞ্জিতভাৱে উচ্চ শ্ৰেণীৰ দুৰ্দশাবোৰ বৰ্ণাই গৱৰ্ণমেণ্টৰ কুৎসা ৰচনা কৰিছে - যত জঁটকুটৰ ঘাই মণিৰাম দেৱানেই। এওঁহে কেৱল বৃটিছ ৰাজত্বৰ ছিদ্র উলিয়াই ফুৰিছে।”
অসমত কোম্পানীৰ শাসনৰ অগ্রগতি চোৱা-চিটা কৰিবলৈ অহা মিল্ছ চাহাবৰ এই মতামত পোৱাৰ পিছতে গৱৰ্ণৰ জেনেৰেলে মণিৰাম দেৱান, যুৱৰাজ ঘনকান্ত সিংহ আৰু তেওঁলোকৰ লগৰীয়াবিলাকৰ ওপৰত চোকা নজৰ ৰাখিবলৈ কোম্পানীৰ বিষয়াসকলক গোপনে নির্দেশ জাৰি কৰিলে।ইপিনেদি মিল্ চাহাবৰপৰা অসমৰ শাসন উন্নত কৰা বিষয়ৰ আটাইকেউটা প্রশ্নৰ কোনো উত্তৰ নোপোৱাত মণিৰাম দেৱান অতীষ্ঠ হৈ পৰিল। শেষত তেওঁ কলিকতাত থকা বৰলাট চাহাবক অর্থাৎ গৱৰ্ণৰ জেনেৰেলক আকৌ লগ ধৰি হ'লেও অসমত যিকোনো প্ৰকাৰে আহোম ৰাজবংশৰ শাসন প্ৰৱৰ্তন কৰিবলৈ মন স্থিৰ কৰিলে। সেইবাবে অসমৰ গণ্য-মান্য ব্যক্তিবর্গৰপৰা আৰু ক্ষমতা হেৰুৱাই কেঁচু যেন হৈ পৰা আহোম ৰাজ পৰিয়াল আৰু ডা-ডাঙৰীয়াসকলৰপৰা ধন-বিত সংগ্ৰহ কৰি দেৱান দ্বিতীয় বাৰৰ বাবে কলিকতালৈ ৰাওনা হ'ল। সেইবাৰ ঘনকান্ত সিংহক ৰজা পাতি আহোম ৰাজবংশক পুনৰ ৰাজ্য ওভোতাই দিব লাগে বুলি দেৱানে কলিকতাত বৰলাট চাহাবক অনুৰোধ জনালেগৈ। পিছে ৰাজ্য শাসন কৰিব পৰাকৈ ঘনকান্ত সিংহৰ উপযুক্ত অর্হতা আছেনে নাই, প্রমাণ চাবলৈ বৰলাটে ঘনকান্ত সিংহক বিচাৰিলে। দেৱানেও কলিকতাৰপৰাই ঘনকান্ডক তালৈ মাতি পঠাই কেবাখনো চিঠি দিলে। কিন্তু দেৱানে ঘনকান্ত সিংহৰপৰা কোনো উত্তৰ-ভৰসা নাপালে। লগে লগে পুৰন্দৰ সিংহৰ নাতিয়েক কন্দৰ্গেশ্বৰ সিংহৰ সৈতে কলিকতাৰপৰাই যোগাযোগ কৰি দেৱানে তেওঁৰপৰা উপযুক্ত সহাঁৰি পালে আৰু বৰলাটৰ সৈতে আলোচনা কৰি তেওঁকে অসমৰ ৰজা পতাৰ যাৱতীয় ব্যৱস্থা কৰিবলৈ ধৰিলে
মণিৰাম দেৱানৰ ফাঁচী:
ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীজ ৰোপণ কৰি অসমত বৃটিছৰ বিৰুদ্ধে কৌশলেৰে আগবাঢ়ি যাওঁতেই মণিৰাম দেৱান, পিয়লী ফুকনকে ধৰি তেওঁলোকৰ সতীৰ্থসকল পিচলি পৰিব লগীয়া হ'ল। বৃটিছৰ ভক্তিত একান্ত বাধ্য হৈ পৰা হৰনাথ পৰ্বতীয়া বৰুৱা, চোৰাংচোৱা মোহন হাজৰিকা আদিৰ দৰে কিছুমান ঘৰবৈৰী মানুহৰ প্ৰৰোচনা আৰু সহায়-সহযোগৰ বাবেই বৃটিছসকল ইমান দূৰ আগবাঢ়িব পাৰিছিল। কলিকতাত গ্ৰেপ্তাৰ কৰাৰ পিছত ১০০ জন গোৰা চিপাহীৰে সৈতে নজৰ বন্দী কৰি "কেলিডন" নামৰ জাহাজেৰে দেৱানক যোৰহাটলৈ লৈ অনা হ'ল। লগে লগে দেৱান আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে হলৰইদ চাহাবে বিচাৰৰ ভেকোভাওনাৰ আয়োজন কৰে। ১৮৫৭ চনৰ ১৪ নং ধাৰা অনুসৰি বিচাৰ কৰি ৰজা কন্দপেশ্বৰ সিংহক গুৱাহাটীত নজৰ বন্দী কৰি ৰাখিলে; মধু মল্লিক, দুতিৰাম বৰুৱা, গনেশচন্দ্র, লুকী শেনচোৱা, নীলকণ্ঠ চোলাধৰা ফুকন, কমলা চাৰিঙীয়া বৰুৱা, বাহাদুৰ গাঁওবুঢ়া আদিক কলিয়াপানীৰ নিৰ্বাসন দণ্ড আৰু মধুৰাম কোঁচ, উমাকান্ত বৰঠাকুৰ, নাৰায়ণ আৰু মায়াৰাম বৰবৰা, ঈশেশ্বৰ শৰ্মা প্রভৃতিক কাৰাদণ্ড বিহিলে। শেষত সেই একেখন আইনৰ অধীনতে বিচাৰৰ ভাওনা পাতি হলৰইদে ১৮৫৮ চনৰ ন ফেব্ৰুৱাৰীত পিয়লী বৰুৱাৰ আৰু সেই বছৰৰে ২৩ ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ ফাঁচীৰ হুকুম জাৰি কৰিলে। সেই অনুসাৰে যোৰহাটৰ টোকোলাই নৈৰ পশ্চিমপাৰে কুঁৱৰী পুখুৰীৰ পূৱে তথা গড় আলিৰ দক্ষিণে থকা ঠাইখণ্ডত ফাঁচীশাল সজাই ২৬ ফেব্ৰুৱাৰীৰ দিনা দুয়োজন স্বাধীনতা সংগ্রামীকে ফাঁচী কাঠত ওলমোৱাৰ ব্যবস্থা কৰা হ'ল।
২৬ ফেব্ৰুৱাৰীৰ দিনা দুয়োজন বীৰপুৰুষক বিদায় জনাবলৈ যোৰহাটত অগণন মানুহৰ সমাগম ঘটিল। শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট, নগাঁও আৰু মাজুলীৰপৰাও অনেক মানুহ আহি যোৰহাটত গোট খাই মণিৰাম-পিয়লীৰ গুণানুকীৰ্তন কৰি হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে। সেই মানুহবিলাকক চম্ভালিবলৈ জাকে জাকে গোৰা পল্টনে ফাঁচীকাঠৰ চৌপাশ বেৰি পেলালে। পুৱা ন বজাৰ লগে লগে দুয়োজন বীৰ পুৰুষকে বন্দীশালৰপৰা উলিয়াই অনা হ'ল মণিৰাম দেৱানে হাঁহি হাঁহি হাতত ৰূপৰ ধোঁৱাখোৱাটো লৈ আগবাঢ়ি আহিল, তেওঁৰ পাছে পাছে আহিল পিয়লী বৰুৱা। চিপাহীয়ে দুয়োকে নি ফাঁচী শালৰ ওচৰ পোৱালেগৈ। ওচৰত মিঃ হলৰইদ, বিচ্চাৰ, ৰিছাৰ্ডচন আদি চাহাব, ডাৰোগা হৰনাথ পৰ্বতীয়া বৰুৱা আৰু দূৰে দূৰে অনেক প্রজা। সকলোৱে শুনাকৈ ইংৰাজী আৰু বঙলা ভাষাৰে হলৰইদ চাহাবৰ ফাঁচীৰ হুকুমটো পঢ়ি দিয়া হ'ল। লগে লগে দেৱানে হাতৰ ধোঁৱাখোৱাটোত কেহোঁপামান মারি ডাৰোগাৰ হাতত সেইটো গটাই দিলে আৰু দুই হাত যোৰ কৰি ফাঁচীশালৰ চাঙৰপৰাই সকলোৰেপৰা ক্ষমা বিচাৰিলে –"হে প্রজাসকল! মই বিষয়া হৈ থাকোঁতে মোৰপৰা তোমালোকে অশেষ দুখ-বেজাৰ পাইছিলা, সেই সকলোবোৰ এনে সময়ত তোমালোকে ক্ষমা কৰিব লাগে।"
তেওঁৰ শেষ বাণীষাৰ শেষ হোৱা কিঞ্চিৎ সময়ৰ পিছতে কেউকাষে তহল দি থকা চিপাহীবোৰে শূন্যলৈ লক্ষ্য কৰি কেবাজাঁয়ো গুলী মাৰিলে। গুলীৰ শব্দ নিজম পৰাত দুজন ফাটেকিয়াল ফাঁচীৰ চঙলৈ উঠি গৈ দুয়োৰে মূৰত দুটা ক'লা টুপী পিন্ধাই দিলে আৰু তাৰ পিছত ফাটেকিয়। দুজনে ফাঁচীৰ জৰীও ডিঙিত পিন্ধাই নামি আহিল। যোৰহাটৰ কাছাৰী ঘৰত ঠিক দহবজাৰ ঘণ্টাত কোব পৰোঁতেই বীৰাই চাউডাঙে ফাঁচীৰ জৰীত টান দিয়াৰ লগে লগে মানুহবোৰে তন্ময় হৈ চাই থকাৰ মুহূৰ্ততে মণিবাম-পিয়লিৰ জীৱন্ত শৰীৰ দুটি মৰা শত পৰিণত হ'ল। অতি কৰুণভাবে দুটি অসম-প্ৰাণৰ প্রাণবায়ু পঞ্চভূতত মিলি গ'ল। সন্ধ্যা সাজ লাগি ভগাত দুয়োটা মৃতদেহ নি মাটিত পুতি থোৱা হ'ল – আৰু এইদৰেই মণিৰাম আৰু পিয়লীৰ মানৱ শৰীৰ দুটা অসমৰ মাটিত মলঙি তেওঁলোকৰ নাম দুটা যুগ-যুগান্তৰলৈ জিলিকি ৰ'ল।
মণিৰাম দেৱানৰ ব্যক্তিগত জীৱনত এভূমুকি:
প্রায় চাৰে পাঁচ ফুট ওখ, বোন্দাকেঁচু বৰণীয়া গাৰে সৈতে কেঁৰাচকুৱা মণিৰাম দেৱান এজন সৰ্ববিদ্যা-বিশাৰদ পুৰুষ আছিল। তেওঁ সোহাঁত-বাওঁহাত দুয়োটা হাতেৰেই লিখা-পঢ়াৰ পৰা আদি কৰি সকলো কাম কৰিব পাৰিছিল। মূৰত অনবৰতে তামৰাজ পাগুৰী মৰা, অলপ কুঁজা চেহেৰাৰে, ওখ বহল কপালখনেৰে সৈতে মণিৰাম দেৱান দেখিবলৈ সিমান দেখনিয়াৰ মানুহ নাছিল যদিও জ্ঞানৰ পাৰদৰ্শিতাৰে তেওঁ সকলোকে জয় কৰিব পাৰিছিল। দেৱানে চাৰিগৰাকী পত্নী বিয়া কৰিছিল। প্ৰথমা গৰাকী পত্নী তৰাৱতীৰ এটি মাত্র কন্যা সন্তানৰ জন্মৰ পিছতে মৃত্যু ঘটিছিল। দ্বিতীয়া গৰাকী বুটিতা বা বৃন্দাবলী। এওঁলোক দুয়ো আছিল চামগুৰিৰ। এই বুটিতাৰ ঔৰসতে ব'ম নামৰ পুত্র সন্তানটিৰ জন্ম হৈছিল। তৃতীয় ভার্যা আছিল বিশ্বনাথৰ চম্পাৱতী। চম্পাৱতীৰ অনুৰাম আৰু গোপাল নামৰ দুটি পুত্ৰ আৰু লম্বিতা, দময়ন্তী আৰু ৰাধা নামৰ তিনিগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল। চতুর্থা ভার্যা বিনন্দিনীক দেৱানে ফাঁচী লোৱাৰ প্ৰায় দহ/বাৰ বছৰৰ আগেয়েহে এলেঙী সত্ৰৰপৰা বিয়া কৰাইছিল আৰু তেওঁৰ যাদুৰাম নামেৰে এটি পুত্ৰ সন্তানৰ জন্ম হৈছিল। মণিৰাম দেৱান আৰু তেওঁৰ পুত্ৰ তথা জীয়ৰীহঁতৰ ফালৰ পৰা বঢ়া বংশ পৰিয়ালৰ বিষয়ে উল্লেখ কৰি বেণুধৰ শৰ্মাই লিখিছিল "আজি-কালি অসমৰ এনে এঘৰ সম্ভ্রান্ত কায়স্থ নাই যাৰে সৈতে মণিৰাম দেৱানৰ এফালে নহয় এফালে ৰক্ত সম্বন্ধ নাই।”
দেৱানক ফাঁচী দিয়াৰ পাছতে তেওঁৰ সকলো স্থাবৰ তথা অস্থাবৰ সম্পত্তি বৃটিছ চৰকাৰে বাজেয়াপ্ত কৰে। সেইমতেই যোৰহাট, অর্জুনগুৰি (শিৱসাগৰ), নাজিৰা, বিশ্বনাথ, চাওখাত, চাৰিং, চেনিমৰা আৰু চেংলুঙত থকা দেৱানক আঠখন ঘৰবাৰী, যোৰহাটৰ চাংমাই গড়, এৰালতলী, কাকপথাৰ, চাবুকধৰা আদিত থকা ১০০ পাল মান গৰু-ম'হ, তথা নানান সা-সম্পত্তি বৃটিছসকলে হস্তগত কৰি পেলাইছিল।
সামৰণি:
একালত বৃটিছৰ সৈতে বন্ধুত্ব স্থাপন কৰি, তেওঁবিলাকৰপৰা দেশ শাসন আৰু উন্নত জীৱন যাপনৰ সকলোবোৰ উৎকৃষ্ট গুণ আয়ত্ব কৰা মণিৰাম দেৱানে পিছলৈ বৃটিছৰ শোষণকাৰী মনোভাৱ দেখি অতীষ্ঠ হৈ পৰিছিল। সেয়েহে তেখেতে বৃটিছ শাসকৰ বিৰুদ্ধে গোপনে ষড়যন্ত্র ৰচনা কৰিছিল। কিন্তু শেষত বৃটিছলৈ পতা জালত নিজেহে বন্দী হ'ব লগা হ'ল। অসমৰ জাতীয় জীবনৰ ক্ৰমবিকাশৰ কথা চিন্তা কৰিয়েই দেৱানে জীৱনৰ প্ৰতিটো সোণালী মুহূৰ্ত মাতৃভূমিৰ নামতে উচৰ্গা কৰি গ'ল। পোন প্রথম বৃটিছ কোম্পানীৰ দেৱান হৈ অসমত চাহ বাগিছা পাতি, অসমৰ বুৰঞ্জী চৰ্চা কৰি আৰু সাংবাদিকতাৰ জৰিয়তে নতুন পুৰুষক নতুনৰ সোৱাদ দিওঁতা, ক্ষণজন্মা পুৰুষ মণিৰাম দত্ত বৰুভাণ্ডাৰ বৰুৱাই শেষত অসম ৰাজ্যৰ স্বাধীনতাৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ৰ সংগ্ৰামীসকলৰ সৈতেও একগোট হৈ এক তুমুল সংগ্রামত অবতীর্ণ হৈছিল। গতিকে মণিৰামৰ জীৱনটোৱেই আছিল এক মহাসংগ্ৰামৰ জীৱন।
ইতিহাসৰ এক কাল সন্ধিক্ষণত জন্মগ্রহণ কৰি নানা প্রতিকূলতাৰ মাজত জাতীয় স্বাৰ্থৰ বাবে নিজকে আত্মবলিদান দিয়া মণিৰাম দেৱানে অসমবাসী ভাৰতীযসকলৰ মনত স্বাধীনতাৰ যিকুৰা জুই জ্বলাই থৈ গ'ল, সেই জুইকুৰাই অসমীয়া মানুহক চিৰকালে অপকাৰী শত্ৰৰ প্ৰতি মাৰবান্ধি থিয় হ'বলৈ প্ৰেৰণা যোগাই থাকিব। বৰলুইত যিমান দিনলৈকে ব'ব, সিমান দিনলৈকে মণিৰাম দেৱান অসমীয়াৰ মাজত জীয়াই থাকিব আৰু সিমান দিনলৈকে মণিৰাম দেৱানৰ আত্ম-বলিদানৰ কাহিনীয়ে অসমীয়া জাতিক অনুপ্রাণিত কৰি থাকিব।
******

Comments
Post a Comment