সমাজৰ উচ্ছৃঙ্খল যুৱ মানসিকতা নিৰাময়ত মাতৃসকলৰ ভূমিকা
সমাজৰ উচ্ছৃঙ্খল যুৱ মানসিকতা নিৰাময়ত মাতৃসকলৰ ভূমিকা
সমাজৰ উচ্ছৃঙ্খল যুৱ মানসিকতা নিৰাময়ত মাতৃ আৰু সমাজৰ ভূমিকা ৰচনা অসমীয়াত Homajor Ushingkhol Yuva Manokhikota Niramoyot Mattri aru Homajor Bhumika Rosona Asomiyat
![]() |
| সমাজৰ উচ্ছৃঙ্খল যুৱ মানসিকতা নিৰাময়ত মাতৃসকলৰ ভূমিকা |
সমাজৰ উচ্ছৃঙ্খল যুৱ মানসিকতা নিৰাময়ত মাতৃসকলৰ ভূমিকা
সময়ৰ পৰিৱৰ্তনৰ লগে লগে যুৱ প্ৰজন্মৰ মনৰ বিৱৰ্তন ঘটিছে। যুৱ মনৰ উচ্ছৃঙ্খলতাই সমাজত জলন্ত সমস্যা হৈ ভয়াবহ ৰূপ ধাৰণ কৰিছে। মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱস্থাটোৱেই হৈছে যুৱ অৱস্থা। যুৱ শক্তি মহান শক্তি। প্ৰতিগৰাকী যুৱক-যুৱতী হৈছে জাতিৰ ভৱিষ্যৎ কর্ণধাৰ তথা সমাজৰ মেৰুদণ্ড স্বৰূপ। যাৰ উন্নত চিন্তাধাৰা আৰু অসীম শক্তিৰে সমাজ এখনক সঠিক দিশত পৰিচালিত কৰি সমাজৰ সাফল্য আনিব পাৰে। মেৰুদণ্ড স্বৰূপ যুৱ সমাজ যদিও অবাটে গতি কৰে তেনেহ'লে সমাজ থৰক-বৰক হয়। এটা জাতি তথা এখন দেশ প্ৰগতিৰ পথত আগুৱাই নিবৰ বাবে যুব শক্তিৰ দায়িত্ব অসীম। কিন্তু আজি যুব প্রজন্মই পাহৰি পেলাইছে নিজৰ অস্তিত্ব। আধুনিক বিলাস-বৈভৱৰ মানসিকতাক আঁকোৱালি লৈ জলাঞ্জলি দিব বিচাৰিছে নিজৰ সভ্যতা-সংস্কৃতি। আনৰ প্ৰয়োজনীয় সমলখিনি গ্ৰহণ কৰি নিজৰ লগত মিলাই ভাল হোৱা হ'লে একো কথা নাছিল, কিন্তু পাশ্চাত্য ভাবধাৰাৰ বেয়াখিনিহে অনুকৰণ কৰি ঘৰচিৰিকাই ৰাজহংসৰ খোজ দিবলৈ গৈ নিজৰ খোজ পাহৰি জঁপিয়াই ফুৰাৰ দৰে আমাৰ যুৱ প্রজন্মই প্রগতিবাদী বুলি ভাবি আধুনিক হৈছে। কিন্তু সেয়াই জানো সমাজলৈ সুখ-শান্তি আনিব পাৰিছে, বৰং তাৰ ফলত সমাজত ঘটিছে নিতৌ হত্যা, লুণ্ঠন, ধর্ষণ অপহৰণ, ঠগ-প্রবঞ্চনা আদি অপকর্ম।
এফালেদি বিজ্ঞানৰ জয় যাত্ৰা আৰু অন্যফালেদি মানৱীয় মূল্যবোধৰ অৱক্ষয়। এক ভাবিব নোৱৰা ভাৰসাম্যহীন সমাজ ব্যৱস্থা। গতিকে শূন্য মানবতাবোধৰ উচ্ছৃঙ্খল যুৱসমাজক কিদৰে সুপথলৈ আনিব পাৰি সেইটো অতি চিন্তাৰ বিষয় হৈ পৰিছে। আজি আমি মাতৃসকলে ভালদৰে উপলব্ধি কৰিব লাগে যে আমাৰ সন্তানৰ অধঃপতনৰ বাবে আমিয়েই দায়ী আৰু এই জলন্ত সমস্যা নিৰাময়ৰ বাবে আমাৰ কর্তব্য পালনৰ গধুৰ দায়িত্ব আহি পৰিছে আৰু মাতৃসকলৰ ভূমিকাই অধিক। উচ্ছৃঙ্খল সমাজখনৰ যুৱক-যুৱতীসকলক নৈতিক আৰু আধ্যাত্মিক জ্ঞান দি শৃঙ্খলিত কৰিব পাৰিব মাত্র মাতৃগৰাকীয়ে। নৈতিকতাৰ যিবোৰ গুণ যেনে- দয়া, ক্ষমা, প্রেম, অহিংসা, পৰোপকাৰ, শ্রদ্ধা, ভক্তি, উদাৰতা, সমতা, নমনীয়তা আদি গুণবিলাক শিশুক মাতৃগৰাকীয়ে ঘৰখনতে শিকাব লাগে। আমি হতাশাত ভুগিলে নহ'ব। ইয়াক ৰোধ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব। এই মহান কর্মত মাতৃসকল দায়িত্বশীল অংশীদাৰ।
অতীতৰপৰা বৰ্তমানলৈকে আমি দেখিবলৈ পাওঁ যে পৃথিৱীত যিমানবিলাক মহান ব্যক্তিৰ জন্ম হৈছে তাৰ অন্তৰালত হ'ল মাতৃগৰাকী। এই বিষয়ে ফৰাচী সম্রাট নেপোলিয়ন বোনাপার্টে কৈছিল- 'Give me a good mother, I will give you a good nation.' অর্থাৎ মোক এগৰাকী ভাল মাতৃ দিয়া মই এটা মহৎ জাতি দিম। মাতৃ কেৱল এটি শিশুৰ বাবে নহয়, এখন দেশ তথা এটা জাতিৰ চালিকা শক্তি। হিটলাৰৰ ভয়ত যেতিয়া পৃথিৱী কপি আছিল, তেতিয়া হিটলাৰ কঁপিছিল মাতৃৰ ভয়ত। মাতৃৰ প্রতি তেওঁৰ শ্রদ্ধা আছিল অসীম। শিশু হৈছে মাতৃগৰাকীৰ বাবে জ্ঞানদাতাৰ প্রথম ব্যক্তি আৰু শ্রেষ্ঠ গুৰু। মাতৃসকলে সন্তানক স্নেহ প্রীতিৰে পশুতুল্যৰপৰা দেৱত্বলৈ উত্তৰণ ঘটাব পাৰে। এখন ঘৰৰ শান্তিৰ মূল ভেটি হ'ল মাতৃগৰাকী।
মাতৃৰ ৰূপ অনুসৰি নামো ভিন ভিন মাতৃ, ভগ্নী, জননী, গৃহিনী, ৰমনী, অধাঙ্গিনী, সৃষ্টিকাৰিণী আদি। ইয়াৰ মাজতে নিহিত হৈ আছে স্নেহ, দয়া, ক্ষমা, ত্যাগ, ধৈর্য, সহিষ্ণুতা আৰু আধ্যাত্মিকতা। মাতৃসকলে এই গুণৰাশিক নিজ শৰীৰৰ অলঙ্কাৰ হিচাপে ব্যৱহাৰ কৰিলে তাৰ প্ৰভাৱে শিশুসকলক মানৱ সম্পদ ৰূপে গঢ়ি সমাজখনক সুপথে আগবঢ়াই নিয়াত অৰিহণা যোগাব লগতে উচ্ছৃঙ্খলতাৰ বিপৰীতে এখন নিকা সমাজ গঢ়ি উঠিব আৰু সমাজত শান্তিয়ে বিৰাজ কৰিব। এগৰাকী মাতৃয়ে আধ্যাত্মিক আৰু নৈতিক চৰিত্ৰ গঠন কৰিব পাৰে গৰ্ভাৱস্থাৰপৰাই। গৰ্ভস্থ সন্তানে যে বর্হিজগতৰ শব্দ সংগ্ৰহ কৰে। মাতৃসকলে গর্ভাবতী অৱস্থাত অতি সচেতন হোৱাৰ লগতে এইটোও বুজিব লাগিব যে সন্তান গর্ভত স্থিতি লোৱাৰে পৰা শিশুৰ সুচৰিত্ৰ গঠনত তেওঁলোকৰ দায়িত্ব আহি পৰে। আমাৰ সমাজ জীৱনত ভোগ-বিলাসে এনেধৰণে গা কৰি উঠিছে যে মাতৃসকলো সেই বিলাস উপভোগৰ পৰা আঁতৰিব নিবিচাৰে। তথাকথিত আধুনিক আচবাবৰ সংগ্রহৰ বাবে বহুক্ষেত্রত মাতৃয়ে প্রত্যক্ষ বা পৰোক্ষভাবে সন্তানক উদ্গনি দিয়ে। এই ক্ষেত্রত মাতৃসকলে চিন্তা কৰা প্রয়োজন।
******

Comments
Post a Comment