শিশুৰ ভৱিষ্যৎ গঠনত মাতৃৰ ভূমিকা ৰচনা

শিশুৰ ভৱিষ্যৎ গঠনত মাতৃৰ ভূমিকা ৰচনা 



শিশুৰ ভৱিষ্যৎ গঠনত মাতৃৰ ভূমিকা ৰচনা Hikhur Bhabisyat Gothonot Matrir Bhumika Rosona


  • শিশুৰ চৰিত্ৰ গঠনত মাতৃৰ ভূমিকা
  • শিশুৰ সৰ্বাংগীন বিকাশত মাতৃৰ ভূমিকা
  • শিশুৰ সামাজিক বিকাশত মাতৃৰ ভূমিকা
  • শিশুৰ মানসিক বিকাশত মাতৃৰ ভূমিকা


Hikhur Bhabisyat Gothonot Matrir Bhumika Rosona
শিশুৰ ভৱিষ্যৎ গঠনত মাতৃৰ ভূমিকা ৰচনা 





শিশুৰ ভৱিষ্যৎ গঠনত মাতৃৰ ভূমিকা ৰচনা 


'মেলিলো প্রথম চকু তোমাৰ কোলাতে 
আই জনমৰ আদিম পুৱাত। 
মুদিম আকৌ চকু তোমাৰ কোলাতেই শুই 
জীৱনৰ শেষ সন্ধিয়াত।' 

আই শব্দটো বৰ আপোন। সেই কথা কবিয়ে বৰ‌ সুন্দৰকৈ কবিতাফাঁকিত উপস্থাপন কৰিছে। জন্মভূমিও জন্মদাত্ৰীৰ দৰে। আইৰ মৰমৰ উত্তাপ, সাহস আৰু প্ৰেৰণাই আমাক যেনেকৈ আপ্যায়িত কৰে তেনেকৈ জন্মভূমিৰ বতাহ, পানী, আহাৰে আমাক শক্তি যোগায়। শিশুসকলক শিক্ষা দিবলৈ মাতৃসকল সকলো দিশতে শিক্ষিত হোৱাটো উচিত। মাতৃসকল তেতিয়া সবল হ'ব, যেতিয়া শিক্ষাগত অর্হতা, স্বাস্থ্য, অর্থনৈতিকভাৱে স্বচ্ছল হ'ব পাৰিব। পুঁথিগত শিক্ষাৰে বর্তমান বহুতো মাতৃয়ে স্বাৱলম্বী হ'ব পৰা নাই। গতিকে স্বনিয়োজন আঁচনিৰে মাতৃসকল আর্থিকভাবে স্বচ্ছল হ'ব লাগিব। বর্তমান গোলকীকৰণ যুগত বহুতো মহিলাই স্বআর্জিত প্রতিভাৰে শিল্প-বাণিজ্যত মনোনীত কৰি অৰ্থনৈতিক স্থিতি সবল কৰিবলৈ চেষ্টা কৰিছে। মহিলাসকলৰ সময়ৰ বৰ অভাৱ। তাৰ মাজেৰেও বিভিন্ন ত্যাগ স্বীকাৰ কৰি মাতৃগৰাকীয়ে শিশুসকলৰ যত্ন লয়।


মানুহৰ সমাজখনত মানুহৰ জীৱনৰ অস্তিত্বৰ স্বার্থত আপোনা-আপুনি বান্ধ খাই থাকে। হৃদয়ত মানবতাবোধ জন্ম হ'লেহে মানুহে সুস্থ সামাজিক জীৱন-যাপন কৰিব পাৰিব। মানুহৰ জীৱনত ঘটা বিপদৰ বন্ধুকেইটা হ'ল- বুদ্ধি, বিবেচনা, সতর্কতা, সচেতনতা আৰু সাৱধানতা। জীৱনত হাজাৰ বাধা-বিঘিনি থাকিলেও আমি জীবন যুঁজত সাহসী সৈনিক হ'ব লাগিব। আমাৰ মাতৃসকলে শিশুক সাহস দিব লাগিব। পাখিলগা সময়বোৰ অবাবত পাৰ কৰিলে তাক ঘূৰাই পাব নোৱাৰি। মাতৃৰ গাত 'সপ্তশক্তি' নিহিত হৈ থাকে। এই সপ্তশক্তি হৈছে - কীর্তি, শ্রী, বাক, স্মৃতি, মেধা, ধৃতি আৰু ক্ষমা। এইকেইটা গুণ নাৰীসকলৰ গাত বিৰাজ কৰি থাকে বুলি শ্রীকৃষ্ণই অর্জুনক গীতাত কৈছিল। সুন্দৰ কথা-বতৰা, ভাব-বচনেৰে মাতৃগৰাকীয়ে সকলোকে আপ্যায়িত কৰিব পাৰে। নাৰীৰ শাৰীৰিক অসুস্থতা বা জীৱনৰ দুৰ্যোগৰ সময়ত মানসিকভাবে ভাগি নপৰি সাহসেৰে কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। সংসাৰৰ হাঁহি-কান্দোন, ঘাত-প্রতিঘাতৰ মাজেদি মাতৃসকলে শিশুসকলক সৎ পথ প্রদর্শন কৰিবলৈ উৎসাহিত কৰিব পাৰে।


নিজৰ হৃদপিণ্ড সদৃশ সন্তানটি যদি মনে ভবাৰ দৰে হয়, তেনেহ'লে সকলোৰে আকর্ষণীয় হ'ব। এখন সচেতন সমাজৰ সবাতোকৈ বৃহৎ দায়িত্ব আৰু কর্তব্য হৈছে শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক স্তৰত একো একোজন সুস্থ-সবল আৰু যোগ্য ব্যক্তিৰূপে গঢ় দিয়া। এই কার্য আৰম্ভণি হ'ব লাগিব গৰ্ভস্থ অৱস্থাৰ পৰাই। সন্তানে গৰ্ভস্থ অৱস্থাত মাতৃগৰাকীয়ে যি শুনে, যি কৰে আৰু যি ভাবে সেয়া পোনপটীয়াভারে গর্ভস্থ সন্তানৰ ওপৰত পৰে। তাৰ প্রমাণ ভক্ত প্রহ্লাদ, অভিমন্যু, হিৰণ্যকশিপু, আনহাতে মাতৃৰ অজ্ঞতাৰ বাবেই মহাভাৰতৰ ধৃতৰাষ্ট্ৰ অন্ধ, পাণ্ডু বিৱৰ্ণ আৰু মাতৃৰ সৎ চৰিত্ৰৰ বাবেই দাসীৰ গৰ্ভত বিদূৰৰ দৰে সাধু পুৰুষৰ জন্ম হয়।


গার্হস্থ্য ধর্ম পালনৰ কিছুমান নিয়ম মাতৃসকলে পালন কৰাটো নিতান্তই প্রয়োজন। সৎ সংগত সৎ চৰিত্ৰ গঠন হয়। উচ্ছৃংখল জীৱন গৰিহনাৰ যোগ্য; ধন-সম্পদ আৰু শাৰীৰিক শক্তিক লৈ গৰ্ব কৰা উচিত নহয়। সৎকর্মৰ পলমকৈ হ'লেও ভাল ফল আছে। সেয়েহে গুৰুজনাৰ সংগীত, নাটক আৰু সাংস্কৃতিক আহিলাসমূহে শ্রোতা আৰু দর্শকক সহজে আকর্ষিত কৰে। নতুন প্রজন্মক সৰুৰে পৰা স্বাস্থ্যসম্মত জ্ঞান দিব পাৰিলে সমাজৰ উন্নতি হ'ব। ধুমপান আৰু মাদক দ্ৰব্যৰ অপকাৰৰ কথা সন্তানসকলক বুজাব লাগিব। মাতৃসকলে নিজৰ গৃহত আচাৰ-অনুষ্ঠান যেনেদৰে পালন কৰে শিশুৱে অলক্ষিতে তাকে অনুকৰণ কৰি পৰম্পৰা বুলি লয়। গতিকে মাতৃসকলে পালন কৰা উৎসৱ-পার্বণসমূহৰ ৰীতি-নীতিসমূহ যাতে যুক্তিসংগত হয়, তাৰ বাবে চকু দিব লাগে।


নেপোলিয়ন বোনাপার্টে কৈছিল, "শিশুটিৰ ভৱিষ্যৎ ভাল হ'বনে বেয়া হ'ব সেইটো নিৰ্ভৰ কৰে মাতৃগৰাকীৰ ওপৰত।” কাৰণ তেওঁ বিশ্বাস কৰিছিল যে তেওঁৰ জীৱনৰ চমকপ্রদ সাফল্যৰ মূলতে বহু পৰিমাণে আছিল মাকৰ পৰা পোৱা শিক্ষা। মাকে তেওঁৰ ইচ্ছা শক্তিক প্ৰভাৱিত কৰিছিল। গতিকে আমি মাতৃ সমাজ সচেতন হ'ব লাগিব। প্রেম, স্নেহ, সেৱা, সহানুভূতি, সমবেদনা, আত্মত্যাগ আদি গুণৰাশিয়ে পৰিয়াল শান্তিময় কৰি ৰাখে। পুৱা-গধূলি গুৰুগৃহত প্ৰৱেশ কৰা গুণ নাম গোৱা‌ আদি আমাৰ দৈনন্দিন কাৰ্যসূচীৰ অন্তৰ্গত ৰাখি ইয়াৰ আন্তৰিক ভাববিলাক শিশুসকলৰ অন্তৰত সুমুৱাই আধ্যাত্মিক চেতনা জগাই তুলিব পাৰিলে সমাজত মানৱ সম্পদ গঢ়াৰ অন্তৰায়সমূহ নিশ্চয় দূৰ হ'ব।


মাতৃসকলে সৰুৰেপৰাই নিয়মানুবর্তিতা আৰু শৃংখলাবদ্ধতা সন্তানসকলক এইবোৰ শিকাব লাগে। যিবোৰ জীৱনৰ অতি প্রয়োজনীয়। কাৰণ সৰু অৱস্থাত তেওঁলোকৰ নিষ্পাপ হৃদয়ত সকলো প্ৰকাৰৰ সৎ গুণেই ঠাহ খাই থাকে। তাৰ লগতে সমাজৰ বাস্তৱ আৰ্হি লৈ ভাল-বেয়া, সৎ-অসৎ, কৰ্তব্য-অকর্তব্য এইবোৰ। গতিকে শৈশৱৰ পৰা যৌৱনলৈ গতি কৰা এই ভয়াবহ সময়ছোৱাত তেওঁলোকৰ প্রতি মাতৃসকলে অশেষ চেষ্টা কৰি সৎ পথেৰে আগুৱাই নিব পাৰে তেন্তে ভবিষ্যত জীৱনত নিশ্চয় ভাল ফল পাব পাৰে। কৰ্তব্যনিষ্ঠা, নিয়মানুবর্তিতা, আত্মবিশ্বাস আৰু প্রবল ইচ্ছা শক্তিয়ে যে সকলো কাম কৰিব পাৰি সেই কথা শিশুসকলৰ মনত সুমুৱাই দিব পাৰিব লাগিব। উপৰোক্ত দিশসমূহৰ সম্পূর্ণ বিকাশ ঘটাবলৈ হ'লে মাতৃসকলে খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব। খাদ্য পৰিশোধন কৰাতো মাতৃসকলৰ অন্য এক প্রধান কাম। শুদ্ধ অন্ন তথা খাদ্যই শুদ্ধ মনৰ সৃষ্টি কৰে, মন সংযত কৰি ৰাখে, মন স্থিৰ কৰে আৰু মনলৈ শুদ্ধ চিন্তা আহে। সেই আহাৰ প্ৰস্তুতকৰণৰ সময়ত শব্দ আৰু মাতক বিশেষ বুলি মানি লোৱা হয়। সাত্ত্বিক আহাৰ শিশুৰ কাৰণে উপযোগী। খাদ্য সংগ্ৰহৰ দিশটোৰ প্ৰতিও মাতৃসকল সজাগ হোৱা প্রয়োজন। কাৰণ অন্যায় বা দুর্নীতি কৰি সংগ্ৰহ কৰা খাদ্যই শিশুৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি কৰে। শুদ্ধ ৰীতি-নীতিৰে সিদ্ধ কৰা খাদ্য বা আহাৰ গ্ৰহণ কৰা শিশুৱেহে এখন সুন্দৰ সমাজ গঢ়াত সহায় কৰিব পাৰিব।


মুঠৰ ওপৰত শিশুৰ শাৰীৰিক, মানসিক, সামাজিক, আধ্যাত্মিক বিকাশ গঠনত মাতৃসকলৰ প্রভাৱ অপৰিসীম। তাৰোপৰি সমাজ তথা ঘৰখনৰ অন্য সদস্যসকলৰ সহযোগিতা অবিহনে মাতৃসকলে শিশুৰ সৰ্বাংগীণ বিকাশত অৰিহণা যোগাবলৈ কিছু অসুবিধাৰ সন্মুখীন হয়। সেয়ে ঘৰখনৰ লগে লগে বিদ্যালয়ৰ পাঠ্যক্রমসমূহতো এনে কিছুমান পাঠ অন্তর্ভুক্ত কৰিব লাগে যাৰ যোগেদি এজন শিশুক সুস্থৰূপে গঢ় দিয়াত মাতৃসকলৰ সহায়ক হয়। 





*****

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা