শিশুৰ নৈতিক শিক্ষা আৰু অভিভাৱকৰ দায়িত্ব

শিশুৰ নৈতিক শিক্ষা আৰু অভিভাৱকৰ দায়িত্ব



শিশুৰ নৈতিক শিক্ষা আৰু অভিভাৱকৰ দায়িত্বৰ বিষয়ে ৰচনা অসমীয়াত Essay on Moral Education of Children and the Responsibilities of Parents in Assamese 


  • শিশুৰ শিক্ষাত অভিভাৱকৰ ভূমিকা
  • শিশু আৰু অভিভাৱক
  • অভিভাৱকৰ দায়িত্ব
  • নৈতিক শিক্ষা কি?
  • নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা
  • শিশুৰ নৈতিক চৰিত্ৰ গঠনত পিতৃ মাতৃৰ ভূমিকা
  • শিশুৰ চৰিত্ৰ গঠনত অভিভাৱকৰ ভূমিকা
  • শিশুৰ বিকাশত প্ৰকৃতি আৰু প্ৰতিপালনৰ ভূমিকা
  • শিশুৰ বিকাশত মাতৃৰ ভূমিকা


Essay on Moral Education of Children and the Responsibilities of Parents in Assamese

শিশুৰ নৈতিক শিক্ষা আৰু অভিভাৱকৰ দায়িত্ব





শিশুৰ নৈতিক শিক্ষা আৰু অভিভাৱকৰ দায়িত্ব


ঘৰখনেই হ'ল শিশুৰ শিক্ষাৰ ঘাই কঠিয়াতলি। কিন্তু এই ঘৰখনেই যদি অৰাজক হয় তেন্তে এটি শিশুৱে পাৰিব জানো জীৱনত উন্নতিৰ জখলাত বগাব? যিখন ঘৰত পিতৃয়ে সদায় মদ্যপান কৰি ঘৰত মাতৃৰ ওপৰত অত্যাচাৰ চলায়, সন্তানক দুর্ব্যৱহাৰ কৰে, সেইবোৰ দেখি শুনি ঘৰখনৰ প্ৰতি, সমাজখনৰ প্ৰতি অনীহা ভাৱ আহি এটি শিশুৱে যদি সমাজবিৰোধী কাম কৰে তেনেহলে আমি দোষিম কাক? সেই শিশুটিক নে পিতৃক? কিন্তু আমি একপক্ষীয়ভাবে কওঁ, 'ল'ৰাটো বৰ দুষ্ট, বাচ্, সমাজৰ আৱৰ্জনা।' সূক্ষ্ম দৃষ্টিৰে ভাবি নাচাও শিশুটিৰ দুষ্টামীৰ গুৰিতে কি? টেলিভিশ্বনৰ পৰ্দাত সদায় দেখা পাওঁ হত্যা, অপহৰণ, ধর্ষণ, লুণ্ঠন আদি। সেইবোৰ দেখি-শুনি ঘৰখনৰ বিশৃংখলতা লক্ষ্য কৰি শিশুটিয়েও সেই অভব্য আচৰণ কৰিবলৈ আৰম্ভ কৰে।


কুমলীয়া বাঁহৰ লেকেচিডাল যেনিয়ে পোনাই তেনিয়ে পোন খোৱাৰ দৰে প্ৰথমে ঘৰখনতেই শিশুটিক সঠিক কৰি ল'ব লাগে পিতৃ-মাতৃয়ে আৰু পৰিয়ালবৰ্গই। শিশুটিৰ সর্বাঙ্গীন বিকাশৰ বাবে বিদ্যালয়ত শিক্ষকে মাত্ৰ সহায়হে কৰে। শিশুৰ শাৰীৰিক, মানসিক তথা বৌধিক বিকাশ ঘটাবৰ বাবে পিতৃ-মাতৃ, শিক্ষক তথা অভিভাৱকে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। এটি শিশু জন্ম দিয়েই ক্ষান্ত নাথাকি তাৰ উন্নতিৰ লগতে দেশখনৰ উন্নতিৰ প্ৰতিও লক্ষ্য ৰাখি, ধ্বংসৰ মুখলৈ অগ্ৰসৰ হোৱা সমাজখনক আধ্যাত্মিকবাদৰ জৰিয়তে সঠিক কৰিবলৈ প্ৰতিজন পিতৃ মাতৃয়ে দায়িত্ব ল'ব লাগিব।


মাতৃৰ গৰ্ভত জীৱ ধাৰণ কৰে আৰু কালক্ৰমত সিয়ে অমৃতৰ সন্তানৰূপে ধৰা ধামলৈ আগমন হয়। এই অমৃতৰ সন্তানৰূপী শিশুসকলৰ লালন-পালনত সমস্তখিনি নিৰ্ভৰ কৰে মাতৃগৰাকীৰ ওপৰত। উপনিষদত উল্লেখ আছে দহজন উপাধ্যায়ৰ সমপৰ্যায়ৰ এজন পিতৃ, তেনে এহেজাৰজন পিতৃৰ সমপৰ্যায়ৰ এগৰাকী মাতৃ। এখন ঘৰৰ উত্থান-পতন সম্পূর্ণ নিৰ্ভৰ কৰে এগৰাকী মাতৃৰ ওপৰত। সেয়ে মাতৃগৰাকী হ'ব লাগিব আধ্যাত্মিক সুশিক্ষাৰে শিক্ষিত। তেনে মাতৃৰ পৰাহে সুসন্তান আশা কৰিব পাৰি। আমি শাস্ত্ৰত বহুত উদাহৰণ পাওঁ। তেনে এটি উদাহৰণ হ'ল প্ৰহ্লাদ। প্ৰহ্লাদৰ মাতৃ কয়াধু গৰ্ভৱতী অৱস্থাত স্বামী তপস্যাত থাকোতে ইন্দ্ৰই হৰণ কৰি নিয়াৰ সময়ত নাৰদে ইন্দ্ৰদেৱক বহুতো নীতিৰ দোহাই দি কয়াধুক দেৱ আশ্ৰয়ত থকাৰ ব্যৱস্থা কৰে। আশ্ৰমত কয়াধুৱে সদায় ঋষি-মুনিসকলৰ মুখত ভগৱন্তৰ নাম আৰু সৎ আলোচনাসমূহ শ্ৰৱণ কৰে আৰু তেওঁৰ গৰ্ভত থকা সন্তানটিয়ে ভগৱন্তক দর্শন কৰে। পাছত সেই সন্তানটিয়ে নিজে ভক্তি পৰায়ণ হৈ আনকো ভগৱানত ভজিবলৈ উপদেশ দিয়ে। গতিকে এটি সন্তানৰ শাৰীৰিক, মানসিক, বৌদ্ধিক সর্বতোপ্রকাৰে গঢ়ি তুলিবলৈ হ'লে প্রথমে মাতৃগৰাকী সর্বগুণৰ অধিকাৰী হ'ব লাগিব। গৰ্ভস্থিত কালৰে পৰা প্ৰতিটো বিষয়ত সাবধান হোৱা উচিত। সেইদৰে একোখন ঘৰৰ সকলো প্ৰাণীৰ সৈতে মাতৃগৰাকী সকলো দিশতে সাৱধান হ'বলৈ যত্নপৰ হোৱা উচিত। পুৱাৰ বিচনা ত্যাগৰ পৰা নিশা নিদ্রাদেবীৰ কোলাত আশ্রয় গ্রহণ কৰালৈকে মাতৃগৰাকীয়ে সকলো যত্ন ল'ব লাগিব। সত্য, শৌচ, ক্ষমা, দয়া গুণেৰে মহিমামণ্ডিত হৈ ঘৰখন আগুৱাই নিব লাগিব।


নীতিশিক্ষাৰ যোগেদি শিশুৰ নৈতিক চৰিত্ৰ গঠন কৰিব লাগিব। তেতিয়াহে প্রতিজন শিশুৰ পৰা নীতি নির্দেশনাই উচিত ৰূপ পাব। তেনে একোখন ঘৰ এটা অনুষ্ঠানত পৰিণত হ'ব আৰু তেনে এখন ঘৰৰ পৰাই প্রহ্লাদ সদৃশ শিশু আমি আশা কৰিব পাৰিম। তেতিয়া আমাৰ বৰ্তমান উচ্ছৃংখল সমাজৰ পৰিৱৰ্তে এখন আধ্যাত্মিক গুণেৰে পৰিপুষ্ট সবল সমাজ লভিবলৈ সক্ষম হ'ম। বৰ্তমান সমাজৰ পৰিৱৰ্তিত পৰিস্থিতিত ধৰ্ম, আদর্শ, দর্শন প্রয়োজনীয় হৈ পৰিছে। পিতৃ-মাতৃয়ে যদি পৰিকল্পিতভাৱে সন্তান জন্ম দি সৎ আচৰণ, নিয়মানুবর্তিতা, শিষ্টাচাৰ আদি শিকাব পাৰে তেতিয়া শিশুটিয়ে সকলো দিশতে উৎকর্ষ সাধন কৰি এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰিব।


সুৰাপান পঞ্চ মহাপাপৰ ভিতৰত পৰে। এই ৰাগিয়াল বস্তু বৰ্জন কৰি বৈষ্ণৱ পণ্ডিতৰ লিখনিসমূহ আদৰ কৰি ধৰ্ম, আদর্শ শিৰোগত কৰি নিজ প্রতিভাক কামত লগোৱা উচিত। নিজকে আধ্যাত্মিক আৰু মৌলিক পদ্ধতিৰ শিক্ষাৰে শিক্ষিত কৰি অজ্ঞান, আন্ধাৰ দূৰ কৰি সমাজক পোহৰৰ ৰাজ্যলৈ লৈ যাব লাগিব। প্রকৃত জ্ঞানী লোকৰ দৃষ্টিভংগী সদায় সুদূৰ প্ৰসাৰী হয়। প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ দায়িত্ব পালন কৰি সন্তানক সু শিক্ষা প্ৰদান কৰি উন্নতিৰ পথলৈ লৈ যোৱা উচিত।



~ সংগৃহীত

******


  • প্রাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা pdf
  • শিশুৰ চৰিত্ৰ গঠনত অভিভাৱকৰ ভূমিকা
  • শিশুৰ বিকাশত প্ৰকৃতি আৰু প্ৰতিপালনৰ ভূমিকা
  • শিশুৰ সৰ্বাংগীন বিকাশত সমাজৰ ভূমিকা
  • শিশুৰ বিকাশত পৰিয়ালৰ ভূমিকা

 

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা