শিক্ষা ব্যৱস্থা,‌ শিক্ষক আৰু নীতি শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা

শিক্ষা ব্যৱস্থা,‌ শিক্ষক আৰু নীতি শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা


শিক্ষা ব্যৱস্থা,‌ শিক্ষক আৰু নীতি শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা Education System, Teachers and Importance of Moral Education Essay in Assamese 

  • আধুনিক শিক্ষা ব্যৱস্থা
  • বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা
  • শিক্ষাৰ বৈশিষ্ট্য
  • শিক্ষাৰ পৰিচয়
  • শিক্ষাৰ গুৰুত্ব
  • শিক্ষাৰ প্ৰয়োজনীয়তা
  • শিক্ষা বুলিলে কি বুজা?
  • শিক্ষকৰ শিক্ষাৰ প্ৰয়োজনীয়তা
  • শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য
  • শিক্ষকৰ শিক্ষাৰ পৰিসৰ
  • মানৱ সমাজত শিক্ষাৰ প্ৰয়োজনীয়তা


Education System, Teachers and Importance of Moral Education Essay in Assamese
শিক্ষা ব্যৱস্থা,‌ শিক্ষক আৰু নীতি শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা




শিক্ষা ব্যৱস্থা,‌ শিক্ষক আৰু নীতি শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা


ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস অত্যন্ত প্রাচীন। বেদৰ যুগতে "ধন্য ধন্য ভাৰতবৰ্ষত শিক্ষা ব্যবস্থাই গজালি মেলিছিল"। বেদত অংকুৰিত হোৱা শিক্ষা ব্যৱস্থাই পুৰাণ, উপ-পুৰাণ, উপনিষদ যুগত প্ৰসাৰিত হৈ বৌদ্ধযুগত বিস্তাৰিত হৈছিল। তক্ষশীলা, নালন্দা বিশ্ব বিখ্যাত বিশ্ববিদ্যালয়ে ইয়াৰ প্ৰমাণ দাঙি ধৰে। সত্য, ত্রেতা, দ্বাপৰ আৰু কলিযুগ চাৰিওটা যুগতে শিক্ষা ব্যবস্থা চলি আছিল, চলি আছে আৰু চলি থাকিব। অনেক পৰিৱৰ্তনৰ মাজেদি বৰ্তমান শিক্ষা ব্যবস্থাই আজি সমাজক তথাকথিত নতুনত্ব বা আধুনিকত্ব দিবলৈ প্ৰযত্ন কৰিছে যদিও এই শিক্ষা ব্যৱস্থাত বাস্তৱ সম্মত আৰু পূর্ণ মানৱ গঢ়াৰ উদ্যোগ যেন নাই। অতীতৰ শিক্ষাৰ ইতিহাস শিক্ষক, ছাত্র আৰু সমাজ তথা অভিভাৱকৰ সম্পৰ্ক আছিল মধুৰ। তেতিয়াৰ শিক্ষা ব্যৱস্থা 'আশ্রম', 'গুৰুকূল', পিছলৈ সংস্কৃত 'টোল'ত প্রচলিত আছিল। শিক্ষক সকলক 'গুৰু' বা 'আচায্য’ ৰূপে জনা গৈছিল। গুৰুৰ গৃহই আছিল শিক্ষাৰ চালিকা শক্তি। শিষ্য সকলে গুৰুৰ আশ্ৰমত থাকি জীৱন অতিবাহিত কৰিছিল। গুৰৰ বাক্য বা আদেশ মানি চলাটোৱেই শিষ্যসকলৰ প্ৰধান কতব্য। সু-বিশাল মহানুভৱ গুৰৰ শক্তিশালী ব্যক্তিত্বৰ প্রভাবে শিষ্য সকলক প্রভাৱান্বিত কৰিছিল। 


আশ্রমত থকা সময়তে গুৰুৱে শিষ্যক পিতৃ-মাতৃ, শিক্ষাগুৰু, দীক্ষাগুৰু, অতিথি, ডাঙৰক, সমনীয়াক কেনে ব্যৱহাৰ কৰিব লাগে আৰু গার্হস্থ্য জীৱন যাপনত কি কি বিধি মানি চলিলে মানুহ চিৰকাল সুখী হ'ব পাৰে, সকলোবোৰ শিক্ষা প্রদান কৰি মানুহক প্রকৃত মানৱ ৰূপে তৈয়াৰ কৰিছিল। মুঠতে অতীতত শিক্ষক তথা গুৰুৱে সুস্থ সমাজ এখন গঢ়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ইংৰাজ আমোলত আধুনিক শিক্ষা প্রচলন হ'ল। আধুনিক শিক্ষা ব্যৱস্থাই ভাৰতীয় প্রাচীন শিক্ষা ব্যৱস্থাৰ শিপা উচ্ছেদ কৰিলে। শিক্ষা হৈছে সমাজ পৰিবৰ্তনৰ বলিষ্ঠতম আহিলা। ব্যক্তি তথা সমাজৰ প্রয়োজন সমূহ পূৰণ কৰিবৰ বাবেই শিক্ষা ব্যৱস্থাক গঢ়ি তোলা হয়। আনহাতে এই শিক্ষা ব্যৱস্থাৰ দ্বাৰা গঢ়ি তোলা ব্যক্তিসকলেই ভবিষ্যত সমাজৰ গতিধাৰা নিৰূপণ কৰে। শিক্ষা ব্যৱস্থা যিমানেই কার্যক্ষম, সময় উপযোগী আৰু সৰ্ব্বাঙ্গীণ মঙ্গলৰ হয় জাতিৰ ভৱিষ্যতো সিমানেই উজ্জ্বল হয়। শিক্ষাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে এক বিনিয়োগ বুলি ক'ব পাৰি। শিক্ষাৰ সদায় এক ভবিষ্যতমুখী দৃষ্টি থাকিব লাগে। শিক্ষাই এটা জাতিৰ জনসাধাৰণৰ সাংস্কৃতিক উৎকর্ষ সাধন কৰি আধ্যাত্মিক তথা মানবীয় মূল্যবোধৰ বিকাশ সাধন কৰিব পাৰে। শিক্ষাই বিভিন্ন জাতি-উপজাতিৰ মাজত বুজাপৰাৰ বাট মোকলাই সাংস্কৃতিক বিনিময়ৰ সুযোগ দিয়ে। শিক্ষাৰ শিলে মানবীয় আৰু আধ্যাত্মিক মূল্যবোধ সমূহ অধিক উজ্জ্বল কৰি তোলে। 


শিক্ষাৰ প্ৰসাৰ পাৰস্পাৰিক বুজাপৰাৰ মাজেদি বৈচিত্ৰৰ মাজত ঐক্য ৰক্ষা কৰাত সহায় কৰে। তদুপৰি মানুহৰ মাজত মিলা-প্রীতি, বুজা-পৰা, সহায়-সহযোগিতা বৃদ্ধিয়েই দয়া, ক্ষমা, প্রেম, মৈত্রী, ভাতৃত্ববোধ, অহিংসা, সততা আদি অনেক মানবীয় গুণ জগাই তোলে। শিক্ষাই শাৰীৰিক, মানসীক, অর্থনৈতিক, আধ্যাত্মিক, সাংস্কৃতিক সকলো দিশতে প্ৰগতিৰ পথ প্রশস্ত কৰিব লাগে। ভাৰতবৰ্ষ স্বাধীন হল। শিক্ষা নীতি প্রণয়নকাৰী ভবিষ্যত দ্রষ্টা সকলে নতুন নতুন শিক্ষা আয়োগ গঠন কৰিলে। নতুন নতুন শিক্ষানীতি প্রয়োগ হ'ল। অনেক সৃষ্টি হ'ল, সাহিত্যিক, বিজ্ঞানী, অভিযন্ত্রা, চিকিৎসক, ৰাজনীতিবিদ নেতা কিন্তু সৃষ্টি নহ'ল সঠিক ৰূপত মানৱ সম্পদ গঢ়াৰ শিল্প সাধকৰ। গঢ়লৈ নুঠিল প্রকৃত মানৱ সম্পদ গঢ়াৰ জাতীয় শিক্ষা ব্যৱস্থা। সমাজত সকলো আছে নাই মাত্র প্রয়োজন অনুসৰি মানৱদৰদী সুন্দৰৰ পূজাৰী। অভাৱ ঘটিছে ভাল মানুহৰ, কর্মযোগী সৎ লোকৰ। বর্তমান অত্যাধুনিক সমাজ ব্যৱস্থাৰে গোলকীকৰণৰ জৰিয়তে সমগ্র বিশ্বখন এখনি সৰু গাঁৱলৈ ৰূপান্তৰিত হৈছে। উন্নত প্রযুক্তি বিজ্ঞানৰ শিখৰত মানুহ দৌৰি আছে যদিও সমাজত মহাব্যাধি ৰূপত দেখা দিছে অপকর্ম আৰু অনুশাসনহীনতা। 


বর্তমানৰ প্ৰতিযোগিতাই গোটেই জাতি, সমাজ আৰু দেশলৈ ধ্বংস মাতি আনিছে। সমাজৰ, ব্যক্তিৰ, যুৱসমাজৰ অপৰাধ জনিত কর্ম, অভিভাৱক সকলৰ তৰাং চিন্তা-চর্চা, কৃষ্টি সংস্কৃতিৰ নামত এচামৰ বহুৱালি, উদ্ভট আচৰণ, পৰীক্ষা গৃহত নকলৰ প্ৰয়োভৰ, হত্যা, লুণ্ঠন, মদ্যপান, অন্ধবিশ্বাস, ডাইনী হত্যা, ৰাজহুৱা ধনৰ এক শতাংশ কাম নকৰি ধন আত্মসাৎ তথা গোগ্রাসে খোৱা, দুর্নীতি গ্রস্ত বিষয়া-আমোলা, অপৰিপক্ক ৰাজনীতি নেতাৰ নিজক প্রতিষ্ঠা কৰা এশ-এবুৰি অনীতিয়ে সমাজখনক আৱৰি ৰাখিছে। চাৰিওফালে ভীষণ হতাশা, কেৱল নাই নাই কিবা যেন নাই। এনে এক সংকটৰ মাজত শিক্ষক সকলে কি কৰা উচিত, ঋণাত্মকৰ মাজত ধনাত্মক চিন্তা কৰি জীৱন জীয়াই থকাৰ কলাত্মক দৃষ্টিভংগী উদ্ভাৱন কৰিবৰ সময় উপগত এগৰাকী নিষ্ঠাবান, গুণী-জ্ঞানী, আদর্শবান শিক্ষকে সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ হৃদয় জয় কৰিব পাৰে। শিক্ষা প্রদান কৰা কাৰ্যতো যেতিয়া শিক্ষকজনে স্বভাৱজাত প্রবৃত্তি বুলি নিজৰ ৰুচি, অভিৰুচি, শক্তি আৰু সামর্থ্য অনুসাৰে নিজকে প্রস্তুত কৰি আগবাঢ়িলে জীৱন নিশ্চয় মধুময় আৰু ছন্দোময় হৈ উঠিব। শিক্ষক জনৰ জীৱনৰ লহৰ আৰু দৰ্শনৰ সুবাসে নৱপ্ৰজন্মক নিশ্চয় প্রভান্বিত কৰিব। সমস্যা বহুল সংকটময় অৱস্থাত শিক্ষক সকলে এক গধুৰ দায়িত্ব বা ভূমিকা পালন কৰিব লাগিব। যিহেতু শিক্ষা হৈছে মানব জীৱনৰ এক অবিচ্ছিন্ন জীৱন জোৰা প্রক্রিয়া। সমাজ, জাতি আৰু ব্যক্তিৰ সামগ্রীক বিকাশত অতীজৰে পৰাই শিক্ষক সকলে মূল কাণ্ডাৰীৰ ভূমিকা পালন কৰি আহিছে।


শিক্ষকৰ দ্বায়িত্ব আৰু ভূমিকা সম্বন্ধে লগতে শিক্ষা সম্পর্কে অনেক দার্শনিক তথা মনোবৈজ্ঞানীয়ে বিভিন্ন ধৰণৰ অভিমত প্রদান কৰিছে।

ক) প্রখ্যাত দার্শনিক এৰিষ্টটলৰ মতে "Those who educate children are more honoured then even their Parents. Because Parents give them life but teachers give them art of living. 

খ) চীনৰ দাৰ্শনিক কনফুচিয়াচে কৈছিল "পুৰণিক নৱজীবন দি নতুনৰ জ্ঞান আহৰণ কৰাৰ যাৰ সামৰ্থ আছে সিয়েই যোগ্য।

গ) বাছেলৰ মতে " আন যিকোনো শ্রেণীতকৈ শিক্ষক সকলহে অভিভাৱক।” শিক্ষক সকলে সভ্যতা কি, তাৰ স্বৰূপ কি এই কথা বোধ কৰি ছাত্র-ছাত্রীৰ অন্তৰত তাক স্থাপন কৰাটো এক পবিত্র কর্তব্য বুলি ভাবিব লাগিব আৰু তেওঁলোকে দলীয় ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখি ছাত্ৰ-ছাত্ৰীক নিৰপেক্ষ দৃষ্টিভংগী আৰু সকলো কথা চালি জাৰি চোৱাৰ অভ্যাস গঢ় দিব লাগিব বুলি ৰাচেলে দৃঢ়মত পোষণ কৰিছিল।

ঘ) বিখ্যাত মনোবৈজ্ঞানীক ফ্রবেলে কৈছে যে শিক্ষক হ'ল এখন বাগিচা বা ফুলনিৰ মালী সদৃশ আৰু শিশু তথা শিক্ষার্থী সকল হ'ল ফুলনিৰ ফুলগছ। সেই গছবোৰক মালীয়ে লাৰি চাৰি ডাঙৰ দীঘল কৰাৰ দৰে শিক্ষার্থী সকলক শিক্ষকে নানা ধৰণে বিকশিত কৰাৰ চেষ্টা কৰিব লাগে।

ঙ) অন্যতম বিশ্ববিখ্যাত মনোবিজ্ঞানী পেষ্টালজীৰ মতে "শিক্ষকে শিক্ষার্থীৰ স্বাভাৱিক বিকাশত কোনোধৰণে হস্তক্ষেপ কৰিব নালাগে। শিশু যাতে কোনো বাহ্যিক অলাগতিয়াল শক্তিৰ দ্বাৰা বাধাপ্রাপ্ত নহয়, তাৰ প্ৰতিহে শিক্ষকে নজৰ দিয়া উচিত।’

চ) দার্শনিক প্লেটোৰ মতে " নৈতিকতা শিক্ষাৰ মেৰুদণ্ড হোৱা উচিত, শিক্ষাৰ যোগেদি ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব লাগে।'

ছ) সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল-" আধ্যাত্মিকতা আৰু নৈতিক শিক্ষাইহে নব প্রজন্মক সু-পথে পৰিচালিত কৰিব। সামাজিকভাবে দায়বদ্ধ এজন শিক্ষকে ছাত্র-ছাত্রীক এই দুয়োটা শিক্ষা দিবলৈ সচেতন হব লাগিব।


সামাজিক দৃষ্টি কোণৰ পৰা চালে শিক্ষকক সমাজ সংস্কাৰক সামাজিক অভিযন্ত্ৰা বুলিব পাৰি। প্রকৃতার্থত শিক্ষক সকল একো একোজন মানবসম্পদ তৈয়াৰ কৰা খনিকৰ। অসুৰৰ মাজত সুৰ আৰু দানৱৰ মাজত মানৱ গঢ়িব পাৰে শিক্ষকে। সমাজ শিল্পী স্বৰূপ শিক্ষক সকলে ছাত্রক প্রকৃত শুদ্ধ পথ নিদের্শনা দিবলৈ তেওঁ বিলাকৰ লাগিব জীৱন ব্যাপী সাধনা, গভীৰ অধ্যয়ন, নিয়মানুবর্তিতা আৰু নিজ বৃত্তিৰ প্ৰতি গভীৰ শ্রদ্ধা আৰু আষ্ঠা। মহৎ গুণৰ সমাহাৰে সমাহিত শিক্ষক হ'ব লাগিব ছাত্ৰৰ "friend, philosoper and guide" ছাত্র শিক্ষক দুয়োপক্ষ শ্রদ্ধাযুক্ত হৈ কাৰ্যত আগবাঢ়িব লাগিব। "শ্রদ্ধাবান লভতে জ্ঞানম" শ্রদ্ধাৰ দ্বাৰাহে ছাত্রই জ্ঞান লাভ কৰিব পাৰে। ঠিক সেইদৰে শিক্ষকৰ ক্ষেত্ৰতো কোৱা হৈছে "শ্রদ্ধয়াদেৱম” অর্থাৎ শিক্ষকেও ছাত্রক শ্রদ্ধাৰ জ্ঞান দিয়াত প্রবৃত্ত হব লাগে। বর্তমান যুগত সমাজ ব্যৱস্থাৰ দ্রুত পৰিবৰ্তন ঘটিছে। সমাজৰ গতি সলনিৰে লগে লগে মানুহৰ চিন্তাধাৰাৰো পৰিৱৰ্তন ঘটিছে। নতুন ধাৰা বিলাকৰ লগত খাপখোৱাকৈ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাটো দৰকাৰ। সংস্কাৰৰ মাজেদি, পৰিৱৰ্তনৰ মাজেদি ছাত্ৰ-ছাত্ৰীৰ মাজত নৈতিক, আধ্যাত্মিক আৰু সামাজিক চেতনা জগাই তুলিবলৈ শিক্ষক জন দৃঢ় প্রতিজ্ঞ হোৱা উচিত। শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য সমূহ এনেধৰণৰ :-

ক) শিক্ষাদান প্রক্রিয়াত নিজৰ পাঠৰ উপৰি যাতে সমসাময়িক সমাজখনৰ বিভিন্ন জ্ঞান আহৰণৰ সুবিধা শিক্ষার্থী সকলে যাতে পায় তাৰ দুৱাৰ মুকলি কৰি দিব লাগে। ইয়াৰ বাবে শিক্ষকজনো প্রথমে অধ্যয়ন পুষ্ট হোৱাটো বাঞ্ছনীয়।

খ) শিক্ষার্থী সকলক জীবন দর্শনৰ বাবে আভাস দিব লাগে। মানুহক প্রকৃত মানুহ ৰূপে জীবন নির্বাহ কৰিবলৈ শিক্ষাৰে, দীক্ষাৰে, মেধাৰে, জ্ঞানেৰে, বিজ্ঞানেৰে, সু-স্বাস্থ্য গঠনেৰে, দূৰ দৃষ্টিৰে আৰু মূল্য বোধেৰে, আধ্যাত্মিক চিন্তাৰে বাট সুগম কৰি দিব লাগিব শিক্ষক সকলেই।

গ) শিক্ষকে সদায় ছাত্র-ছাত্রীক পৰিকল্পনা কৰি শিক্ষাদান কৰিব লাগে। পৰিকল্পিত শিক্ষাইহে শিক্ষার্থীক শিক্ষা লাভৰ ক্ষেত্ৰত অধিক সহায় কৰে।

ঘ) শিক্ষক সকল সমাজৰ মাইলৰ খুঁটি অর্থাৎ মেৰুদণ্ড স্বৰূপ। পুথিগত শিক্ষা দানতে শিক্ষক সকলৰ দ্বায়িত্ব শেষ নহয়। ছাত্র-ছাত্রীক প্রকৃত জ্ঞানৰ প্রতি জাগ্রত কৰি অন্ধবিশ্বাস, কুসংস্কাৰ, অজ্ঞানতা, দুর্নীতি, ভ্রষ্টাচাৰ, উচ্চ-নীচ ভেদাভেদ আদি নাশ কৰি এখন সত্য শুদ্ধ নিকা সুন্দৰ সমাজ গঢ়িবলৈ ছাত্র সমাজক মজবুত কৰি গঢ়ি তুলিব লাগে।

ঙ) শিক্ষকৰ সু নেতৃত্ব নিতান্তই বাঞ্ছনীয়। সবাৰে প্ৰতি সম দৃষ্টি ৰাখি নিদিষ্ট নিয়ম কানুনৰ মাজেবৰে বিদ্যালয় সুচাৰু ৰূপে পৰিচালনা কৰিব লাগে। বিদ্যালয়ৰ প্ৰধানজন অনুষ্ঠানটিৰ মধ্যমণি স্বৰূপ। তেখেতে সকলো ছাত্র আৰু শিক্ষক সমভাৱে আৰু সহায় সহানুভূতিৰে চাব জানিব লাগে। বিদ্যালয়ত যাতে শিক্ষক বন্ধুৰ মাজত সৰু সৰু গোট, ফৈদ সৃষ্টি নহয় সেই ফালে দৃষ্টি দিব লাগে। পৰিয়ালটোৰ মাজত আত্মীয়তাবোধ নাথাকিলে শিক্ষা প্রদান কার্যত বেমেজালিয়ে দেখা দিয়ে।

চ) শিক্ষার্থী সকলৰ যোগ্যতা নিৰূপণ কৰাৰ বাবে বিভিন্ন পৰীক্ষণ মূলক প্রক্রিয়া সম্পাদন কৰি ছাত্ৰ সকলক আগুৱাই নিব লাগে। পাঠ সমুহৰ অন্তর্নিহিত উদ্দেশ্য সমূহ শিক্ষকে চিনাক্ত কৰি ছাত্ৰ-ছাত্ৰীক পৰিষ্কাৰ কৰি বুজাই কেনে ধৰণৰ মূল্যায়ণৰ ব্যৱস্থাৰ সন্মুখীন হ'ব তাক দেখুৱাব লাগে।

ছ) শিক্ষার্থী সকলৰ পিতৃ-মাতৃ, অভিভাৱক সকলৰ লগত শিক্ষক সকলে সততে সু-সম্পক গঢ়ি তুলিব লাগে। তেওঁ লোকৰ ঘৰুৱা সমস্যা কি, কেনে পৰিৱেশত তেওঁ লোকে অধ্যয়ন কৰিব লগা হৈছে এই সকলো বোৰৰ খবৰ ৰাখিলে শিক্ষার্থী সমাজ উপকৃত হ'ব।


জন্মগত প্রবৃত্তি উপৰি বাস্তৱ জগতৰ পৰা আৰ্জিত গুণৰ বক্তাজন ভাল শ্রোতা হ'ব লাগে, ঠিক তেনেকৈ এজন ব্যক্তি প্রকৃতার্থতে শিক্ষক হ'বলৈ কিছুমান অধিকাৰী হ'ব লাগে। এজন ভাল বক্তা হ'বলৈ যেনেকৈ ভাল শ্রোতা হ'ব লাগে, ঠিক তেনেকৈ এজন ভাল শিক্ষক হ'বলৈ শিক্ষকজনৰ ত্যাগ আৰু সেৱা মনোবৃত্তি থাকিব লাগে। সফল শিক্ষক হ'বলৈ পঢ়ি ভাল পাব লাগিব আৰু পঢ়োৱাই ভাল পাব লাগিব নিশ্চয়। বিষয় বস্তুৰ গভীৰ জ্ঞান, শ্ৰেণীকোঠাৰ পৰিচালনাৰ দক্ষতা, পাঠদানৰ দক্ষতা, বাগ্মিতা, বাক্য শব্দ উচ্চাৰণৰ সাৱলীলতা, মনস্তত্বৰ সুক্ষ্ম উপলদ্ধি আদি অনেক গুণেৰে সমাহিত হলে এজন শিক্ষক কৃতী শিক্ষক হব পাৰিব। বর্তমান নৱপ্ৰজন্ম দিশহাৰা হৈছে। এক ভয়ানক উশৃঙ্খলতাই সমাজক গ্রাস কৰিছে। সমাজে উন্নতিৰ জখলাৰে আগুৱাই গৈ উচ্চ শিখৰত ভৰি থৈছে যদিও মানুহৰ মনবোৰ যেন উচ্চ হোৱা নাই। ঘুণেধৰা সমাজ ব্যৱস্থাত শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্ক অতীতৰ তুলনাত অৱনতি হৈছে। আমাৰ বোধেৰে অন্ধকাৰছন্ন সমাজ খনক অনাগত ভৱিষ্যতলৈ পোহৰৰ ৰেঙণি দিবলৈ হলে আমি পুনৰ ৰামায়ণ, মহাভাৰত, গীতা-ভাগৱতৰ নীতি শিক্ষালৈ ঘুৰি চাব লাগিব। মানৱীয় গুণৰাশি অৰ্জনত নীতি শিক্ষাৰ গুৰুত্ব অপৰিহাৰ্য। বেদ উপনিষদৰ শিক্ষা ব্যৱস্থাই প্রকৃত মানৱ গঢ়াত সহায় হ'ব পাৰে। 


আচার্যসকলে শিষ্য সকলক বিভিন্ন শিক্ষা প্রদানৰ লগতে সততে উপদেশ দিছিল- তুমি সদায় সত্য কবা, মিছাক কেতিয়াও প্রশ্রয় নিদিবা। নিজৰ কৰ্তব্য সদায় সঠিক ভাৱে কৰিবা, বেদ বা শাস্ত্র পাঠ শ্ৰদ্ধাৰে কৰিবা, সন্ধ্যা বন্দন, ভগৱানৰ নাম কীৰ্ত্তন আদি নিত্য কর্ম নকৰাকৈ নাথাকিবা, শাস্ত্র বিধি মতে বৈবাহিক জীৱন সম্পন্ন কৰিবা। সৎ পথেৰে ধন উপাৰ্জন কৰিবা, স্ব-উপার্জিত বস্তু শ্রদ্ধাৰে গুৰুক অর্পণ কৰিবা। আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে পূর্ণ স্বাস্থ্যবান হ'বলৈ অধ্যয়ন আৰু অধ্যাপনাত নিৰলস চেষ্টা অপৰিহাৰ্য বিবেচনা কৰিবা, মাতৃ, পিতৃ, আচাৰ্য আৰু অতিথিক দেৱভাব কৰিবা। আনৰ গর্হিত নিন্দিত কর্ম নকৰিবা, আনক কঠুৰ কথা নকবা। দান কেতিয়াও অশ্ৰদ্ধাৰে নিদিবা। জ্ঞানী আৰু সদাচাৰী সকলৰ লগত সম্ভাৱ ৰাখিবা। এনে বহু উপদেশমূলক শিক্ষাৰে পূণ্যভূমি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত ধর্ম আৰু ছাত্রক পূর্ণাঙ্গ কৰি জীৱন নির্বাহৰ বাবে সাজু কৰি তুলিছিল। কর্ম সংস্কৃতিৰ শিক্ষাৰ কোনো ব্যৱস্থা নাই। ভোগবাদী শিক্ষাই মানুহক ভোগসর্বস্ব কৰিহে তোলা দেখা গৈছে। ভাৰতীয় সাহিত্য সংস্কৃতিত শিক্ষকৰ এখন আচুতীয়া উচ্চ আসন আছে। সামাজিক ঐতিহ্য আৰু পৰম্পৰা শিক্ষা সাৰোগত কৰি সকলো শিক্ষক মিলি আদর্শ সমাজ গঢ়াৰ বাবে প্রতিজ্ঞাবদ্ধ হলে সমাজ আগবাঢ়ি যাব আৰু সমাজ‌ আগবাঢ়িলে দেশৰ উন্নতি হ'ব।




*****

  • মুক্ত শিক্ষা কি?
  • ভাৰতৰ শিক্ষা ব্যৱস্থা
  • শিক্ষাৰ কাৰ্যাৱলী
  • ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ইতিহাস
  • প্রাথমিক শিক্ষাৰ প্ৰয়োজনীয়তা
  • শিক্ষক শিক্ষা আৰু শিক্ষক প্রশিক্ষণ
  • শিক্ষকৰ শিক্ষা বুলিলে কি বুজা
  • উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা
  • বর্তমান শিক্ষা ব্যৱস্থাত নৈতিক শিক্ষাৰ প্রয়োজনীয়তা
  • ভাৰতবৰ্ষত শিক্ষকৰ শিক্ষা

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা