নাৰী সবলীকৰণ ৰচনা

নাৰী সবলীকৰণ ৰচনা 


নাৰী সবলীকৰণ ৰচনা Nari Sobolikoran Rosona Essay on Women's Empowerment in Assamese 


  • নাৰী সবলীকৰণৰ প্ৰাসংগিকতা
  • নাৰী সবলীকৰণ আৰম্ভণি
  • নাৰী সবলীকৰণৰ উদ্দেশ্য
  • নাৰী সবলীকৰণ বুলিলে কি বুজা
  • মহিলা সৱলীকৰণৰ গুৰুত্ব


Nari Sobolikoran Rosona Essay on Women's Empowerment in Assamese
নাৰী সবলীকৰণ ৰচনা




নাৰী সবলীকৰণ ৰচনা 


ভাৰতবর্ষ এখন কল্যাণকামী ৰাষ্ট্র। গতিকে এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে দেশখনৰ অর্থনৈতিক উন্নয়নৰ লগে লগে ইয়াত বসবাস কৰা প্রত্যেক জন নাগৰিকৰ অর্থনৈতিক, ৰাজনৈতিক, আৰু সামাজিক কল্যাণ সাধনৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰি আহিছে, যদিও সকলো নাগৰিকে সুযোগ-সুবিধাসমূহ লাভ কৰিব পৰা নাই। এই ক্ষেত্রত মহিলাসকল, বিশেষকৈ গাঁও অঞ্চলত বাস কৰা মহিলাসকল, আনলোকৰ তুলনাত বহু পিছপৰি থকা দেখা যায়। এখন সমাজত শিশু আৰু মহিলাই যদি পুৰুষৰ সমানে উন্নয়নৰ সুবিধাসমূহ লাভ কৰিব নোৱাৰে তেন্তে এখন দেশৰ সামগ্রিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। এগৰাকী নাৰীৰ অথবা মাতৃ জীৱন ধাৰণৰ মানদণ্ড এজন সন্তানৰ ভৱিষ্যৎ জীৱনৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে।


সবলীকৰণ মানে হ'ল নিজৰ কর্তৃত্ব, ক্ষমতা, নিজে প্রয়োগ কৰিব পৰাটো। দুর্বলজনক সবল কৰা। সবলীকৰণৰ উদ্দেশ্য হ'ল সমাজৰ বঞ্চিত শ্রেণীটোক বঞ্চনাৰ বিৰুদ্ধে সিদ্ধান্ত গ্রহণৰ প্ৰক্ৰিয়াত জড়িত কৰোৱা। নিজকে চাৰিও দিশৰপৰা সামৰ্থ্যবান কৰি তোলাৰ। আজিৰ সমাজত দেখা পোৱা যায় যিসকল গাঁৱলীয়া মহিলা আর্থিকভাবে দুর্বল তেওঁলোকক নিঃস্বার্থভাবে বিভিন্ন ধৰণৰ কষ্টকৰ কামত নিয়োজিত কৰোৱা হয়। এগৰাকী মহিলাই বিভিন্ন সময়ত বিভিন্ন কর্তব্য পালন কৰিবলগীয়া হয়। যেনে- মাতৃত্বৰ দায়িত্ব, পত্নীৰ কর্তব্য, ঘৰখনৰ লিগিৰীৰ কৰ্তব্য, খেতি-পথাৰত ৰোৱনী-দাওনীৰ কর্তব্য। এই সকলো মিলি তেওঁলোকৰ জীবন অতি কষ্টকৰ হৈ পৰে। আজিৰ সমাজখনো পুৰুষ প্রধানেই। অতীজৰপৰাও পুৰুষ প্রধান হৈ চলি থকাৰ বাবে মহিলা এগৰাকীক গুৰুত্ব খুউব কম দিয়া দেখা যায়। 


আগৰ সমাজ ব্যবস্থাতো আছিল পুত্র সন্তান জন্ম হ'লে আনন্দ উল্লাহৰ উৎসৱ পাতিছিল। কন্যা সন্তান সমাজৰ তথা দেশৰ বোজা স্বৰূপ ভাবিছিল। কন্যা সন্তান জন্ম হোৱাটো নিবিচাৰিছিল। ছোৱালী বোৰক পঢ়া-শুনাৰপৰা বঞ্চিত কৰিছিল যিকোনো সমাজৰ কাৰ্যত আগভাগ লোৱাত, বাহিৰলৈ ওলোৱাত বাধা আছিল। ল'ৰাবোৰক পঢ়া-শুনাকে ধৰি বিভিন্ন সুবিধাৰ বাবে ঘৰতে আৱদ্ধ কৰি ৰখা হৈছিল। কন্যা সন্তানৰ ক্ষেত্ৰত কিবা সমস্যা পালে দাইনীৰ দৰে সজাই বা অপৰাধমূলক কামসমূহত লিপ্ত কৰোৱাই হত্যা কৰা হৈছিল। বাল্য বিবাহ কৰোৱাইছিল আৰু আজিও ঠাই বিশেষে এই বাল্য বিবাহ কৰি অহা দেখা গৈছে। গাঁৱৰ সমাজ ব্যৱস্থাৰ বাদেও চহৰ অঞ্চলসমূহতো আশ্চর্যজনকভাৱে প্রচলিত হোৱা দেখা পোৱা গৈছে। আমাৰ সমাজত মহিলাৰ শোচনীয় অৱস্থাসমূহ বাৰুকৈয়ে উদঙাই দাঙি দিয়া হোৱা নাই জানো। আজিও সেই আগৰ দৰেই নাৰী সমাজ সুৰক্ষিত নহয়, এখন গাড়ীত চাৰিজন বা তিনিজন পুৰুষৰ মাজত এগৰাকী নাৰী সুৰক্ষিত হৈ যাব নোৱাৰে। 


নাৰী সকল নিজৰ ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ নাথাকি নিজৰ সন্তানক সুস্থ-সবল মানসিকতাৰে এজন নাগৰিক হোৱাৰে মানসেৰে নিজেও স্বাৱলম্বী হ'বলৈ সমাজত যোগদান কৰিব লাগিব তেহে নিজৰ লগতে সমাজৰ উন্নতি হ'ব। সমাজৰ ঠেক মানসিকতা থকা লোকৰ চিন্তা ধাৰাবোৰ সলনি কৰিব লাগিব। মহাত্মা গান্ধীয়ে নাৰী শিক্ষা আৰু মহিলা সবলীকৰণৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। যদি পুৰুষ-মহিলা সমানে আগুৱাই নাযায় সমাজৰ প্ৰগতি সাধনত বাধা আহে। ১৯৯২ চনৰ ৩১ জানুৱাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগ আইনৰ অধীনত ৰাষ্ট্ৰীয় মহিলা অয়োগ গঠন হৈছিল। এই আয়োগৰ মুখ্য উদ্দেশ্য হৈছে মহিলাসকলক আইনগত সুৰক্ষা প্ৰদান কৰা। পুৰুষ আৰু মহিলাৰ মাজত সামাজিক সমতা স্থাপন কৰা। মহিলা আৰু পুৰুষ সমানে খোজ দি উন্নয়ন প্রক্রিয়াত অংশগ্ৰহণ কৰিব পৰাকৈ সুবিধা দিয়া। ৰাজা ৰামমোহন ৰায়, লর্ড বেন্টিংক আদি ব্যক্তিয়ে পৃথিবীৰ নাৰীৰ ওপৰত মন্তব্য আগবঢ়াই থৈ গৈছে। এগৰাকী মহিলা এখন সমাজৰ মেৰুদণ্ড স্বৰূপ। নিজে স্বাৱলম্বী হ'বলৈ লওক, সমাজৰ বাবে হওক।


নিজৰ সন্তানৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্রত বা সন্তানক গঢ় দিয়াৰ ক্ষেত্ৰতেই হওক, নিজে সুশিক্ষিতা সৎ চৰিত্ৰৰ অধিকাৰী হোৱাৰ লগতে সন্তানৰ চৰিত্ৰ গঠন ক্ষেত্ৰত মাতৃগৰাকীৰ প্ৰথম দায়িত্ব থাকে। বুৰঞ্জী প্রসিদ্ধ লীলাবতী আৰু বিদ্যাৱতী এই দুয়োগৰাকী নাৰীয়েই বিদুষী নাৰী হৈ খ্যাতি ৰাখি থৈ গৈছে। এগৰাকী মাতৃৰ নিজৰ সন্তানৰ ওপৰত ৰাতিপুৱা শুই উঠাৰপৰা দিনটোৰ যি কাৰ্যসূচী সেই সমূহ কার্যৰ আতি ধৰোঁতা। পুৱা গুৰু সেৱা কৰাৰপৰা স্কুললৈ যোৱা, নিজৰ স্বামীক কর্মক্ষেত্ৰলৈ পঠোৱা এই সকলো ধৰণৰ কর্মতে গুৰুত্বপূর্ণ ভূমিকা ল'ব লগা হয়। মাতৃগৰাকীয়ে নিজৰ সন্তানৰ সাজ-পোছাকৰ ওপৰত চকু ৰাখি নিজে নিয়ম-সংযমৰ মাজেৰে আগুৱাই যাবলৈ পথ দেখুৱাই দিব লগা হয়। এই সমূহ কার্যতে আমাৰ মহিলাসকলৰ বহুতো কর্তব্য আৰু দায়িত্ব পালন কৰিব লগা থাকে।


ধর্মীয় দিশেৰে চাবলৈ গ'লেও বৈদিক যুগৰ কথা দেৱহুতি, মৈত্রেয়ী, গার্গী, অনুসূয়া, বসুন্ধৰা আদিয়ে ঋষি, মুনিসকলৰ লগত বেদ শাস্ত অধ্যয়ন কৰি সমাজত সমানে অংশগ্রহণ কৰিছিল। ঠিক তেনেদৰে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে নৱ বৈষ্ণৱ ধর্মৰে নাৰীসকলক সমাজত ৰাখিহে সমাজত ধর্ম প্রচাৰ কৰিছিল। প্ৰচাৰ কৰোঁতে নাৰী সকলক সমাজচ্যুত কৰা নাছিল। তেওঁ নিজে বুঢ়ী মাক খেৰসুতীৰ লালিত-শিক্ষা গ্রহণ কৰি নিজৰ পাণ্ডিত্যৰ পৰিচয় দিছিল। পালিত তথা তত্ত্বাবধানতহে মহেন্দ্ৰ কন্দলিৰ টোলত গুৰুজনাই আমালৈ এটা সুন্দৰ দৃষ্টান্ত ৰাখি থৈ গৈছে। যেতিয়া টেম্বুৱানি জানৰ পানীৰ বান্ধ ৰাখিব নোৱাৰা হ'ল তেতিয়া তেওঁ প্ৰচাৰ কৰিলে যে এগৰাকী নাৰীয়ে এই জানত এপল পানী দিলেহে জানৰ পানী বন্ধ হৈ ৰাইজৰ ৰক্ষা হ'ব। উচ্চ-নীচ, জাতি-বর্ণ নিবিচাৰি যে এগৰাকী নীচ কুলৰ মহিলা ৰাধিকা সতীয়ে সতীত্বৰ গুণেৰে সমাজত স্থান ৰাখি থৈ গৈছে সেয়েই প্রমাণ। মহাপুৰুষ মাধৱদেৱেও নাৰীৰ শিক্ষা-দীক্ষা, ধর্মীয় ক্ষেত্রতো সম্পূর্ণ সমর্থন আগবঢ়াই থৈ গৈছে। 




*****


  • নাৰী সবলীকৰণ কবিতা
  • নাৰী সবলীকৰণ আঁচনি
  • মহিলা সৱলীকৰণ ৰচনা
  • মহিলা সৱলীকৰণৰ শিক্ষাৰ ভূমিকা
  • মহিলা সবলীকৰণ মানে কি?
  • মহিলা সবলীকৰণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা
  • মহিলা সবলীকৰণ আঁচনি
  • মহিলা সবলীকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা
  • মহিলা সবলীকৰণ উদ্দেশ্য

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা