ছাত্ৰ-ছাত্ৰী নৈতিক শিক্ষা আৰু শিক্ষকৰ বিষয়ে ৰচনা
ছাত্ৰ-ছাত্ৰী নৈতিক শিক্ষা আৰু শিক্ষকৰ বিষয়ে ৰচনা
ছাত্ৰ-ছাত্ৰী নৈতিক শিক্ষা আৰু শিক্ষকৰ বিষয়ে ৰচনা Satro Satri Noitik Hikkha aru Hikkhok Rosona
- ছাত্ৰ-ছাত্ৰীৰ নৈতিক শিক্ষা আৰু শিক্ষকৰ দায়িত্ব
- বর্তমান সময়ত শিক্ষকৰ ভূমিকা আৰু কৰ্তব্য
- শিক্ষা আৰু শিক্ষক
- শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ সম্পৰ্ক
- ছাত্ৰৰ সৰ্বাংগীন বিকাশত বিদ্যালয়ৰ ভূমিকা
- সচেতন সমাজ গঢ়াত ছাত্ৰ ছাত্ৰীৰ ভূমিকা ৰচনা
- ছাত্ৰ ছাত্ৰীৰ সৃজনশীলতা বিকাশত শিক্ষকৰ ভূমিকা
![]() |
| ছাত্ৰ-ছাত্ৰী নৈতিক শিক্ষা আৰু শিক্ষকৰ বিষয়ে ৰচনা |
ছাত্ৰ-ছাত্ৰী নৈতিক শিক্ষা আৰু শিক্ষক
কেৱল শিশুৰ পাঠদানৰ বাবেই নহয়, শিশু তথা ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক তথা নৈতিক উৎকর্ষ সাধনৰ এক পবিত্র অনুষ্ঠান হিচাবে শিক্ষানুষ্ঠানসমূহক বিবেচিত কৰা হয়। শিক্ষানুষ্ঠান অর্থাৎ শিক্ষকৰ ওপৰত সমাজে বহু আশা কৰে। নতুন প্রজন্মক সুস্থ, সবল ৰূপত গঢ় দিয়াটো শিক্ষানুষ্ঠানসমূহৰ প্ৰধান কর্তব্য আৰু দায়িত্ব। এই শিক্ষানুষ্ঠানসমূহৰ মৌলিক দায়িত্বত মকবল কৰা শিক্ষাগুৰুসকলেই শিক্ষানুষ্ঠানৰ প্ৰকৃত মৰ্যদা ৰক্ষা কৰি ছাত্ৰ অথবা শিশুৰ শিক্ষাৰ লগতে নৈতিকভাবে গঢ় দিয়াত ব্রতী হ'ব লাগিব। সমাজে শিক্ষকৰ পৰা যি আশা কৰে, তেনে এক সুস্থ, সবল সামাজিক তথ্য শৈক্ষিক পৰিৱেশ সৃষ্টি কৰি সমাজৰ উত্তৰাধিকাৰী নতুন প্ৰজন্মক উপযুক্তৰূপে গঢ় দিবৰ বাবে সাৱধানে কার্যপন্থা গ্রহণ কৰি আগবাঢ়িব লাগিব। ভাল-বেয়া একো বুজি নোপোৱা শিশুৱে শিক্ষকে বিদ্যালয়ৰ অনুশাসন আৰু মৰমেৰে সকলো দিশতে বাধ্য কৰালে শিশুৰ শৃঙ্খলাবদ্ধতা আহে। সম্প্রতি যুৱ-ছাত্ৰৰ উশৃংখলতা প্রায়ে পৰিলক্ষিত হয়। এনে উশৃংখলতাৰ আঁৰত সামাজিক তথা আনুষঙ্গিক বহু কাৰণ থাকে। কিন্তু শিক্ষানুষ্ঠানসমূহৰ সুস্থ পৰিৱেশ আৰু উপযুক্ত অনুশাসনে এনে উশৃংখলতা বহুজনে ৰোধ কৰিব পৰা যাব বুলি আশা কৰা যায়।
বিদ্যালয়ত শিক্ষকৰ আচৰণে শিশুৰ আচৰণৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে। কোৱা হয় যে, কেৱল পাঠ্যপুথিৰ জ্ঞানে এজন লোকক প্রকৃত শিক্ষিত কৰিব নোৱাৰে। সেয়েহে এজন প্রকৃত শিক্ষিত লোক গঢ়ি তুলিবলৈ হ'লে ঘৰখনৰ লগতে বিদ্যালয়সমূহতো নৈতিক ভাৱধাৰা তথা আচৰণৰ সুস্থ প্রশিক্ষণ দিব লাগিব। বিদ্যালয়ত শিক্ষকে অনুশাসন আৰু মৰমিয়াল আচৰণৰ সু-প্ৰয়োগেৰে প্ৰকৃত নৈতিকতাৰ বান্ধোনেৰে ছাত্র অথবা শিশুসকলক বান্ধি ৰখাত সযতনে আগবাঢ়িব লাগিব। বিদ্যালয়ৰ পৰিৱেশে ছাত্ৰৰ জীৱন নিয়ন্ত্রিত কৰে। শিশু বা ছাত্ৰসকলক ঘৰত আৰু বিদ্যালয়ত সুশৃংখলভাবে সৎ গুণবিলাক অভ্যাস কৰাব লাগিব। এইক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষকসকলৰ ভূমিকা অপৰিহাৰ্য। যিহেতুকে শিক্ষক সমাজৰ সামাজিক দায়বদ্ধতা অধিক। মানব জাতিটো জীৱশ্ৰেষ্ঠ হিচাবে কৰণীয় বহুতো থাকে। ছাত্র বা শিশুসকলৰ গুণৰ বিকাশ সকলোৰে একে সময়তে নহয়। কিন্তু সকলোকে সমভাবে লৈ শিক্ষকসকলে ছাত্রক মানৱীয় গুণসমূহৰ অভ্যাস কৰালেহে প্রকৃত শিক্ষাদান হ'ব।
শিশুসকল যাতে অমায়িক, ক্ষমা, দয়া, কৃতজ্ঞ মনোভাৱৰ হয়, পৰোপকাৰ, সততা, মহানুভৱতা আদি গুণসমূহ যাতে শিশুৱে সৰু অৱস্থাৰ পৰাই শিকিব পাৰে ইয়াৰ বাবে ঘৰত আৰু বিদ্যালয়ত এই গুণসমূহৰ উৎকৰ্ষ সাধনত অভিভাৱক আৰু শিক্ষকসকল ব্রতী হ'ব লাগিব। বিদ্যালয় এখনক সামাজিক অনুষ্ঠান বুলি কোৱা হয়। বিভিন্ন পৰিৱেশৰ পৰা অহা ছাত্র-ছাত্রীয়ে বিদ্যালয়সমূহত অধ্যয়ন কৰে। ঘৰুৱা পৰিৱেশৰ সীমাবদ্ধ আচৰণৰ পৰা আহি বিদ্যালয়ত এটা বেলেগ পৰিৱেশত শিশুসকল সোমাই পৰে। গতিকে এনে পৰিৱেশত শিশুসকলক পৰস্পৰে মিলা-মিছা কৰা, সকলোকে আপোনভাৱে গ্রহণ কৰা, লগৰীয়াসকলৰ প্ৰতি মৰমীয়াল আৰু সহানুভূতিশীল হোৱা, নিশ্বার্থভারে কাম কৰা, খং-ক্ষোভ আদি দমন কৰা, নিজ কাৰ্য্য সুচাৰুৰূপে সম্পাদন কৰা, শিক্ষক অথবা জ্যেষ্ঠজনৰ প্রতি আনুগত্য প্রকাশ, শাৰীৰিক তথা মানসিকভাবে প্রস্তুত হোৱা আদি বিভিন্ন মাননীয় প্রমূল্যবোধৰ গুমসমূহৰ অভ্যাস বিদ্যালয়সমূহত কৰিব পাৰি। সেয়েহে এনে গুণসমূহৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষকসকলৰ দায়িত্ব অধিক।
পৌৰাণিক কালত শিক্ষাগুৰুৰ স্থান উর্দ্ধত আছিল। তাহানি শিক্ষাগুৰুসকলক মানব শিশুৰক দ্বিতীয় জন্মদাতা বুলি কোৱা হৈছিল। যিহেতুকে মানব শিশুক মানৱত্বৰ স্তৰলৈ আনে শিক্ষাগুৰুসকলেহে। কিন্তু সময়ৰ পৰিৱৰ্তনৰ ফলত তথা সাম্প্ৰতিক যান্ত্রিকতাৰ কৱলত পৰি মানুহৰ ৰুচিবোধৰ পৰিৱৰ্তন ঘটিছে। সাম্প্রতিক সামাজিক বিৱৰ্তনৰ ফলত সমাজ ব্যবস্থাই এটা বেলেগ ৰূপ লৈছে আৰু সেইমতে মানুহৰ মানৱীয়তা, ব্যক্তিত্ব আদি গুণসমূহৰ প্ৰতিফলন ঘটিছে। এনে পৰিৱৰ্তনৰ ধামখুমিয়াত শিক্ষাগুৰুসকলৰ দায়িত্ব, কর্তব্য আৰু সামাজিক মর্যদাও সমাজ ব্যৱস্থাৰ কৱলত পৰিৱৰ্তন হৈছে বুলি ক'ব পাৰি। কিন্তু সমাজৰ যিকোনো ব্যৱস্থাতে শিক্ষাগুৰুসকলৰ ভূমিকা অপৰিসীম। মানৱ সম্পদ গড়োতা খনিকৰজনৰ দায়িত্ব আৰু কৰ্তব্য কিমান গধুৰ সেয়া সহজে অনুমেয়। কেৱল শ্ৰেণীকোঠাত পাঠদান কৰাটোতে এজন শিক্ষকৰ দায়িত্ব শেষ নহয়। শিশুসকলক প্রকৃত মানৱ সম্পদ হিচাবে গঢ় দিবৰ বাবে সমাজৰ প্ৰতিটো দিশ খৰচি মাৰি অধ্যয়ন কৰি বিশ্লেষণৰ দ্বাৰা তাৰ সুস্থ প্রতিফলন ঘটোৱাৰ প্ৰচেষ্টা চলাব লাগিব।
সময়োপযোগী মানৱীয় প্রমূল্যবোধৰ কাৰ্যকৰী শিক্ষা প্ৰদানৰ বাবে শিক্ষক সমাজ সদায়েই প্রস্তুত থাকিব লাগিব। বিদ্যালয়ৰ লগতে বিদ্যালয়ৰ চৌপাশৰ সামাজিক পৰিৱেশ অধ্যয়ন কৰি এটা বাস্তৱসন্মত সুস্থ বিদ্যালয়ৰ পৰিৱেশ তৈয়াৰ কৰি ল'ব পৰাটোৱেই এজন শিক্ষকৰ কৰ্তব্য আৰু দায়িত্ব হ'ব লাগিব। সম্প্রতি বহু শিশু তথা ছাত্র বিপথে পৰিচালিত হোৱা পলিক্ষিত হয়। ইয়াৰ মূলতে বহুতো সামাজিক কাৰণ থাকিলেও বিদ্যলয়সমূহত সুস্থ পৰিৱেশৰ অভাৱ এটা কাৰণ হ'ব পাৰে। যিহেতুকে কেৱল শ্ৰেণীকোঠাত গতানুগতিক পাঠদান কৰিলেই শিশুৰ সৰ্বাঙ্গীন দিশৰ গুণসমূহৰ প্ৰতিফলন নঘটে অথবা উৎকর্ষ সাধন নহয়। । বিদ্যালয়খন সমাজৰ এটা কেন্দ্রবিন্দু লৈ মানবীয় গুণৰাশিৰ প্ৰকৃত মূল্যায়ণৰ দিশত শিক্ষকসকলে আগভাগ ল'ব লাগিব। তেতিয়াহে নৈতিক আচৰণৰ দিশত শিশুসকল উপকৃত হ'ব।
শিশুৰ নৈতিক শিক্ষাৰ দিশত শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য যিদৰে অধিক, তেনেকৈ সমাজৰ আন আন লোকসকলৰো কৰণীয় নথকা নহয়। কিন্তু শিক্ষকসকলে যিহেতুকে শিশুৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক দিশ উত্তৰণৰ এখন সামাজিক মঞ্চ হিচাবে বিদ্যালয়খন পাইছে, সেয়েহে শিশুসকলৰ নৈতিক, চাৰিত্ৰিক দিশৰ প্ৰতি লক্ষ্য ৰাখি মাজে-সময়ে শ্ৰেণীকোঠাত এই বিষয়বোৰক লৈ চৰ্চা কৰিলে শিশুসকল নিশ্চয়কৈ কিছু উপকৃত হ'ব। এনেদৰে সমাজৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে এখন সুস্থ, সবল সমাজ গঢ়াত অৰিহণা যোগাব পাৰিব বুলি আশা কৰা যায়। সেইমতে সমাজৰ সকলোৱে মাৰবান্ধি নমস্য শিক্ষকসকলৰ প্রতি সহায়-সহানুভূতি আগবঢ়াব লাগিব। এইক্ষেত্ৰত চৰকাৰী কর্তৃপক্ষৰো যথেষ্ট কৰণীয় আছে। এখন সুস্থ নৈতিক সমাজ গঢ় দিবলৈ হ'লে সুস্থ নৈতিকবোধৰ খুবেই প্ৰয়োজন আৰু এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা সবল কৰি তুলিব লাগিব।
******

Comments
Post a Comment