সুন্দৰ সমাজ গঠনত নাৰীৰ সাহিত্য চর্চা আৰু নাৰীৰ ভূমিকা
সুন্দৰ সমাজ গঠনত নাৰীৰ সাহিত্য চর্চা আৰু নাৰীৰ ভূমিকা
সুন্দৰ সমাজ গঠনত নাৰীৰ সাহিত্য চর্চা আৰু নাৰীৰ ভূমিকা ৰচনা অসমীয়াত Women's Literature in building of beautiful society and the role of women in Society - Hundar Samaj Gothonot Narir Sahitya Charcha aru Narir Bhumika
- সমাজৰ উন্নয়নত মহিলাৰ বৰঙণি
- বৰ্তমান সমাজত নাৰীৰ ভূমিকা
- সমাজ গঠনত নাৰীৰ ভূমিকা
![]() |
| সুন্দৰ সমাজ গঠনত নাৰীৰ সাহিত্য চর্চা আৰু নাৰীৰ ভূমিকা |
সুন্দৰ সমাজ গঠনত নাৰীৰ সাহিত্য চর্চা আৰু নাৰীৰ ভূমিকা
নাৰী প্ৰকৃতিৰ অপূর্ব সৃষ্টি। নাৰীয়ে বহু ধৰণৰ চৰ্চা কৰিব পাৰে। গীতৰ চৰ্চা, নৃত্যৰ চৰ্চা, বাদ্যৰ চৰ্চা ইত্যাদি। এই চৰ্চা সমূহৰ ভিতৰত সাহিত্য চর্চা নাৰী জগতত অন্যতম। সাহিত্যৰ সৃষ্টিশীলতা অধিক গভীৰ, বিশাল। সাহিত্যৰ লগত সৃষ্টিশীলতাৰ এক ওতঃপ্রোত সম্পর্ক আছে। সৃষ্টিশীলতা হৈছে মানুহৰ ধৰ্ম। এই সৃষ্টিশীলতা মানুহৰ ধৰ্ম হ'লেও সকলো মানুহ সৃষ্টিশীল গুণৰ অধিকাৰী নহ'বও পাৰে। এক কল্পনাপ্রবণ, জ্ঞানেৰে পৰপূিৰক এজন ব্যক্তিয়েহে সৃষ্টিশীল মনৰ অৰ্থাৎ গুণৰ অধিকাৰী হ'ব পাৰে। এই ক্ষেত্ৰত নাৰীৰ অবদান আছে। পুৰুষৰ দৰে নাৰীয়েও বর্তমান সাহিত্য জগতত সাহিত্য চর্চা কৰি নাৰী জগতৰ গৰিমা আগবঢ়াইছে। অতীতৰ নাৰী জগতৰ তুলনাত বর্তমান নাৰী জগতে বহু অৱদান আগবঢ়াই আহিছে। অতীতত এনে আছিল যে নাৰীসকল অৱদমিত হৈ মানসিক তথা বৌদ্ধিক চিন্তা-চর্চাক আসন দিব পৰা ক্ষমতা নাছিল। কিন্তু, বৰ্তমানৰ চিন্তা-ধাৰাই মানুহক আগবঢ়াই আনিছে, পুৰুষ, নাৰী উভয় পক্ষৰ মানসিক চিন্তা-ধাৰাক বহল ভিত্তিৰে আকোৱালি লৈ তাক প্রদর্শন কৰিছে। সেয়ে, নাৰী সমাজে সাহিত্য-চৰ্চাৰ গুণৰাজিক আজিৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিছে। পুৰুষৰ দৰে নাৰীৰো সেই অদম্য ক্ষমতা আছে। কৰিবপৰা আৰু কৰি দেখুৱাবপৰা ক্ষমতা। সময়ৰ সোঁতে সুপ্ত হৈ থকা নাৰী জাতিৰ প্ৰতিভাক প্ৰদৰ্শন কৰি আহিছে।
মানুহে কোনো এটা কাম সূক্ষ্মভাৱে আৰু সু-তীক্ষ্ণ ভাৱে নিৰীক্ষণ, বিশ্লেষণ কৰি কামটোত লিপ্ত হয়। এইক্ষেত্ৰত পুৰুষ, নাৰী সকলৰ মাজত বিশ্লেষণ, নিৰীক্ষণ কৰিবপৰা ক্ষমতা অসমান দেখা পোৱা যায়। এনে শক্তি সকলোৰে সমান নাথাকে, এনে ক্ষেত্ৰত মগজুৰো ক্রিয়াশীল ক্ষমতা কম থাকে আৰু সাহিত্য-চৰ্চাৰ বাবে যি হৃদয়াবেগ লাগে, সেই হৃদয়াবেগ তেনে ক্ষেত্ৰত পুৰুষ আৰু নাৰীৰ সাহিত্য-চৰ্চাত ভিন্নতা আহি পৰে। পুৰুষতকৈ নাৰীৰ নিৰীক্ষণ ক্ষমতা অধিক প্ৰখৰ আৰু অধিক তীক্ষ্ণ, এই ক্ষেত্ৰত ভিক্টৰ হুপে কৈছিল- "Men have sight, women insight." পুৰুষৰ থাকে দৃষ্টি আৰু নাৰীৰ থাকে অন্তদৃষ্টি। নাৰীৰ এনে অপূর্ব গুণৰ বাবে সাহিত্য জগতৰ মান আৰু উন্নত কৰিবপৰা ক্ষমতা আছে। জীনবটো হৈছে এক বিপুল সৌন্দৰ্যৰ সম্ভাব, য'ত আছে প্রেম, দয়া, ক্ষমা, হিংসা, অহিংসা, সত্য, অসত্য, সুন্দৰতা, অসুন্দৰতা সম্ভাৰ। সাহিত্যৰ কাম হৈছে জীৱনৰ অনন্ত সত্যৰ অন্বেষণ কৰা, হিংসা, অহিংসাক বিশ্লেষণ কৰা, সুন্দৰতা আৰু অসুন্দৰতাক আৱিষ্কাৰ কৰা। এনে সত্যবোৰক জানিবৰ বাবেই গভীৰ নিৰীক্ষণ, গভীৰ বিশ্লেষণ কৰিব পৰা ক্ষমতাৰ প্ৰয়োজন আৰু এই ক্ষমতা পুৰষতকৈ নাৰীৰ বেছি। সেয়ে, আজিৰ সময়ত সাহিত্য-চর্চা নাৰী জগতৰ বাবে এক অমূল্য চর্চা। যি চর্চাই সমাজ গঠনত অপূর্ব অৱদান আগবঢ়াই সমাজখন সুস্থ, প্রগতিময় কৰি তুলিব। গতিকে, বর্তমান নাৰীসমাজখন সাহিত্য সৃষ্টিত আগ্রহী হোৱাটো বাঞ্ছনীয় হৈ পৰিছে। মানুহে জীবনত বহুত কিবা-কিবি বিচাৰে, সেই বিচাৰাখিনিক পাবও পাৰে। যদিহে বিচাৰিব জানে নিৰন্তৰ পথেৰে, শুদ্ধ নিৰীক্ষণেৰে। মানুহৰ জীৱনটো এক গোপন সত্যৰ ভাণ্ডাৰ, সেই সত্যৰ ভাণ্ডাৰক সত্যৰ বিশ্লেষণেৰে উদ্ঘাটন কৰিবও পাৰি। সাহিত্য জগতৰ দ্বাৰা।
জীৱনৰ সত্যোদ্ধাৰ সকলো ক্ষেত্ৰত সম্ভৱ নহ'বও পাৰে। তথাপি, নাৰী, পুৰুষ উভয় পক্ষই সাহিত্য সৃষ্টিত মনোনিবেশ কৰিব লাগিব। নাৰীৰ অন্তৰখন বহুত বিশাল, গভীৰময়, গভীৰভাৱে স্পৰ্শ কৰিবপৰা ক্ষমতা আছে, যি আনকি পুৰুষৰ নাই। যদিহে নাৰী সমাজখনে এনে গুণৰাজিক অনুভৱ কৰি গভীৰভাৱে সাহিত্য চর্চাত মনোনিৱেশ কৰে, তেন্তে জীৱনৰ গভীৰ গোপন সত্যক আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব। কৰিবপৰা ক্ষমতা সকলোৰে আছে। পৰিস্থিতিক বুজি সত্যৰ অন্বেষণেৰে সেই ক্ষমতাক প্রদর্শন কৰিব লাগিব। তেহে নীৰী জাতিৰ উচ্চ মান থকা গুণৰাজি বিশ্বদবাৰত প্রতিস্থিত হ'ব। এখন সুস্থ, শান্তিময় প্রগতিময় সমাজ গঢ় লৈ উঠিব।
আমাৰ বহু সমাজতে বৈদিক নিয়ম অনুসৰি বিবাহ সম্পাদন কৰা কাৰ্য্য পূৰ্বৰে পৰা চলি আহিছে। এই বৈদিক যুগটো নাৰীৰ বাবে সোণালী যুগ। এই বৈদিক যুগৰ সময়ছোৱাত নাৰীয়ে যি সম্মান তথা অধিকাৰ পাইছিল আজিলৈকে কোনো যুগে নাৰীক তেনে অধিকাৰ তথা সন্মান দিব পৰা নাই। বৰ্তমান বৈষ্ণৱ উত্তৰ কালছোৱাত ইয়াৰ বহুতো ব্যতিক্রম ঘটিছে। বেদান্তৰ সিদ্ধান্ত অনুযায়ী ব্রাহ্ম বিবাহক সমাজে আঁকোৱালি লোৱা দেখা যায়। বিবাহ হৈছে সৃষ্টিৰ পাতনি, যুগ্ম জীৱনৰ প্ৰতিচ্ছবি। ধর্মীয় দৃষ্টিকোণেৰে অবিবাহিত পুৰুষ-নাৰীক অসম্পূর্ণ হিচাবে ধৰা হয়। সামাজিক প্রথাৰ জড়িয়তে তুলি-তালি ডাঙৰ-দীঘল কৰা কন্যাটিক সমাজক সাক্ষী কৰি এখন অচিনাকী ঘৰলৈ চিৰদিনৰ বাবে উলিয়াই দিয়া হয়। প্রত্যেকখন ঘৰৰ আচাৰ, নীতি বেলেগ বেলেগ হয়। সেয়েহে নতুন ঘৰ এখনত খাপ খুৱাবলৈ ন-কন্যাগৰাকীৰ কিছু সময়ৰ প্রয়োজন হয়। এইক্ষেত্ৰত শাহুৰ লগতে ঘৰখনৰ প্ৰত্যেকজন সদস্যই মৰমেৰে শিকাই বুজাই ল'ব লাগে। দ্বিতীয়তে, কন্যাগৰাকীয়েও শিকাই দিয়া কথা-কামবিলাক অনুশীলন কৰিব লাগে।
যিহেতু এখন ঘৰৰ বোৱাৰী হৈ অহাৰ লগে লগে বহুতো দায়িত্ব আহি পৰে। সেয়ে মাতৃগৃহত থকা স্বভাব-চৰিত্ৰবিলাক সংশোধন কৰিব লাগে। তেতিয়াহে সাংসাৰিক জীৱনত আউল নালাগে। শাহুগৰাকীক যদি মাতৃসম জ্ঞান কৰি সকলো সুখ-দুখৰ কথা কয়, তেতিয়া সেই মাতৃগৰাকীয়েও নিজ কন্যাসম দৃষ্টিৰে চাব। এইখিনিতে এষাৰ কথা আছে- 'পো ভালেহে বোৱাৰী ভাল।' বোৱাৰীগৰাকীক সদায় শাহুৰ হাতত তুলি দিব লাগে। এগৰাকী শাহুৰ থাকিবলগীয়া অভিজ্ঞতাৰে বোৱাৰীগৰাকীক সজাই পৰাই নিশ্চয় ল'ব, কিয়নো শাহুৰ পিছতেই সেইখন ঘৰৰ অধিকাৰিণী বোৱাৰীগৰাকীয়েই হ'ব। বৰ্তমান সময়ত যুৱ সমাজৰ মাজত চৰিত্ৰৰ স্থলন সততে দেখা পোৱা যায়। বৈবাহিক জীৱনৰ মাহ-হালধিৰ গোন্ধ গাৰ পৰা আঁতৰি নৌযাওঁতেই সাংসাৰিক জীৱনত খেলিমেলি আহি পৰে। বহিৰাগতৰ পৰা আমদানিকৃত যৌতুক প্রথাই আমাৰ সমাজত বাৰুকৈয়ে শিপাইছে। ই ক্রমান্বয়ে বিহ মেটেকাৰ দৰে চাৰিওফালে ছানি ধৰিছে। এই প্রথা আমাৰ সমাজৰ পৰা নির্মূল কৰিবৰ বাবে আই মাতৃসকলে মাৰবান্ধি থিয় দিব লাগে।
আজিৰ যুৱ সমাজৰ মাজত এচামে সহজলভ্য সা-সম্পত্তিৰ আশাত যৌতুকৰ পণ স্বৰূপে নগদ টকা, গাড়ী, মটৰচাইকেল, টিভি, ফ্রিজ আদি বিচাৰে। অৱশ্যে এইক্ষেত্রত যুৱকসকলক দায়ী কৰিলেই নহ'ব, সমানে দায়ী পিতৃ-মাতৃও। বহুক্ষেত্রত দেখা যায় পিতৃ-মাতৃয়েহে প্রয়োজনতকৈ অধিক যৌতুক বিচাৰে, যাবফলত কন্যাপক্ষ সর্বস্বান্ত হ'বলগীয়া হয় আৰু দুয়োঘৰৰ মাজত গঢ়ি উঠা বৈবাহিক সম্বন্ধত ঘুণে ধৰে। এইবোৰ একো একোটা দুৰাৰোগ্য ব্যাধি। সাধ্য অনুযায়ী পিতৃগৃহৰ পৰা কন্যাটিৰ লগত দিবলগীয়া বস্তুকেইপদ নিদিয়াকে নাথাকে। অধিক পোৱাৰ আশাত ন-বোৱাৰীগৰাকীক বহুতো পৰিয়ালে নির্মম অত্যাচাৰ চলাই আহিছে। ৰজা, মহাৰজাসকলেও অর্থ লিপ্সাৰ পৰা হাত সাৰিব পৰা নাছিল। লিপ্সা বঢ়াই নিলে বাঢ়ি গৈ থাকে। শেষত লোভ আৰু ক্রোধলৈ ৰূপান্তৰিত হয়।
গতিকে এইবোৰ জানি বুজি বিবাহিত কন্যাটিক মাতৃগৃহতে সকলো ফালৰ পৰা উপযুক্ত কৰি পঠিওৱাটো একমাত্র মাতৃগৰাকীৰ দায়িত্ব সকলোতকৈ বেছি। জন্মৰ পৰাই ওতঃপ্রোতভাবে মাকৰ লগত কন্যাটি জড়িত হৈ থাকে। তেনেস্থলত মাকে যদি কন্যাটিক আঁচলৰ তলত লৈ উপযুক্ত শিক্ষা-দীক্ষাকে আদি কৰি সকলো কামতে পাৰ্গত কৰি নপঠিয়াই তেন্তে অন্য এখন ঘৰলৈ গৈ কন্যাটিৰ লগতে প্রতিক্ষণে মাতৃগৰাকীও অপদস্ত হ'বলগীয়া হয়। কন্যাটিয়ে দ্বিতীয় অধ্যায়ৰ পাতনি মেলাৰ পাছতে মাতৃয়ে কন্যাটিৰ প্রতি সতর্ক তথা সচেতন হোৱাটো একান্ত বাঞ্চনীয়।
এই বয়সতে মাতৃগৰাকীয়ে প্রতি খোজতে কন্যাটিক পিন্ধা-উৰা, সাজপাৰৰ শালীনতা ৰক্ষা কৰাৰ লগতে শিক্ষাৰ প্ৰতি বেছি গুৰুত্ব দিব লাগে। কিয়নো স্বাৱলম্বী হোৱাৰ বাবে প্রয়োজনীয় কিতাপৰ শিক্ষাৰ লগতে কাৰিকৰী শিক্ষা অথবা হস্তশিল্পৰ শিক্ষা জানি থোৱা ভাল। কন্যাটিৰ কথা-বতৰা, চাল-চলন, লগ-সঙ্গ, ঘৰুৱা তথা সামাজিক পৰিৱেশৰ প্ৰতি চকু দিব লাগে। একোখন সমাজক গঢ় দিয়াৰ ক্ষেত্ৰত এগৰাকী নাৰীৰ থাকিবলগীয়া গুণ তথা সৌন্দৰ্য্য সমূহেই হৈছে নাৰীৰ ভূষণ। বিবাহিত কন্যাটিৰ আচাৰ-ব্যৱহাৰ মাৰ্জিত তথা মাতকথাৰ মাধুৰ্য্যতাই বাহ্যিক সৌন্দর্য্য ফুটাই তোলে। তেওঁ মাতৃগৃহতে অন্তৰৰ দয়া, মমতা, লাজ, উদাৰতা, সহিষ্ণুতা, ব্রহ্মাচর্য, পবিত্রতা, ভগৱানৰ প্রতি ভক্তি আদি আহৰণ কৰি আহিব লাগে। এগৰাকী নাৰীয়ে ঘৰখন পৰিপাটি তথা চাচিকুণকৈ ৰখাটো সু-গৃহিণীৰ লক্ষণ। বিবাহৰ পিছদিনাৰ পৰাই এগৰাকী নাৰীৰ সাংসাৰিক জীৱন আৰম্ভ হয়। সাংসাৰিক জীৱনটো সুখময়, মধুময় কৰি গঢ়ি তোলাটোৱেই নাৰীগৰাকীৰ প্ৰধান কৰ্ত্তব্য। ইয়াৰ বাবে উপযুক্ত কৰি পঠিওৱাৰ চাবিকাঠি মাতৃগৰাকীৰ হাতত।
ঘৰুৱা কামবনত পাৰদৰ্শিতা দেখুওৱা, তাঁত-সূত, হাতৰ চিলাই আদিত ন-কন্যাগৰাকী কিমান পাৰ্গত বিবাহৰ পাছতেই গম পোৱা যায়। কিয়নো এনেবোৰত পাৰ্গত ন-কন্যাই তেওঁ বৈ অনা ৰুমাল, গামোছাৰে কণিষ্ঠক মৰম তথা জ্যেষ্ঠজনক সন্মান জনাই। তদুপৰি তেওঁ কৰি অনা গাৰু ক'ভাৰ, টেবুল ক্লথ আদিৰে শোৱনি তথা চৰাঘৰৰ শোভা বঢ়ায়। অৱশ্যে এইখিনিৰ বাবে কন্যাটিৰ লগতে মাতৃগৰাকীও প্রশংসাৰ পাত্রী হয়। মাকৰ ওপৰতে কন্যাটিৰ ভৱিষ্যত নিৰ্ভৰ কৰে। পৃথকভাবাদী মন যদি মাতৃগৃহত থাকে, তেনে এটা মনোভাবেবে চলিবলৈ বিচাৰিব। এইক্ষেত্ৰত কন্যাগৰাকীৰ স্বামী সতর্ক হোৱাটো প্রয়োজন।
এতিয়া আমি সন্তানৰ কথালৈ আহোঁ। সাংসাৰিক জীৱনত এগৰাকী শুদ্ধ আচাৰ পৰায়ণা স্ত্রী গৰ্ভত ভগৱানৰ দান হিচাবে যি বীজ অঙ্কুৰিত হয় তাৰ ফলতে সু-সন্তানৰ জন্ম হয়। এটা জাতি বা এখন দেশ প্রগতিৰ পথত আগবাঢ়িবলৈ হ'লে স্ত্রী-পুৰুষ উভয়ে সক্রিয় হ'ব লাগিব। এইক্ষেত্রত মহিলাগৰাকী বেছি সচেতন হোৱাটো প্রয়োজনীয়। কিয়নো তেওঁৰ গৰ্ভত অঙ্কুৰিত হোৱা সন্তানটিয়েই হয়তো এদিন দেশৰ সু-নাগৰিক হ'ব। নেপোলিয়ন বোনাপার্টে কৈছিল- 'মোক তোমালোকে দুগৰাকীমান আদর্শ মাতৃ দিয়া, মই তোমালোকক এখন সুন্দৰ দেশ দিম।' ঠিক সেইদৰে জৱাহৰলাল নেহৰুৱেও কৈছিল- 'এগৰাকী নাৰীক শিক্ষা দিয়া মানে এটা জাতিক শিক্ষা দিয়া।'
গর্ভত থাকোতে সন্তানে মাতৃগৰাকীৰ জৰিয়তে জ্ঞান আহৰণ কৰিব পাৰে। এগৰাকী মাতৃৰ মানসিক চিন্তা-চর্চ্চা, আনন্দ, অনুভূতি সকলো গর্ভত, থকা সন্তানৰ লগত সাঙোৰ খাই থাকে। মাতৃগৰাকীয়ে নিজৰ সৎ আদর্শ, সজ চিন্তা, সৎ কৰ্মৰ দ্বাৰা পৰৱৰ্তী প্ৰজন্মৰ এজনক আদর্শবান হিচাবে গঢ় দিব পাৰে। মাতৃগৰাকীয়ে গর্ভকালীন অৱস্থাত সুষম খাদ্যৰ লগতে নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিব লাগে। যেনেকৈ মাকৰ গৰ্ভত থাকোতে ভক্ত প্রহ্লাদে ভক্তি তত্ত্ব শুনাৰ বাবে অসুৰৰ বংশত জন্ম হৈয়ো ধার্মিক আছিল। সেয়ে গর্ভকালীন অৱস্থাত মহৎ লোকৰ জীৱনীবিলাক শ্রৱণ-কীৰ্ত্তন কৰিব লাগে। সন্তানটি জন্ম হোৱাৰ পাছত উপযুক্ত পৰিৱেশত লালন-পালন কৰি শিক্ষা-দীক্ষাৰে সু-নাগৰিক হিচাবে গঢ় দিয়াত মাতৃগৰাকীৰ দায়িত্বই প্রধান। কলা সংস্কৃতি, নৃত্য গীত, যোগ, খেলা ধূলা আদিৰ দ্বাৰা সন্তানসকলক শাৰীৰিক, মানসিক বিকাশ ঘটাব লাগে। সৎ তথা উদাৰ মনোভাৱৰ মাতৃয়েহে মাণিকতুল্য সন্তান জন্ম দিব পাৰে।
*****

Comments
Post a Comment