জনসংখ্যা বিস্ফোৰণ আৰু তাৰ প্ৰতিকাৰ
জনসংখ্যা বিস্ফোৰণ আৰু তাৰ প্ৰতিকাৰ
জনসংখ্যা বিস্ফোৰণ আৰু তাৰ প্ৰতিকাৰ Essay on Population Explosion in Assamese
- অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ
- জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা সমস্যা
- অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক
- অসমলৈ হোৱা জন প্ৰব্ৰজনৰ বাবে সৃষ্টি হোৱা সমস্যাসমূহ আলোচনা কৰা
- জনসংখ্যা বিস্ফোৰণ কি এনে কিয় হয়?
![]() |
| জনসংখ্যা বিস্ফোৰণ আৰু তাৰ প্ৰতিকাৰ |
জনসংখ্যা বিস্ফোৰণ আৰু তাৰ প্ৰতিকাৰ
মানৱ সভ্যতা বর্তি থাকিবৰ বাবে জনসংখ্যা এক মুখ্যতম উপাদান। সভ্যতাক আগুৱাই নিবলৈ খেতি পথাৰ, কল, কাৰখানা আদি চলাবলৈ; শিক্ষা গৱেষণা আদি পৰিচালনা কৰিবলৈ স্বাস্থ্যৰ প্ৰতি যত্ন ল'বলৈ সকলোতে জনসংখ্যাৰ প্রয়োজন। আনকি প্রকৃতিয়ে দিয়া বা আমি নিজেই উৎপাদিত বস্তুৰে জোৰা মৰা টান হৈ পৰে। তেওঁলোকৰ জোৰা মাৰিবলৈ যাওঁতে দেশৰ সঞ্চয় বাধাপ্রাপ্ত হয়। ফলত বর্দ্ধিত জনসংখ্যা দেশৰ বাবে বোজা স্বৰূপ হৈ পৰে। ভাৰতবৰ্ষৰ দৰে দেশত জনসংখ্যাৰ পৰিমাণৰ দ্রুত বৃদ্ধিয়ে ভয়াবহ সমস্যাৰ সৃষ্টি কৰিছে। জনসংখ্যাৰ আকাৰৰ পিনৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ প্ৰথম বৃহত্তম দেশ। পৃথিৱীৰ মুঠ জনসংখ্যাৰ সৰ্বোচ্চ শতাংশ এই দেশত বাস কৰে। যিখন দেশৰ মাটি কালি পৃথিৱীৰ মাত্র ২.৪%। ১৯৮১ চনত ভাৰতবৰ্ষত তিনিগুণ আকাৰৰ ইউৰোপত থকা ৬৮ কোটি জনসংখ্যাৰ সৈতে আমাৰ দেশৰ জনসংখ্যা আছিল সম পৰিমাণৰ। আকাৰৰ ফালৰ পৰা এনে ব্যাপকতাৰ লগতে ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ গতিও বৰ ক্ষীপ্ৰ। ১৯৫১-৬১ চনৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২.২%; ১৯৬১-৭১ চনৰ ভিতৰত প্ৰায় ২.৫%; ১৯৭১-৮১ চনৰ ভিতৰত প্ৰায় ২.৫%। এই বৃদ্ধিৰ হাৰ অতি আশ্চর্যজনক। কাৰণ এই সময়ছোৱাত পৃথিৱীৰ প্ৰায়বোৰ উন্নত দেশত এই পৰিমাণ আছিল ভাৰতৰ তুলনাত অতি কম। যেনে ১৯৭১-৮১ ভিতৰত চীনত এই হাৰ আছিল ১.৫%; জাপানত ১.২%; আমেৰিকাত ১.১% আৰু ছোভিয়েটত আছিল মাত্র ০.৯%।
এনে ক্ষীপ্র বৃদ্ধিৰ বাবেই জনসংখ্যাৰ পৰিমাণেও এক বিস্ফোৰক ৰূপ পাইছেগৈ। ১৯৫১ চনত যিখন ভাৰতত জনসংখ্যা আছিল মাত্র ৩৬ কোটি আজি সেইখন ভাৰতত জনসংখ্যা প্ৰায় ১৪৩ কোটি। বর্তমান দেশত প্রতি বছৰে প্রায় এক কোটি ৩০ লাখকৈ লোক বাঢ়িব লাগিছে আৰু এক ভয়াবহ সমস্যাৰ সৃষ্টি কৰিছে। এই প্রসঙ্গতে অসমৰ জনসংখ্যাৰ বিস্ফোৰণৰ কথাও উল্লেখ কৰা উচিত। অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতৰ ভিতৰত উল্লেখনীয়। যি সময়ত ১৯৭১- ৮১ ভিতৰত জনসংখ্যা বৃদ্ধিৰ সৰ্বভাৰতীয় হাৰ আছিল ২.৫% সেই সময়ত অসমত এই বৃদ্ধিৰ হাৰ আছিল ৩.৬১%। অসমত অৱশ্যে ভালেমান বিদেশী লোকৰ আগমনেও এই আহুকালৰ সৃষ্টি কৰিছে, যিটোৰ বাবে ১৯৭৯ত ব্যাপক ছাত্র আন্দোলন চলিছিল। এই সন্দর্ভত এখন চুক্তি সাক্ষৰিত হৈছিল যদিও বাস্তৱ অৰ্থত বিদেশীৰ বহিস্কাৰ নহ'ল আৰু বিদেশীৰ আগমনো ৰোধ কৰিব পৰা নগ'ল। ফলস্বৰূপে অসমত জনসংখ্যাৰ হাৰ আৰু ব্যাপক গতিত বাঢ়িব লাগিছে। আচলতে আধুনিক চিকিৎসা বিজ্ঞানে মানুহৰ স্বাস্থ্যৰ সম্পৰ্কত ভালেমান ন ন আৱিস্কাৰ কৰি মৃত্যুৰ গতি ভালেমান হ্রাস কৰিলে। কিন্তু সেইমতে জন্মৰ হাৰ নকমিল। এটা তথ্যৰ ফালে চালেই কথাটো অনুমান কৰিব পৰা যাব। ১৯৪১-৫১ চনৰ ভিতৰ জন্মৰ হাৰ আছিল ৪০ জন আৰু মৃত্যুৰ হাৰ আছিল ২৭ জন; কিন্তু ১৯৭১-৮১ৰ ভিতৰত জন্মৰ হাৰ অলপ কমি ৩৬ জন হ'ল যদিও মৃত্যুৰ হাৰ ভালেখিনি কমি গৈ একেবাৰে ১৫ জন পালেগৈ। গতিকে জন্ম-মৃত্যুৰ ভাৰসাম্যতা নথকা বাবেই জনসংখ্যা প্রতি বছৰে বাঢ়িব লাগিছে।
জনসংখ্যা বৃদ্ধিৰ কেতবোৰ উল্লেখনীয় কাৰণ হ'ল নিৰক্ষৰতা, অন্ধবিশ্বাস, ধর্মীয় বাধা, কম বয়সত হোৱা বিবাহ ইত্যাদি। ভাৰতৰ দৰে দেশ এখনত এতিয়াও শিক্ষাৰ যথাযথ প্ৰসাৰ নোহোৱাত জনসংখ্যার সমস্যাৰ ভয়াবহতাৰ দিশটো বহুতেই উপলব্ধি কৰিব পৰা নাই। তদুপৰি কেতবোৰ প্ৰচলিত অন্ধবিশ্বাসৰ বাবেও বহুতে জন্ম নিয়ন্ত্ৰণ কৰিব নিবিচাৰে। ধর্মীয় ভাবেও দুই এক সম্প্রদায় জন্ম নিয়ন্ত্ৰণৰ পৰিপন্থী। তদুপৰি অৰ্থনৈতিকভাবে অনগ্ৰসৰ অশিক্ষিত লোকসকল অধিক সন্তানৰ বাবে জুৰুলা হৈ পৰে যদিও তেওঁলোকে কোনোদিন জন্ম নিয়ন্ত্ৰণৰ কথা নাভাবে বা সাৱধানতাও অৱলম্বন কৰিব নোৱাৰে। এনবোৰ সমস্যাৰ বাবেই ভাৰতবৰ্ষত জনসংখ্যাৰ এনে দ্রুত বিষ্ফোৰণ ঘটিছে। জনসংখ্যা বৃদ্ধিৰ ফলত দেশখন ভালেমান সমস্যাৰ মুখামুখি হ'ব লগা হৈছে। খাদ্য, বস্ত্র, বাসস্থান আদি নিত্যপ্রয়োজনীয় বস্তুৰ নাটনি হৈছে, প্রাকৃতিক সম্পদ ৰাজিৰ ওপৰত ওপৰিঞ্চি হেঁচা পৰিছে, স্বাস্থ্য, শিক্ষা, পৰিবহন আদি ব্যৱস্থাত মানুহৰ ভিৰ বাঢ়িছে ইত্যাদি। কিন্তু এইবোৰতকৈ ভয়াবহ সমস্যা হ'ল অভাৱ-অনাটনৰ বৃদ্ধিৰ লগে লগে হিংসা, সন্ত্রাস আদিও বাঢ়িব ধৰিছে। জনসাধাৰণৰ মাজত বিশেষকৈ জনগোষ্ঠীবোৰৰ মাজত সম্ভাৱ নাইকীয়া হৈছে আৰু গোষ্ঠীসংঘাতো বাঢ়ি আহিছে। এনেবোৰ সমস্যা ইমানেই ভয়াবহ যে ই বোমা বিষ্ফোৰণৰ দৰেই বিপদজনক। সেয়েহে এনে সমস্যাক জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হৈছে।
আধুনিক মতকবাদ অনুসৰি জনসংখ্যা বৃদ্ধিৰ তিনিটা পর্যায় আছে- (ক) আর্থিক উন্নয়ন নোহোৱা পৰ্য্যন্ত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ বৰ উচ্চ হয় যদিও দুয়োটাৰ মাজত ব্যৱধান কম হোৱাৰ বাবে জনসংখ্যা বৃদ্ধিৰ হাৰো কম হয় (খ) আর্থিক উন্নয়ন আৰম্ভ হ'লে মৃত্যুৰ হাৰ কমে কিন্তু জন্মৰ হাৰ উচ্চ হৈ থাকে ফলত জনসংখ্যা উচ্চ হাৰত বাঢ়ে আৰু (গ) আর্থিক উন্নয়নে অগ্রগতি লাভ কৰিলে জন্মৰ হাৰ হ্রাস পায় মৃত্যুৰ হাৰৰ ওচৰা ওচৰি হৈ এটা স্থিৰ অৱস্থা পায়গৈ। সেই হিচাপে ভাৰতবৰ্ষত এতিয়াও অর্থনৈতিক বিকাশে পর্যাপ্ত অৱস্থা পোৱাগৈ নাই আৰু সেয়েহে জনসংখ্যা বাঢ়িব লাগিছে। এই সকলোবোৰৰ বাবে প্রয়োজন এক যথোপযুক্ত আঁচনিৰ। জনসংখ্যা যি দৰে সমস্যা সেইদবে সম্পদো। কিন্তু উপযুক্ত আঁচনি অবিহনে জনসংখ্যাক সমস্যাৰ পৰা সম্পদলৈ পৰিণত কৰা বৰ টান। অর্থনীতিয়ে সঠিকভাৱে বিকাশ লাভ নকৰিলে এনে আঁচনি কৰাও সম্ভৱ হৈ নুঠেগৈ। সেয়েহে আমাৰ দৰে দেশত ই এতিয়াও নিয়ন্ত্রণবিহীন ভয়াবহ সমস্যা।
*****
সংগৃহীত

Comments
Post a Comment