ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ‌ বিষয়ে

ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ‌ বিষয়ে 


ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ‌ বিষয়ে ৰচনা Raibahadur Padmanath Gohain Baruah Essay in Assamese 


  • পদ্মনাথ গোহাঞিবৰুৱা ৰচনাৱলী
  • পদ্মনাথ গোহাঞিবৰুৱা কবিতা
  • পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?
  • পদ্মনাথ গোহাঞিবৰুৱাৰ উপন্যাস ভানুমতী
  • পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা দুখন আলোচনীৰ নাম


Raibahadur Padmanath Gohain Baruah Essay in Assamese
ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ‌ বিষয়ে



ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱা


ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম:

কবি পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হয় ইং ১৮৭১ চনত। লক্ষীমপুৰ জিলাৰ নকাৰী মৌজাত জন্মলাভ কৰা এই কীর্তিমান পুৰুষ গৰাকীৰ দেউতাকৰ নাম ঘিণাৰাম গোহাঞিবৰুৱা আৰু মাকৰ নাম লম্ভী দেৱী আছিল। পদ্মনাথ গোহাঞিবৰুৱাৰ দেউতাক ঘিণাৰাম গোহাঞিবৰুৱাৰ পূর্বপুৰুষসকল শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলৰ অধিবাসী আছিল। অকালতে ঘাট-মাউবা হোৱা ঘিণাৰাম গোহাঞি বৰুৱাই পুলিচৰ চাকৰিত সোমাই দোপত-দোপে উন্নতি কৰি তিনিটা মৌজাৰ গৰাকী হৈছিল।


ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাৰ শিক্ষা:

ইং ১৮৭৯ চনত ঘিণাৰাম গোহাঞিবৰুৱাই আঠ বছৰীয়া পুতেক পদ্মনাথ গোহাঞিবৰুৱাক লক্ষীমপুৰ প্ৰাইমাৰী স্কুলত নাম লগাই দিয়ে। তেতিয়াৰ দিনত অসমৰ স্কুলসমূহত অসমীয়াৰ সলনি বঙালী ভাষাহে পঢ়ুৱা হৈছিল। পদ্মনাথ গোহাঞিবৰুৱাইযো চাৰুপাঠ, শিশুপাঠ আদিও বঙালী ভাষাৰ পুথিৰেই বিদ্যা আৰম্ভ কৰে। পদ্মনাথ গোহাঞিবৰুৱাই অন্তৰঙ্গ বন্ধু পাণীন্দ্ৰ নাথ গগৈৰ সৈতে একেলগে লক্ষীমপুৰত মজলীয়া শিক্ষা সাং কৰে। সেই সময়ত লক্ষীমপুৰত হাইস্কুল নাছিল। মজলীয়া শিক্ষা সাং কৰাৰ পিছত পদ্মনাথ গোহাঞিবৰুৱাই শিৱসাগৰলৈ গৈ শিৱসাগৰ চৰকাৰী হাইস্কুলত তৃতীয় শ্রেণীত নাম লগায়। হাইস্কুল পঢ়াৰ সময়ত ইংৰাজী বিষয়টো তেওঁ খুউব টান পাইছিল। পদ্মনাথৰ দেউতাক ঘিণাৰাম গোহাঞিবৰুৱা আছিল তিনিখন মৌজাৰ গৰাকী। সেয়ে মৌজা চলাব পৰাকৈ মাটি-বাৰী সম্পর্কে সকলো জ্ঞান আহৰণ কৰিবলৈ দেউতাকে হাইস্কুলৰপৰা এৰুৱাই নি পদ্মনাথক 'চার্ভে' (জৰিপ) স্কুলত নাম লগাই দিছিল। তেওঁ চার্ভে স্কুলৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হয় যদিও মৌজাৰ কাম-কাজ চলাব পৰা জোখাৰ ব্যস তেতিয়াও তেওঁৰ হোৱা নাছিল। সেয়ে, অভিভাৱকে পুনৰ পদ্মনাথক শিৱসাগৰৰ চৰকাৰী হাইস্কুলত নাম লগাই দিয়ে। সেই সময়ত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আছিল চন্দ্রমোহন গোস্বামী। পদ্মনাথে পূজনীয় শিক্ষাগুৰু চন্দ্ৰমোহন গোস্বামীক বৰ ভাল পাইছিল, শ্রদ্ধা কৰিছিল। গোটেই জীৱন জুৰি পদ্মনাথে এই শিক্ষকজনৰ কথা মনত ৰাখিছিল। শিক্ষকজনেও তেওঁক বৰ মৰম কৰিছিল। কিছুদিন পাছত চৰকাৰে চন্দ্ৰমোহন গোস্বামীক শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা নগাপাহাৰ কহিমা চৰকাৰী হাইস্কুললৈ বদলি কৰে।


চৰকাৰী আদেশত পদ্মনাথৰ প্ৰিয় শিক্ষক গৰাকী শিৱসাগৰৰপৰা কহিমালৈ যোৱাৰ পাচতে পঢ়া-শুনাত তেওঁৰ মন নবহা হয়। সেয়ে, ভিনিহিয়েক আৰু দেউতাকৰ পৰা অনুমতি লৈ ইন্দ্রনাথ গগৈ আৰু মথুৰানাথ গগৈ নামৰ লগৰীয়া দুজনৰ সৈতে বঙালী সন্ন্যাসীৰ লগত পাহাৰীয়া দুর্গম বাটেৰে খোজকাঢ়ি-খোজকাঢ়ি কহিমালৈ যায়। পদ্মনাথৰ সাহস আৰু একাগ্রতা দেখি তেওঁৰ প্রিয় শিক্ষাগুৰুৱে তরধ মানে। পণ্ডিত চন্দ্রমোহন গোস্বামীয়ে পদ্মনাথ, ইন্দ্ৰনাথ আৰু মথুৰানাথক কহিমা চৰকাৰী হাইস্কুলত নাম ভর্তি কৰি লয়। তেতিয়াৰ দিনত কহিমাত প্রৱেশিকা পৰীক্ষাৰ পৰীক্ষা-কেন্দ্ৰ নাছিল। কহিমাৰ পৰীক্ষার্থীয়ে ডিব্ৰুগড়লৈ গৈ পৰীক্ষাত বহিব লাগিছিল। পদ্মনাথেও বহু কষ্টে পোন্ধৰ দিন বাট কুৰি বাই লগৰীযাৰ সৈতে ডিব্ৰুগড়লৈ গৈ প্রৱেশিকা পৰীক্ষাত বহি সুখ্যাতিৰে উত্তীর্ণ হয়। পদ্মনাথে প্রৱেশিকা পৰীক্ষা পাছ কৰাৰ সময়ত অসমত এখনো কলেজ নাছিল। সেয়ে, উচ্চ শিক্ষাৰবাবে জাহাজেবে তেওঁ বঙ্গদেশৰ ৰাজধানী কলিকতালৈ যায়। পদদ্মনাথে শিৱসাগৰ জিলাৰ দিচাংমুখৰপৰা জাহাজত উঠি কলিকতা অভিমুখে যাত্রা কৰোতে জাহাজতে সেই সময়ৰ আন এগৰাকী বিখ্যাত অসমীযা লক্ষ্মীনাথ বেজবৰুৱাক লগ পায়। দুয়ো চা-চিনাকি হয়। এই যাত্রাতেই তেওঁ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ ককা-দেউতাক হৰিবিলাস আগৰৱালা সৈতেও জাহাজতে চিনাকি হয। 


পদ্মনাথ গোহাঞিবৰুৱাই কলিকতালৈ গৈ প্রথমে বিপণ কলেজত নাম লগাই আইন পঢ়িবলৈ লয়। বিপণ কলেজত লেটিন ভাষা পঢ়িবলগীয়া হোৱাত পদ্মনাথে সেইখন কলেজৰপৰা গৈ চেল্ট জেভিয়ার্চ কলেজত নাম লগায়। কিন্তু, ইয়াতো সংস্কৃত ভাষাই তেওঁক নগুৰ-নাগুতি কৰে। সংস্কৃত আৰু লেটিন দুয়োটা ভাষাই তেওঁ খুউব টান পাইছিল। এইবাৰ তেওঁ চেণ্ট জেভিয়াচ্ কলেজৰপৰা ওলাই গৈ কলিকতাৰ আন এখন কলেজত নাম লগাই এফ.এ, পঢ়িবলৈ লয়। কিন্তু, প্রৱেশিকা পৰীক্ষাৰ প্রমাণপত্র থকা বয়সৰ সাধাৰণ খেলি মেলি এটাৰ কাৰণে কলিকতা বিশ্ববিদ্যালয়ে তেওঁক এফ, এ, পৰীক্ষা দিবলৈ অনুমতি নিদিলে। অৱশেষত এফ, এ, পঢ়াৰ আশা বাদ দি বন্ধু-বান্ধৱৰ পৰামৰ্শ অনুসৰি পদ্মনাথে পুনৰ কলিকতাৰে চিটি কলেজত নাম লগাই আইন পঢ়িবলৈ ললে। কিন্তু, "অভাগা যিফালে যায়, সাগৰ শুকাই লুকায়"ৰ দৰে বয়স জোখতকৈ কম হোৱা বাবে বিশ্ববিদ্যালয়ে তেওঁক আইন পৰীক্ষাত বহিবলৈ অনুমতি নিদিলে। হতাশাত তেওঁৰ মন মৰহি গ'ল। দেউতাকৰ অতগাল টকা এনেয়ে খৰচ কৰি পেলোৱা বাবে পদ্মনাথে মনত বৰ দুখ পালে। নিৰুপায় হৈ 'ঘৰৰ ল'ৰা ঘৰলৈকে ঘূৰি যোৱা ভাল' হ'ব বুলি বিবেচনা কৰি তেওঁ কলিকতা ত্যাগ কৰি অসমলৈ ঘূৰি আহিল। অসমলৈ ঘূৰি আহি পদ্মনাথে লাজতে মাক-দেউতাকৰ ওচৰলৈ নগৈ শিৱসাগৰত থকা বায়েক-ভিনিহিয়েকৰ ওচৰতে আশ্রয় ললে।


ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাৰ চাকৰি:

কলেজীয়া শিক্ষা অৰ্জন কৰাত অসমৰ্থ হৈ পদ্মনাথ গোহাঞিবৰুৱা অসমলৈ ঘূৰি অহাৰ কিছুদিন পাচত চৰকাৰে তেওঁক কহিমা চৰকাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়ে। নিজে পঢ়ি অহা স্কুলখনতে নিযুক্তি পাই তেওঁ মনত বৰ ভাল পালে। কহিমাৰ চৰকাৰী হাইস্কুলত প্রধান শিক্ষক হিচাপে তেওঁ কামত যোগ দিয়াৰ পাচত ইংৰাজী আৰু অসমীয়া ভাষাত ছাত্রসকলক পাঠদান কৰাৰ নিয়ম কৰি দিয়ে। সেই সময়ত অসমীয়া পাঠ্যপুথিৰ খুউব অভাৱ আছিল। পদ্মনাথে কথাটো উপলব্ধি কৰি অসমীয়া ছাত্ৰসকলৰ কাৰণে 'ভূগোল দর্পণ নামেৰে ভূগোলৰ কিতাপ এখন ৰচনা কৰে। কহিমাৰ চৰকাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ দায়িত্ব বহন কৰাৰ লগতে তেওঁ কহিমাত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান গঢ়ি তোলাৰ ক্ষেত্ৰটো আত্ম-নিয়োগ কৰি তাৰ অধিবাসী সকলৰ প্রিয় পাত্র হৈছিল।


কহিমা চৰকাৰী হাইস্কুলত কিছুদিন শিক্ষকতা কৰাৰ পাচত চৰকাৰে তেওঁক তেজপুৰলৈ বদলি কৰি তেজপুৰ নৰ্মাল স্কুলৰ প্রধান শিক্ষকৰ পদত নিযুক্তি দিয়ে। ইং ১৮৯৬ চনত পদ্মনাথে চৰকাৰৰ আদেশত তেজপুৰ নমলি স্কুলৰ প্ৰধান শিক্ষক পদত যোগ দিয়াৰ সময়ত তাৰ মজলীয়া স্কুলসমূহত বঙালী ভাষাৰ মাধ্যমেৰে পাঠদান কৰা হৈছিল। এইকথাত তেওঁ অন্তৰত বৰ বেজাৰ পাই সেই সময়ৰ শিক্ষা-বিভাগৰ গুৰিয়াল উইলচন চাহাবক লগ ধৰি অসমৰ মজলীয়া স্কুলসমূহত অসমীয়া ভাষাৰে পাঠদান কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্রহণ কৰিবলৈ বিনম্রভাৱে অনুৰোধ জনায়। উইলচন চাহাব আছিল এজন যোগ্য ইংৰাজ প্রশাসক। পদ্মনাথৰ অনুৰোধ ক্রমে তেওঁ অসমৰ মজলীয়া স্কুলসমূহত অসমীয়া ভাষাৰ জৰিয়তে পাঠদান কৰাৰ হুকুম জাৰি কৰে। চৰকাৰে হুকুম জাৰি কৰাৰ পাচত পদ্মনাথে অসমীয়া ভাষাত পাঠ্যপুথি ৰচনা কৰিবলৈ মনোনিৱেশ কৰে।


তেজপুৰ নমলি স্কুলৰ প্ৰধান শিক্ষক হিচাপে কাম কৰি থাকোতেই চৰকাৰে তেওঁক তহচিলদাৰ পদত নিযুক্তি দি মঙ্গলদৈলৈ পঠিয়াই দিয়ে। মঙ্গলদৈৰ মহকুমাধিপতি ইংৰাজ বিষয়া প্লে ফেয়াৰ চাহাবে পদ্মনাথৰ কাম-কাজ বৰ ভাল পাইছিল। যোগ্যতাৰে নিজৰ দায়িত্ব পালন কৰা হেতু আটায়ে তেওঁক মৰমৰ চকুৰে চাইছিল যদিও তেওঁ নিজেই চিকম্ভাদাৰৰ কামটো ইন্তুফা দি পুনৰ তেজপুৰ নৰ্মাল স্কুলৰ কামতে যোগ দিয়েগৈ। পদ্মনাথে তেজপুৰলৈ ঘূৰি যোৱাৰ অলপ দিন পাচতেই তেওঁক চৰকাৰে যোৰহাটলৈ বদলি কৰি পঠিয়ায়। চৰকাৰৰ আদেশ অনুসৰি তেওঁ যোৰহাটৰ চৰকাৰী বিদ্যালয়ৰ কামত যোগদান কৰে যদিও তাত কাম কৰি অকণো ভাল নাপালে। নানা কাৰণত তেওঁৰ মনত মানসিক সংঘাতৰ সৃষ্টি কৰে। ফলত নির্দিষ্ট সময়তকৈ বহুত আগেয়েই তেওঁ চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে, তেজপুৰৰ নৰ্মাল স্কুলত প্রধান শিক্ষকৰূপে অধ্যাপনা কৰি থকাৰ সময়ত চৰকাৰে তেওঁক এবাৰ শাৰীৰিক শিক্ষাৰ প্ৰশিক্ষণ লবলৈ মহাৰাষ্ট্ৰৰ নাগপুৰলৈ পঠিয়াইছিল। প্রশিক্ষণ সমাপ্ত কৰি ঘূৰি অহাৰ পাচত পদ্মনাথে "দেশী কছৰৎ” নামেৰে এখন পুথিও ৰচনা কৰিছিল ।


পদ্মনাথ গোহাঞিবৰুৱাৰ সাহিত্যসেৱা:

নিচেই ল'ৰালি কালতেই পদ্মনাথ গোহাঞিবৰুৱাৰ মনত ভাষা-সাহিত্যৰ প্ৰতি আকর্ষণ জন্ম হয়। তাৰ ফলস্বৰূপে ল'ৰা কালৰপৰাই তেওঁ সাহিত্য চর্চ্চাত মনোনিৱেশ কৰে। 'যি মূলা বাঢ়ে দুপাততে তাৰ চিন'। স্কুলীয়া ছাত্ৰ অৱস্থাতে প্রিয়বন্ধু পাণীন্দ গগৈৰ সৈতে বঙালী ভাষাত হাতেবে লিখি 'পদ্মপাণি' নামেৰে কবিতা পুথি প্রকাশ কৰা পদ্মনাথ গোহাঞিবৰুৱাই পাচত বহুমুখী প্রতিভাসম্পন্ন সাহিত্যিকত পৰিণত হয়। এই প্রতিভাধৰ ব্যক্তি গৰাকীৰ যত্নতে 'অসম সাহিত্য সভা'বো জন্ম হয়। পদ্মনাথ গোহাঞিবৰুৱাই অসমৰ বিদ্যালয়সমূহত বঙালী ভাষা পঢ়োৱাটো সহ্য কৰিবলৈ মনত বৰ কষ্ট পাইছিল। সেয়ে, চৰকাৰক বুজাই বঢ়াই অসমৰ বিদ্যালয়সমূহত অসমীয়া ভাষা শিকোৱাৰ দিহা কৰে আৰু অসমীয়াভাষী ছাত্র-ছাত্রীসকলৰ বাবে ৩য়, ৪র্থ, ৫ম শ্ৰেণীৰ ভূগোল (ভূগোল দর্পণ) বিষয়ৰ পাঠ্যপুথি আৰু ৪র্থ শ্ৰেণীৰ 'বুৰঞ্জীবোধ' ৫ম, ৬ষ্ঠ, ৭ম আৰু অষ্টম শ্ৰেণীৰ 'অসম বুৰঞ্জী,' পদ্ম শ্রেণীৰ 'হিন্দু বুৰঞ্জী', ৮ম শ্ৰেণীৰ 'মুছলমান বুৰঞ্জী', ৯ম শ্রেণীৰ 'বৃটিছ বুৰঞ্জী', প্ৰৱেশিকা পৰীক্ষাৰ বাবে 'জীৱনী সংগ্রহ' আদি পাঠ্য পুথি যুগুতাই প্রকাশ কৰে ইয়াৰ উপৰিও ছাত্র-ছাত্রী তথা শিক্ষকসকলৰ বাবে "নীতিশিক্ষা আগছোৱা", নীতিশিক্ষা মাজছোৱা', 'শিক্ষাবিধি” শাৰু "দেশী কছৰৎ" আদি পাঠ্য-পুথি ৰচনা কৰি অসমীয়াভাষী ছাত্র-ছাত্রীসকলক শিক্ষা আৰু জ্ঞান অৰ্জনৰ সুবিধা কৰি দিয়াৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰালো চহকী কৰে।


পাঠ্য-পুথিৰ উপৰিও উপন্যাস, কবিতা, নাটক, আলোচনী আদি পুথি লিখিও পদ্মনাথে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰিছে। কলিকতাত কলেজত অধ্যয়ন কৰাৰ সময়ত বঙ্কিমচন্দ্ৰ, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ আদিৰ লিখনি পঢ়ি তেওঁ বৰকৈ প্ৰভাৱিত হয়। সেই সময়ত "বিজুলী” নামেৰে জনৈক কৃষ্ণপ্রসাদ দুৱাবাই এখন আলোচনী প্রকাশ কৰে। পদ্মনাথে নিয়মিতভাবে এই আলোচনীখনত বিভিন্ন বিষয়ৰ ওপৰত লিখনি লেখে। পাচলৈ এই আলোচনীখন প্রকাশ কৰাৰ সকলো দায়-দায়িত্ব তেরেই মুষ পাতি লবলগীয়া হয়। এই আলোচনীৰ পাততে পদ্মনাথে "ভানুমতী” নামৰ উপন্যাসখন এছোৱা-এছোৱাকৈ প্রকাশ কৰে। গোহাঞিবৰুৱাৰ এই ভানুমতীকে অসমীয়া সাহিত্যৰ প্রথম পূর্ণাঙ্গ উপন্যাস বুলি কোৱা হয়। "ভানুমতী” নামৰ উপন্যাসখন লিখি শেষ কৰাৰ আগতেই তেওঁ "লাহৰী” নামেৰে আন এখন উপন্যাস লিখি উলিয়ায়।


পদ্মনাথ গোহাঞিবৰুৱাই উপন্যাস লিখাৰ লগতে অসম বুৰঞ্জীৰ বিখ্যাত ঘটনাৰাজিৰ আলমত জয়মতী, গদাধৰ, লাচিত ফুকন আৰু সাধনী নামেৰে চাৰিখন নাটকো ৰচনা কৰিছিল। গোহাঞিবৰুৱাৰ "জযমতী' নাটকৰ অন্যতম নায়িকা 'জিনু' নামৰ নাগিনী ছোৱালীজনীৰ চৰিত্ৰ অসমীয়া সাহিত্যৰ এটি দুর্লভ বস্তু। কাৰণ "জয়মতী” ৰচনাৰ আগেযে ভালেমান দিন তেওঁ নগাপাহাৰত কটোৱা হেতুকে নাগিনী ছোৱালীহঁতৰ চাৰিত্রিক বৈশিষ্ট্য অধ্যয়ন কৰাৰ সুযোগ পাইছিল। সেয়ে, তেওঁৰ "জিনু" বেজবৰুৱাৰ ডালিমীৰ দৰে জীবন্ত নাগিনী ছোৱালী কল্পনাৰ বস্তু নহয়। পদ্মনাথ গোহাঞিবৰুৱাই চাকৰি সূত্রে বহুদিন তেজপুৰত আছিল আৰু সেয়ে তেজপুৰীয়া মানুহৰ সামাজিক জীৱন-যাত্রাক তেওঁ ওচৰৰপৰাই উপলদ্ধি কৰাৰ সুযোগ পাইছিল। সেই আপাহতে তেওঁ হিন্দুধৰ্মৰ বিশ্বাস অনুসৰি বিখ্যাত হৰি-হৰৰ যুদ্ধৰ আখ্যানক কেন্দ্ৰ কৰি "বাণৰজা” নাটক ৰচনা কৰিছিল।ঐতিহাসিক আৰু ধৰ্মমূলক নাটক ৰচনাৰ লগতে 'গাঁওবুঢ়া', টেটোন তামুলী' আৰু 'ভুত নে ভ্রম' নামেৰে তিনি-খন ধেমেলীয়া নাটকো ৰচনা কৰি নাট্যকাৰ পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া নাট্য সাহিত্যৰ ভৰাল চহকী কৰিছে। 


উপন্যাস, পাঠ্য-পুথি, নাটক আদি ৰচনা কৰাৰ লগতে 'ভগৱান শ্রীকৃষ্ণ'ৰ জীৱন আৰু লীলাৰ ওপৰত আলোকপাত কৰি গোহাঞিবৰুৱাই "শ্রীকৃষ্ণ' নামেৰে এখন আধ্যাত্মিক গ্রন্থও ৰচনা কৰিছে। তিনিটা খণ্ডত ৰচনা কৰা এই বৃহৎ গ্ৰন্থখনকে তেওঁৰ জীৱনৰ আটাইতকৈ সফল সাহিত্যকৃতি বুলি অভিহিত কৰা হয়।‌ পদ্মনাথ গোহাঞিবৰুৱাই নিজৰ বহুমুখী প্রতিভাৰ বলেৰে সাহিত্যৰ আটাইতকৈ কোমল অধ্যায় কবিতাৰ পথাৰতো কলম চলাইছিল। 'জুৰণি' আৰু 'ফুলৰচানেকি' নামেৰে দুখন কবিতা পুথি ৰচনা কৰাৰ উপৰিও প্ৰথমা পত্নী লীলা গোহাঞিবৰুৱাৰ মৃত্যুৰ পিছত তেওঁ 'লীলা কাব্য' নামেৰে এখনি দীঘলীয়া কবিতাৰ পুথিও ৰচনা কৰিছিল। তেওঁৰ কবিতাবোৰ পঢ়ি ভাল লাগে। স্বদেশৰ ইতিহাসক লৈ গোহাঞিবৰুৱাই মনত গৌৰৱ অনুভৱ কৰিছিল। 'পুৰণি অসম' কবিতাৰ প্ৰতিটো শব্দই তেওঁৰ স্বদেশক ভালপোৱাৰ চিত্র সফলভাৱে ফুটাই তুলিছে। বিৰল প্রতিভাৰ অধীশ্বৰ পদ্মনাথ গোহাঞিবৰুৱাই কিছুমান গীতো ৰচনা কৰিছিল। অৱশ্যে গীতৰ কোনো পুথি প্রকাশ পোৱা নাই যদিও তেওঁৰ প্ৰত্যেকখন নাটকতে কিছুমান সুন্দৰ-সুন্দৰ গীতৰ সমাৱেশ ঘটাই নাটক সমূহক চিত্তাকর্ষক কৰি তুলিছে। 


পদ্মনাথ গোহাঞিবৰুৱাৰ সন্মান লাভ: 

অসমীয়া সাহিত্যৰ বিভিন্ন দিশত কলম চলোৱাৰ জৰিয়তে পাণ্ডিত্যৰ পৰিচয় দি পদ্মনাথ গোহাঞি বৰুৱাই জীৱনত বহুতো সম্মান লাভ কৰিবলৈ সক্ষম হয়। যেনেঃ- কলিকতা বিশ্ববিদ্যালয়ে তেওঁক প্রবেশিকা আৰু এফ,এ, মহলাৰ পৰীক্ষাৰ অসমীয়া সাহিত্যৰ পৰীক্ষক আৰু বি,এ, মহলাৰ পৰীক্ষাৰ প্ৰশ্নকাৰৰ সম্মানিত পদত নিযুক্তি দিছিল। পাটনা বিশ্ববিদ্যালয়েও প্রশ্নকাৰ আৰু পৰীক্ষকৰ পদত নিযুক্তি দি সম্মান জনাইছিল। ইং ১৯১৭ চনৰ ডিচেম্বৰ মাহত অসম সাহিত্য সভাৰ প্রথম অধিবেশন শিৱসাগৰ নগৰত অনুষ্ঠিত হয়।। এই অধিবেশনৰ সভাপতিৰ সন্মানিত আসনখনো পদ্মনাথ গোহাঞিবৰুৱাই অলঙ্কৃত কৰি আধুনিক অসমৰ বুৰঞ্জীত এটি নতুন অধ্যায়ৰ সূচনা কৰে। ইং ১৯১৯ চনৰ ডিচেম্বৰ মাহত বৰপেটাত, 'অসম এচোচিয়েশ্বন'ৰ বছৰেকীয়া অধিবেশন অনুষ্ঠিত হয়। এই অধিবেশনত সভাপতিত্ব কৰে পদ্মনাথ গোহাঞিবৰুৱাই। অসম ছাত্র সম্মিলনৰ ৩য় অধিবেশনডিব্ৰুগড়ত অনুষ্ঠিত হয়। পদ্মনাথে এই অধিবেশনতো সভাপতিত্ব কৰে।


ইং ১৯৪১ চনৰ এপ্রিল মাহত শিৱসাগৰ নগৰত সদৌ অসম আহোম সম্মিলনীৰ অধিবেশন অনুষ্ঠিত হয়। এই অধিবেশনৰো সভাপতিৰ আসন শুৱনি কৰে পদ্মনাথ গোহাঞিবৰুৱাই। অসমীয়া সাহিত্যৰ ভৰালখন নিজৰ অৱদানেৰে চহকী কৰাৰ পুৰস্কাৰ স্বৰূপে ইংৰাজী ১৯০৯ চনত চৰকাৰে পদ্মনাথ গোহাঞিবৰুৱাক মাহিলি পচিশ টকাকৈ সাহিত্যিক পেঞ্চন প্রদান কৰি সন্মান জনাইছিল। চাকৰি সূত্রে তেজপুৰত থাকোতে তেওঁ তেজপুৰ মিউনিচিপালিটিৰ চেয়াৰমেন নির্বাচিত হৈ নগৰখনত বহুতো উন্নয়নমূলক কাম কৰি ৰাইজৰ প্রিয়ভাজন হৈছিল। ইয়াৰ উপৰিও একেৰাহে সোতৰ বছৰ "তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা"ৰ সম্পাদক (ইং১৮৯৭-১৯১৪) আৰু সাতবছৰ 'বাণ-ষ্টেজ'ৰ সম্পাদক (ইং ১৯০১-১৯০৭) ৰ দৰে সন্মানিত বিষয়ববীয়াৰ পদত থাকি গুৰু দায়িত্ব বহন কৰিছিল। ইং ১৯১৭চনত ইংৰাজ চৰকাৰে পদ্মনাথ গোহাঞিবৰুৱাক 'অনাৰেৰী মেজিষ্ট্রেট' পদত নিযুক্তি দিয়ে। একেৰাহে তেইশ বছৰকাল এই দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ পুৰস্কাৰ স্বৰূপে চৰকাৰে তেওঁক প্ৰথম শ্ৰেণীৰ বিচাৰকৰ সন্মানিত পদত অধিষ্ঠিত কৰিছিল।


"সদৌ অসম আহোম এচোচিয়েচন সম্মিলনী"ৰ জন্মদাতা পদ্মনাথ গোহাঞিবৰুৱাক তেওঁৰ গুণমুগ্ধ জ্ঞাতি-সকলে ইং ১৯৪১ চনত অনুষ্ঠিত শিৱসাগৰ অধিবেশনত সভাপতিৰ সন্মানিত আসনত বহুৱাই শ্রদ্ধা নিবেদন কৰিছিল। 'প্রথম লেজিচলেটিভ কাউঞ্চিল'লৈ আহোম প্রতিনিধি রূপে গোহাঞিবৰুৱাই বিপুল ভোেটত নির্বাচিত হৈছিল। এই অভূতপূর্ব সাফল্যৰ বাবে লক্ষীমপুৰ অধিবাসীসকলে ৰাজহুৱা সভা অনুষ্ঠিত কৰি তেওঁক সম্মিলিতভাবে অভিনন্দন আৰু সম্বর্দ্ধনা জনাইছিল। পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ সাহিত্যিক, সামজিক, চৰকাৰী আদি কাম-কাজত ক্ষমতা, দক্ষতা, পাৰদৰ্শিতা তথা জনপ্রিয়তালৈ চাই ইংৰাজ চৰকাৰে তেওঁক "ৰায়বাহাদুৰ” খিতাপ যাচি সন্মান জনাইছিল।


পদ্মনাথ গোহাঞিবৰুৱাৰ ব্যক্তিগত জীৱন: 

বহুমুখী প্রতিভা সম্পন্ন গোহাঞিবৰুৱা ডাঙৰীয়া আছিল এগৰাকী অতি উচ্চখাপৰ আদর্শৱান ব্যক্তি। জীৱনৰ প্ৰতিটো খোজতে তেওঁ নিয়ম-নীতি মানি চলিছিল। ঘৰতেই হওক বা বাহিৰতেই হওক নিয়ম-নীতি উলঙ্ঘা কৰিবলৈ তেওঁ টান পাইছিল। স্বদেশ, স্ব-জাতি আৰু স্ব-ভাষাৰ প্ৰতি তেওঁৰ অন্তৰত বিশেষ আকর্ষণ আছিল। জীৱনত কোনো দিনেই আর্থিক অনাটন দেখি নোপোৱা গোহাঞিবৰুৱাই বুঢ়া বয়সতো কলম চলাই আনৰ বাবে আদর্শনীয় হ'ব পাৰিছিল। ইং ১৯০০ চনত প্রথমা পত্নীৰ অকাল বিয়োগত মমান্তিক বেজাৰ পাই কিছু সময় থমকি ৰোৱাৰ পিছত হীৰাৱী আইদেউক পুনৰ বিৱাহ কৰাই গৃহ কৰ্মত মনোনিৱেশ কৰিছিল। সাহিত্য চর্চ্চকি তেওঁ জীৱনৰ শ্ৰেষ্ঠতম্ কৰ্ম জ্ঞান কৰিছিল আৰু সেই বাবে 'বস্তি' আলোচনীখনক জীয়াই ৰখাৰ উদ্দেশ্যে যোৰহাট, গোলাঘাট, নগাওঁ, গুৱাহাটী, গোৱালপাৰা, বিজনি, বৰপেটা আদি ঠাইৰ বিভিন্ন লোকৰ ওচৰৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰি আনিছিল।


পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু: 

জীৱনৰ সকলো ক্ষেত্ৰতে প্রতিষ্ঠা লাভ কৰাৰ পাচত ইং ১৯৪৬ চনৰ এপ্রিল মাহত প্রায় ৭৫ বছৰ বয়সত পদ্মনাথ গোহাঞিবৰুৱাদেৱে তেজপুৰৰ নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁ সাতজনী ছোৱালী আৰু এজন পুতেক এৰি থৈ যায়। পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু অসমীয়া ভাষা-সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। সেয়ে, লুইত যিমান দিন ব'ৰ অসম সাহিত্যসভাৰ প্ৰথম সভাপতি গোহাঞিবৰুৱাকো অসমীয়া মানুহে সিমান দিন হৃদয়ৰ মণিকোঠাত জীয়াই ৰাখিব ।



 

*****

 

  • পদ্মনাথ গোহাঞিবৰুৱাৰ কবিতা পুথি
  • পদ্মনাথ গোহাঞিবৰুৱাৰ ঐতিহাসিক নাটক
  • পদ্মনাথ গোহাঞিবৰুৱাৰ নাটকৰ বৈশিষ্ট্য
  • ভানুমতী উপন্যাসৰ ৰচক কোন?
  • পদ্মনাথ গোহাঞিবৰুৱাৰ নাট্য সাহিত্যৰ পৰিচয়
  • পদ্মনাথ গোহাঞিবৰুৱাৰ চমু টোকা

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা