অসমৰ লোক সংস্কৃতি বিষয়ে ৰচনা
অসমৰ লোক সংস্কৃতি বিষয়ে ৰচনা
অসমৰ লোক সংস্কৃতি বিষয়ে ৰচনা অসমীয়াত Lok Sanskriti Essay in Assamese
- অসমৰ লোক সংস্কৃতিৰ আভাস
- অসমৰ লোক সংস্কৃতি কি?
- সংস্কৃতি শব্দৰ মূল কি?
- অসমৰ শিল্প আৰু সংস্কৃতি কি কি?
- লোক সংস্কৃতিৰ ভাগ কেইটা আৰু কি কি?
- অসমৰ সংস্কৃতি অধ্যয়ন
- অসমীয়া ভাষাৰ সংস্কৃতি কি?
- লোক সংস্কৃতিৰ উদাহৰণ
- লোকসংস্কৃতি শব্দটি প্রথম কোনে ব্যবহাৰ কৰে?
- লোক সাহিত্যৰ বৈশিষ্ট্য কি কি?
![]() |
| অসমৰ লোক সংস্কৃতি বিষয়ে ৰচনা |
অসমৰ লোক সংস্কৃতি
লোক সংস্কৃতি, যদিও পৃথিৱীৰ সকলো জাতিৰে লোকজীৱনটোৰ প্ৰতিফলন তথাপি ১৮৪৬ চনত ই এক বিদ্যায়তনিক শব্দ হিচাপে আত্ম প্রকাশ কৰিছিল, ইংৰাজীত Folk lore শব্দৰ প্রতিশব্দ হিচাপে। অৱশ্যে, জনকৃষ্টি, লোকযান, লোক-শ্রুতি, লোকবৃত্ত, লোকবিদ্যা আদি শব্দবোৰৰে প্রচলন আছে। এতিয়া এই শব্দই লোক সমাজত প্রচলিত বিভিন্ন ধৰণৰ সাংস্কৃতিক-দিশসমূহক সামৰি লয়। লোক জীৱনৰ সংস্কৃতি বোলোতে ধ্যান-ধাৰণা, আচাৰ-অনুষ্ঠান, পূজা পার্বন, অভিজ্ঞতা উপলব্ধি আদি সকলো প্ৰকাৰৰ কলাগত সৃষ্টিক সামৰি লয়। লোক সংস্কৃতি এক ব্যাপক বিষয়। ইয়াৰ বিশালতা আৰু বিভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক লোকসংস্কৃতিৰ পণ্ডিত সকলে চাৰিটা ভাগত ভগাইছে (১) লোক সাহিত্য বা মৌখিক সাহিত্য (২) সামাজিক ৰীতি নীতি (৩) বস্তুগত লোক জীৱন আৰু (৪) লোকায়ত পৰিবেশ কলা।
বৰ্তমান অসমৰ লোকসংস্কৃতি বোলোতে লোক জীৱনৰ এই চাৰিটা দিশ অসমৰ সংস্কৃতিত কিদৰে প্রতিফলিত হৈছে তাকে বিচাৰ কৰাটো প্রয়োজন। অসম বিভিন্ন ধর্মাৱলম্বী, বিভিন্ন ভাষিক আৰু বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন দেশ। এই সকলো সম্প্রদায় বা সকলো জনগোষ্ঠীৰ পৰম্পৰাগত উমৈহতীয়া উপাদানবোবেই হ'ল অসমৰ লোকসংস্কৃতিৰ কথা আমি সততে মনত ৰাখিব লাগিব। লোক সাহিত্য বা মৌলিক সাহিত্য লোক জীৱনত আনন্দ, উৎসাহ, আশা-আকাঙ্খা, দুখ-বেদনা, ভয়-ভক্তি এই বিভিন্ন দিশবোৰ সামৰি বিভিন্ন সময়ত জন্ম হৈছে বিভিন্ন ধৰণৰ গীতমাত, বিহুগীত, আইনাম, দেহবিচাৰৰ গীত, মহখেদা গীত, অপেম্বৰী সবাহৰ নাম, গোঁসাই নাম, সদাশিৱৰ নাম, নাওখেলৰ গীত, নিচুকনি গীত আদি অসমীয়া ভাষাৰ গীতমাত বোৰৰ উপৰি জনজাতীয় ভাষা সমূহো লোকগীতৰে ঠাহ খাই আছে এই সকলোবোৰকে লোকগীত বুলিব পাৰি আৰু এই দিশত আমাৰ লোক জীৱন বিশেষভাবে সমৃদ্ধ। আজৰি পৰত কাহিনী কোৱাৰ প্রবনতা বা অভিজ্ঞতাৰ সাৰ সংকলন কৰি অইনৰ আগত কোৱাৰ প্ৰবনতাৰ ফল স্বৰূপে লোক জীৱনত জন্ম হৈছে বিভিন্ন সাধুকথা, প্রবাদ - প্রচলন, সাঁথৰ আদি নানানটা লোক সাহিত্যৰ সম্পদ। এইবোৰো মৌখিক সাহিত্যৰ প্ৰৱচন অতি লাগতীয়াল সম্পদ। সামাজিক ৰীতিনীতি-দীর্ঘদিন ধৰি একেলগে বসবাস কৰা জনসমষ্টিৰ মাজত কেতবোৰ আনুষ্ঠানিক ৰীতি-নীতিয়ে লাহে লাহে শিপাবলৈ ধৰে আৰু সেইবোৰ জনগোষ্ঠীটোৰ বৈশিষ্ট্য হৈ পৰেগৈ। এনে বহু ৰীতি-নীতি আধুনিক দৃষ্টিৰে অপ্রয়োজনীয় বা অবিশ্বাস্য হোৱাৰ পিছতো সি তাৰ সামাজিক ভিত্তি হেৰুৱাই নেপেলায়।
অসম মূলতঃ জনজাতি প্রধান দেশ। সেই হিচাপে জনজাতীয় ব্যৱস্থাত থকা কালতে উদ্ভৱ হোৱা কেতবোৰ ৰীতিনীতি বা বিশ্বাস আজিও আমাৰ সমাজত প্রচলিত। উৰ্বৰা উৎসৱ হিচাপে অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰ মাজতে প্রচলিত নীতি নিয়মবোৰে এক সামাজিক ৰূপ লৈ ইয়াৰ জাতীয় সংস্কৃতিৰ ৰূপত আত্মপ্রকাশ কৰিছে। ইয়াত বৈদিক ব্রাহ্মণ্যধাৰা যথেষ্ট প্রবল হোৱা স্বত্বেও অসমৰ ব্রাহ্মণ সকলে মাছ, মাংসইত্যাদি খায় আৰু ইয়াত সেইবোৰ খাই বৈ সাধনা কৰিলেহে ফল পোৱা যায় বুলি বিশ্বাস। গতিকে মাছ মাংস ইয়াত ব্রাহ্মণ সকলোৰো ৰীতিসম্মত আহাৰ। আকৌ আমাৰ সমাজত থকা ভূত প্রেতৰ বিশ্বাস; বেজ-বেজালি আদিৰ ব্যৱহাৰ প্ৰায়বোৰ স্তৰৰ মানুহৰেই সম্পদ। মুখ লগা, আই ওলোৱা আদি আমাৰ সামূহিক বিশ্বাস। এইদৰে ভালেমান বিশ্বাস, ভালেমান উৎসৱ-অনুষ্ঠান আৰু ৰীতি-নীতি বিভিন্ন স্তৰৰ সমাজৰ পৰা আহি এক সামগ্রিক ৰূপ পৰিগ্ৰহ কৰিছেহি। শেহতীয়াভাবে বৈষ্ণৱ ভাবাদর্শই আকৌ ভালেমান নতুন সংস্কাৰ আনি দিছে, যিবোৰ অসমীয়া সমাজখনৰ প্ৰায়বোৰ জনগোষ্ঠীৰেই উমৈহতীয়া সম্পদ।
বস্তুগত লোকজীৱন লোক সংস্কৃতিৰ ক্ষেত্ৰত বস্তুগত সমলবোৰৰে এক বিশেষ গুৰুত্বপূৰ্ণ স্থান আছে। ঘৰ-দুৱাৰ, সাজ-পাৰ, আ-অলংকাৰ আদি বিভিন্ন দিশত জনজীৱনে আহৰণ কৰা সাংস্কৃতিক বৈশিষ্ট্যসমূহ লোক সংস্কৃতিৰ ভিতৰত অসমত নগৰ কেন্দ্ৰীক সভ্যতাৰ বাদে গ্রাম্য অঞ্চলৰ ঘৰবোৰৰ বিশেষত্ব মন কৰিবলগীয়া যেনে চৰাঘৰ পাকঘৰ, মাৰলঘৰ, ভড়ালঘৰ আদিৰে সুসজ্জিত অসমীয়া মানুহৰ ঘৰ, আগফালে সৰুকৈ পাৰিলে একোটা গোঁসাই ঘৰ, ঢাপ মৰা বাৰী ইত্যাদি আমাৰ ঘৰৰ বৈশিষ্ট্য। তেনেদৰে তাঁতশালখন অসমৰ সংস্কৃতিৰ এক গুৰুত্বপূর্ণ অংগ। পাট-মুগাৰ কাপোৰ, জোনবিৰি, ঢোলবিৰি, দুগদুগি আদি বিশিষ্ট অলংকাৰ, কাঁহ-পিতলৰ বাচন আদি আমাৰ বৈশিষ্ট্য। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ পিছত গঢ় লৈ উঠা বিভিন্ন সত্ৰবোৰ আৰু সত্ৰত থকা বিভিন্ন সামগ্ৰীবোৰো আমাৰ বস্তুগত সংস্কৃতিৰ প্ৰকৃত উদাহৰণ।
অংকীয়া ভাওনাত ব্যৱহাৰ হোৱা মুখা, কুঁহিলাৰ পুতলা, বাঁহ বেতৰ নানা বিধ সজুলি আদি, এই অঞ্চলৰ বিশেষ ৰণৰ বস্তুগত সংস্কৃতি। এইদৰে বিচাৰ কৰিলে দেখা যাব যে অসমৰ লোক জীৱনটোক এনে ভালেমান বস্তুগত সমলে এক বিশেষত্ব প্রদান কৰিছে। লোকয়ত পৰিবেশ্য কলা সংগীত, নৃত্য নাট আদি পৰিবেশ্য কলাৰ সম্পদ। আমাৰ বিভিন্ন গীত মাতত ব্যৱহৃত সুৰ তাল আদি পৰিবেশ্য কলাৰ ভিতৰত বিহু নাচ, দেওধনী নাচ, আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত থকা, বাগৰুম্বা, নংসিদ্ধি, ফাৰকান্তি আদি নৃত্যই আমাৰ পৰিবেশ্য কলাক চহকী কৰি ৰাখিছে। তেনেকৈ ওজাপালি, কুশানগান, ভাৰীগান, পুতলানাচ, কামৰূপীয়া ঢুলীয়া, খুলীয়া ভাওৰীয়া অংকীয়া ভাওনা আদি আমাৰ লোকনাট্যৰ উল্লেখনীয় উদাহৰণ। এই সকলোবোৰ কলাক লৈ অসমৰ লোক সংস্কৃতিৰ জগতখন চহকী হৈ আছে। জনগোষ্ঠী সমূহৰ বিভিন্ন কলা সংস্কৃতিক ইয়াৰ ভৌগোলিক পৰিবেশ, অর্থনৈতিক জীবন আদিয়েও বহু পৰিমানে উমৈহতীয়া ৰূপত গঢ় দিয়াত সহায় কৰিছে। এনেবোৰ কাৰণতেই হয়তো গাজ টেঙাৰ পৰা খৰিচা, খাৰ আদি অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰেই উমৈহতীয়া খাদ্য সামগ্রী। অসমৰ লোকসংস্কৃতিৰ মাজত থকা সমন্বয়ৰ এই মূল দিশটো আটাইতকৈ এক উল্লেখনীয় দিশ।
*****

Comments
Post a Comment