অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰচনা
অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰচনা
অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰচনা Asomiya Sanskritir Baikhista Rosona
- অসমীয়া সংস্কৃতি বুলিলে কি বুজা?
- অসমীয়া সংস্কৃতিৰ স্বৰূপ
- সংস্কৃতিৰ সংজ্ঞা আৰু বৈশিষ্ট্য
- সংস্কৃতিৰ বৈশিষ্ট্য সমূহ কি কি?
- অসমীয়া সংস্কৃতি ৰচনা
- অসমীয়া সংস্কৃতিৰ পৰিচয়
![]() |
| অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰচনা |
অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য
ভাৰতবৰ্ষৰ পূব প্ৰান্তত থকা অসম এখন নানা জনগোষ্ঠীৰে পৰিপূৰ্ণ ৰাজ্য। সেই হিচাপে অসমৰ সংস্কৃতি ভাৰতবৰ্ষত বৈচত্র্যময় সংস্কৃতিৰে এক অবিচ্ছেদ্য অংগ। ভাৰতবৰ্ষৰ এই বৈচিত্র্যপূর্ণ সংস্কৃতি নির্মাণত যুগে যুগে ঢাপে ঢাপে বিভিন্ন জনগোষ্ঠীৰ জীৱন সংগ্ৰামৰ ভালেমান দিশ জড়িত হৈ আছে। ভাৰত নেগ্রিটো, অস্ট্রিক, দ্রাবিড়, মঙ্গোলীয় আদি নৃগোষ্ঠীৰ সাংস্কৃতিক প্রভাৱ পৰিছে যদিও উপৰুৱা চাৱনিত ভাৰতীয় সংস্কৃতিক মূল ধাৰাটো আর্য্যমুখী। বিশেষকৈ ইয়াৰ ধৰ্ম আৰু ভাষাত আর্য্যমূলীয় উপাদান লক্ষনীয়। কিন্তু এই খিনিতেই কৈ যোৱা ভাল যে আর্য্য আচলতে এটা ভাষাহে, জাতি নহয়। এই আর্য্যমূলীয়া লোক সকলে সকলো জনগোষ্ঠীৰে উৎকৃষ্ট সংস্কৃতিক সম্পদবোৰ নিজৰ মাজত সমাহিত কৰিছিল। সেয়ে আজিৰ আৰ্য্য সংস্কৃতিৰ ভিতৰুৱা ভালেমান সম্পদ বিভিন্ন নৃগোষ্ঠীৰ পৰা সাংস্কৃতিক সম্পদৰে চহকী ভাৰতক আৰ্য্যভাষা আৰু আৰ্য্য ধর্মই এক বিশেষ সংহতি প্রদান কৰিছে।ভাৰতবৰ্ষৰ এই সাংস্কৃতিক বিচিত্ৰতাৰ পৰা অসমো ব্যক্তিক্রম নহয়। অসমত নেগ্রিটো সংস্কৃতিৰ প্ৰভাৱ বিশেষভাবে দেখা নাযায় যদিও অস্ট্রিক মঙ্গোলীয় আদি সংস্কৃতিৰ উপাদান অসমৰ জনজীৱনৰ কোঁহে কোঁহে সোমাই পৰিছে। এই অষ্ট্ৰিক আৰু মঙ্গোলীয় সংস্কৃতিৰ ওপৰতে আহি আৰ্য্য সংস্কৃতিয়ে নিজৰ ভাষা ধর্ম আদিৰ চিটিকনি পেলায় তাক নতুন বৰূপত গঢ়ি তুলিছে। আমাৰ সংস্কৃতিৰ ক্ষেত্ৰবোৰত এবাৰ চকু ফুৰালেই এই কথা স্পষ্ট হৈ পৰিব।
অসমৰ ধৰ্মীয় সমাজখনলৈকে প্রথমে দৃষ্টিপাত কৰা হওঁক। অসমত মঙ্গোলীয় বা কিৰাতসকলৰ প্ৰভাৱৰ বাবেই ইয়াত গা কৰি উঠিছিল এক বিশিষ্ট ধর্মীয় ব্যবস্থা যাক ডঃ কাকতিয়ে কৈৰাতজ ধর্ম বুলিছে। কেচাইখাতী গোঁসানীৰ পৰা ধৰি কামাখ্যা লৈকে সকলোবোৰতে এই কৈৰাতজ ধৰ্মৰ স্বাক্ষৰ বিদ্যমান। এনেদৰে ইয়াত বৌদ্ধ ধৰ্মৰ বিভিন্ন শাখা প্রশাখায়ো গা কৰি উঠিছিল। আনকি তান্ত্রিক বৌদ্ধ মতবাদৰ চৰ্যাপদ ৰচোঁতা সকলৰ ভালেকেইজন শিদ্ধাচার্য্যক পণ্ডিতসকলে অসমৰ বুলি দাবী কৰিছে। একেদৰে প্ৰাচীন কামৰূপৰ প্ৰায়বোৰ ৰজাই জনজাতীয় মূলত হলেও তেওঁলোকে হিন্দুধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল আৰু এনেদৰে হিন্দু ধৰ্মৰ বিভিন্ন শাখা প্রশাখায়ো ব্যাপ্তি লাভ করিছিল। যুদ্ধজয় বা ৰাজ্যবিস্তাৰৰ বাবে অহা বিভিন্ন লোকৰ মাজেৰে মুছলমান সকলৰ ধৰ্মও ইয়াত সম্মিলিত হৈছিলহি। এই সকলোবোৰ মিলি অসমৰ ধর্মীয় জীৱনটোক আগুৱাই নিছিল যদিও মহাপুৰুষ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মই এই সকলোৰে ওপৰত এক বিশেষ প্রভাৱ পেলালে।
নামঘৰ, সত্ৰ আদি প্রতিষ্ঠানৰ মাজেৰে অসমৰ ধৰ্মীয় জীৱনে এক নতুন ৰূপ পালে। নামৰ মাজত প্রতিবিম্বিত হ'ল জনজাতীয় মৰং ঘৰৰ চানেকি। শংকৰদেৱে এক নতুন ধর্ম দিলেও যদিও মানুহক সহনশীলতা শিকালে আৰু শিকালে ঐক্যৰ ধাৰণা। সেই বাবেই অসমত একাধিক ধর্ম থাকিলেও ধর্মীয় সংঘাত প্রায় অবাঞ্চিত ঘটনা। সেইদৰে আমাৰ পূজা উপাসনাৰ পদ্ধতিতো বিশেষত্ব আছে। ভাৰতৰ অন্যান্য ঠাইৰ ভালেমান বাধা-নিষেধ আমাৰ ইয়াত মানি চলা নহয়। ইয়াৰ জনজাতীয় সমাজখনৰ প্ৰভাৱৰ ফলতে বৈদিক ধর্মও ভালেখিনি শিথিল। বৈষ্ণৱ সকলৰ মাজতো একে শিথিলতা বিদ্যমান। ভাৰতৰ প্ৰায়বোৰ ঠাইতে মন্দিৰৰ বিগ্ৰহৰ স্থান সাধাৰণতে ধৰাতলৰ ওপৰত, কিন্তু অসমত বিগ্ৰহৰ স্থান ধৰাতলৰ তলত। মাছ মাংসৰ ব্যৱহাৰ ইয়াত সকলো কর্মতে সিদ্ধ। এই ধৰণৰ কেতবোৰ নিজা বৈশিষ্ট্যৰে অসমৰ নিজা দিশটো গঢ় লৈ উঠিছে। ই আমাৰ সংস্কৃতিৰ এক বিশেষ বৈশিষ্ট্য। ধৰ্মৰ পিছতে জাতীয় সংস্কৃতিৰ আন এক গুৰুত্বপূর্ণ উপাদান হ'ল ভাষা। ভাৰতৰ বেছিভাগ আঞ্চলিক ভাষা সংস্কৃতমূলীয় হোৱাৰ দৰে অসমীয়া ভাষাও মূলত সংস্কৃতীয়। কিন্তু ইয়াৰ শব্দমালা, ব্যাকৰণ ৰীতি আদিত ভালেমান স্থানীয় উপাদান সোমাই পৰিছে। বিশেষকৈ ইয়াৰ মঙ্গোলীয় বাসিন্দা সকলৰ মাজত প্রচলিত তিৰ্বত বর্মী ভাষাৰ ভালেমান প্রভাৱ অসমীয়া ভাষাত প্ৰত্যক্ষ কৰিব পাৰি।
আনহাতে ইয়াৰ ভাষা সাহিত্যৰ বিকাশৰ বাবে জনজাতীয় ৰজাসকলৰ পৃষ্ঠপোষকতাৰ গৌৰৱময় কাহিনীও আমাৰ সাংস্কৃতিক সমন্বয়ত উজ্জলতম স্বাক্ষৰ। অসমৰ সমাজ ব্যবস্থাৰো ভালেমান দিশ অতি গুৰুত্বপূর্ণ। মূলতঃ পিতৃপ্রধান ভাৰতীয় সমাজৰ আহিয়েই যদিও অসমীয়া সমাজৰ মূল আৰ্হি তথাপি অসমৰ নাৰীৰ এক সুকীয়া মৰ্য্যাদা আছে। দৰাচলতে ই জনজাতীয় সমাজৰ এক প্ৰভাৱ। জনজাতীয় সমাজত নাৰীৰ বিশেষ সম্মান আছে। সেয়েহে বিয়া কৰাবলৈ দৰাই গা-ধন দিব লাগে। অসমীয়া সমাজত গা-ধন দিয়া ব্যৱস্থা যিদৰে নাই, সেইদৰে যৌতুক ব্যৱস্থাৰো প্ৰচলন অসমত নাই। অসমীয়া নাৰীৰ সাজ পাৰ আ-অলংকাৰ আদিবো বিশেষত্ব আছে। অসমৰ তিৰোতাই গা-ঢাকি কাপোৰ পিন্ধে। বিহা, মেখেলা, চাদৰ আদি ত্ৰিবস্ত্ৰৰে গা-ঢাকি অতি গহীন ভাবে সাজ-পাৰ কৰে আৰু এই সাজ-পাৰ তেওঁলোকে নিজে তাঁতত বৈ লয়। তাঁতশালখন অসমত প্রায় সকলো জনগোষ্ঠীৰেই অতি আদৰৰ বস্তু। এই তাঁত শালকে মূল হিচাপে লৈ গঢ় লৈ উঠা শুৱালকুছিৰ পাত-মুগাৰ উদ্যোগ আদি জগত প্রখ্যাত। একেদবে আ-অলংকাৰৰ ক্ষেত্ৰতো অসমীয়াৰ বিশেষত্ব আছে। জোনবিৰি, ঢোলবিৰি, সোচঁৰা খাৰুকে আদি কৰি বিভিন্ন ধৰণৰ বিশেষ আ-অলংকাৰে অসমীয়া যুৱতীক মোহময়ী কৰি ৰাখিছে। অসমীয়া পুরুষ সকলে সাধাৰণতে চুৰীয়া, কুৰ্ত্তা আদি পিন্ধে, গাত চেলেং লয় আৰু প্ৰায় সকলোৰে ডিঙিত গামোচাখন থাকে। এড়ি চাদৰো অসমৰ এক বৈশিষ্ট্যপূর্ণ সম্পদ। আজিকালি পিছে আধুনিক সভ্যতাৰ বিস্তাৰৰ লগে লগে সাজ-পোচাক, আ-অলংকাৰো ভালেখিনি পৰিবৰ্ত্তন হৈছে। আমি এতিয়াও আমাৰ সাংস্কৃতিক বৈশিষ্ট্য এই সাজ-পাৰ বোৰত পৰিলক্ষিত হৈ আছে।
অসমৰ খাদ্য সমূহৰ মাজতো এক বিশেষত্ব আছে। ভৌগোলিক অবস্থা আৰু জনজাতীয় প্রাধান্যতাৰ বাবে আমাৰ খাদ্য ব্যৱস্থাত ভজা-বস্তু আৰু মা-মছলাৰ ব্যৱহাৰ কম। আমাৰ খাদ্য প্রণালী অতি পোনপটীয়া আৰু অতি স্বাস্থ্য সম্মত। ইয়াত সিজোৱা বস্তুৰ ব্যৱহাৰ বেছি আৰু তেলৰ প্ৰচলন একেবাবে কম। কৃপাবৰ বৰবৰুৱাৰ উইলত লক্ষ্মীনাথ বেজবৰুৱাই উল্লেখ কৰি যোৱা বিভিন্ন আঞ্জা, পিঠাপনা আদি আমাৰ খাদ্যৰ বৈশিষ্ট্য। ব্রাহ্মণ, ক্ষত্রীয় সকলো জাতিৰে খাদ্য তালিকাত মাছ-মাংস সিদ্ধ। ইয়াৰ মূল খাদ্য হ'ল ভাত। মাংস হিচাপে কুকুৰা আৰু গাহৰিৰ মাংস আৰু মদ হিচাপে চাউলৰ পৰা তৈয়াৰী কৰা মদ আটাইৰে প্রিয়। অৱশ্যে মদৰ ব্যৱহাৰ জনজাতীয় সমাজতহে বেছি। বাঁহৰ চুঙাত সিজোৱা বা পাতত দিয়া ধৰণৰ পদ্ধতিয়ো এই অঞ্চলৰ বিশেষ ৰন্ধন প্রণালী। সংগীত, নৃত্ত, গীত আদিৰ ক্ষেত্ৰতো ভালেমান বৈশিষ্ট্য লক্ষ্য কৰা যায়। চৰ্য্যাপদৰ দিনৰ পৰা ইয়াত মাৰ্গ সংগীতৰ ধাৰা বিদ্যমান বুলি ভাবিবৰ থল আছে। শংকৰ মাধৱৰ বৰগীততো এনে ৰাগৰ নাম আছে। এই ধৰণৰ গীত মাত খিনিকে ধৰি আমাৰ প্ৰায়বোৰ গীত মাতত জনজাতীয় সুৰৰ প্ৰভাৱ আছে। এই সকলোৰে সংমিশ্রনত গঢ়ি উঠা এই ধাৰাটোক কামৰূপী সংগীত পদ্ধতি হিচাপে জোতিপ্রসাদ, বিষুদ্ৰাভাই মূল্যায়ন কৰিছে। ওজাপালি, খুলীয়াভাওৰীয়া আদিৰ পৰা ধৰি অংকীয়া নাটলৈকে এই সকলোবোৰৰ মাজত থকা বৈশিষ্ট্যপূর্ণ গুণসমূহে ইয়াক সৰ্বভাৰতীয় নাট্যধৰ্মী অনুষ্ঠান সমূহৰ পৰা এক পৃথক মৰ্য্যদা প্ৰদান কৰিছে।
ঢোল, পেঁপা, গগনা, চিফুং, সুতুলী আদি একাধিক বাদ্যযন্ত্রই ইয়াৰ সংগীত পদ্ধতিক সমৃদ্ধ কৰি ৰাখিছে। মহাপুৰুষ শংকৰদেৱৰ প্ৰভাৱত গঢ় লোৱা সত্ৰীয়া নৃত্যগীত সমূহো সৰ্বভাৰতীয় বৈষ্ণৱ আন্দোলনৰ ভিতৰতে এক অনবদ্য সৃষ্টি।এইদৰে দেখা যায় যে অসমৰ সংস্কৃতিৰ বৈশিষ্ট্য বোলোতে পুৱাৰ পৰা গধূলিলৈ প্রতিটো কাম-কাজ, আনন্দ-উৎসাহ বাপ্রতিটো স্থান যেনে ঘৰ-দুৱাৰ মঠ-মন্দিৰ সকলোতে এক বিশেষত্ব আছে আৰু এই বিশেষত্ব সমূহ গঢ় লৈ উঠিছে আৰ্য্য আৰু আয্যেতৰ সংস্কৃতিৰ অপূর্ব সমন্বয়ত। আমাৰ সমাজ আৰু সংস্কৃতিৰ আটাইতকৈ লক্ষণীয় দিশটো হ'ল ইয়াৰ সকলো সংস্কৃতিতে থকা সমূহীয়া জীৱনৰ উত্তাপ। আজিও আধুনিক সভ্যতাৰ প্ৰভাৱে ব্যক্তিমনক সংকুচিত কৰি পেলোৱাৰ দিনতো অসমীয়া সমাজৰ মাজত এই সমূহীয়া জীৱনৰ ভালেমান দিশ সজীৱ হৈ আছে।
*****
~সংগৃহীত

Comments
Post a Comment