পণ্ডিত আনন্দৰাম বৰুৱাদেৱৰ বিষয়ে ৰচনা

পণ্ডিত আনন্দৰাম বৰুৱাদেৱৰ বিষয়ে ৰচনা 



আইনজীৱী আনন্দৰাম বৰুৱাদেৱৰ বিষয়ে ৰচনা অসমীয়াত Essay on Anundaram Barua in Assamese 


  • আনন্দৰাম বৰুৱা আইনজীবী আনন্দৰাম বৰুৱাৰ পৰিয়াল
  • আনন্দৰাম বৰুৱা জীৱনৰ মূলমন্ত্ৰ কি আছিল?
  • আনন্দৰাম বৰুৱা মতে কৰ্মৰ স্বৰূপ কি? 
  • আনন্দৰাম বৰুৱাই ভাষা কলা সংস্কৃতি সংস্থা কিয় প্রতিষ্ঠা কৰিছিল? 
  • আনন্দৰাম বৰুৱা জন্ম কত হৈছিল? 
  • আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে?



Essay on Anundaram Barua in Assamese
পণ্ডিত আনন্দৰাম বৰুৱাদেৱৰ বিষয়ে ৰচনা 





পণ্ডিত আনন্দৰাম বৰুৱা


আনন্দৰাম বৰুৱাৰ জন্ম: 


চিভিলিয়ান আনন্দৰাম বৰুৱাৰ জন্ম হয় ইং ১৮৫০ চনৰ মে' মাহত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী অঞ্চলৰ ৰজাদুৱাৰত। আনন্দৰাম বৰুৱাৰ দেউতাকৰ নাম গৰ্গৰাম মজিন্দাৰ বৰুৱা আৰু মাকৰ নাম দুর্লভেশ্বৰী বৰুৱানী আছিল। গৰ্গৰাম বৰুৱা প্রথমে আহোম ৰজাৰ মজিন্দাৰ বৰুৱা বা কাকতচোৱা বিষয়া আছিল যদিও পিছত অসমদেশ ইংৰাজৰ হাতলৈ যোৱাত তেওঁক ইংৰাজ চৰকাৰে সদৰামিনৰ পদত নিযুক্ত কৰে। গৰ্গৰাম বৰুৱাই সেই দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি নিজৰ কৰ্মপটুতাৰ পৰিচয় দিছিল।



আনন্দৰাম বৰুৱাৰ শিক্ষা:


আনন্দৰাম বৰুৱা ল'ৰালিকালৰপৰাই প্রতুৎপন্নমতি সম্পন্ন ছাত্র আছিল। তেওঁৰ দেউতাক গৰ্গৰাম বৰুৱা সংস্কৃতৰ পণ্ডিত আছিল বাবেই পুতেক আনন্দৰামকো সংস্কৃত ভাষা শিকাবলৈ হৰগোবিন্দ শর্মা নামৰ এজন সংস্কৃত পণ্ডিতক ঘৰুৱা শিক্ষক হিচাপে নিযুক্ত কৰিছিল। কিছুদিন ঘৰুৱা শিক্ষকৰ ওচৰত পঢ়া-শুনা কৰাৰ পাচত দেউতাকে আনন্দৰামক উত্তৰ গুৱাহাটীৰ প্ৰাইমেৰী স্কুলত নাম লগাই দিয়ে। সেই সময়ত আনন্দৰাম বৰুৱাৰ বয়স সাত-আঠ বছৰমান হৈছিল।


প্রাইমেৰী স্কুলত নাম লগাই দিয়াৰ অলপদিন পাচতে গৰ্গৰাম বৰুৱা ডাঙৰীয়াৰ পৰিবাৰ দুৰ্লভেশ্বৰী বৰুৱাণীযে পৰলোক গমন কৰে। ফলত কম বয়সতে আনন্দৰাম বৰুৱা মাকৰ মৰমৰপৰা বঞ্চিত হয়। সেই সময়ত আনন্দৰাম বৰুৱাৰ ককায়েক পৰশুৰাম বৰুৱাই গুৱাহাটীৰ ডিষ্টিলাৰীত চাকৰি কৰিছিল। (পাচত তেওঁ ডিষ্টিলাৰীৰ কাম ইস্তফা দি জাহাজ কোম্পানীৰ কামত যোগ দিয়ে।) তেওঁ ঘৰ-দুৱাৰ সাজি গুৱাহাটীতেই নিগাজীকৈ বস-বাস কৰিবলৈ লৈছিল। মাকৰ মৃত্যুৰ পাচত পৰশুৰামে ভায়েক আনন্দৰামক গুৱাহাটীলৈ লৈ গৈ তাৰে প্রাইমেৰী স্কুলত নাম লগাই দিয়ে। 


ইং ১৮৬১ চনত গৰ্গৰাম বৰুৱা সদৰামিনে চৰকাৰী আদেশত গোৱালপাৰালৈ বদলি হৈ যোৱাত আনন্দৰামকো লগত লৈ যায় আৰু গোৱালপাৰা হাইস্কুলত নাম লগাই দিয়ে। ইং ১৮৬৩ চনত গৰ্গৰাম বৰুৱাই চৰকাৰী চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰি গুৱাহাটীলৈ ঘূৰি আহে। আনন্দৰামক পুনৰ ককায়েক পৰশুৰামে নিজৰ ওচৰলৈ নিয়ে আৰু গুৱাহাটীৰ চৰকাৰী হাইস্কুলত নাম লগাই দি পঢ়ুৱায়। পৰশুৰামৰ ঘৰৰ ওচৰত এজন ইংৰাজ চাহাবৰ বঙলা আছিল। চাহাবৰ বাৰী আম, কঠাল, লিচু, লেতেকু, পনীয়াল আদি নানা ফল-মূলৰ গছেৰে ভৰি আছিল। চাহাবে আনন্দৰাম বৰুৱাক খুউব মৰম কৰিছিল। প্ৰায়ে তেওঁ আনন্দৰাম বৰুৱাক নিজৰ বঙলালৈ মাতি নি ফল-মূলবোৰ খাবলৈ দিছিল আৰু নিজৰ দেশৰ বিষয়ে বহুত কথা কৈছিল। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ চাহাবৰ দেশৰ নানা কথা চাহাবৰ মুখত শুনি-শুনি আনন্দৰাম বৰুৱাৰ কিশোৰ মনতো চাহাবৰ দেশখন চোৱাৰ হেঁপাহ জন্মিছিল।


ইং ১৮৬৪ চনত চৈধ্য বছৰ বয়সত নৰিয়া গাৰে আনন্দৰাম বৰুৱাই প্ৰৱেশিকা (এনটেক্) পৰীক্ষা দিয়ে আৰু দ্বিতীয় বিভাগত উত্তীর্ণ হৈ জলপানী লাভ কৰে। আনন্দৰামে প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ সময়ত অসমত এখনো কলেজ নাছিল। (অসমৰ প্ৰথমখন কলেজ "কটন কলেজ” ইং ১৯০১ চনত গুৱাহাটীত স্থাপন কৰা হয়।) ফলত আনন্দৰামে উচ্চশিক্ষাৰ বাবে কলিকতালৈ গৈ ইং ১৮৬৫চনত কলিকতাৰ প্রেসিডেঞ্চী কলেজৰ এফ, এ, মহলাত ভর্তি হয়।


ইং ১৮৬৬ চনৰ ডিচেম্বৰ মাহত কলিকতা বিশ্ববিদ্যালয়ে এফ, এ, পৰীক্ষা অনুষ্ঠিত কৰে। এই পৰীক্ষাত বহি আনন্দৰামে বিশ্ববিদ্যালয়ৰ ভিতৰত ষষ্ঠ স্থান আৰু গণিতত বিশ্ববিদ্যালয়ৰ ভিতৰত আটাইতকৈ অধিক নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ সম্মানিত "ডাফ্ স্কলাৰচিপ্” লাভ কৰে। ফলত উচ্চ শিক্ষাৰ প্রতি তেওঁৰ মনত দুগুণ উৎসাহ জন্মে আৰু প্রেচিডেঞ্চী কলেজতে বি, এ, মহলাত ভর্তি হয়। সেই সময়তে তেওঁ চিভিলিয়ান সত্যেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু তেওঁৰদ্বাৰা প্ৰভাৱিত হৈ বিলাতলৈ যাবলৈ ইচ্ছা কৰি দেউতাকৰপৰা অনুমতি বিচাৰে। সেই সময়ত ভাৰতীয় মানুহে বিলাতলৈ গ'লে ধর্ম নষ্ট হ'ব বুলি আশঙ্কা কৰিছিল। সেয়ে, নৈষ্ঠিক হিন্দু গৰ্গৰাম বৰুৱাই পুতেকক বিলাতলৈ যাবলৈ অনুমতি নিদিলে। আনন্দৰামৰ আশাত চেঁচা পানী পৰিল। অগত্যা নিৰুপায় হৈ আনন্দৰামে বি, এ, মহলাৰ পঢ়া-শুনাতে একাগ্ৰতাৰে মনো-নিৱেশ কৰিলে। 


ইং ১৮৬৯ চনত আনন্দৰামে কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান লাভ কৰি বি,এ, মহলাৰ পৰীক্ষাত উত্তীর্ণ হয়। ফলত তেওঁ 'স্টেট স্কলাৰচিপ' লাভ কৰে। ইয়াৰ পিছতেই বিলাতলৈ যাবলৈ এটা প্রতিযোগিতামূলক পৰীক্ষাত বহি সর্বোৎকৃষ্ট পৰীক্ষাৰ্থীৰ সন্মান লাভ কৰি 'গিলক্রাইষ্ট ছাত্র বৃত্তি' অর্জন কৰে। এই দুয়োটা বৃত্তিৰ মূল্য আছিল মাহিলি প্রায় চাৰিশ টকা। টকাৰ বন্দোবস্তু হোৱাত দেউতাকৰ হা-না 'লৈ মন-কাণ নিদি আনন্দৰামে বিলাতলৈ যাবলৈ দৃঢ়তাৰে সিদ্ধান্ত কৰিলে।ইং ১৮৬৯ চনৰ জহকালিৰ ছুটীত বঙ্গদেশৰ শিক্ষা বিভাগৰ অধিকর্তা মিষ্টাৰ হেনৰী উদ্ৰই জাহাজেৰে বিলাতলৈ যোৱাৰ আয়োজন কৰে। আনন্দৰামেও সকলো যা-যোগাৰ কৰি মিঃ উদ্ৰৰ লগত বিলাতলৈ যায়।


আনন্দৰাম বৰুৱায়ে প্রথমে লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা শ্রেণীত ভর্তি হৈ পঢ়া-শুনা আৰম্ভ কৰে। তাৰ পাচত ইং ১৮৭০ চনৰ নৱেম্বৰ মাহত আইন পঢ়াৰ উদ্দেশ্যে লণ্ডনৰ 'মিডল টেম্পল' নামৰ আইন শিক্ষানুষ্ঠানত ভর্তি হয়। তাৰ কিছুদিন পিছতেই আনন্দৰামে নিজক বি, এচ, চি, আৰু আই, চি, এচ, পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিবলৈ মনোনিৱেশ কৰে। ইং ১৮৭০ চনত আনন্দৰামে আই, চি, এচ, পৰীক্ষাৰ প্ৰথমখণ্ড পাছ কৰে আৰু দ্বিতীয় খণ্ডৰ বাবে একান্ত মনে পঢ়া-শুনা কৰিবলৈ লণ্ডন চহৰৰপৰা কিছু দূৰৰ'নেটুলী' নামৰ এখন নিৰিবিলি গাঁৱলৈ গৈ বন্ধুয়েক কর্ণেল জালনুৰ আলি আহমেদৰ সৈতে একেলগে থাকে। উল্ল্যেখযোগ্য যে, কর্ণেল জালনুৰ আলি আহমেদ আনন্দৰামৰ স্কুলীয়া দিনৰো সহপাঠী আছিল। আই, চি, এচ, পাছ কৰাৰ পাচত দুয়ো একে-লগে অসমৰ শিৱসাগৰ জিলাত চৰকাৰৰ দায়িত্বশীল বিষয়াৰূপে কাম কৰিছিল। ভাৰতৰ অসমীয়া ৰাষ্ট্ৰপতি প্রয়াত ফখরুদ্দিন আলি আহমেদ এইজনা কর্ণেল জালনুৰ আলি আহমেদৰে সুযোগ্য পুত্র আছিল।


ইং ১৮৭২ চনত আনন্দৰামে ৭ম স্থান অধিকাৰ কৰি আই, চি, এচ, পৰীক্ষাৰ দ্বিতীয় খণ্ড উত্তীর্ণ হয়'। অৱশ্যে ইয়াৰ কিছুদিন আগতেই তেওঁ বি, এচ, চি, আৰু বেৰিষ্টাৰী পৰীক্ষাও পাছ কৰে। তেওঁৰ বঙালী বন্ধু তাৰকনাথ পালিতো সেই সময়ত বেৰিষ্টাৰী পাছ কৰি লণ্ডনতে আছিল। আনন্দৰাম বৰুৱাদেৱে তিনি বছৰকাল লণ্ডনত থাকি একাগ্ৰতাৰে পঢ়া-শুনা কৰে আৰু কেইবাটাও পৰীক্ষাত বহে। আটাইকেইটা পৰীক্ষাত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈ কেইবাটাও উপাধি আৰু সম্মান লাভ কৰি মাতৃভূমিৰ গৌৰৱ বৃদ্ধি কৰে।


ইং ১৮৭২ চনৰ ৯ চেপ্তেম্বৰ তাৰিখে চিভিলিয়ান ও বেৰিষ্টাৰ আনন্দৰাম বৰুৱাই বিলাতৰপৰা ঘূৰি আহি ভাৰতৰ দুৱাৰমুখ বোম্বাইত পদাপর্ণ কৰে। সেই সময়ত চিভিলিয়ান সকলে কাম কৰিব বিচৰা প্ৰদেশখন নিজ ইচ্ছা মতে বাছি ল'ব পাৰিছিল। আনন্দৰাম বৰুৱাই নিজৰ মাতৃভূমি অসমতে চাকৰি কৰিবলৈ ইচ্ছা কৰি বোম্বাইৰপৰা অসম অভিমুখে ৰাওনা হয়। বোম্বাইৰপৰা অসমলৈ যোৱাৰ পথ কলিকতাত উপস্থিত হৈ চিভিলিয়ান আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰদ্বাৰা আয়োজিত এটা প্রতিযোগিতামূলক সংস্কৃত পৰীক্ষাত বহে। এই পৰীক্ষাতো তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু দুহেজাৰ টকাৰ এটি নগদ পুৰস্কাৰ লাভ কৰে।



আনন্দৰাম বৰুৱাৰ চাকৰি : 


চিভিলিয়ান আনন্দৰাম বৰুৱাই অসমৰ শিৱসাগৰ জিলাৰ এচিচটেন্ট কমিচনাৰ পদত নিযুক্ত হৈ নিজৰ কৰ্ম জীৱনৰ পাতনি মেলে। কিছুদিন চাকৰি কৰাৰ পিছত তেওঁ দেউতাক আৰু অন্যান্য আত্মীয়-স্বজনৰ সৈতে দেখা-সাক্ষাৎ কৰিবলৈ উত্তৰ গুৱাহাটীলৈ যায়। ধর্ম-ভীৰু, নৈষ্ঠিক গৰ্গৰাম বৰুৱাই পুতেকে বিলাতলৈ গৈ জাতি-কুল নষ্ট কৰিথৈ আহিছে বুলি ভাবি পৰাচিত নকৰাকৈ ঘৰত সোমাবলৈ দিবলৈ টান পায় আৰু চোতালতে আনন্দৰাম বৰুৱাৰ থকা-মেলাৰ ব্যৱস্থা কৰিবলৈ তষু তৰি দিয়ে। পিতাপুত্ৰৰ দেখা-সাক্ষাৎ হোৱাৰ পাচত দেউতাকে আনন্দৰাম বৰুৱাক পৰাচিত কৰি জাতিত তুলিব বিচাৰে। কিন্তু আনন্দৰামে দেউতাকৰ প্ৰভাৱ মানি' পৰাচিত হবলৈ অস্বীকাৰ কৰে।


সদৰামিন গৰ্গৰাম বৰুৱাই চিভিলিয়ান পুতেক আনন্দৰামক বিয়া পাতি দিবলৈ বৰ হেঁপাহ কৰিছিল। চোকা বুদ্ধিৰ আনন্দৰামে জানিছিল যে, বিলাতলৈ গৈ জাতি-কুল নষ্ট কৰি থৈ অহা মানুহজনক কোনো সম্ভ্রান্ত অসমীয়া হিন্দুয়েই ছোৱালী নিদিয়ে। সেয়ে, তেওঁ দেউতাকৰ প্ৰস্তাৱত মাস্তি নহ'ল। পুতেকৰ ব্যৱহাৰত সদৰামিন গৰ্গৰাম বৰুৱাই মনত বৰ বেজাৰ পালে। ইং ১৮৭৩ চনত চিভিলিয়ান আনন্দৰাম বৰুৱাৰ দেউতাক অৱসৰ প্ৰাপ্ত সদৰামিন গৰ্গৰাম বৰুৱা ডাঙৰীয়াই পৰলোক গমন কৰে।


আনন্দৰাম বৰুৱাই শিৱসাগৰত এচিচুটেন্ট কমিচনাৰ হিচাপে সেৱা আগবঢ়াই থকাৰ সময়ত শিৱসাগৰ জিলাৰ ডেপুটি কমিচনাৰ আছিল কর্ণেল কেম্পবেল নামৰ এজন ইংৰাজ আৰু আনন্দৰাম বৰুৱাৰ লগতে আন এগৰাকী এচিচ্‌টেন্ট কমিচনাৰ আছিল লেফটেনেন্ট গ্রে। আনন্দৰাম বৰুৱা লেফটেনেন্ট গ্রে চাহাবতকৈ জ্যেষ্ঠ বিষয়া আছিল। বিলাতৰপৰা চিভিলিয়ান পৰীক্ষা কৃতিত্বৰে সৈতে পাছ কৰি অহা আনন্দৰাম বৰুৱাৰ প্ৰতি কর্ণেল কেস্কেল্ আৰু লেফটেনেন্ট গ্ৰেচাহাবৰ ব্যৱহাৰ আছিল উদাসীনতাপূর্ণ। 


অসমৰ দৰে পিছ পৰা ৰাজ্য এখনৰ লোকক সম্মান জনাবলৈ ঠেক মনৰ ইংৰাজ বিষয়া দুগৰাকীয়ে বৰ বেয়া পাইছিল। চীফ কমিচনাৰ কিটিং চাহাবৰ শিৱসাগৰ জিলালৈ আগমনৰ হেতু শিৱসাগৰ জিলাৰ ডেপুটি কমিচনাৰ কৰ্ণেল কেম্পবেল চাহাবে এখন নৈশ প্রীতিভোজৰ আয়োজন কৰিছিল। ডেপুটি কমিচনাৰ কৰ্ণেল কেম্পবেলে অন্যান্য বিষয়াৰ লগতে আনন্দৰাম বৰুৱা আৰু তেওঁৰ পিয় বন্ধু ডাঃ কর্ণেল জালনুৰ আলি আহমেদকো নিম্নণ জনাইছিল। দুই বন্ধুয়ে যথা সময়ত ভোজ খাবলৈ গৈ দেখিলে যে, তেওঁলোক দুজনৰ খোৱা মেজ বেলেগ আৰু ইংৰাজ বিষয়াসকলৰ খোৱা মেজ বেলেগ। ইংৰাজ বিষয়াৰ এই ব্যৱহাৰে আনন্দৰাম বৰুৱাৰ মনত বিৰাট প্রতিক্ৰিয়াৰ সৃষ্টি কৰিলে। কর্ণেল কেম্পবেলৰ দৰে নীচ মনৰ বিষয়াৰ তলত চাকৰি কৰিবলৈ তেওঁৰ ভাল নলগা হ'ল। তেতিয়াৰ দিনত আমাৰ অসমখন বঙ্গদেশৰ শাসন ব্যৱহাৰ অন্তৰ্ভুক্ত আছিল। আনন্দৰাম বৰুৱাই চৰকাৰৰ ঘৰলৈ লিখা লিখি কৰি ইং ১৮৭৪ চনৰ এপ্রিল মাহত অসম এৰি বঙ্গদেশলৈ বদলি হৈ যায়।


শিৱসাগৰৰপৰা বদলি হৈ গৈ চিভিলিয়ান আনন্দৰাম বৰুৱাই প্ৰথমতে বঙ্গদেশৰ মৈমনসিং জিলাৰ এচিচটেন্ট মেজিট্রেট আৰু কালেকক্টৰ পদত নিযুক্ত হয়। তাৰ পাচত তেওঁ মৈমনসিং জিলাৰপৰা বদলি হৈ গৈ বৰ্দ্ধমান, দিনাজপুৰ আদি ঠাইতো এচিচন্টেন্ট মেজিষ্টে রূপে দক্ষতাপূর্ণ সেৱা আগবঢ়ায়। এই সময়ত চৰকাৰী চাকৰি কৰাৰ লগতে তেওঁ নিয়মিত ভাৱে পঢ়া-শুনা আৰু সাহিত্য-চর্চা কৰে। সাহিত্যই হৈ পৰে তেওঁৰ জীৱনৰ লগৰী ।


দিনাজপুৰৰপৰা চৰকাৰে আনন্দৰাম বৰুৱাক বদলি কৰি ৰাণীগঞ্জ মহকুমাৰ মহকুমাধিপতিৰ দায়িত্ব অর্পণ কৰে। কেইবছৰমান পাচত চৰকাৰে পুনৰ তেওঁক দিনাজপুৰলৈ বদলি কৰি ডেপুটি কালেক্টৰ পদত নিযুক্ত কৰে। এইসময়তে আনন্দৰাম বৰুৱা পণ্ডিতমহলৰ মাজত জনাজাত হৈ পৰে। চিভিলিয়ান বৰুৱাই সেই সময়ৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি ভাবি নিজৰ টকাৰে "মণিৰাম মন্ত্র” নামেৰে ছপাশাল এটা কলিকতাত স্থাপন কৰে।


শিৱসাগৰত থকা সময়তেই আনন্দৰাম বৰুৱাই সংস্কৃত শব্দকোষৰ বৃহৎ, সঙ্কলন এটা যুগুত কৰাৰ কাম হাতত লৈছিল যদিও চৰকাৰী চাকৰিৰ দায়িত্ব দিনে-দিনে বাঢ়ি যোৱা হেতুকে ইমানদিনে তেওঁ কামফেৰা শেষ কৰিব পৰা নাছিল। সেয়ে, একাণপতীয়াভাৱে কাম কৰি কামটো শেষ কৰিবলৈ চাকৰিৰ পৰা ছুটি লয় আৰু ভাৰতত' প্রয়োজনীয় সহায়ক গ্রন্থ নোপোৱা হেতুকে ইং ১৮৮১ চনৰ নৱেম্বৰ মাহত বিলাতলৈ যায়। এয়া আছিল চিভিলিয়ান আনন্দৰাম বৰুৱাৰ দ্বিতীয় বিলাত যাত্রা।


বিলাতৰপৰা ঘূৰি অহাৰ পাচত চিভিলিয়ান আনন্দৰাম বৰুৱাই পুনৰ চৰকাৰী চাকৰিত যোগ দিয়ে। এইবাৰ তেওঁ প্রথমে চট্টগ্রামত ডেপুটি কালেক্টৰৰূপে নিযুক্তি পায়। তাৰ পাচত চৰকাৰী আদেশত তেওঁ ইং ১৮৮৪ চনৰ মে' মাহত জিলাৰ মেজিষ্টেটৰূপে নোৱাখালীলৈ বদলি হৈ যায়। নোৱাখালী সেই সময়ত অতি পিছ পৰা ঠাই আছিল। তাৰ জনসংখ্যাৰ শতকৰা আশী ভাগেই আছিল মুছলমান। চৰকাৰে তাৰ অধিবাসীসকলৰ বাবে বিশেষ কোনো কাম কৰা নাছিল। জন-দৰদী বিষয়া আনন্ দৰাম বৰুৱাই জিলাৰ বৰ হাকিম ৰূপে নোৱাখালীত কাৰ্য্যভাৰ লোৱাৰ পিছত তাৰ জন-সাধাৰণৰ উন্নতিকল্পে যাতায়াতৰ ব্যৱস্থা উন্নত কৰে, জাহাজ চলা-চলৰ ব্যৱস্থা কৰে, হাট-বজাৰ বহুৱায়। ফলত নোৱাখালীৰ মানুহৰ ওচৰত তেওঁ অতি প্রিয়পাত্র হৈ পৰে। নোৱাখালীতেই আনন্দৰাম বৰুৱাই সৰহদিন নিগাজীকৈ আছিল। ইয়াত চৰকাৰী কামৰ জৰিয়তে জনসেৱা কৰি থাকোতেই একাঙ্গীৰোগত আক্ৰান্ত হৈ বৰুৱা ডাঙৰীয়া চিকিৎসাৰ বাবে কলিকতালৈ যায় আৰু তাতেই ইং ১৮৮৯ চনত তেওঁৰ মৃত্যু হয়।



আনন্দৰাম বৰুৱাৰ সাহিত্য সেৱা: 


সাহিত্যই আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ লগৰী। চৰকাৰী চাকৰিৰ যাৱতীয় বোজা বহন কৰাৰ মাজতে সময় পালেই তেওঁ কিতাপ পঢ়িছিল। সাহিত্য চর্চা কৰিছিল। অফিচলৈ যাওঁতে লগত কিতাপ লৈ যোৱাটো তেওঁৰ চৰিত্ৰৰ অঙ্গ স্বৰূপ আছিল। সংস্কৃত সাহিত্যৰ প্ৰতি চিভিলিয়ান আনন্দৰাম বৰুৱাৰ মনত গভীৰ আকর্ষণ আছিল। বিলাতৰ সংস্কৃত পণ্ডিত মেঙ্কমুলাৰৰ সৈতে সংস্কৃত সাহিত্যৰ বিষয়ে চিঠি পত্ৰৰ আদান-প্ৰদান কৰিছিল বুলিও জনা যায়।


ইং ১৮৭৮ চনত চিভিলিয়ান আনন্দৰাম বৰুৱাৰ প্ৰথম সাহিত্যকৃতি "সংস্কৃত সাহিত্যত ভৱভূতিৰ স্থান” নামৰ সমালোচনা গ্রন্থ প্রকাশ পায়। ইয়াৰ পাচৰপৰাই আনন্দৰাম বৰুৱাৰ কাপৰপৰা ওলাবলৈ ধৰে - "ইংৰাজী-সংস্কৃত অভিধান”, "প্রাচীন ভাৰতৰ ভূগোল”, "সংস্কৃত শিক্ষার্থীৰ সহচৰ”, "বামন", "বাগভট্ট”, আৰু "সৰস্বতীৰ কণ্ঠাভরণ”, "ধাতু বৃত্তিসাৰ”, "ভৱভূতিৰ মহাবীৰ চৰিত", "অমৰ সিংহৰ নামলিঙ্গানুশাসন", "ধাতুকোষ বা ধাতুপাঠ আৰু "সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ” আদি মূল্যৱান গ্রন্থ। আনন্দৰাম বৰুৱাই অকালতে পৰলোক গমন কৰা হেতুকে তেওঁ ৰচনা কৰা আন কেইবাখনো মূল্যৱান পুথি অপ্রকাশিত অৱস্থাতে হেৰাই গৈছে বুলি জনা যায়।



আনন্দৰাম বৰুৱাৰ অক্ষয়কীর্তি: 


"ইংৰাজী-সংস্কৃত অভিধান” প্রণয়ণৰ কাম তেখেতে শিৱসাগৰত এচিচটেন্ট মেজিট্রেট ৰূপে সেৱা আগবঢ়াই থকা সময়তে হাতত লয় আৰু অসম এৰি বঙ্গদেশলৈ গৈ মৈমনসিংহত অৱস্থান কৰাৰ সময়ত তাৰ প্ৰথম খণ্ড প্রকাশ পায়। আনন্দৰাম বৰুৱাই প্ৰাচীন সংস্কৃত সাহিত্যৰাজি অধ্যয়ন কৰি বাৰটা খণ্ডত এই বিশাল গ্রন্থখন প্ৰণয়ণ কৰিবলৈ আঁচনি যুগুতাইছিল। গ্ৰন্থখন প্রণয়ণ কৰিবলৈ লৈ ভাৰতত তেওঁ আৱশ্যকীয় সহায়ক গ্রন্থ নাপাই চাকৰিৰপৰা ছুটি লৈ বিলাতলৈ গৈছিল। তাত তেওঁ ইংলণ্ড আৰু জামানীৰ সংস্কৃতৰ বিদগ্ধ পণ্ডিতসকলৰ সৈতে আলোচনা কৰিছিল । 


লণ্ডনৰ অঙ্কফোর্ড বিশ্ববিদ্যালয়ৰ পণ্ডিতসকলে এই ক্ষেত্রত তেওঁক যথেষ্ট সহায় কৰিছিল। মেঙ্কমুলাৰ চাহাবে তেওঁৰ এই মহান উদ্যমৰ প্ৰশংসা কৰি উৎসাহিত কৰিছিল। 'বৃটিছ মিউজিয়াম' আৰু বলিভিয়ান লাইব্ৰেৰী'ৰ কতৃপক্ষই আনন্দৰাম বৰুৱাক সকলো ধৰণৰ কিতাপ-পত্ৰ দি সহায় কৰিছিল। প্ৰায় দুবছৰকাল বিলাতত থাকি তেওঁ এই অমূল্য গ্ৰন্থখনৰ বাবে সমল বিচাৰি ফুৰিছিল আৰু ছাত্ৰতকৈও অধিক মনোযোগেৰে সকলো তথ্য-পাতি, গ্রন্থ আদি অধ্যয়ন কৰিছিল। চিভিলিয়ান আনন্দ-ৰাম বৰুৱাই হয়তো প্ৰথম আৰু একমাত্ৰ অসমীয়া যিয়ে কিতাপ লেখাৰ সমল বিচাৰি লণ্ডনলৈ গৈছিল। কিন্তু 'ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি।" আনন্দৰাম বৰুৱাৰো ভৱা কথা সিদ্ধি নহ'ল। অশেষ কষ্ট কৰি, গাঠিৰ ধন ভাঙি "সংস্কৃত-ইংৰাজী অভিধান"ৰ বাবে সমল বিচাৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰা সত্ত্বেও আঁচনি যুগুতোৱা ধৰণে অভিধানখন তেওঁ সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিব নোৱাৰিলে। 

আমি নিয়তিৰ হাতৰ পুতলা 

নিতে পাতো নতুন মেলা 

কাল পছোৱাই অসময়তে ধুমুহা বোৱাই 

জীৱন চাকিটি দিয়েহি নুমাই.. 


আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰতো সেইটোৱে হ'ল। নিষ্ঠুৰ বিধাতাই তেওঁক মনোবাঞ্চা পূৰণ কৰিবলৈ নিদিলে। সংস্কৃত অভিধান ৰচনাৰ কাম সম্পূৰ্ণ হোৱাৰ আগতেই বিধাতাই তেওঁক ইহ সংসাৰৰপৰা অনন্তধামলৈ লৈ গ'ল।



আনন্দৰাম বৰুৱাৰ সন্মান লাভ: 


চিভিলিয়ান আনন্দৰাম বৰুৱাৰ সাহিত্যিক কৰ্মৰাজি আৰু গুণাৱলীৰ প্ৰতি শ্ৰদ্ধা জনাই ইং ১৮৮৫ চনত কলিকতা বিশ্ববিদ্যালয়ে তেওঁক বিশ্ববিদ্যালয়ৰ 'ফেলো' মনোনীত কৰে। পিছত তেওঁ সেই বিশ্ববিদ্যালয়ৰে "ফেকাল্টি অফ্ আর্টচ্”ৰ সদস্য পদো লাভ কৰে।



আনন্দৰাম বৰুৱাৰ মৃত্যু: 


ইং ১৮৮৮ চনত আনন্দৰাম বৰুৱা ডাঙৰীয়াই পক্ষাঘাত বা একাঙ্গী বেমাৰত আক্রান্ত হয়। নোৱাখালীৰ ডাক্তৰসকলে অশেষ চেষ্টা কৰিও তেওঁক ৰোগ মুক্ত কৰিব নোৱাৰাত চাকৰিৰপৰা ছুটি 'লৈ চিকিৎসাৰ বাবে তেওঁ কলিকতালৈ যায়। কলিকতালৈ গৈ তেওঁৰ বেৰিষ্টাৰ বন্ধু তাৰকনাথ পালিতৰ বালিগঞ্জৰ ঘৰত আশ্রয় লয়। বেৰিষ্টাৰ পালিতৰ পৰিয়ালৰ সকলো মানুহেই তেওঁক আপোন মানুহৰ দৰে শুশ্রূষা কৰে। বন্ধুয়েকক সুস্থ কৰি তুলিবলৈ বেৰিষ্টাৰ পালিতে কলিকতাৰ বিখ্যাত-বিখ্যাত ডাক্তৰ-কবিৰাজৰ হতুৱাই চিভিলিয়ান আনন্দৰাম বৰুৱাৰ চিকিৎসা কৰোৱায় । কিন্তু অসমৰ দুর্ভাগ্য, কোনো চিকিৎসাই ফল নিদিলে। ভালেমানদিন ৰোগশয্যাত অশেষ জীয়াতু ভোগ কৰি ইং ১৮৮৯ চনৰ ১৯ জানুৱাৰী তাৰিখে অসম-গৌৰৱ চিভিলিয়ান আনন্দৰাম বৰুৱাই ইহলীলা সম্বৰণ কৰে। অতি পৰিতাপৰ কথা যে, মাত্র ৩৯ বছৰ বয়সত মৃত্যুবৰণ কৰা চিৰকুমাৰ আনন্দৰাম বৰুৱাই শেষ নিশ্বাস লোৱাৰ সময়ত তেওঁৰ আপোন পৰিয়ালৰ কোনো মানুহ কাষত নাছিল।



নিজৰ জীৱনৰ কীৰ্তিস্তম্ভ 'সংস্কৃত ইংৰাজী অভিধান'খন মাক-দেউতাকৰ নামত উৎসৰ্গ কৰা মহান অসমীয়া চিভিলিয়ান আনন্দৰাম বৰুৱাক অসমৰ মানুহে চিৰদিন মনত ৰাখিব। অসমৰপৰা বহু আঁতৰত থাকিলেও আনন্দৰাম বৰুৱাৰ আত্মা সদায় অসমত আছিল। মাতৃভূমিক প্রাণভৰি ভালপোৱা পাশ্চাত্য শিক্ষাৰে শিক্ষিত আনন্দৰাম বৰুৱাৰ অন্তৰত থকা জাতীয়তাবোধ নতুন যুগৰ বংশধৰসকলৰ বাবে নিশ্চয় অনুপ্ৰেৰণাৰ উৎস হিচাপে বিবেচিত হ'ব। অসমৰ কৃতী সন্তান আনন্দৰাম বৰুৱাদেৱে নোৱাখালীত থাকোতে তাৰ সাধাৰণ আৰু দুখীয়া কৃষক ৰাইজৰ সৈতে আন্তৰিক ভাৱে ইমানেই একাত্ম হৈ পৰিছিল যে, তেখেত ৰোগাক্রান্ত হোৱাত সাধাৰণ জনতাই মনত মর্মান্তিক বেজাৰ পাইছিল আৰু তেওঁলোকৰ প্ৰিয় হাকিমৰ আশু আৰোগ্য কামনা কৰি আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। এয়াই আনন্দৰাম বৰুৱা যাৰ নাম চিৰদিন স্মৰণীয় হৈ ৰব।




*****


  • আনন্দৰাম বৰুৱা question answer 
  • আনন্দৰাম বৰুৱা ৰচনা 
  • আনন্দৰাম বৰুৱা বঁটা 
  • পণ্ডিত আনন্দৰাম বৰুৱাই কোনখন গ্রন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?


Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শংকৰদেৱৰ বিষয়ে ৰচনা অসমীয়া