দূৰদৰ্শন বা টেলিভিশন আৰু সমাজত ইয়াৰ প্ৰভাৱ

দূৰদৰ্শন বা টেলিভিশন আৰু সমাজত ইয়াৰ প্ৰভাৱ


দূৰদৰ্শন বা টেলিভিশন আৰু সমাজত ইয়াৰ প্ৰভাৱ ৰচনা অসমীয়াত Essay on Television and it's effects in society in Assamese 

  • দূৰদৰ্শন কি?
  • দূৰদৰ্শন কোনে আৱিষ্কাৰ কৰিছিল?
  • দূৰদৰ্শন আৰু সমাজত ইয়াৰ প্ৰভাৱ
  • দূৰদৰ্শন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
  • দূৰদৰ্শন উপকাৰিতা আৰু অপকাৰিতা


Essay on Television and it's effects in society in Assamese
দূৰদৰ্শন বা টেলিভিশন আৰু সমাজত ইয়াৰ প্ৰভাৱ



দূৰদৰ্শন বা টেলিভিশন আৰু সমাজত ইয়াৰ প্ৰভাৱ


টেলিভিশন বা দূৰদৰ্শন পৃথিৱীৰ জনপ্রিয় মাধ্যমৰ ভিতৰত‌‌ এটা উল্লেখযোগ্য। চকুৰ আঁৰত ঘটা ঘটনাক চকুৰ সন্মুখলৈ আনিবলৈ যি বোৰ ব্যৱস্থা আছে সেইবোৰৰ ভিতৰত আটাইতকৈ শক্তিশালী ব্যৱস্থাটোৱেই হ'ল টেলিভিশন। সাধাৰণতে আমি দূৰদৰ্শন বুলিলে বাকচৰ নিচিনা যন্ত্ৰটোৰ কথাকে বুজো যিটোৰ পৰ্দাত আমি বিভিন্ন দৃশ্যবোৰ দেখিবলৈ পাওঁ। কিন্তু অকল বাকচটোকে টেলিভিশন বুলিব নোৱাৰি। কাৰণ আমাৰ চকুৰ সন্মুখলৈ দৃশ্যাৱলী আনিবৰ বাবে সম্মুখৰ বাকচটোলৈ এটা ব্যৱস্থাৰে দৃশ্যসমূহ প্ৰেৰণ কৰা হয় আৰু এই দৃশ্যসমূহ গ্রহণ কৰি বাকচৰ দৰে যন্ত্ৰটোৱে দৃশ্যসমূহ তাৰ পৰ্দাত জিলিকাই তোলে। যি যন্ত্ৰৰ সহায়েৰে দৃশ্য পঠিওৱা হয় সি হ'ল প্ৰেৰণ যন্ত্ৰ আৰু যি যন্ত্ৰৰে দৃশ্য গ্রহণ কৰা হয় সেই যন্ত্র হ'ল প্ৰেৰক যন্ত্র। প্ৰেৰণ আৰু গ্ৰহণৰ এই ব্যৱস্থাটোহে সম্পূনাৰ্থত দূৰদৰ্শন ব্যৱস্থা। ই এক জটিল বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা পৰিচালিত হয়। ফটো ইলেক্ট্রিক এফেক্ট নামৰ প্ৰক্ৰিয়াটোৰে পোহৰক বৈদ্যুতিক সংকেতলৈ পৰিবৰ্ত্তন কৰি এই কাম সমাধা কৰা হয়।


গ্রেট বৃটেইনৰ বিজ্ঞানী জনলগি বেয়ার্ডে (John Logie Baird) ১৯২৫-২৬ চনত টেলিভিশ্যন আৱিস্কাৰ কৰিছিল বুলি কোৱা হয়। কিন্তু উনবিংশ শতিকাৰ শেষৰ ফালে জার্মান বিজ্ঞানী পল নিপ্ক'ৰ (Paul Nipkow) গবেষণাৰ মাজতে ইয়াৰ উদ্ভাবন ঘটিছিল। তেওঁৰ পাছত বেইলাৰ (Weiller) কেম্পবেল (Campbell) আদি বিজ্ঞানীয়ে এই ব্যৱস্থাৰ উন্নতি - সাধনৰ বাবে ভালেমান বৰঙনি আগবঢ়ায়। পিছে টেলিভিশনৰ যোগেদি প্ৰথম প্ৰচাৰ কাৰ্যৰ আৰম্ভনি কৰে ১৯৩৬ চনত বৃটিছ ব্রডকাস্টিং কৰ্প'ৰেশ্যনে। ১৯৫৩ চনত প্রথম ৰঙীণ টেলিভিশ্যনৰ আৰম্ভণি হয় আৰু লাহে লাহে ই সমগ্র পৃথিবীতে এক শক্তিশালী মাধ্যম হিচাপে প্রতিষ্ঠা লাভ কৰে। দূৰদৰ্শন ব্যৱস্থা ভাৰতত আৰম্ভ হয় ১৯৫৯ চনৰ চেপ্তেম্বৰ মাহত দিল্লী মহানগৰীত। ১৯৮২ চনৰ এছিয়ান গেমছৰ সময়তে দূৰদৰ্শনে ভাৰতত ব্যাপকতা লাভ কৰে। অসমতে সেই সময়তে দূৰদৰ্শনৰ প্ৰচলন আৰম্ভ হয়। লাহে লাহে কৃত্রিম উপগ্রহ সমূহক দূৰদৰ্শনৰ প্ৰচাৰ কাৰ্যত ব্যৱহাৰ কৰা হয়। 


আজিকালি ভাৰতবৰ্ষই নিক্তা উপগ্ৰহৰ সহায়ত এনে ধৰণৰ সংযোগ ব্যৱস্থা গঢ়ি তোলাত সমগ্ৰ বিশ্বৰ লগত ইয়াৰ যোগাযোগ আৰু ক্ষীপ্ৰ হৈ পৰিছে। দূৰদৰ্শনৰ জড়িয়তে আধুনিক সমাজে ভালেখিনি সা-সুবিধা লাভ কৰিছে। বিশেষকৈ মনোৰঞ্জন, জ্ঞান, শিক্ষা, সংবাদ আদি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত টেলিভিশান এক গুৰুত্বপূৰ্ণ আহিলা। দূৰদৰ্শনে আমাৰ দৃষ্টিও প্ৰসাৰিত কৰিছে। মনোৰঞ্জনৰ শিতানতো আগতে আমাৰ দৃষ্টি চিনেমাতে সীমাবদ্ধ হৈছিল। চিনেমাত সন্নিবিষ্ট কৰা টুকুৰা টুকুৰ চিত্ৰৰ মাজেৰেহে আমি হয়তো ভৰিৰে ধুকি নোপোৱা ঠাইৰ গীত মাত, উৎসৱ ইত্যাদি দেখিছিলোঁ। কিন্তু দূৰদৰ্শনৰ যোগেদি আমি পৃথিৱীৰ বিভিন্ন ঠাইৰ আনন্দ উৎসৱ পোনপটীয়াকৈ উপভোগ কৰিব পৰা হলো। টেলিভিশ্যন যোগে প্রচাৰিত শিক্ষামূলক অনুষ্ঠান বোৰৰ মাজেৰে আমি আগতে কেতিয়াও পঢ়ি বুজিব লগা একোটা বস্তু চিত্র চাই বুজিব পৰা হলোঁ। সংবাদৰ ক্ষেত্ৰখনো হৈ পৰিল অতি দ্রুত আৰু পূর্ণাংগ। কাৰণ এতিয়া উপগ্ৰহৰ সহায়ত আমি পৃথিৱীৰ যি কোনো দেশৰ গুৰুত্বপূৰ্ণ সংবাদবোৰ অকল শুনাই নহয় দেখিবও পৰা হলোঁ। এনেকৈ দেখা যায় যে দূৰদৰ্শনে শিক্ষা, সংবাদ, মনোৰঞ্জন আদি প্ৰায়বোৰ দিশতে এক বৈপ্লবিক পৰিবৰ্তন আনিলে। এই সকলোবোৰ গুৰুত্বপূর্ণ অবদান থকা স্বত্বেও আমি দূৰদৰ্শনৰ অপকাৰিতাৰ দিশটোও বিবেচনা কৰিব লাগিব। 


ইতিমধ্যে ইয়াৰ কুফল সম্পর্কত সমাজবিজ্ঞানীসকল সচেতন হৈ পৰিছে আৰু এই বিষয়ে গবেষণা চলাইছে। আজিৰ প্রতিযোগিতাত বিভিন্ন দেশৰ টেলিভিশান কোম্পানীবোৰে নিজৰ নিজৰ কাৰ্য্যসূচী অধিক আকর্ষণীয় কৰি তুলিবলৈ যৎপৰোনাস্তি প্রচেষ্টা চলাইছে। এনে প্রতিযোগিতাত মূল কথা যিহেতু অর্থসংগ্রহ গতিকে মনোৰঞ্জন কাৰ্যসূচী বোৰে অধিক গুরুত্ব পাইছে আৰু এনে মনোৰঞ্জন কাৰ্য্যসূচীবোৰত সস্তীয়া আনন্দ উত্তেজনাক অধিক গুৰুত্ব দিয়া হৈছে। বিশেষকৈ ভালেমান দূৰদৰ্শন কোম্পানীয়ে শিশুৰ বাবে আকর্ষণীয় কার্য্যসূচী প্ৰস্তুত কৰিছে যদিও ডাঙৰৰ বাবে প্ৰস্তুত কৰা কাৰ্য্যসূচীৰ পৰা তেওঁলোকক আতৰাই ৰাখিব পৰা নাযায়। ফলত বয়সৰ মাত্ৰা চেৰাই ভালেমান অপ্রয়োজনীয় কথাও শিশুৱে চাব লগাত পৰিছে বা চাইছে। ইয়াৰ ফলত শিশুৰ মনত প্রতিক্রিয়া হোৱাতো একেবাৰে অসম্ভৱ নহয়। 


বিশেষকৈ দূৰদৰ্শনত অনবৰতে দেখি থকা নগ্নতা, গুলী বাৰুদৰ যুদ্ধৰে ভৰা বা মৃত্যুৰ বিভীষিকাৰে ভৰা নানানটা অনুষ্ঠানে শিশুৰ মনত অশুভ মনোভাৱৰ জন্ম দিয়াটোহে একো অস্বাভাবিক নহয়। কোমল বয়সতে শিশুৰ ওপৰত পৰা এনে ধৰণৰ মানসিক চাপ নিশ্চয় তেওঁলোকৰ বাবে মঙ্গলজনক নহয়। এনেবোৰ কাৰণৰ বাবেই আজি পৃথিৱীৰ এক শ্ৰেণীৰ মানুহে ইয়াক অপৰাধী বস্তু বুলি ঘৰৰ পৰা বিসর্জন দিয়াৰো চিন্তা কৰিছে। কিন্তু আমি এই কথাও মনত ৰাখিব লাগিব যে টেলিভিশ্যনক বিসর্জন দিলে ছাত্র-ছাত্রী সকল তাৰ ভাল দিশটোৰ পৰাও বঞ্চিত হ'ব। গতিকে বিজ্ঞানৰ এই মহৎ অৱদানক কিদৰে মানৱ সমাজৰ বিকাশ আৰু কল্যানৰ হকে ব্যৱহাৰ কৰিব পৰা যায় সিহে আটাইৰে চিন্তাৰ বিষয় হোৱা উচিত। সকলো বস্তুৰেই ভাল আৰু বেয়া দুটা দিশ আছে। তাৰে ভালটো গ্রহণ কৰি বা ভালটোক সক্ৰিয় কৰি বেয়াটো নিষ্ক্রিয় কৰাৰ বাবে মানুহে চেষ্টা কৰিব লাগিব। তেতিয়াহে মানৱ সমাজৰ কল্যানৰ অৰ্থে ব্যৱহাৰ হ'ব।




******


  • দূৰদৰ্শন ইয়াৰ ভাল বেয়া প্ৰভাৱ
  • দূৰদৰ্শন ৰচনা আৰম্ভণি
  • দূৰদৰ্শন ৰচনা short
  • দূৰদৰ্শন ৰচনা সামৰণি
  • দূৰদৰ্শন ৰচনা class 10
  • দূৰদৰ্শন ৰচনা 150 words
  • দূৰদৰ্শন ৰচনা class 12

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা