অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান ৰচনা
অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান ৰচনা
অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান ৰচনা অসমীয়াত Assamese Essay on Contribution of Sankardev towards Assamese Literature
- অসমীয়া সাহিত্যলৈ শংকৰদেৱৰ অৱদান
- শংকৰদেৱৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা
- শংকৰদেৱৰ সাহিত্য কৃতি সম্পর্কে আলোচনা কৰা
- অসমীয়া সমাজলৈ শংকৰদেৱৰ অৱদান
- অসমীয়া নাট্য সাহিত্যলৈ শংকৰদেৱৰ অৱদান
- অসমীয়া জাতি গঠনত শংকৰদেৱৰ অৱদান ৰচনা
- বৃহত্তৰ অসমীয়া জাতি গঠনত শংকৰদেৱৰ অৱদান
- অসমীয়া সমাজলৈ শংকৰদেৱৰ শিক্ষাৰ অৱদান
![]() |
| অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান ৰচনা |
অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান ৰচনা
খ্রীষ্ট্রীয় পঞ্চদশ-ষোড়শ শতিকাত মহাপুৰুষ শঙ্কৰদেৱৰ নেতৃত্বত অসমত যি নৱ-বৈষ্ণৱ ভক্তি আন্দোলন গঢ় লৈ উঠিছিল তাৰ ফলত অসমৰ জাতীয় জীৱনত এক বৈপ্লবিক পৰিৱৰ্তন ঘটিছিল। শঙ্কৰদেৱে আৰম্ভ কৰা ভক্তি-আন্দোলনৰ যোগেদি অসমৰ ধৰ্ম, সমাজ, সাহিত্য, কলা, সংগীত আদি সকলো ক্ষেত্রতে এক নতুন যুগৰ সূচনা হৈছিল। এই পৰিৱৰ্তনে প্রায় দুশ বছৰ ধৰি অসমৰ জাতীয় জীৱনত শক্তিশালী প্রভাৱ বিস্তাৰ কৰিছিল আৰু ইয়াৰ ফলতে অসমৰ সাহিত্য-কলা-সংস্কৃতিৰ এক সোণালী যুগৰ সৃষ্টি হৈছিল। এই সময়ছোৱাকে অসমৰ বৈষ্ণৱ নৱ-জাগৰণৰ কাল বুলি কোৱা হয়।
শঙ্কৰদেৱৰ সময়ৰ গোটেই ভাৰততে এক বিৰাট বৈষ্ণৱ আন্দোলনৰ পুনৰ জাগৰণ হৈছিল। সেয়ে অসমত শঙ্কৰদেৱে গুৰি ধৰা নৱবৈষ্ণৱ আন্দোলনৰে এটা অংশ বুলিব পাৰি খ্ৰীষ্ট্ৰীয় ষষ্ঠ শতিকামানতে দক্ষিণ ভাৰতত আলবাৰসকলৰ হাতত জন্মলাভ কৰা বৈষ্ণৱ ভক্তি ধর্মই এক আন্দোলনৰ ৰূপত প্রায় গোটেই ভাৰততে বিয়পি পৰিছিল। দক্ষিণ ভাৰতৰপৰা ৰামানন্দই ভক্তিধর্ম উত্তৰ ভাৰতলৈ কঢ়িয়াই আনে আৰু কবীৰ বৈদাস, বল্লভাচার্য, সুৰদাস, তুকাৰাম, নামদেৱ, জ্ঞানেশ্বৰ, নানক, তুলসীদাস, শঙ্কৰদেৱ, চৈতন্যদেৱ আদি সন্ত-মহস্তসকলে ভাৰতৰ বিভিন্ন প্রান্তত এই ধর্ম প্রতুলভাবে জনপ্রিয় কৰি তোলে। অৱশ্যে শঙ্কৰদেৱে তাতে কিছু নতুন আদর্শ সংযোগ কৰি আৰু স্থানীয় লোক সমষ্টিৰ বাবে উপযুক্ত আৰু খাপ খোৱা কৰি এই ধর্মক বিশিষ্ট ৰূপত গঢ় দিছিল। জাতি-বর্ণ-সম্প্রদায় নির্বিশেষে সকলো লোকৰ প্ৰতি সামাজিক স্বীকৃতি আৰু মর্যাদা দান অসমৰ ভক্তি-ধৰ্মৰ এটা প্রধান বৈশিষ্ট্য। ইয়াৰ ফলত ধর্মীয় শৃংখলাত জাতি-ভেদৰ গুৰুত্ব নোহোৱা হ'ল। এইদৰে তথাকথিত নীহ কুলৰ লোকক পোন প্ৰথমবাৰৰ বাবে সমাজত উপযুক্ত স্বীকৃতি দিয়া হ'ল। ধৰ্মৰ ক্ষেত্ৰত জাতি-ভেদৰ এই প্রাচীন পৰম্পৰা ভাঙি দিয়াত সমাজত প্রচলিত জাতিভেদ প্রথা আৰু অস্পৃশ্যতাৰ প্ৰভাৱ মষিমূৰ কৰাত এই ধর্মই যথেষ্ট সহায় কৰিলে।
শঙ্কৰদেৱে অসমত বৈষ্ণৱ ধৰ্মৰ সংস্কাৰ সাধন কৰি এই ধর্ম লৈ সকলো শ্ৰেণীৰ লোকক আকর্ষণ কৰিব পৰাৰৈ ইয়াক বেদ, উপনিষদ, গীতা, ভাগৱতৰ আদর্শত শুদ্ধ আৰু বহল ভেটিত প্রতিষ্ঠা কৰিলে। সকলোৱে আগ্রহেৰে গ্ৰহণ কৰিব পৰা এই ধৰ্মৰ যোগেদি শঙ্কৰদেৱে অসমত ধর্মীয় আৰু সামাজিক জাগৰণৰ এক নতুন অধ্যায়ৰ সূচনা কৰিলে। তেওঁ এনে এক বিৰাট গতিশীল আৰু গণতান্ত্রিক আন্দোলনৰ গুৰি ধৰিলে যিটোরে এজন শ্রেষ্ঠ দেৱতাৰ শৰণত গুৰুত্ব দি ভক্তি বসৰ বাণী প্ৰচাৰ কৰিলে, সামাজিক অন্যায় আৰু কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিলে আৰু মানবিকতাবাদৰ আদৰ্শত মানৱ জাতিৰ সাম্য আৰু ভাতৃত্বৰ ওপৰত গুৰুত্ব দিলে। তেওঁ অসমীয়া সমাজখনক ঐক্য-সম্প্রীতিব ডোলেৰে গাঁথি, সাহিত্য, সংগীত, কলা আৰু নাট অভিনয়ৰ যোগেদি এক নতুন জীৱনৰ সূচনা কৰিলে আৰু অসমৰ ৰাইজক এটা সুস্পষ্ট সাংস্কৃতিক বৈশিষ্ট্য দান কৰিলে।
মহাপুৰুষ শঙ্কৰদেৱৰ নৱ-বৈষ্ণৱ আন্দোলনক মাধৱদেৱ, দামোদৰদেৱ, গোপালচৰণ দ্বিজ, ভট্টদেৱ, ৰামচৰণ ঠাকুৰ প্ৰমুখ্যে বহুজন পণ্ডিত ভক্তই সবল আৰু শক্তিশালী কৰি গঢ়ি তুলিলে। এই নতুন ধৰ্মৰ বাণী প্ৰচাৰৰ কাৰণে তেওঁলোকে সাহিত্য, সংগীত আৰু নাট ভাওনাৰ মাধ্যম গ্ৰহণ কৰিলে আৰু হাজাৰ হাজাৰ পদ, অলেখ কাব্য, গীত, নাট, গদ্য, ৰচনা, তত্ত্বমূলক গ্ৰন্থ আৰু চৰিত পুথি আদি ৰচনা কৰি এটা অতি চহকী সাহিত্যৰ ভঁৰাল গঢ়ি অসমীয়া ভাষা-সাহিত্যক উচ্চ শিখৰলৈ তুলি দিলে। অসমত সত্ৰ আৰু নামঘৰ প্রতিষ্ঠা এই নৱবৈষ্ণৱ আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ দিশ। অসমত বর্তমান কেইবাখন সত্র আৰু ত্রিশ হাজাৰৰো অধিক নামঘৰ আছে। অসমৰ ধৰ্মীয়, সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰতি এই অনুষ্ঠানৰ প্ৰভূত বৰঙণি আছে।
সেয়ে অসমত নৱবৈষ্ণৱ আন্দোলনৰ গুৰুত্ব কেৱল ধর্মীয় দিশতে সীমিত থকা নাই। অসমীয়া জাতিৰ সামাজিক আৰু সাংকৃতিক উন্নয়নৰ ক্ষেত্ৰতো ই বিশিষ্ট দান আগবঢ়াইছে। এই আন্দোলনে এক চহকী সাহিত্য দিছে নতুন ধৰণৰ সংগীত, নৃত্য-নাটৰ ধাৰাৰ প্রৱৰ্তন কৰিছে, হস্তশিল্পক উৎসাহ যোগাইছে আৰু পুথিত চিত্রাঙ্কন কলাৰ প্ৰৱৰ্তন কৰিছে। তদুপৰি ই জাতিভেদৰ কটকটীয়া বান্ধ শিথিল কৰিছে, সামাজিকভাবে অনুন্নত লোকক উন্নত কৰিছে, সংস্কৃত শাস্ত্ৰবোৰ অসমীয়ালৈ ভাঙি তাৰ যোগেদি জনসাধাৰণৰ মাজত 'জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ ঘটাইছে। সেইদৰে অহিংসা, দয়া, ক্ষমা, পৰোপকাৰ, মানবসেৱা, শ্রদ্ধা, বিনয় আদি নৈতিক গুণবোৰৰ উৎকর্ষ সাধন কৰি সামাজিক শান্তি আৰু শৃংখলা আনিলে। সর্বোপৰি এই আন্দোলনে দেশৰ বিভিন্ন অঞ্চলত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীৰ লোকৰ মাজত ঐক্য আৰু ভাতৃত্বৰ ভাব জগাই তুলিলে। এইদৰে অসমৰ নৱ-বৈষ্ণব ভক্তি আন্দোলনে অসমীয়া জাতিক নানা দিশত সমৃদ্ধ কৰিলে আৰু এক সুকীয়া সাংস্কৃতিক মর্যাদা দিলে। অসমৰ জাতীয় জীৱনলৈ শঙ্কৰদেৱে দি যোৱা অন্যান্য বিবিধ দানৰ কথা বাদ দিলেও কেৱল সাহিত্যৰ ক্ষেত্ৰতে তেওঁ যি মৃত্যুহীন দান আগবঢ়াই গৈছে তাৰ বাবেই অসমীয়া জাতি চিৰদিন তেওঁৰ ওচৰত ঋণী হৈ থাকিব। মহেন্দ্ৰ কন্দলীৰ পাঠশালাত বিদ্যাৰম্ভ কৰিয়ে শঙ্কৰদেৱে কেৱল অ'স্বৰবৰ্ণৰ সহায়ত যুক্তাক্ষৰবিহীন 'কৰতল কমল দল নয়ন' আদি যিটো কৃষ্ণ ভক্তিমূলক গীত ৰচনা কৰিছিল তাৰ দ্বাৰাই সেই বাল্যকালতে তেওঁৰ অসামান্য কবিত্ব প্রতিভাৰ পৰিচয় দিছিল। শঙ্কৰদেৱে বিবিধ ৰূপৰ প্ৰায় ডেৰকুৰিখন গ্রন্থ লিখি থৈ গৈছে। শঙ্কৰদেৱৰ আদৰ্শতে অলেখ্য কাব্য, নাট আৰু হাজাৰ হাজাৰ গীত, পদ ৰচনা কৰি এক শক্তিশালী সাহিত্যৰ আন্দোলন গঢ়ি তুলিছিল। সাহিত্যৰ গঢ় বা ৰূপ অনুসৰি শঙ্কৰদেৱৰ ৰচনাৱলীক সাতোটা ভাগত ভগাব পাৰি। (১) কাব্য- যেনে- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্র উপাখ্যান, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্র, (২) ভত্তিতত্ত্ব প্রকাশ গ্রন্থ, যেনে- ভক্তি প্রদীপ, নিমি নৱ-সিদ্ধ সংবাদ আৰু অনাদি পাতন, (৩) অনুবাদমূলক, যেনে- প্রথম, দ্বিতীয়, দশম, একাদশ আৰু দ্বাদশ স্কন্ধ ভাগৱত আৰু উত্তৰাকাণ্ড ৰামায়ণ, (৪) নাটক, যেনে পত্নী প্রসাদ, কালি দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়, (৫) গীত- যেনে- বৰগীত, ভটিমা আৰু তোটয়, (৬) নাম -প্ৰসংগৰ পুথি, যেনে- কীৰ্ত্তন- ঘোষা আৰু গুণমালা আৰু (৭) প্ৰকৰণ গ্রন্থ, যেনে- ভক্তি ৰত্নাকৰ। প্রাপ্ত তথ্য মতে 'হৰিশ্চন্দ্র উপাখ্যান' কাব্যই শঙ্কৰদেৱৰ প্ৰথম ৰচনা আৰু 'ৰাম বিজয়' নাটেই তেওঁৰ অন্তিম ৰচনা।
শঙ্কৰদেৱে অসমীয়া, সংস্কৃত আৰু ব্ৰজাৱলী- এই তিনিটা ভাষাত পুথিবোৰ লিখিছিল। তেওঁ দুর্বোধ্য সংস্কৃত শাস্ত্ৰবোৰ থলুৱা ভাষালৈ ভাঙি অতি সহজ-সৰলভাৱে সকলোকে দি গ'ল। নাটসমূহৰ মাজে মাজে ব্যৱহাৰ কৰা সংস্কৃত শ্লোকসমূহৰ উপৰি তেওঁ 'মধু দানৱ দাৰণ দেৱ বৰং' আদি ত্ৰোটক ছন্দৰ গীতটো আৰু 'ভক্তি-ৰত্নাকৰ' শীর্ষক প্রকৰণ গ্ৰন্থখন সংস্কৃত ভাষাতে ৰচনা কৰিছে। নাট, বৰগীত আৰু ভটিমাৰ কাৰণে তেওঁ ব্ৰজাৱলী নামৰ এটা মিশ্রিত সাহিত্যিক ভাষা ব্যৱহাৰ কৰিছিল। মৈথিলা ভাষাৰ লগত অসমীয়া আৰু পশ্চিমা, হিন্দুৰ সংমিশ্রণ ঘটাই ব্ৰজাৱলী ভাষা নির্মাণ কৰা হৈছিল। কথিত ভাষা ব্যৱহাৰ নকৰি ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰাৰ প্ৰধান উদ্দেশ্য হ'ল নাট আৰু গীতৰ ভাষাৰ গাম্ভীর্য বঢ়োৱা আৰু গোটেই উত্তৰ ভাৰতৰে লোকৰ মাজত ইবোৰৰ প্ৰতি আকর্ষণ বঢ়োৱা। শঙ্কৰদেৱে তেওঁৰ বিপুল ৰচনাৰাজিৰ মাজেদি তেওঁৰ দ্বাৰা প্ৰচাৰিত ধৰ্মৰ শিক্ষাকে কেৱল দিয়া নাছিল, লগতে নৈতিকতা আৰু মানৱতাৰ আদৰ্শৰে অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠা কৰি গৈছে। তদুপৰি তেওঁ আমাক দি গৈছে সকলো সাহিত্যিক গুণেৰে সমৃদ্ধ এক উচ্চমানবিশিষ্ট বিচিত্র যাক আজিলৈকে কোনেও চেৰ পেলাব পৰা নাই।
ইতিপূর্বে উল্লেখ কৰা হৈছে অসমত গঢ়ি উঠা বৈষ্ণৱ নৱজাগৰণৰ এটা বিশিষ্ট দান হৈছে অংকীয়া নাট ভাওনাৰ প্ৰৱৰ্তন। ভক্তিধৰ্ম প্ৰচাৰৰ কাৰণে মহাপুৰুষে যিবোৰ মাধ্যম ব্যৱহাৰ কৰিছিল তাৰ ভিতৰত বিবিধ ৰূপৰ সাহিত্য আৰু ভক্তিমূলক গীতৰ সৃষ্টি, সত্ৰ নামঘৰৰ প্ৰতিষ্ঠা আৰু অংকীয়া ভাওনাৰ প্ৰৱৰ্তন বিশেষভাবে উল্লেখযোগ্য। মহাপুৰুষদ্বয় আৰু অন্যান্য বৈষ্ণব কবিসকলে বিভিন্ন ধৰণৰ বৈষ্ণৱ শাস্ত্ৰ ৰচনা কৰি ধৰ্ম প্ৰচাৰৰ পথ সুগম কৰিছিল। নামঘৰ সমূহত নিয়মীয়া নাম-কীৰ্তনৰ উপৰি বিভিন্ন বৈষ্ণৱ শাস্ত্ৰৰ পাঠ আৰু ধর্ম বিষয়ক চর্চা আলোচনা হৈছিল। সেইদৰে বৰগীতৰ লেখিয়া সুৰীয়া ভক্তিমূলক গীতেও ধর্মপ্রচাৰত বিশেষভাৱে সহায় কৰিছিল। কিন্তু সেইবোৰে ভক্তি আৰু ধৰ্মৰ প্রতি শ্রদ্ধাশীল লোকসকলকহে প্রধানকৈ সহায় কৰিব পাৰিছিল। সেয়ে মহাপুৰুষৰ অনুভৱ যে, ভক্তি-ধৰ্মৰ প্রতি আপাততঃ আস্থাহীন, আনকি বিৰোধী ভাবাপন্ন লোকসকলক আৰু সকলো জাতি-সম্প্রদায়ব লোককে আকৰ্ষণ কৰাৰ শক্তিশালী মাধ্যম হৈছে নৃত্য, গীত আৰু অভিনয়। জগতত এনে কোনো লোক নাই যি নৃত্য-গীত, অভিনয়ৰ প্রতি আকৃষ্ট নহয়। সেয়ে মহাপুৰুষে প্রাচীন সংস্কৃত নাটকৰ আদৰ্শত আৰু পূর্ববে পৰা কামৰূপ-অসমত প্রচলিত পুতলা নাচ, ওজাপালি, ভাৰীগান, কুশানগান, ঢুলীয়া, দেওধনী নৃত্য আদি নাট্যধর্মী অনুষ্ঠানৰ পৰা উপকৰণ লৈ সৃষ্টি কৰিলে অভিনর ভাওনা অনুষ্ঠানৰ। আমি জানিব পৰা মতে শঙ্কৰদেৱৰ পূৰ্বে ভক্তিধৰ্মৰ আন কোনো এজন প্ৰচাৰকেই নাট অভিনয়ক ধৰ্ম প্ৰচাৰৰ বাহনৰূপে ব্যৱহাৰ কৰা নাছিল।
মহাপুৰুষ শঙ্কৰদেৱে প্রথমে তুলাপাতত সপ্ত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰাৰ অভিনয় কৰাৰ পাছত ছয়খনকৈ নাট ৰচনা কৰে আৰু ধেমালি, শ্লোক, ভটিমা, গীত, সংলাপেৰে পৰিপূৰ্ণ অভিনৱ ধৰণৰ লগা হোৱাত নাটকৰ ৰচনা আৰু প্রযোজনা উভয় ক্ষেত্ৰতে শঙ্কৰদেৱে অনেক নতুন কৌশলৰ উদ্ভাৱন কৰি অঙ্কীয়া ভাওনাক সর্বজনপ্রিয় অনুষ্ঠান কবি গঢ়ি তুলিলে। সকলো শ্ৰেণীৰ দৰ্শকক আকৰ্ষণ কৰিব পৰাকৈ নাটকত সংস্কৃত, ব্ৰজাৱলী আৰু অসমীয়া ভাষাৰ সুপ্রয়োগ, অভিনয়ত নৃত্য-গীতৰ প্ৰাচুৰ্য আৰু মুকলি মঞ্চত অংক-দৃশ্য, বিভাজনৰ সুবিধা নথকাত অভিনয় স্থলত সূত্ৰধাৰৰ সৰ্বক্ষণ উপস্থিতিৰ কৌশলেৰে সূক্ষ্মদর্শী মহাপুৰুষে অংকীয়া ভাওনাক ধৰ্ম প্ৰচাৰৰ এটা শক্তিশালী মাধ্যমৰূপে প্রতিষ্ঠা কৰিলে। শ্লোক, গীত, কথাসূত্ৰ আৰু চৰিত্ৰৰ সংলাপেৰে একেবোৰ কথাৰে পুনৰুক্তি কৰিও অংকীয়া নাট-ভাওনাৰ সূচনা কৰিলে। প্রাচীন সংস্কৃত নাটকৰ আর্হিত ৰচনা কৰিলেও তেওঁৰ নাটকৰ আঙ্গিক, কলা-কৌশল আৰু পৰিৱেশনত অনেক নতুনত্বৰ অৱতাৰণা কৰিলে। ৰাজ-দৰবাৰব বন্ধ মঞ্চগৃহৰ পৰিবর্তে মুকলি ঠাইত অভিনয় কৰিব লগা হোৱাত আৰু সমাজৰ শিক্ষিত-অশিক্ষিত সকলো শ্ৰেণীৰ দৰ্শক-শ্রোতাৰ প্ৰতি লক্ষ্য ৰাখিব লগা হোৱাত নাটকৰ ৰচনা আৰু প্রযোজনা উভয় ক্ষেত্ৰতে শঙ্কৰদেৱে অনেক নতুন কৌশলৰ উদ্ভাৱন কৰি অঙ্কীয়া ভাওনাক সর্বজনপ্রিয় অনুষ্ঠান কবি গঢ়ি তুলিলে। সকলো শ্ৰেণীৰ দৰ্শকক আকৰ্ষণ কৰিব পৰাকৈ নাটকত সংস্কৃত, ব্ৰজাৱলী আৰু অসমীয়া ভাষাৰ সুপ্রয়োগ, অভিনয়ত নৃত্য-গীতৰ প্ৰাচুৰ্য আৰু মুকলি মঞ্চত অংক-দৃশ্য, বিভাজনৰ সুবিধা নথকাত অভিনয় স্থলত সূত্ৰধাৰৰ সৰ্বক্ষণ উপস্থিতিৰ কৌশলেৰে সূক্ষ্মদর্শী মহাপুৰুষে অংকীয়া ভাওনাক ধৰ্ম প্ৰচাৰৰ এটা শক্তিশালী মাধ্যমৰূপে প্রতিষ্ঠা কৰিলে। শ্লোক, গীত, কথাসূত্ৰ আৰু চৰিত্ৰৰ সংলাপেৰে একেবোৰ কথাৰে পুনৰুক্তি কৰিলেও সৰ্বসাধাৰণ অশিক্ষিত লোকৰ মনত ধৰ্মৰ বাণীবোৰ গভীৰভাৱে সুমুৱাই দিবৰ কাৰণে এই কৌশলৰ অতি প্রয়োজন আছিল। এনে কৌশলৰ প্রয়োগত নাট্যাভিনয়ৰ অতি প্রয়োজনীয় দৰ্শকৰ নাট্যাভিনয়ৰ নাট্যোৎকণ্ঠা উপেক্ষিত হ'লেও সৰ্বসাধাৰণ দর্শক শ্ৰোতাৰ প্ৰতি লক্ষ্য ৰাখিয়ো শঙ্কৰদেৱে এই কৌশল প্রয়োগ কৰিব লগা হৈছিল। মাধৱদেৱে সৃষ্টি কৰা কম পৰিসৰত প্ৰদৰ্শন কৰিব পৰা ঝুমুৰা শ্ৰেণীৰ নাটকেও সমানেই জনপ্রিয়তা অর্জন কৰিব পাৰিছিল। পিছলৈ ভাওনাই সত্ৰ-নামঘৰৰ পৰা ৰজাঘৰ-প্ৰজাঘৰৰ মাজলৈ ওলাই আহিলেও, ইয়াৰ নাট্যবস্তুৰ নিৰ্বাচন আৰু পৰিৱেশনত ধর্মীয় পৰিৱেশ হ্রাস পালেও আৰু আজিৰ দূৰদৰ্শনৰ শক্তিশালী প্রতিযোগিতাৰ দিনতো ভাওনাৰ জনপ্রিয়তা লোপ পোৱা নাই। গাঁৱলীয়া সমাজত বিভিন্ন উৎসব-অনুষ্ঠানত অংকীয়া ভাওনা আজিও জনপ্রিয় লোকানুষ্ঠান হিচাপে সমাদৃত হৈ আছে।
ধৰ্মপ্ৰচাৰত সহায় কৰাৰ উপৰি অংকীয়া ভাওনাই অসমৰ সামাজিক আৰু সাংস্কৃতিক জীবনলৈ নানা প্ৰকাৰৰ অৰিহনা আগবঢ়াই আহিছে। অসমৰ ঐক্য সংহতি আৰু সমাজ সংগঠনত ভাওনাৰ অৱদান অপৰিসীম। ভাৰতৰ ভিতৰতে কামৰূপ-অসম সর্বাধিক জাতি-গোষ্ঠীৰ আবাসভূমি, পৃথিৱীৰ এক ক্ষুদ্র তাঙৰণ স্বৰূপ। মহাপুৰুষে ভাগৱতৰ অনুবাদত প্রাচীন কামৰূপৰ তেনে কিছুমান জাতিৰ নাম উল্লেখ কৰিছে এনেদৰে কিৰাট, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কঙ্ক গোৱাল, অসম, মুলুক, ধোৱা যে তৃৰক, কুবাচ স্নেহ চণ্ডাল, ইত্যাদি। নানা ধর্ম বিশ্বাসৰ অনুগামী, বিভিন্ন ভাষা-ভাষী আৰু বিচিত্র সাংস্কৃতিক ঐতিহ্যৰ অধিকাৰী এই জাতি-গোষ্ঠীবোৰক এক গোট কৰিবলৈ মহাপুৰুষ শঙ্কৰদেৱেই সর্বপ্রথমে প্রয়াস কৰিছিল নামঘৰ আৰু ভাওনাৰ জৰিয়তে। এই নামঘৰবোৰ সকলো জাতিৰ ভক্তৰ কাৰণে মুকলি আছিল- য'ত গাৰো, ভোট, যবনে একেলগে হবিনাম গাইছিল। এই নামঘৰ প্ৰাংগণতে অনুষ্ঠিত ভাওনা অনুষ্ঠানত সকলো সম্প্রদায়ৰ লোকৰে অবাধ প্ৰৱেশ আছিল। সকলো জাতিৰ প্রতিভাৱান লোকেই ভাওনাত ভাও ল'ব পাৰিছিল। এনে কাৰ্যৰ ফলত অসমত যুগ যুগ ধৰি চলি অহা অস্পৃশ্যতা আৰু জাতিভেদৰ ভাব শিথিল হৈছিল আৰু বিভিন্ন জাতি-গোষ্ঠী আৰু সম্প্ৰদায়ৰ লোকৰ মাজত ঐক্য আৰু ভাতৃত্ববোধৰ ভাব গঢ়ি উঠিছিল।
তদুপৰি ভাওনাৰ বহুল প্ৰচাৰৰ ফলত অসমৰ সাংস্কৃতিক জীৱনতো বৈপ্লবিক উন্নতি সাধন হৈছিল। ভাওনাৰ কাৰণে সত্ৰাধিকাৰ আৰু আন প্ৰতিভাশালী লোকসকলে অলেখ নাট ৰচনা কৰিছিল। এই নাটসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। নাট ৰচনাৰ কাৰণে অসমৰ লোকসকলে তুলাপাত, সাঁচিপাত আদি তৈয়াৰ কৰিবলৈও শিকিলে। অভিনয়ৰ কাৰণে স্থানীয় শিল্পীসকলে বিভিন্ন ধৰণৰ সাজ-পোছাক, খোল-তাল আদি বাদ্য, নানা ধৰণৰ মুখা আদি আৰু অভিনয়ৰ কাৰণে প্রয়োজনীয় বিভিন্ন সামগ্রী নির্মাণ কৰিবলৈ শিকিলে। ভাৱৰীয়াসকলে নিজৰ বচনবোৰ মুখস্থ কৰিব লগা হোৱাত বহু কষ্ট কৰি আখৰ শিকিবলৈ বাধ্য হ'ল। তাৰ ফলত ভাওনাৰ জৰিয়তে অসমত অনানুষ্ঠানিকভাৱে এক বিৰাট সাক্ষৰতা অভিযান চলিল। অসমৰ নিৰক্ষৰতা দূৰীকৰণত ভাওনাই এইদৰে মহৎ অৱদান আগবঢ়ালে। ভাওনাৰ বাবে বিভিন্ন স্থান আৰু সময়ত ব্যৱহাৰ কৰা নাটবোৰ নকল কৰাৰো প্রয়োজন হ'ল। তাৰ ফলত এক শ্রেণী নকল নবিচ সম্প্ৰদায়ৰ সৃষ্টি হ'ল। এইদৰে ভাওনা অনুষ্ঠানৰ জৰিয়তে অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰভূত উন্নতি সাধিত হৈছিল। মুঠতে মহাপুৰুষ শঙ্কৰদেৱৰ আৱিভাবে অসমক ধর্ম-সমাজ, কলা-সংস্কৃতি, ভাষা-সাহিত্য, সংগীত, নৃত্য আদি সকলো দিশতে সমৃদ্ধ কৰি অসমীয়া জাতিক এক শক্তিশালী ঐক্যবদ্ধ মহান জাতিত পৰিণত কৰি গৈছে। অসমীয়া জাতি মহাপুৰুষ শঙ্কৰদেৱৰ ওচৰত চিৰদিন ঋণী হৈ থাকিব লাগিব।
******

Comments
Post a Comment