ত্যাগ আৰু বিনয়ৰ প্ৰতীক অমলপ্রভা দাসৰ বিষয়ে
ত্যাগ আৰু বিনয়ৰ প্ৰতীক অমলপ্রভা দাসৰ বিষয়ে
ত্যাগ আৰু বিনয়ৰ প্ৰতীক অমলপ্রভা দাসৰ বিষয়ে ৰচনা About Amalprava Das Essay in Assamese
- অমলপ্রভা দাস কোনটো সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল
- অমলপ্ৰভা দাসৰ মৃত্যু
- অমলপ্রভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল?
ত্যাগ আৰু বিনয়ৰ প্ৰতীক
অমলপ্রভা দাস
অমলপ্রভা দাস: আৰম্ভণি
যোৱা দশকত এগৰাকী মহীয়সীৰ অসমত জন্ম হৈছিল যাৰ জীৱনৰ প্ৰতিটো পল দেশ সেৱাৰ বাবে উৎসর্গিত কৰিছিল। নীৰৱে কিন্তু দৃঢ়তাৰে, নিষ্ঠাৰে, সততাৰে গ্রাম্য সমাজ আৰু অর্থনীতিৰ বিকাশৰ এগচি বন্তি জ্বলাই শত-শত জনৰ পথ প্রদর্শিকা স্বৰূপে থিয় দিছিল আৰু সেই গৰাকীয়েই হৈছে প্রয়াত অমলপ্রভা দাস। অমলপ্রভা দাস এগৰাকী গান্ধীবাদী সমাজ কৰ্মী আছিল। তেওঁ আছিল কর্মপটু, মহান, নিয়মানুবৰ্ত্তিতাৰ নিদর্শন আৰু নিঃস্বার্থতাৰ প্রতীক।
অমলপ্রভা দাস: জন্ম আৰু পৰিয়াল পৰিচয়
অমলপ্রভা দাসৰ জন্ম হৈছিল ১৯১১ চনৰ ১২ নবেম্বৰত। তেখেতৰ পিতৃ আছিল ডাঃ হৰিকৃষ্ণ দাস আৰু মাতৃ হেমপ্রভা দাস। ডাঃ দাস ডিব্ৰুগড়ৰ অসমৰ তেতিয়াৰ একমাত্র আধুনিক চিকিৎসাৰ শিক্ষানুষ্ঠান বেৰী হোৱাইট মেডিকেল স্কুল (এতিয়াৰ অসম মেডিকল কলেজ)ৰ শল্য চিকিৎসক আছিল। মাতৃ আছিল ডিব্ৰুগড় মডেল বালিকা বিদ্যালয়ৰ প্রধান শিক্ষয়ত্রী। পিতৃ মাতৃ দুইগৰাকীয়েই এক সংস্কৃতিবান পৰিয়ালৰ সদস্য। হেমপ্রভাই হৈছে এফ.এ. পাছ প্রথম অসমীয়া মহিলা। হৰিকৃষ্ণ আৰু হেমপ্ৰভাৰ বিবাহ মণিকাঞ্চন সংযোগৰ দৰেই হৈছিল। উচ্চশিক্ষিত এই দম্পতিৰ প্রথম সন্তান তিলোত্তমাৰ জন্ম গুৱাহাটী হৈছিল যদিও দ্বিতীয় সন্তান অমলপ্রভাৰ জন্ম ডিব্ৰুগড়ত হয়। সেইসময়ত অসমত স্ত্রীশিক্ষাৰ কোনো সুব্যবস্থা নাছিল। এই অভাব পূৰাবলৈ হেমপ্রভা দাস দৃঢ়সংকল্প হৈ ডিব্ৰুগড়ত 'মডেল বালিকা বিদ্যালয়' নামেৰে এক শিক্ষানুষ্ঠান আৰম্ভ কৰিলে। আঢ্যৱন্ত পৰিয়ালৰ ঘৰে ঘৰে গৈ স্ত্রীশিক্ষাৰ প্রয়োজনীয়তাৰ কথা প্ৰচাৰ কৰি তেওঁ ছাত্রী সংগ্ৰহ কৰিব লগা হৈছিল। তেওঁ এগৰাকী নিপুণ গৃহিনীও আছিল। স্কুলৰ প্রধান শিক্ষয়িত্ৰীৰ চাকৰি আৰু গৃহস্থালি অতি নিয়াৰিকৈ চলাইছিল। দুই কন্যাই সেইস্কুলতে শিক্ষা গ্রহণ কৰিলে। এই স্কুলখনেই পিছলৈ অসমৰ প্ৰথম চৰকাৰী বালিকা হাইস্কুললৈ উন্নীত হৈছিল।
অমলপ্রভা দাস: শৈশৱ আৰু কৈশোৰ
ডাঃ দাস আৰু তেওঁৰ পৰিবাৰ আছিল "সহজ সৰল জীবন যাপন আৰু মহৎ চিন্তাত জীৱন অতিবাহিত কৰা" দৰ্শন অনুকৰণ কৰা লোক, পুত্রসন্তান নাছিল যদিও দুই কন্যাক তেওঁলোকে আদৰযত্নেৰে পালন কৰি এটা সংস্কৃতিবান মনৰ গৰাকীনী কৰিছিল। চহকী পৰিয়ালত সচৰাচৰ প্ৰচলিত লাহ বিলাহৰ পৰিবৰ্ত্তে দুয়ো ত্যাগ, দেশসেরা আদি মহান আদৰ্শৰেহে দীক্ষিত হৈছিল। অলংকাৰ, সুন্দৰ সাজ-পাৰ আদিৰ প্ৰতি অমলপ্রভাৰ লেশমানো দুৰ্বলতা নাছিল। আনকি কাণফুলি পিন্ধিবলৈ তেওঁৰ কাণকে ফুটোৱা নাছিল। সেয়ে আজীবন খাদী-বস্তু পৰিহীতা অমলপ্রভাই সোণ-ৰূপৰ গহনাৰ পৰিবৰ্ত্তে সূচিতা, ত্যাগ, নীৰৱ সাধনা আৰু জনগণৰ সেৱা আদি গুণেৰেহে অলংকৃতা হ'ল। কিশোৰী অমলপ্রভা ৰাংঢালী স্বভাৱৰ আছিল। পঢ়াশুনাত মেধাবী আছিল যদিও সমান্তৰাল ভাবে তেওঁ খেল-ধেমালি, সংগীত, ঘৰুৱা কামকাজ, ফুলনিৰ আপদাল আদি কামতো নিপুনতা দেখুৱাইছিল। বেডমিন্টন খেল, ৰচনা প্রতিযোগিতা, কবিতা, আবৃত্তি, ৰবীন্দ্র সংগীত প্রতিযোগিতাত যোগ দি পুৰস্কাৰো পাইছিল।
সৰুৰে পৰা কলিকতাত পঢ়াশুনা কৰা বাবে অমলপ্রভা দাসৰ মাতৃয়ে ব্রহ্ম সংগীত আৰু ৰবীন্দ্র সংগীত শিকাৰ সুবিধা পাইছিল। তেওঁ দুই কন্যাক সেই শিক্ষা দিছিল। অতি সুন্দৰকৈ ৰবীন্দ্ৰ সংগীত গাব জনা অমলপ্রভাৰ জীৱনৰ পাথেয় হৈ ৰ'ল এই সংগীতৰ মাধুৰীমা। ১৯২১ চনৰ মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন অসমতো ঠন ধৰি উঠিছিল। অমলপ্রভা দাসৰ পৰিয়ালেও বিদেশী বস্তু বর্জন কৰি খাদীবাস্তু পৰিধান আৰু যতৰত সূতা কাটিবলৈ ল'লে। চৰকাৰী চাকৰীয়াল হোৱা স্বত্বেও হৰিকৃষ্ণ দাসৰ ঘৰত স্বৰাজ আন্দোলনৰ নেতা-কর্মী সকলৰ গোপন বৈঠক হৈছিল। এইবোৰ দেখি-শুনি তেওঁলোকৰ দুই কন্যাৰে মন দেশ সেৱাৰ প্রতি আকৃষ্ট হৈছিল।
যৌৱনৰ দুৱাৰ দলিত অমলপ্রভা দাস:
বয়স বঢ়াৰ লগে লগে পখিলাৰ পিছে পিছে দৌৰা অমলপ্রভা নিজে নজনাকৈয়ে গহীন হৈ পৰিল আৰু পঢ়াশুনাৰ প্ৰতি অধিক মনোযোগ দিবলৈ ধৰিলে। এইদৰেই ১৯২৭ চনত তেওঁ অঙ্ক আৰু ভূগোলত লেটাৰ লৈ প্রথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। সেই সময়ত ছাত্রীৰ বাবে উচ্চশিক্ষাৰ অনুষ্ঠান নাছিল। একান্ত ইচ্ছা থকা স্বত্বেও অমলপ্রভা দাসে কটন কলেজত পঢ়াৰ সুবিধা নাপালে। কাৰণ, কটন কলেজত তদানীন্তন অধ্যক্ষ থমচন চাহাব কটনত সহশিক্ষাৰ সপক্ষে নাছিল। উপায়ন্তৰ হৈ তেওঁ কলিকতাৰ বেথুন কলেজত নাম ভৰ্ত্তি কৰি ১৯২৯ চনত আই. এছ ছি পাছ কৰি স্নাতক শিক্ষাৰ বাবে বেনাৰসৰ বিখ্যাত হিন্দু কলেজৰ ছাত্ৰী হ'লগৈ। স্বাধীনতা সংগ্ৰামৰ বাবে সেই সময় চোৱাত দেশ উত্তাল হৈ পৰিছিল। স্কুল-কলেজবোৰত পঢ়াৰ পৰিবেশ নোহোৱা হৈছিল- কাৰণ বহু ছাত্রই প্রকাশ্যে বা গোপনে এই সংগ্রামত জড়িত হৈ পৰিছিল। পঢ়াশুনাত ব্যাঘাত আৰু স্বাস্থ্যজনিত কাৰণত অমলপ্রভা দাসে বেনাৰস এৰি ঘৰ পালেহি। পিছত দেশৰ অৱস্থা কিছু সুস্থিৰ হোৱাত তেওঁ বেনাৰসৰ পৰিবৰ্ত্তে কলিকতাৰ স্কটিছ চার্চ কলেজত নাম লগাই ১৯৩৩ চনত ডিষ্টিংচন সহ বিজ্ঞানৰ স্নাতক হয়। ইয়াৰ দুবছৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এপ্লাইড কেমেস্ট্রিত স্নাতকোত্তৰ ডিগ্রী লৈ অসমৰ প্ৰথম গৰাকী মহিলা এম. এছ, ছি, হোৱাৰ সম্মান লাভ কৰে।
জীৱিকা সন্ধানত অমলপ্রভা দাস:
অমলপ্রভাৰ দৰে উচ্চশিক্ষিতা মহিলাৰ বাবে লোভনীয় চাকৰীৰ নিশ্চয় অভাৱ নাছিল। তেওঁ প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পিছত পিতৃয়ে অৱসৰ পালে। স্বাধীনতা সংগ্রামত অধিকভাবে জড়িত কৰিবলৈকে মাতৃয়েও চৰকাৰী চাকৰি ইস্তিফা দি স্বামীৰ লগত পানবজাৰৰ ঘৰলৈ ঘূৰি আহিল। ডাঙৰ ছোৱালী ডাঃ তিলোত্তমাৰ বিয়া হ'ল ডাঃ প্রভাত ৰায়চৌধুৰীৰ লগত। তেওঁলোকৰ ঘৰতে তিনিজন ডাক্টৰ। তাৰে লগত সামঞ্জস্য ৰাখি অমলপ্রভাই নিজৰ বাবে এটি উপার্জন পথৰ সন্ধান কৰিলে। তেওঁ কলিকতাৰ ট্রপিকেল স্কুল অব মেডিচিনত ছমহীয়া প্রশিক্ষণ লৈ দেউতাকৰ চেম্বাৰৰ কাষতে এটা ক্লিনিকেল লেবৰেটৰী খুলি ল'লে। কিন্তু অমলপ্রভাৰ ইচ্ছা আছিল এজন বিমানৰ পাইলট হোৱাৰ, মাকৰ আপত্তি নাথাকিলেও পিতৃয়ে এনে এটা বিপদ সংকুল কামৰ বাবে উদগনি দিব নুখুজিলে। সেয়ে ডাৱৰৰ মাজে মাজে পাইলট হৈ বিমান উৰুৱাৰ স্বপ্ন বাস্তবায়িত নহ'ল। কিন্তু অমলপ্রভাই অতি দক্ষতাৰে গাড়ী চলাব পাৰিছিল। পিছৰ দিনবোৰত তেওঁ নিজেই গাড়ী চলাই সংগঠনৰ কামকাজবোৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চলাই ফুৰিব পাৰিছিল। ডাঃ হৰিকৃষ্ণ দাসে এজন গৃহশিক্ষক ৰাখি পৰিয়ালৰ সকলোকে হিন্দী ভাষাৰ প্রশিক্ষণ দিয়াইছিল। তদুপৰি এজন উইভিং মাষ্টৰ ৰাখি বোৱা কটা বিদ্যাটো খৰচি মাৰি শিকিবলৈ অমলপ্রভা দাসক সুবিধা কৰি দিছিল। এই সকলোবোৰে প্রকৃততে তেওঁৰ ভৱিষ্যত সংগ্রামী জীবনৰ পথ আছিল।
মহাত্মা গান্ধীৰ সান্নিধ্যত অমলপ্রভা দাস:
মহাত্মা গান্ধীৰ আদর্শই সৰুৰে পৰা অমলপ্রভা দাসৰ মন আকৃষ্ট কৰি আহিছিল। কলিকতাত পঢ়ি থাকোতে কিছু ছাত্রই তেওঁক বিপ্লবী দলত যোগ দিবলৈ গোপনে বহু চেষ্টা কৰিছিল। কিন্তু মহাত্মা গান্ধীৰ অহিংস আন্দোলনত মন সমর্পিত কৰা অমলপ্রভাই এনে হিংসাৰ পথ দৃঢ়ভাৰে প্রত্যাখ্যান কৰিছিল। ১৯৩৪ চনত মহাত্মা গান্ধীয়ে হৰিজন আন্দোলন সংক্রান্তত অসমলৈ আহি ডাঃ হৰিকৃষ্ণ দাসৰ পানবজাৰৰ ঘৰতে অতিথি হৈছিল। বিশ্ববিদ্যালয়ৰ ছাত্রী অমলপ্রভা দাসে বন্ধত আহি ঘৰতে আছিল। বাপুজীৰ সান্নিধ্য তেওঁ ঘৰতে পালে। তেখেতৰ মুখৰ পৰাই অসহযোগ আন্দোলনৰ মূলনীতি আৰু কাৰ্যসূচী জানিব পাৰিলে। ১৯৩৮ চনত হৰিপুৰাত হোৱা কংগ্ৰেছ কমিটিৰ সম্মিলনলৈ ডাঃ দাস সপৰিয়ালে গৈছিল। ইয়াৰ পৰাই তেওঁলোক গান্ধীজীৰ গঠনমূলক অনুষ্ঠানবোৰ চাবলৈ বাদ্ধালৈ গ'ল মহামানৱ গৰাকীৰ সাক্ষাৎ পায়। মহাত্মা গান্ধীয়ে আন্তৰিকতাৰে বাপুজীৰ প্রিয় শিষ্যা মীৰা বেনৰ সহায়ত তেওঁলোকে তেওঁলোকৰ লগত কথা-বতৰা পতাৰ উপৰিও অসমৰ বিভিন্ন সমস্যা সমূহৰ বুজ লয়।
দেশ সেৱাত সমর্পিত অমলপ্রভা দাস:
মহাত্মা গান্ধীৰ লগত হোৱা ২য় সাক্ষাৎকাৰ আছিল অমলপ্রভাৰ জীৱনৰ ডাঙৰ টার্নিং পইন্ট। ব্যক্তিগত জীৱনৰ সুখ-স্বচ্ছন্দ সকলো হেলাৰঙে নেওচি তেওঁৰ জীবন সমর্পিত হ'ল গান্ধীজীৰ আদর্শ বাস্তৱত প্রতিফলিত কৰাৰ বাবে, তেওঁৰ ব্যক্তিগত জীবন বুলি একো নাথাকিল। পৰবৰ্তী জীৱনৰ বিষয়ে কিবা জানিব বিচাৰিলে তেওঁৰ বিভিন্ন দেশ সেৱাৰ মাজতে তেওঁক বিচাৰিব লাগিব।
অমলপ্রভা দাস: সত্যাগ্রহী জীবন আৰু কাৰাবৰণ
১৯৩৯ চনত মাতৃৰ লগত অমলপ্রভাই পুনৰ বান্ধালৈ গৈ ঘানিত তেল পেৰা, হাতেৰে চাবোন, কাগজ তৈয়াৰ কৰা, মৌ পালন আদিৰ প্রশিক্ষণ লয়। অমলপ্ৰভা দাসৰ মাতৃ হেমপ্ৰভাই গুৱাহাটীৰ শৰণীয়া পাহাৰত থকা তেওঁলোকৰ মাটিত প্রশিক্ষণ কেন্দ্র স্থাপন কৰিলে। সেইসময়ত সমগ্র ভাৰতৰ লগতে অসমতো স্বৰাজ আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আহিল। অমলপ্রভাই প্রকাশ্যেই ইয়াৰ লগত জড়িত হৈ পৰে। ইতিমধ্যে অসম প্রদেশ কংগ্রেছ কমিটিয়ে কংগ্রেছ মহিলা শাখাৰ দায়িত্ব পুষ্পলতা দাস আৰু অমলপ্রভা দাসক দিয়ে। দুইনেত্ৰীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘুৰি ঘূৰি স্বাধীনতা আন্দোলনৰ প্ৰচাৰ চলালে। ফলস্বৰূপে গাঁও-ভূই সমূহৰ মহিলাৰ মাজতো অদ্ভুত জন চেতনাৰ উন্মেষণ হ'ল হাজাৰ হাজাৰ মহিলা স্বাধীনতা ৰণত জপিয়াই পৰিল। মুক্তি সংগ্ৰামত এইদৰে দেহে-কেহে লাগি থাকোতেই ১৯৪১ চনত অমলপ্রভা দাসৰ গ্রেপ্তাৰ হ'ল। একে অপৰাধতে পুষ্পলতাও গ্রেপ্তাৰ হ'ল। ডেৰমাহ কাৰাবন্দী হৈ থকাৰ পিছত তেওঁ মুক্তি পালে। ইতিমধ্যে ২য় মহাবিশ্বযুদ্ধৰ সুযোগ গ্রহণ কৰি কংগ্রেছ ১৯৪২ চনৰ ৮ আগষ্টত 'ভাৰত ত্যাগ' ধ্বনিৰে পূর্ণস্বায়ত্বৰ দাবী অৱতাৰণা কৰিলে। সচকিত হৈ বৃটিছ চৰকাৰে পিছদিনাই গান্ধীজী, নেহৰুকে আদি কৰি কংগ্ৰেছ বর্কিং কমিটিৰ শীর্ষ বিষয়ববীয়া সকলক গ্রেপ্তাৰ কৰিলে। ইমানতে ক্ষান্ত নহৈ তেওঁলোকে কংগ্রেছৰ প্ৰায় সকলো নেতাকে কাৰাবন্দী কৰিলে। কিছু নেতা আত্মগোপন কৰিবলৈ বাধ্য হ'ল।
অসমতো বৰদলৈ, সিদ্ধি নাথ শৰ্মা, ফকৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধি, মৌলানা তৈয়বুল্লা আদি নেতা জেলত সোমাল। দেশৰ এনে পৰিস্থিতিত এই কার্য জুইত ঘিউ চলাৰ দৰে হ'ল। তেতিয়াৰ সংযোগ ব্যবস্থা আজিৰ দৰে উন্নত নাছিল যদিও "মৰিলে স্বর্গ, তৰিলে দেশ” এই মহামন্ত্র সৰোগত পৰি লাখ লাখ লোক সংগ্ৰামত নামি পৰিল। ডাঃ হৰিকৃষ্ণ দাসো কাৰাবন্দী হ'ল। এনে বিষম পৰিস্থিতিতো বিচলিত নহৈ সাহসী অমলপ্রভাই নিজৰ ঘৰৰ গাড়ীখন লৈ বুটা সিং নামৰ বিশ্বাসী ঘৰুৱা ড্রাইভাৰ জন লগত লৈ উজনি-নামনি সমগ্র অসমতে আন্দোলনৰ কাম চলাই নিলে। কিন্তু সৰহদিন তেওঁ মুক্ত হৈ থাকিব নোৱাৰিলে, ১৯৪৩ চনত তেওঁ পুনৰ কাৰাবন্দী হ'ল। গুৱাহাটী কাৰাগাৰত তেওঁ সংগী হ'ল পুষ্পলতা আৰু চন্দ্রপ্রভা শইকীয়ানী। তেওঁলোকে সূতা কটা, অধ্যয়ন আদি কামত ব্যস্ত আছিল যদিও মহিলা কয়েদীক লিখা-পঢ়া শিকাই জেলৰ মাজতো জ্ঞানৰ জ্যোতি বিলাইছিল। ডেৰ বছৰ পিছত তেওঁ মুক্তি লাভ কৰে।
কস্তুৰবা গান্ধী স্মাৰক নিধি আৰু অমলপ্রভা দাস:
অমলপ্রভা দাস জেলত থাকোতেই ৰাষ্ট্ৰমাতা কস্তুৰবাই ইহলীলা সম্বৰণ কৰে। তেওঁৰ স্মৃতিৰক্ষার্থে দেশত 'কস্তুৰবা গান্ধী ৰাষ্ট্রীয় স্মাৰক নিধি' নামৰ ন্যাস গঠন কৰা হ'ল। গান্ধীজীৰ পৰামর্শমতে এই ন্যাসৰ অধীনত গাঁওৰ মহিলা আৰু শিশুৰ কল্যাণৰ বাবে বিভিন্ন আর্চনি লোৱা হ'ল। অসমতো গোপীনাথ বৰদলৈ দেৱক সভাপতি আৰু অমলপ্রভাক সম্পাদিকা ৰূপে লৈ ন্যাসৰ বাবে ১ লাখ ২০ হাজাৰ টকা সংগ্ৰহ কৰা হৈছিল। কস্তুৰবা নিধিৰ কাম খৰচি মাৰি শিকিবলৈ অমল প্রভা বাদ্ধালৈকো গ'ল। গান্ধীজীয়ে তেওঁলোকে দাখিল কৰা আচঁনিৰ কিছু সংশোধন কৰিলে আৰু অমলপ্রভাক উপদেশ দি কৈছিল যে নিধিৰ আচনি স্বাবলম্বী হ'ব লাগিব- ই হ'ব লাগিব এনে শিক্ষানুষ্ঠান যত শিল্প চর্চাৰ লগতে তাত উৎপাদিত সামগ্ৰীৰ দ্বাৰা শিক্ষাৰ্থীৰ খৰচো ওলাব লাগিব। অমলপ্রভাই অসমৰ এড়ী, মুগা, পাট শিল্পৰ কথা অৱগত কৰাত গান্ধীজীয়ে অনুমোদন জনালে।
এইখিনি সময়তে অমলপ্ৰভাৰ জীৱনৰ মাৰ্গ-দর্শিকা, প্ৰেৰণাৰ উৎস মাতৃ হেমপ্ৰভাৰ ১৯৪৫ চনত দেহাবসান ঘটিল। অমলপ্রভাৰ হৃদয় চুৰমাৰ হ'ল। ডাঃ হৰিকৃষ্ণ দাসে অসীম খৈৰ্য্য আৰু স্নেহেৰে সৰু জীয়াৰীক আবৰি 'কমই ধর্ম' এই ব্রতত দৃঢ় সংকল্প হ'বলৈ অনুপ্ৰেৰণা যোগালে। হেমপ্রভা দাসে শৰণীয়াত এটি হস্তশিল্প কেন্দ্র প্রতিষ্ঠা কৰি বোৱা কটা, তেল পেৰা, চাবোন, কাগজ তৈয়াৰ কৰিছিল। মাতৃবিয়োগত মর্মাহত হোৱা অমলপ্রভাই কস্তুৰবা স্মাৰক নিধিৰ কাম সূচাৰুৰূপে চলাই নিবলৈ হৰিকৃষ্ণ দাসে শৰণীয়া পাহাৰত থকা ৫৮ বিঘাৰ বিশাল ভূ-সম্পত্তি নিধিক দান কৰে। দেহমনৰ সমস্ত শক্তিৰে অমলপ্রভাই নিধিৰ আচনি সফল কৰাত লাগিল। ১৯৪৬ চনত গান্ধীজী শেষবাৰলৈ অসমলৈ আহোতে শৰণীয়াৰ কম্ভৰবা আশ্রমতে অতিথি হ'ল। তেখেতে আনুষ্ঠানিক ভাবে কস্তুৰবা স্মাৰক নিধি অসম শাখাৰ কাৰ্য্যালয় আৰু গ্রামসেবিকা বিদ্যালয়ৰ শুভ উদ্ধোধন কৰে। তেতিয়াৰে পৰা ১৯৬৪ চনলৈকে অমলপ্রভাই অসাধাৰণ দক্ষতাৰে এই নিধিৰ প্রতিনিধি ৰূপে পৰিচালনা কৰিছিল।
স্বাধীনতাৰ পিছত অমলপ্ৰভা দাসৰ কৰ্মৰাজিঃ
আমাৰ দেশ স্বাধীন হ'ল, ইচ্ছা কৰিলে অমলপ্রভা দাসেই বিধায়ক, মন্ত্রী হৈ সক্রিয় ৰাজনীতিত অংশ গ্রহণ কৰিব পাৰিলে হয়। কিন্তু প্রকৃত গান্ধীবাদী অমলপ্রভাৰ ৰাজনৈতিক ক্ষমতাৰ প্ৰতি নির্লিপ্ত আছিল। দৰিদ্ৰ জনগণৰ অর্থনৈতিক, মানসিক উন্নিতকৰণৰ প্ৰতিহে তেওঁ যত্নপৰ আছিল। ১৯৫২ চনত গঠন হোৱা ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ অধ্যক্ষৰ দায়িত্ব অমলপ্রভাৰ কান্ধতে পৰিল। তদুপৰি মুখ্যমন্ত্ৰী বৰদলৈৰ অনুৰোধত অসমৰ বুনিয়াদী শিক্ষা ব্যৱস্থাৰ উপদেষ্টাও হ'ল লগা হৈছিল। গান্ধীজীৰ মৃত্যুৰ পিছত গঠন কৰা গান্ধী স্মাৰক নিধিৰ প্ৰাদেশিক শাখাৰ সঞ্চালকৰ দায়িত্বও বহু বছৰ পালন কৰিছিল। এই সকলোবোৰ কাম তেওঁ কেরল সেৱাৰ মনোভাৱেৰে কৰিছিল। সকলো কাম তেওঁ অবৈতনিক ভাবে কৰিছিল। এনেবোৰ কামৰ দ্বাৰা তেওঁ গাৱঁৰ মানুহৰ অধিক কাষ চাপি গৈছিল। তেওঁ গান্ধীজী স্মাৰক নিধিৰ কেন্দ্রীয় কমিটিৰ পুঁজি আনি অসমত ৯টা কেন্দ্র খুলি উন্নত কৃষি ব্যবস্থা, গো-পালন, খাদী আৰু গ্রামোদ্যোগৰ দ্বাৰা দুখীয়া জনগণৰ অৰ্থনৈতিক উন্নতিৰ হকে চেষ্টা কৰিছিল। অমলপ্রভাব নিঃস্বার্থ দেশ সেৱাৰ স্বাকৃতি দি কেন্দ্রীয় চৰকাৰে তেওঁলৈ 'পদ্মবিভূষণ' সম্মান আগবঢ়ালে। কিন্তু দেশসেৱাৰ বিনিময়ত এনে বটা ল'বলৈ তেওঁ বিনয়েৰে অস্বীকাৰ কৰিলে।
অমলপ্ৰভা দাস: বৰ ভূঁইকপ আৰু মৈত্রী আশ্রম
১৯৫০ চনত অসমত হোৱা বৰ ভূঁইকপ আৰু তাৰ পিছৰ প্রলয়ংকাৰী বানপানীয়ে উজনি অসম বিশেষকৈ অবিভক্ত লক্ষীমপুৰ জিলাৰ বিস্তৰ ক্ষতি সাধন কৰিছিল। বাট-পথ ধ্বংস হৈ যোৱা এই দুর্গম অঞ্চলবোৰত এদল নিষ্ঠাবান মহিলা কর্মী লৈ অমলপ্রভাই যিদৰে দেহে-কেহে খাটিছিল আজিৰ প্ৰজন্মৰ বাবে আশ্বৰ্য্যৰ কথা। নেফা আৰু অসমৰ মাজৰ পথালি পাম অঞ্চলত এখন আশ্রম খুলি তাতে দুর্গত বিধবা মহিলা, শিশু সকলক আশ্রয় দি থকা-মেলা আৰু পঢ়া-শুনাৰ ব্যৱস্থা কৰি দিছিল। পিছত এই আশ্ৰমৰ নাম মৈত্রী আশ্রম ৰখা হয়।
অমলপ্ৰভা দাস: ভূদান যজ্ঞ আৰু পদযাত্রা
গান্ধীজীৰ অনুগামী বিনোৱা ভাবে ভাবিছিল পানী, বায়ুৰ দৰেই দেশৰ মাটিৰ ওপৰতো সকলো মানুহৰে অধিকাৰ আছে। সেয়ে তেওঁ আৰম্ভকৰিছিল ভুদান যজ্ঞ। মাটিৰ গৰাকীয়ে তেওঁৰ অতিৰিক্ত মাটি দুখীয়া ভূমিহীন ৰাইজৰ বাবে দান দিব। অসমত এইকাম অমলপ্রভাৰ তলত নিয়াৰিকৈ চলিছিল। ১৯৬২ চনত বিনোৱাজী পদব্রজে অসমত প্রবেশ কৰে। গোটেই অসমতে চলা এই পদযাত্রাত অমলপ্রভা বিনোৱাজীৰ লগত থাকি তেখেতৰ ভাষণবোৰ অসমীয়ালৈ অনুবাদ কৰি জনসাধাৰণক ভূদান যজ্ঞৰ উদ্দেশ্য বুজাত সহায় কৰিছিল।
জীৱনৰ শেষ কালচোৱাত অমলপ্ৰভা দাস:
প্রাকৃতিক দুর্যোগে গো-হত্যা বিৰোধী আন্দোলন, সাম্প্রদায়িক সংঘর্ষৰোধ, নগালেণ্ড পিছ মিছন বা আলফা দমনৰ নামত অসমত চলা সেনাৰ বৰ্বৰ আচৰণৰ প্ৰতিবাদ এই সকলোবোৰ কামতে অমলপ্রভাই জীবনৰ সমস্ত শক্তিৰে যুঁজিছিল। ১৯৫৮ চনত পিতৃ বিয়োগ ঘটাৰ পিছত দুই কন্যাই পিতৃৰ আগ্রহ মর্মেই গুৱাহাটীৰ পানবজাৰত থকা পৈত্রিক সম্পত্তি "সর্বোদয় ট্রাষ্ট'ক দান কৰে। গোটেই জীৱন জনগণৰ সেৱাত ব্রতী হৈ থকা অমল প্রভাদাসে শেষ বয়সত হৃদৰোগত আক্রান্ত হ'ল। শেষ দিন কেইটা তেওঁ তিলোত্তমা ৰায়চৌধুৰীৰ ঘৰতে কটালে। কাৰণ তেখেতৰ ভিনদেৱেকৰো ইতিমধ্যে মৃত্যু হৈছিল। ১৯৯৪ চনৰ জুলাই মাহত ডাঃ তিলোত্তমা ৰায়চৌধুৰীয়েও এই সংসাৰ ত্যাগ কৰিলে। এটি এটি কৈ আপোনজন আতৰি গ'ল- মাত্র সংগী হ'ল ৰবীন্দ্র সংগীত। সেই বছৰৰে ৩০ ডিচেম্বৰৰ দিনা এই গৰাকী মহীয়সীৰ কর্মময় জীৱনৰ অৱসান ঘটিল।
আজিৰ দিনত অমলপ্রভা দাসৰ নিচিনা ত্যাগী মানুহৰ কথা অবিশ্বাস্য যেনেই লাগে। সোণ-ৰূপৰ চামুচ মুখত লৈ জন্ম গ্রহণ কৰিও আজীবন শুভ্র খাদী বস্ত্ৰ পৰিধান কৰি মহিলা সকলক দয়া, ক্ষমা, কৰণাৰে শক্তিশালী হ'বলৈ উৎসাহিত কৰিছিল। মহীয়সী নাৰীৰ বর্ণাঢ্যময় আদর্শ জীৱনৰ কথা সমগ্র বিশ্বই বিনয়ৰ মূর্ত প্রতীক এই গৰাকী ত্যাগী, সত্যাশ্রয়ী জনা উচিত। কিন্তু বাস্তবত ই হৈ উঠা নাই। বিশ্ব বা ভাৰত নালাগে আজিৰ অসমৰ নৱ প্ৰজন্মই তেখেতৰ কৰ্মৰাজিৰ বিষয়ে নাজানে। আনহে নালাগে অসম চৰকাৰৰ ফালৰ পৰাও এই গৰাকী অক্লান্ত গান্ধীবাদী সেৱাকর্মীৰ স্মৃতি বক্ষার্থে একো পদক্ষেপ লোৱা দেখা নাই। যিসময়তে মহিলা সকল ঘৰৰ চাৰি বেৰৰ মাজতে আবদ্ধ আছিল সেই ৪০ৰ দশকতে অমলপ্রভাই এদল নিষ্ঠাবান মহিলাক উলিয়াই আনিছিল গান্ধীজীৰ আদৰ্শৰে বিভিন্ন কর্মত নিয়োগ কৰিবলৈ সময় এতিয়াও পাৰ হৈ যোৱা নাই। আমি চিৰকৌমাৰ্য্যব্রতী এই গৰাকী দেশসেবিকাৰ স্মৃতিৰে সমাজক উদ্বুদ্ধ কৰিব পাৰো লাগে মাথো এটা পবিত্র আৰু নিঃস্বার্থ মন।
******
~সংগৃহীত

Comments
Post a Comment