কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ বিষয়ে অসমীয়াত All About Kolaguru Bishnu Prasad Rabha in Assamese
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ বিষয়ে অসমীয়াত All About Kolaguru Bishnu Prasad Rabha in Assamese
- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা
- বিষ্ণুপ্ৰসাদ ৰাভা জন্ম
- বিষ্ণুপ্ৰসাদ ৰাভাৰ মাকৰ নাম কি?
- অসমীয়া সাহিত্য সংস্কৃতিত বিষ্ণু প্ৰসাদ ৰাভাৰ অৱদান
- বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে কিয় কেতিয়া প্রদান কৰিছিল?
- বিষ্ণু প্ৰসাদ ৰাভাৰ গীত
- বিষ্ণু প্ৰসাদ ৰাভাৰ কবিতা
- বিষ্ণুপ্ৰসাদ ৰাভাৰ সাম্যবাদী ভাবাদর্শ আৰু গণমুখিতা
- সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা
- বিষ্ণু ৰাভাৰ দৰ্শন
![]() |
| কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ বিষয়ে অসমীয়াত All About Kolaguru Bishnu Prasad Rabha in Assamese |
বিষ্ণু প্ৰসাদ ৰাভা
বিষ্ণু প্ৰসাদ ৰাভা- আৰম্ভণি:
বিষ্ণু প্ৰসাদ ৰাভা আছিল এগৰাকী মহান শিল্পী, তেখেতে 'ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ' আৰু 'কলাগুৰু' সম্মান লাভ কৰিছিল। অসমৰ কলা-সংস্কৃতি-সাহিত্য সকলোতে বিষ্ণুৰাভাৰ অৱদান অপৰিসীম। অসমৰ ক্ৰীড়া জগততো বিষ্ণুৰাভাৰ অৱদান আছে। তেখেত নিজে এজন সুদক্ষ খেলুৱৈ আছিল, বিশেষকৈ ক্রিকেট, ফুটবল, ভলীবল, হকি আৰু বেডমিন্টনত তেখেতে এগৰাকী সুদক্ষ খেলুৱৈৰ স্বাক্ষৰ বহন কৰি গৈছে। অসীম আইৰ শীতলী কোলাত বহুজনা শিল্পী, সাহিত্যিক, কবি, সমাজকর্মী আৰু ৰাজনৈতিক নেতাৰ জন্ম হৈছে। এইসকলৰ অনেকেই স্ব-মহিমাৰে মণ্ডিত হৈ অসীম আইৰ মুখ উজ্জ্বল কৰি গৈছে। এনে মহান পুৰুষসকলৰ ভিতৰত বিষ্ণু প্রসাদ ৰাভা অন্যতম।
অসমৰ ৰাজনীতি জগততো বিষ্ণু প্ৰসাদ ৰাভা এটি চিনাকি নাম। সাম্যবাদ অর্থাৎ সকলো সমান প্রতিষ্ঠা কৰিবৰ বাবে তেওঁ মার্ক্সবাদ আৰু লেনিনবাদৰদ্বাৰা উদ্বুদ্ধ হৈ পৰিছিল। অসমৰ লাখ লাখ দৰিদ্ৰ হালোৱা বনুৱাৰ দুখৰ সমভাগী হৈ তেওঁলোকৰ দুখ মোচন কৰিবৰ বাবে অবিৰতভাৱে সংগ্রাম চলাই গৈছিল বিষ্ণু প্ৰসাদ ৰাভাই। কাৰণ তেওঁ বুজিছিল যে দুখীয়া ৰাইজৰ উন্নতিৰ অবিহনে অসমীয়া সংস্কৃতিৰ উন্নতি হ'ব নোৱাৰে। বিষ্ণু প্ৰসাদ ৰাভা আছিল বৈপ্লৱিক সংগ্রামী শিল্পী, জনতাৰ শিল্পী, গণ শিল্পী। "সৰ্বহাৰা দৰিদ্ৰ নাৰায়ণৰ মুক্তিৰ বাবে, প'লৰবচনৰ দৰে গীতৰ মাজেৰে বৈপ্লবিক বাতাবৰণ সৃষ্টি কৰি ফুৰিছিল অসমৰ বিষ্ণু প্ৰসাদ ৰাভাই। বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া ৰাইজৰ হিয়াৰ আমঠু। সৰ্ব্বহাৰাৰ মুক্তিদাতা বিপ্লৱী শিল্পী। বিষ্ণুপ্রসাদ ৰাভাই সংগ্ৰামী শিল্পী জীৱনত, জীৱিত কালত ৰাইজৰ পৰা অফুৰন্ত মৰম চেনেহ পাইছিল।"
বিষ্ণু প্ৰসাদ ৰাভা সম্পর্কে পশ্চিমবঙ্গৰ অন্যতম বুদ্ধিজীবি, খ্যাতনামা সাহিত্যিক অন্নদা শঙ্কৰ ৰায়ে কৈছে "অসম বহুজাত, বহুভাষা সংস্কৃতিৰ ৰাজ্য হিচাপে ভাৰতৰ অনন্য ক্ষুদ্ৰ সংস্কৰণৰ এখন ভাৰত। ৰাভা আছিল অসমৰ সমন্বয়ৰ প্ৰতীক। ৰাভাৰ জীৱন যেনেকৈ জনতাৰ লগত আছিল, তেনেকৈ যদি অসমৰ সংস্কৃতি, ধৰ্ম্মৰ গুৰিয়াল অসমৰ সাহিত্য-সংস্কৃতিয়ে অৱশ্যে উচ্চ আসন লাভ কৰিব।" ডঃ অমলেন্দু গুহই কৈছে "-বিষ্ণু ৰাভা যেন অসমৰেই প্রতীক। এফালে বিভিন্ন ভাষা-ভাষী গণজীৱনৰ লগত গভীৰ যোগাযোগ, আৰু আনফালে অদ্ভুত সৃজনশীল প্ৰতিভাৰ অধিকাৰী হোৱা সত্বেও, বহুক্ষেত্ৰত প্রাথমিক চমক সৃষ্টি কৰি তেওঁ অগ্ৰসৰ হ'ব নোৱাৰিলে বা তেওঁৰ প্ৰচেষ্টা নানা সংঘাতৰ মাজত অৰ্দ্ধ সমাপ্ত হৈ ৰ'ল। তথাপি বিভিন্ন সাধনা আৰু বহুমুখী প্ৰচেষ্টাৰ মাজেদি তেওঁ লক্ষ্যৰ সেই ঐক্যত উপস্থিত হৈছিলগৈ, সি আজি ভাৰতৰ তথা অসমৰ শোষিত সমাজৰ শ্রমিক কৃষক আৰু দৰিদ্ৰ উপজাতীয় মানুহৰ জীয়াই থকা আন্দোলনৰ কেন্দ্রবিন্দু-সাম্যবাদৰ প্ৰতি আকর্ষণ।"
বিষ্ণুপ্ৰসাদ ৰাভা আছিল ঝঞ্চা বিজয়ী শিল্পী। ঝঞ্চা মানে হ'ল শিল-ধুমুহা। শিল-ধুমুহাকো অতিক্ৰম কৰি যি আগুৱাই যাব পাৰে সেই জনেই হ'ল ঝঞ্চা বিজয়ী। নিজৰ আদর্শত অচল-অটল হৈ থাকি, নিজৰ জীৱন গ'লেও সমাজক সুন্দৰ কৰাৰ আদৰ্শৰে অনুপ্রাণিত হৈছিল বাবেই তেওঁ ঝঞ্চা বিজয়ী শিল্পী। কাৰণ শিল্পীয়ে সমাজক সুন্দৰ কৰে। শিল্পীৰ ধাউতী মানুহৰ দুখ দুৰ কৰাত, সকলো মানুহকে সুখী-সন্তোষী কৰাত আৰু সকলোকে গুণী জ্ঞানী কৰাত। শিল্পীয়ে সমাজৰ প্ৰতিজন মানুহকে ন-ন ৰূপত গঢ়ি তুলিব বিচাৰে। এনে শিল্পীয়ে কালৈকো ভয় নকৰে। তেওঁ হৈ পৰে সংগ্ৰামী, প্রগতিবাদী আৰু ৰূপান্তৰ কামী। বিষ্ণুপ্ৰসাদ ৰাভা তাৰেই প্রতীক।
বিষ্ণু প্ৰসাদ ৰাভা- জন্ম:
বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে ঢাকা নগৰত। ঢাকা বৰ্তমান অসমৰ পশ্চিম সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰ বাংলাদেশৰ ৰাজধানী। বিষ্ণুপ্ৰসাদ ৰাভা ওপজিছিল ধনীৰ ঘৰত সোণ-ৰূপৰ চামুচত মুখ থৈ। তেওঁৰ দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথী ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ উপৰি পুৰুষ শুকুৰাম কছাৰী ৰজাৰ বংশৰ লোক আছিল। শুকুৰাম কছাৰীৰ পুতেকৰ নাম শনিৰাম মছাহাৰি আৰু তেওঁৰেই পুতেক গোপাল চন্দ্র ৰাভা। সৰুতে মাতৃৰ বিয়োগ ঘটাত শনিৰাম মছাহাৰিয়ে তেওঁৰ বন্ধু চান্দবৰ ৰাভাক গোপালক ডাঙৰ দীঘল কৰাৰ দায়িত্ব দিয়ে। এই চান্দবৰ ৰাভাৰ প্ৰচেষ্টাত গোপাল ৰাভাই এদিন এন্ট্রেন্স পর্যায়লৈকে শিক্ষা লাভ কৰি অসম ৰাইফলচত সোমায় আৰু চাকৰিত দক্ষতাৰ পৰিচয় দি এদিন তেওঁ ইংৰাজ চৰকাৰৰ পৰা চৰ্দাৰ বাহাদুৰ উপাধি লাভ কৰে। ১৯০৭ চনত গোপাল ৰাভাক ঢাকা চহৰলৈ বদলি কৰা হয়। তাতে বিষ্ণু ৰাভাৰ জন্ম হয়। ১৯১৭ চনত ঢাকা চহৰতে গোপাল চন্দ্ৰ ৰাভাৰ মৃত্যু হয়।
বিষ্ণু প্ৰসাদ ৰাভা- শিক্ষাজীৱন আৰু যৌৱনকাল:
বিষ্ণুৰাভাৰ শিক্ষাজীৱন আৰম্ভ হয় ঢাকাতেই। ঢাকাৰ সেনাবাহিনীৰ প্ৰাথমিক বিদ্যালয়ত তেওঁক নাম লগাই দিয়া হৈছিল। ঢাকা যিহেতু বঙালী প্রধান ঠাই সেয়েহে বঙালী ভাষাৰেই বিষ্ণু ৰাভাই প্রাথমিক শিক্ষা গ্রহণ কৰিবলৈ ধৰিলে আৰু তাতেই সুখ্যাতিৰে প্ৰাথমিক শিক্ষা সমাপ্ত কৰিলে। তাৰ পাছত বিষ্ণুক তেজপুৰলৈ আনি তেজপুৰ চৰকাৰী হাইস্কুলত চতুৰ্থ শ্ৰেণীত নাম লগাই দিয়ে। তাৰ পৰায়েই ১৯২৬ চনত মেট্ৰিক পৰীক্ষা পাছ কৰিলে। সেই পৰীক্ষাত তেওঁ তেতিয়াৰ দৰংজিলাৰ ভিতৰত সর্বোচ্চ নম্বৰ পাই 'কুইন এমপ্ৰেছ' সোণৰ পদক লাভ কৰিছিল। তেজপুৰৰ পৰিৱেশে কিশোৰ ৰাভাৰ জীৱনৰ ওপৰত গভীৰভাৱে প্রভাৱ পেলায়। বিশেষকৈ সেই সময়ৰ তেজপুৰৰ সংগীত নাটকৰ পৰিৱেশে তেওঁৰ চিন্তা চেতনাত গভীৰ আঁচ বহুৱালে। তেজপুৰ পল'-ফিল্ডৰ খেলৰ পৰিৱেশেও খেলা-ধূলাৰ প্ৰতি শিশু বিষ্ণুক আগ্রহান্বিত কৰিলে। তেজপুৰৰ এনে বৈচিত্রময় পৰিৱেশে বিষ্ণু ৰাভাৰ পঢ়াশুনাৰ দিশত কিছু ব্যাঘাত জন্মালেও ধৈর্য্য, সাহস দৃঢ়তা আৰু মনোযোগেৰে অধ্যয়ন কৰি অৱশেষত মেট্ৰিকৰ দেওনাখন সুখ্যাতিৰে অতিক্ৰম কৰিব পাৰিছিল। তেজপুৰ চৰকাৰী হাইস্কুলত পঢ়ি থাকোঁতেই বিষ্ণুৰাভাই বিভিন্ন খেল যেনে ক্রিকেট, ফুটবল, ভলীবল আদিত নিপুনতাৰ পৰিচয় দিব পাৰিছিল। ইয়াৰ মাজতে তেওঁ সঙ্গীত-সাহিত্য চর্চ্চাৰ অনুশীলনো কৰি গৈছিল। তেতিয়াই তেওঁৰ অভিনয়ৰ প্রতিও হাবিয়াস জন্মে। ষষ্ঠমান শ্রেণীত পঢ়ি থাকোতে বাণ ৰঙ্গমঞ্চত 'আলিবাবা' নামৰ নাটকৰ এটা দৃশ্যত মর্জিয়ানাৰ নাৰী চৰিত্ৰত বিষ্ণুৰাভাই নাচে আৰু অভিনয় কৰে।
১৯২২ চনত তেজপুৰত অসম ছাত্র সম্মিলনৰ অধিৱেশন বহিছিল। সেই অধিবেশনৰ স্বেচ্ছা-সেৱকৰ নায়ক হৈছিল বিষ্ণুৰাভা। তাত তেওঁ অসমৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰে। সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈ কলেজীয়া শিক্ষা লাভ কৰিবৰ বাবে বিষ্ণু প্রসাদ ৰাভা গৈছিল কলিকতালৈ। কলিকতাৰ চেণ্টপ'ল কলেজৰ আই, এছ, চি, শ্রেণীত নাম লগাই তেওঁ বিজ্ঞান পঢ়িবলৈ ল'লে আৰু ১৯২৮ চনত আই, এছ, চি, পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হয়। এই কলেজত পঢ়ি থাকোতেই তেওঁ সেই কলেজৰ ক্ৰিকেট দলৰ অধিনায়কো হৈছিল। ইয়াৰ পাছত বি, এছ, চি, পঢ়িবলৈ তেওঁ কলিকতাৰে ৰিপণ কলেজলৈ যায়। তাত তেওঁ পদার্থ বিজ্ঞানত অনার্চ লৈ পঢ়া আৰম্ভকৰে আৰু ১৯২৯ চনত প্রথম বার্ষিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।
সেই সময়তে দেশ মাতৃয়ে বিষ্ণুৰাভাৰ প্ৰতি আকুল আহ্বান জনালে। সাম্রাজ্যবাদী ইংৰাজ শাসনৰ ওৰ পেলাই মাতৃভূমিক স্বাধীন কৰাৰ সংগ্ৰাম আৰম্ভ হ'ল। দেশৰ শক্তিশালী ছাত্র সমাজ স্বাধীনতা আন্দোলনত জপিয়াই পৰিল। সেই সময়ত বিষ্ণুৰাভা আছিল ৰিপণ কলেজৰ ছাত্ৰসংসদৰ সাধাৰণ সম্পাদক। পুলিচৰ চকু বিষ্ণুৰাভাৰ ওপৰত পৰিল। পুলিচে তেওঁৰ কোঠা খানাতালাচ কৰিলে। বিষ্ণুৰাভাৰ মন ভাগি পৰিল। তেওঁ কলিকতা এৰি কোচবিহাৰলৈ গুচি গ'ল। তাত তেওঁ ভিক্টোৰীয়া কলেজত নাম লগাই ল'লে। ১৯৩০ চনত চতুর্থ বার্ষিকৰ বাছনি পৰীক্ষাত সর্ব্বোচ নম্বৰ পাই বি, এছ, চি, ফাইনেল পৰীক্ষাৰ বাবে সাজু হ'ল। তেনেসময়তে মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনে সমগ্ৰ ভাৰততে ব্যাপকতা লাভ কৰিলে। বিষ্ণুৰাভাৰ অন্তৰতো জ্বলি উঠিল সংগ্ৰামৰ অগনি। তেওঁ থিৰেৰে থাকিব নোৱাৰিলে। এদিন মাজনিশা কোনেও নজনাকৈ কোঁচবিহাৰৰ ৰাজপ্ৰসাদৰ সিংহ দুৱাৰত পোষ্টাৰ লগালেগৈ আৰু কোঁচবিহাৰৰ জেনকিন্স হাইস্কুল প্রাঙ্গণত ৰিজেন্ট হাটুনিচনৰ বঙলাৰ নঙলামুখত আৰু ৰাজ প্ৰসাদৰ সিংহ দুৱাৰত বৃটিছ পতাকা 'ইউনিয়ন জেক' নমাই তাৰ ঠাইত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ ত্ৰিৰঙ্গ পতাকা উত্তোলন কৰি থৈ আহিল। পিচদিনা এই ঘটনালৈ কোচবিহাৰত হুলস্থুল লাগিল। চোৰাংচোৱাৰ চকুত বিষ্ণুৰাভা সন্দেহী হ'ল কিন্তু প্রমাণৰ অভাৱত ধৰা নপৰিল।
ইতিমধ্যে বিষ্ণুৰাভা আহি তেজপুৰ পালেহি। তেজপুৰতো সেই সময়ত স্বাধীনতাৰ জুই দপ্ দপ্ কৈ জুলিছিল। তেজপুৰ পায়েই বিষ্ণুৰাভাই তেজপুৰৰ সংগ্ৰামী ৰাইজৰ লগতে স্বাধীনতা সংগ্ৰামত জপিয়াই পৰি চিঞৰি উঠিল 'বন্দে মাতৰম, স্বাধীন অসমৰ জয় স্বাধীন ভাৰতৰ জয়'। সহস্র জনতাই বিষ্ণুৰাভাৰ চিঞৰত সমস্বৰে চিঞৰি উঠিল। এই ঘটনাৰ পিচতে কোচবিহাৰ ভিক্টোৰীয়া মহাবিদ্যালয়ৰ পৰা বিষ্ণুৰাভাক মহাবিদ্যালয় কর্তৃপক্ষই বহিষ্কাৰ কৰিলে। গতিকে ৰাভাই বি, এছ, ছি, পৰীক্ষা দিব নোৱাৰিলে। এইবাৰ বিষ্ণুৰাভা ভৰ্ত্তি হ'ল ৰংপুৰ কাৰ মাইকেল কলেজত। ইংৰাজীত অনার্চ লৈ তেওঁ পঢ়া আৰম্ভ কৰিলে। যেনে তেনে বি, এ, পৰীক্ষাটো পাছ কৰাই তেওঁৰ উদ্দেশ্য আছিল। সেই সময়ত মহাবিদ্যালয়ৰ সামাজিক কামতো তেওঁ জড়িত হৈ পৰিছিল। মহাবিদ্যালয়ত অনুষ্ঠিত কৰা সৰস্বতী পূজাত প্রতিমা নিজ হাতেৰে নিৰ্মাণ কৰি বিষ্ণুৰাভাই নিজৰ শিল্পী প্ৰতিভাৰ স্বাক্ষৰ বহন কৰাৰ লগতে সকলোকে চমক খুৱাইছিল। সংগীত, খেলা-ধূলা সকলোতে তেওঁ আগৰণুৱা হৈ পৰিছিল। মহাবিদ্যালয়ৰ ক্ৰিকেট আৰু হকি দলৰ তেওঁ অধিনায়ক হৈছিল। এনে সময়তে বঙ্গদেশৰ অহিংস স্বাধীনতা সংগ্ৰামীয়ে ইংৰাজৰ অস্ত্ৰগাৰৰ পৰা জোৰকৈ অস্ত্র-শস্ত্র কাঢ়ি আনিলে। এই ঘটনাৰ লগত বিষ্ণুৰাভাকো জড়িত থকা বুলি সন্দেহ কৰি তেওঁৰ ওপৰত পুলিচে উৎপীড়ণ চলালে। ইতিমধ্যে বি, এ, বাছনি পৰীক্ষাৰ ফলাফল ওলাল। সকলো বিষয়ত সৰহ নম্বৰ আৰু ইংৰাজী অনার্চ বিষয়তো সর্বোচ নম্বৰ পাই তেওঁ উত্তীর্ণ হ'ল। কিন্তু চৰকাৰৰ নিৰ্দ্দেশ মতে, বিষ্ণুৰাভাক কলিকতা বিশ্ববিদ্যালয়ে সেইবাৰো বি, এ, পৰীক্ষা দিবলৈ অনুমতি নিদিলে। ৰংপুৰ এৰি বিষ্ণুৰাভা গুছি গ'ল। মনত তেওঁৰ উদয় হ'ল সাম্রাজ্যবাদী ইংৰাজৰ প্ৰতি তীব্র ঘৃণা। তেওঁ বুজি পালে ইংৰাজক ভাৰতৰ পৰা খেদিব নোৱাৰিলে ভাৰতৰ শান্তি নহয়। বিষ্ণুৰাভাৰ অন্তৰত বিপ্লৱৰ অগনি দপ্ দপাই জ্বলি উঠিছিল দুগুণে।
ৰংপুৰৰ পৰা বিষ্ণুৰাভা পুনৰ কলিকতা ওলালগৈ। সেই সময়ত কলিকতা আছিল সাহিত্য সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ। কলিকতাৰ বিচিত্ৰ পৰিবেশত বিচিত্র ৰাভাৰ মন থৌকি বাথৌ হ'ল। প্রথমতে কথাছবিৰ দিশে তেওঁৰ মন আকৰ্ষিত কৰিলে; তাৰ লগে লগে সাহিত্য চর্চ্চাতো তেওঁ মনোযোগ দিলে। সেই সময়তে বিষ্ণুৰাভাৰ ককায়েক নন্দলাল ৰাভাৰ যত্নত আৰু দেউতাকৰ বন্ধু ঢাকাৰ পুলিচ বিষয়া , স্মিথৰ অনুগ্ৰহত পুলিচ বিভাগত এটা চাকৰিও যোগাৰ হৈছিল। সময়ত তেওঁলৈ ডি, এছ, পি, পদৰ নিযুক্তি পত্রও আহিল। কিন্তু বিষ্ণুৰাভাৰ মনলৈ চিন্তা আহিল যে সাম্রাজ্যবাদী ইংৰাজৰ পুলিচ বিষয়াহৈ তেওঁ ভাই-ককাইৰ ওপৰত কেনেকৈ অত্যাচাৰ চলাব? অসমৰ, ভাৰতৰ, অগণন ৰাইজৰ বুকুৰ মৰম নেওচি বিষ্ণুৰাভা পুলিচ বিষয়া হ'বলৈ নগ'ল। ঢাকাৰ পৰা আহি বিষ্ণুৰাভা কিছুদিন বৰপেটাৰ চৰকাৰী ডাক্তৰ ভিনিহিয়েক ধাবাৰাম মেছৰ ঘৰত আহিছিলহি। বৰপেটাত থাকোঁতেই শঙ্কৰী সংস্কৃতিৰ প্ৰতি তেওঁ আকৃষ্ট হৈ পৰে আৰু ইয়াৰ অমৃত-সোধা পান কৰিবলৈ উদ্বাউল হৈ পৰিল।
সত্ৰ, ওজা, গায়ন-বায়নৰ মাজে মাজে বিষ্ণুৰাভাই অসমৰ বিভিন্ন প্ৰান্তৰত ভ্ৰমণ কৰিলে আৰু শঙ্কৰী-সংস্কৃতিৰ ওপৰত সম্যকভাৱে অধ্যয়ন চলালে। অসমৰ পুৰণি সম্পদ, সংস্কৃতি, ইতিহাস, চিত্র, স্থাপত্য, ভাস্কর্য্য আদিৰ বিষয়ে তেওঁ খৰচি মাৰি অধ্যয়ন কৰিলে। ইয়াৰ লগে লগে অসমৰ বিভিন্ন জাতি, উপজাতি, জনজাতিৰ মাজত অসমীয়া বিচিত্র সংস্কৃতিৰ মৌকোঁহ বিচাৰি বিষ্ণুৰাভাই বা-বলাই ফুৰিলে। এইদৰেই বিভিন্ন জনগোষ্ঠীৰ ভাষা, উৎসৱ লোকাচাৰৰ সৈতে তেওঁৰ নীবিড় সম্পর্ক গঢ়ি উঠিল। অসমৰ জনগোষ্ঠীৰ ১৬টা ভাষা বিষ্ণুৰাভাই সুন্দৰকৈ আয়ত্ব কৰিছিল আৰু এইবোৰ ভাষাত গীতো গাব পাৰিছিল। তেওঁ ভালকৈ উপলদ্ধি কৰিব পাৰিছিল যে পাহাৰ ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ সমন্বয়তহে আমি অসমীয়া। সেয়েহে তেওঁ সমূহ জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সম-বিকাশৰ মাধ্যমেদি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতি হোৱাটো বিচাৰিছিল।
বিষ্ণু প্ৰসাদ ৰাভা- পাৰিবাৰিক জীৱন:
বিষ্ণুৰাভাৰ পাৰিবাৰিক জীৱনো সংগ্ৰাম আৰু সংঘাটপূর্ণ আছিল। ১৯৫১ চনত তেওঁ যোৰহাটৰ সু-গায়িকা প্রিয়লতা দত্তক বিয়া কৰায়। কিন্তু কিছু দিনৰ পিছতে টাইফয়দ ৰোগত কলিকতাত প্রিয়লতাৰ মৃত্যু হয়। ৰাভাদেৱে অন্তৰত বৰ দুখ পালে। ইয়াৰ কেইবছৰমান পিছত তেওঁ বিপ্লবী জীৱনৰ সঙ্গী কনকলতাক বিয়া কৰায়। তেৱোঁ পৃথিৰাজ আৰু হেমৰাজ নামৰ দুটি পুত্র সন্তান এৰি থৈ ১৯৬২ চনৰ ৪ জানুৱাৰী তাৰিখে অসম চিকিৎসা মহাবিদ্যালয়ত মগজুৰ টিউমাৰ ৰোগত মৃত্যুবৰণ কৰে। কনকলতা ৰাভা জীয়াই থকা অৱস্থাতে ১৯৫৫ চনৰ ১৬ জানুৱাৰী তাৰিখে বিষ্ণুৰাভাই তেওঁৰ সংগ্ৰামী জীৱনৰ আন এগৰাকী সংগী মোহিনী বসুমতাৰীক বিয়া কৰায়। কিন্তু সাংসাৰিক জীৱনৰ কোনো এক আৱেগ প্ৰৱণ মূহুৰ্তত মোহিনী ৰাভাই মাকৰ ঘৰলৈ গুচি গৈছিল যদিও পুনৰ ঘুৰি আহি যুগ্মজীৱন আৰম্ভ কৰিলে। তেওঁৰ এটি পুত্র জন্ম হয় (অনিন্দ্য সুন্দৰ)। ইতিমধ্যে বিষ্ণুৰাভাৰ মূৰৰ ওপৰেদি আন এছাটি প্রবল ধুমুহা পাৰহৈ গৈছিল। ১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ত মনে সজা অভিযোগত চৰকাৰে তেওঁক বন্দী কৰিছিল। আঠ মাহকাল জেলত থকাৰ পাছত ১৯৬৩ চনৰ ২৪ আগষ্ট তাৰিখেহে তেওঁ খালাচ পাইছিল।
বিষ্ণু প্ৰসাদ ৰাভা- জাতিৰ হকে জীৱন যাত্ৰা আৰু তেওঁৰ অৱদান লগতে কৰ্মৰাজী:
অসমৰ লাখ লাখ দৰিদ্ৰ হালোৱা, বনুৱাৰ দুখৰ সমভাগী হৈ তেওঁলোকৰ মুক্তিৰ বাবে বিষ্ণুৰাভাই অবিৰত সংগ্রাম চলাইছিল। এই উদ্দেশ্যে তেওঁ নিজে সমাজবাদী দলত যোগ দিছিল আৰু ৰাইজকো ইয়াৰ প্ৰতি আহ্বান জনাইছিল। তেওঁ কৈছিল "ৰাইজ। হতচিৰিযোৱা দুর্কপলীয়া হালোৱা-বনুৱা হজুৱা ভাই-সকল, যেতিয়ালৈকে ধনীৰ আইনৰ পেষাযন্ত্ৰটো আপোনালোকে ভাঙি নেপেলায় তেতিয়ালৈকে সুখ শান্তি আৰু মুক্তি নাপায়।" নতুন সমাজ বচি, নতুন অসম গঢ়িবলৈ বিষ্ণুৰাভাৰ বিপ্লবী ভাষণ, গীত, কবিতা শুনি ৰাইজ দলে বলে আগবাঢ়ি আহিছিল। বিষ্ণুৰাভাই তেওঁলোকৰ লগত একেলগে গাইছিল-
"ব'ল ব'ল ব'ল
কৃষক শক্তি দল।
অ' বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ ব'ল।
জাগ জাগ জাগ জাগ্
মজদুৰ ন-জোৱান,
নির্য্যাতীত নিপীড়িত
কৃষক শক্তি মান্।
তোৰ বাহুতে আছে লুকাই
অসীম শক্তি বল,
অসীম শক্তি বল।
কিহৰনো ভয় আছে অভয়
বাণী দেৱতাৰ,
শতুৰু সউ চৌ পাশে ৰয়
ধনী জমিদাৰ।
শোহে কলিজাৰ ৰঙা তেজ
প্রজা দুখীয়াৰ।
ধ্বংস কৰ ধ্বংস কৰ
ধনীৰ অহঙ্কাৰ।
দয়ামায়া নকৰিবি
ক্ষমাৰ দিন যে গ'ল।
হাল, কোৰ, দা, হাতুৰি ল'ই
ৰণলৈ যাওঁ ব'ল।।"
শদিয়াৰ পৰা ধুবুৰীলৈ দুখ ভাগৰ কাটি কৰি থৈ ৰাভা আৰু তেওঁৰ অনুগামীসকল ঘুৰি ফুৰিছিল। গাঁৱে ভূঞে তিনিটা অনুষ্ঠান মুক্তি ফৌজ, নাৰীমুক্তি সংঘ আৰু কৃষক বনুৱা পঞ্চায়ত গঠন কৰিলে। সংস্কৃতিৰ অর্থ নতুনকৈ বিশ্লেষণ কৰি ৰাভাই ক'লে "বাস্তৱৰ প্ৰয়োজনত যাৰ জনম, মানুহৰ জীৱন সংগ্রামত যি শকতি, জীবন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত যি মুকুতি, সেয়েহে আচল কৃষ্টি, প্রকৃত সংস্কৃতি।" জীৱন যাত্ৰাৰ ঘাত-প্রতিঘাতত যেনেকৈ কৃষ্টিৰ ৰূপান্তৰ হয়, সংস্কৃতিৰ আলমলৈ জীৱন যাত্রাও তেনেকৈ আগুৱাই যায়। গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টি সংস্কৃতি ওতঃপ্রোত ভাবে জড়িত। যি জাতিৰ কৃষ্টি সংস্কৃতি গতিশীল নহয়, সেই জাতিৰ জীৱন যাত্ৰাও স্থিৰ হয়। তেওঁ আৰু কৈছিল "খাবৰ পিন্ধিবৰ বাবে, মুৰ গুজিবৰ বাবে মানুহে সুন্দৰ ভাৱে যিহকে কৰে সেয়ে কৃষ্টি। কলা-কৃষ্টিৰ জগত শিল্পীৰ জগত সেয়াও সংগ্ৰামৰে ক্ষেত্ৰ। তাৰ জৰিয়তেও গণ জাগৰণ আনিব পাৰি। বিপ্লৱৰ একমাত্ৰ হাঁথিয়াৰ হ'ল মানুহ।"
নির্য্যাতীত, নিষ্পেষিত, হালোৱা-হজুৱা বনুৱাৰ দুখ-দুর্গতি দেখি বিষ্ণু ৰাভাই তেওঁলোকক ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আৰু নিজৰ অধিকাৰ সাবস্ত্য কৰাৰ মন্ত্রণা দিছিল। "ভাগ্যক ধিয়াই, কপাল থপৰিয়াই ত্ৰাসত পেঁপুৱা লাগি বহি থকাতকৈ, নির্ভয় মনেৰে বুকু ফিন্দাই ওলাই আহি, বীৰৰ দৰে যুঁজি প্রয়োজন হ'লে মৃত্যুবৰণ কৰিলেও, তেনে মৃত্যু হৈ পৰে অপৰাজেয়। কাপুৰুষৰ দৰে বহি থাকিলে জীয়াতেই বহুতবাৰ মৃত্যু হয়। সেয়ে তেওঁ গীতেৰে জনতাক আহ্বান জনাইছিল
"ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্
লোহাৰ শিকলি ভাঙ।
ছিঙ ছিঙ ছিঙ ছিঙ
দাসৰ বান্ধোন ছিলঙ।।
খোল্ খোল্ খোল্ খোল্
কাৰাৰ ফাটেক খোল্।
ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্
দুৱাৰৰ দাঙ্।।
শুন, সৌৱা শুন্ শুন্
ঘোৰিছে বল্ বিষাণ।
মুক্ত আকাশত উৰে
দীপত ৰঙা নিচান।।
ৰক্তেৰ ৰণজিত
সুৰুষ উদীয়মান্
শুন্ মুকতিৰ সূৰ্যৰ আহ্বান।।
হালোৱা হজুৱা হে'ৰ মজদুৰ কিষান্
মুক্তিমান। মুক্তিমান!! মুক্তিমান!!!
হে'ৰ বিপ্লৱী বিদ্রোহী বীৰ তোল তোৰ অৱনত শিৰ। অতদিনে কিয় তই আছিলি সু-যুপ্ত
পৰ-পদানত
নির্য্যাতীত? নিপীড়িত!!
দলিত! পতিত?
এইদৰে বিষ্ণুৰাভাই সমাজতান্ত্রিক বিপ্লৱৰ সূচনা কৰিছিল। সোণ-ৰূপৰ চামুচত হাত থৈ জন্ম গ্ৰহণ কৰা, পৈত্রিক সম্পত্তি হিচাপে দুহেজাৰ বিঘা মাটি লাভ কৰা বিষ্ণুৰাভাই ইচ্ছা কৰা হেঁতেন লাহ-বিলাসৰ মাজেদি জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন, কিন্তু বিষ্ণুৰাভাই কৰিলে কি? তেওঁ সকলো সুখ সম্ভোগ ত্যাগ কৰি দেশৰ দৰিদ্ৰ জনগণৰ বুকুৰ বান্ধৈ হৈ তেওঁলোকৰ দুখ মোচন কৰিবলৈ আগবাঢ়ি আহিল আৰু আজীৱন তাকেই কৰি গ'ল। কাৰণ তেওঁ ভালকৈ বুজি পাইছিল যে জনসাধাৰণেই হৈছে দেশৰ চিৰন্তন শক্তিৰ উৎস। এই প্রসঙ্গত দেবেন্দ্রনাথ বৰাদেৱে এষাৰ কথা কৈছে- "বিষ্ণুপ্ৰসাদ ৰাভাই যি কাম হাততে পায়, তৎমুহূর্তে তাকে কৰিছিল। অতীত ভৱিষ্যত ভাৱি মূৰ ঘমোৱা নাছিল। বর্তমানক সদায় স্বীকাৰ কৰিছিল। খ্যাত-অখ্যাত সকলো লোককে আপোন ভাৱেৰে আকোঁৱালি লৈ সেৱা কৰিছিল। সেই কাৰণেই বিষ্ণুৰাভা অসমীয়াৰ বুকুৰ বান্ধৈ, অসমৰ টলষ্টয়।
১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে। সংগ্রামী গণশিল্পী বিষ্ণুৰাভাৰ এই স্বাধীনতা মনঃপুত নহ'ল। তেওঁ টিহু নলবাৰীৰ ওচৰৰ দীঘেলী গাঁৱৰ ৰাইজৰ সহযোগত সামৰিক বাহিনীৰ চোকা পহৰাকো আওকাণ কৰি, হাতত ক'লা পতাকা লৈ শোভাযাত্রা কৰি ওলাই আহিল আৰু নিৰ্ভয় মনেৰে ক'লা পতাকা উত্তোলন কৰি ধ্বনি দিলে "ইয়ে আজাদী ঝুথ হোয়। চীফ চামড়াকা বদল।" (এই স্বাধীনতা মিছা কেৱল, ছালৰ পৰিবৰ্ত্তন)। ৰাভাই বিচাৰিছিল অখণ্ডিত ভাৰতবৰ্ষ আৰু ৰাজনৈতিক স্বাধীনতাৰ লগতে গৰীব জনতাৰ শোষণ নিষ্পেষণ বিহীত অর্থনৈতিক স্বাধীনতা।
বিষ্ণুপ্ৰসাদ ৰাভাই প্রত্যাহ্বান জনাইছিল ধনীক শ্ৰেণীৰ বিৰুদ্ধে শাসক আৰু শোষকৰ বিৰুদ্ধে। লগে লগে ভাৰতৰ স্বাধীন চৰকাৰ বিষ্ণুৰাভাৰ ঘোৰ শত্রু হৈ পৰিল। চৰকাৰে তেওঁক ধৰিবলৈ পুলিচ, চোৰাং চোৱা মেলি দিলে। বিষ্ণুৰাভাৰ 'অজ্ঞাতবাস' আৰম্ভ হ'ল। পুলিচ চোৰাং চোৱাৰ চকুত ধূলি মাৰি তেওঁ ঘূৰি ফুৰিছিল। কাৰণ তেওঁ ছাত্ৰ অৱস্থাৰ পৰায়েই নিখুত ভেশছন ধৰাত পাকৈত আছিল। অজ্ঞাতবাসৰ সময়ত তেওঁ কেতিয়াবা হালোৱা, কেতিয়াবা মহ গুরাল, কেতিয়াবা মুছলমান মৌলবী, কেতিয়াবা নেপালী, কেতিয়াবা নগা, কেতিয়াবা আৰবী, কেতিয়াবা ভূটীয়া হৈ পুলিচৰ আগেদিয়ে ঘূৰি ফুৰিছিল। সময়ত অসম চৰকাৰে বিষ্ণুৰাভাক ধৰি দিব পৰা ব্যক্তিলৈ দহ হাজাৰ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিলে। কিন্তু জনতাৰ বান্ধৈ হিয়াৰ আমঠু মৰমৰ বিষ্ণুৰাভাক ধৰাই দি দহ হাজাৰ টকা ল'বলৈ কোনো আগবাঢ়ি নাহিল। ৰাইজে নিজৰ মাজতে তেওঁক লুকাইহে ৰাখিলে। এই সময় চোৱাত বিষ্ণুৰাভাই এহাতে ষ্টেইন গান আৰু এহাতে কলম লৈ এক অনন্য সাধাৰণ জীবন অতিবাহিত কৰিছিল।
১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ সুদীর্ঘ পাঁচ বছৰ কাল বিষ্ণুৰাভাই আত্মগোপন কৰি কটায়। এই সময়ছোৱাত তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গাঁৱে ভূঞে ঘূৰি ফুৰি জনতাৰ মুক্তিৰ বাবে বিভিন্ন সংগঠন কৰিছিল। সেই সময়ছোৱাকে তেওঁ নিজে 'অজ্ঞাতবাস' বুলি কৈছে। অজ্ঞাতবাসৰ কালছোৱাত বিষ্ণুৰাভাই বেলশৰত লগ পালে নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক। দুয়োৰে মাজত ঘনিষ্ঠতা গঢ়ি উঠিল। ১৯৫১ চনত দুয়ো বিবাহ পাশত আৱদ্ধ হৈ পৰে। ১৯৫২ চনৰ ১৬ জুলাই তাৰিখে ঘিলাগুৰি গাঁৱৰ পৰমানন্দ ব্ৰহ্মৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত পুলিচে বিষ্ণুৰাভা আৰু তেওঁৰ পত্নী কনকলতাক গ্ৰেপ্তাৰ কৰিলে। ৰাইজৰ প্ৰতিবাদত কনকলতাক মুক্তি দিয়ে ১৯৫৩ চনৰ আগষ্ট মাহৰ ৩ তাৰিখে।
বিষ্ণুৰাভাই অসমী আইক ভাল পাইছিল আৰু প্ৰাণ ভৰি ভাল পাইছিল জাতি উপজাতি ধৰ্ম্ম ভাষা নির্বিশেষে অসমৰ কৃষক বনুৱা-শ্রমিক-মজদুৰ সৰ্ব্বহাৰাসকলক। নিজৰ আইক আৰু ভাই-ভনীক ভাল পোৱা মানে আনৰ আই আৰু ভাই-ভনীক ঘৃণা কৰাটো নুবুজায়। মহাত্মা গান্ধীয়ে কৈছিল, "জাতীয়তাবাদী নোহোৱাকৈ আন্তর্জাতীয়তাবাদী হোৱাটো অসম্ভৱ।” জৱাহৰলাল নেহৰুৱে 'আত্ম-জীৱন চৰিত'ত লিখিছে যে বহল অর্থত জাতীয়তাবাদী হোৱাটো দোষনীয় নহয়। বিষ্ণু ৰাভাৰ লক্ষ্য আছিল ভাৰতবৰ্ষৰ লগত অসমৰ ঘনিষ্ঠ সহযোগ স্থাপন কৰা। তেওঁ কেতিয়াও তথাকথিত আঞ্চলিকতাবাদী, বিচ্ছিন্নতাবাদী আৰু সংকীর্ণমনৰ লোক নাছিল। সেয়ে তেওঁ মুক্ত কণ্ঠে গাব পাৰিছিল:-
"আই মোৰ ভাৰতী জননী
লখিমী দুখুনী;
ভাৰত বাসীৰ হৃদয়ৰে ৰাণী
মোৰ পৰাণৰ
মোৰ জীৱনৰ চেনেহী গোঁসানী।
সোণামুৱা সফুৰা সুখৰে কোলাত তোৰ
উমলি পাওঁ সৰগৰ অমিয়া যেন মোৰ
তেও কিয় নপৰে শত শত দুখৰ ওৰ?
পৰাণৰ আই
জীৱনৰ আই
কিয়নো বন্দিনী?
নিচলা আই অ' দেবী স্বৰূপিনী
চেনেহী চিকুণী দেবী। অসমী জননী
লখিমী দুখুনী মোৰ চেনেহী গোঁসানী।
পিশাছে নি শুই
ৰক্ত পিয়েহি
হিয়া তোৰ যায় জহি
ওৰে নিশা দিন;
মই ধনৰে খকুৱা
জননীৰে তেজ পিয়া
ৰক্তেৰে ৰঙচুৱা
কৰে তোক আই ক্ষীণ?
পাবিনে মুকতি অসমী? কাহানি?
বিষ্ণুপ্ৰসাদ ৰাভাৰ মাক্সবাদ আৰু লেনিনবাদৰ প্ৰতি গভীৰ আস্থা আছিল। সেয়ে তেওঁৰ জাতীয়তাবাদ তেওঁ সাম্যবাদী নীতিৰ প্ৰতি আকৃষ্ট হৈছিল। আন্তর্জাতীয়তাবাদলৈ উত্তৰণ ঘটিছিল। ৰাভাই গাইছিল-
"বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে
নাচা নাচা নাচা তমোহৰদেউ নাচা,
বন্দে বন্দে আজি সৱে ভকত বৃন্দে
বন্দে তৱচৰণ কমল বন্দে
বিশ্বৰ ছন্দে ছন্দে…..
জ্বলোৱা শায়িক তব শুভ বহ্নি
বিনাশক এন্ধাৰ জয় অগ্নি
বিশ্বৰ দেউলত জ্বলকে বন্তি
আলোকৰে শিখা উঠে নাচি।।
অজ্ঞান এন্ধাৰ বিনাশি বিনাশি
পুলক নন্দে
বন্দে বন্দে আজি
নাচোনৰ তালে তালে পুষ্পিত বননি
চেৱে চেৱে হালে জালে বিকশিত ফুলনি
আমোল মোলে কৰে শুৱনী ধৰণী
পুষ্পিত সুবাসিত গন্ধে
বন্দে……
ভালেমান ক্ষেত্রত বিষ্ণুপ্ৰসাদ ৰাভাক ঋষি টলষ্টয়ৰ লগত তুলনা কৰিব পাৰি। ছোভিয়েট ৰুছিয়াৰ ইয়াস্নায়া পোলিয়ান নামে ঠাইত ১৮২৮ খৃষ্টাব্দৰ ২৮ আগষ্টৰ দিনা এটা জমিদাৰৰ পৰিয়ালত লিও নিকোলেভিচ টলস্টয়ে জন্ম গ্রহণ কৰিছিল। ৩ বছৰ বয়সত দেউতাকক হেৰুৱাই তেওঁ ঘাট মাউৰা হ'ল। পৈত্রিক জমিদাৰীত বহুতো দাস-দাসীয়ে কাম কৰিছিল। টলস্টয়ে পঢ়া শুনা, কৰি ২৩ বছৰ বয়সত সৈন্যবাহিনীত ভর্তি হৈ দুবছৰমান কাম কৰি, পিছত চাকৰি এৰি জমিদাৰীখন পৰিচালনা কৰিছিল। কিছু দিনৰ পিছত, জমিদাৰীত কাম কৰা দাস-দাসীসকলৰ দুখ-দুর্গতি দেখি তেওঁলোকক মুক্ত কৰি দিলে আৰু জমিদাৰী এৰি মাটিখিনি দৰিদ্ৰ ভূমিহীন খেতিয়কৰ মাজত ভগাই দিলে। তদুপৰি নিজে দৰিদ্ৰ খেতিয়কৰ লগত কৃষি পামত থাকি, হাল কোৰ বাই তেওঁলোকৰ দুৰবস্থা নিজ চকুৰে চাই, সত্য কাহিনীবোৰ সংগ্ৰহ কৰি গল্প প্রবন্ধ আদি লিখি প্রকাশ কৰিছিল। টলষ্টয়ৰ অমৰ লিখনী বাজীয়ে কছদেশত নতুন যুগ প্ৰৱৰ্তনৰ ক্ষেত্ৰত অপৰিসীম বৰঙণি যোগাইছিল। কছদেশৰ শাসকে টলষ্টয়ক ঈশ্বৰ আৰু গীর্জাৰ বিৰোধিতা কৰা বুলি অভিযুক্ত কৰিছিল।
অসমত দৰিদ্ৰ জনসাধাৰণক উদ্বুদ্ধ কৰা বিষ্ণুৰাভাৰ অমৰ সৃষ্টি, কৃষ্টি শিল্পই সৰ্ব্বহাৰাৰ মনত নৱযুগৰ সামাবাদৰ সূচনা কৰিছিল। টলষ্টয়ৰ দৰে বিষ্ণুৰাভায়ো যীশুখৃষ্ট, বুদ্ধদেৱ, মহাত্মাগান্ধী আদিৰ আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈছিল। টলষ্টয়ৰ দৰে বিষ্ণুৰাভাইও তেওঁৰ লেখনিত মেহনতি জনতাৰ দুখ-দুর্গতিৰ কথা প্ৰকাশ কৰিছিল। 'সোনপাহি' উপন্যাসৰ পাতনিত ৰাভাই লিখিছে, জনতা অফুৰন্ত কলা শিল্পৰ ভঁৰাল। সেই জনতা সেই ৰাইজৰ সান্নিধ্য লাভ তেওঁলোকৰ হিয়াৰ এফাল বুকুৰ জীউ, কলিজাৰ আমঠু হৈ, তেওঁলোকৰ চেনেহৰ মৰমৰ হিয়া সাগৰত বুৰ মাৰি মই এই শিল্প, সৰস্বতীক লাভ কৰিছোঁ। আজি মোৰ সাৰম্বত আত্মাই সৰস্বতী বোৱতী সুঁতিক বোৱাৰ খোজো। ই মোৰ নিজৰ গৌৰৱ নহয়। ৰাইজৰ অন্তৰ ফুলনিৰ ফুলে ফুলে উৰি উৰি পৰি পৰি মৌগুটি ভোমোৰাৰ দৰে ৰস শুহি শুহি মই মোৰ হৃদয়ত মৌ-কোঁহ ৰচনা কৰোঁ। সেই বাইজৰেই মৌ মই ৰাইজক বিলাওঁ। সি মোৰ কোনো নিজস্ব নহয়। শিল্পীৰ ই ধৰ্ম্ম। মই সেই ধর্মকে পালন কৰোঁ।"ৰাইজৰ লগত যে মোৰ এই ঘনিষ্ঠ সম্পর্ক নিবিড় সম্বন্ধ তেওঁলোকৰ জীৱনৰ কথা যদি মই নেলেখোঁ বা প্রকাশ নকৰোঁ, তেন্তে সি মোৰ মহা পাপ হ'ব। সেই কাৰণে কিছু কিছু গল্প, কবিতা, নাটক, উপন্যাস লিখিছিলোঁ।"
বিষ্ণু ৰাভাদেৱৰ ৰচনা সদায় সমাজমুখী। সহজ সৰল ভাষাৰে দৰিদ্ৰ লোকৰ ওপৰত চলা অন্যায় শোষণ আদিৰ বেদনা প্ৰকাশৰ লগতে ধনতন্ত্রবাদৰ অৱসান ঘটাই ন-জিলিঙণি অনাৰ মূৰ্তমান প্রচেষ্টা আছিল বিষ্ণুৰাভাৰ সাহিত্য সৃষ্টিৰ মূল উদ্দেশ্যে। বিষ্ণুপ্রিয়া ৰাভা ঠাকুৰীয়া ছদ্মনামতো ৰাভাই এলানি ৰচনা আগবঢ়াইছিল। বিষ্ণুৰাভাৰ সমস্ত ৰচনা আজিও প্রকাশ হোৱা নাই। 'বিষ্ণুৰাভা গৱেষণা সমিতি' নামৰ অনুষ্ঠানে কিছু লেখনি প্রকাশ কৰিছে। বাকীখিনি এতিয়াও প্রকাশ হোৱা নাই। তদুপৰি অজ্ঞাতবাসৰ কালছোৱাত তেওঁৰ বহু ৰচনা হেৰাল বুলিও জনা যায়।
বিষ্ণু প্ৰসাদ ৰাভাৰ ৰচনাৰাজি:
বিষ্ণুৰাভাৰ ৰচনা সম্ভাৰ (১) সোনামুৱা গাঁৱৰ গেঙণি ৰেঙণি (নাটক) (২) শঙ্কৰদেউ (৩) মাধৱদেউ (গ্রামোফন ৰেকৰ্ড) (৪) পঞ্চায়ত (সম্পাদনা কাকত) (৫) ন-পৃথিৱীৰ নতুন যুগ (৬) সোনপাহি (উপন্যাস) (৭) বড়ো জাতিৰ ইতিহাস (৮) ৰাভা জাতিৰ ইতিবৃত্ত (৯) মামীৰ হাৰ (গল্প) (১০) হিয়াৰ পুং (গল্প) (১১) কুৰিবছৰ জেইল (গল্প) (১১) আত্মকথা (নিজৰ জীৱনী) (১৩) বোৱঁতী সুঁতি (প্রবন্ধ) (১৪) মুক্তি দেউল (নৃত্য-নাটিকা) (১৫) অসমীয়া কৃষ্টিৰ চমু আভাস (১৬) অসমীয়া কৃষ্টি (১৭) মোহ (১৮) জীৱন নৈৰ সিপাৰে (১৯) জনজাতীয় সংস্কৃতিত শির (২০) আলিয়াই লিগাং (প্রবন্ধ) (২১) সুৰৰ দেউল (২২) চিফুং বাঁহীৰ সুৰ (২৩) সীমান্তৰ সৈনিক (২৪) জ্যোতিৰ জেউতি (২৫) মকি বুৰঞ্জী (২৬) মতক সম্প্ৰদায়ৰ ইতিহাস (২৭) দিমাছা কছাৰীৰ বুৰঞ্জী (২৮) বানেং কেবাং (২৯) মিছিং কনেং (৩০) দেউতাৰ জীৱনী (৩১) ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে (৩২) জীৱন লালসা (উপন্যাস) (৩৩) বড়ো কৃষ্টি (৩৪) চিঠি (একাংকিকা) (৩৫) মোৰ প্ৰিয় ভূমিকা (৩৬) বুঢ়া লুইতৰ বিননি (৩৭) কুশল কোঁৱৰ আদিৰ উপৰিও তেখেতে বহুত গীত আৰু বিভিন্ন কাকত আলোচনীত আনেক প্ৰৱন্ধাদি লিখিছিল।
বিষ্ণু প্ৰসাদ ৰাভাৰ 'বৃহত্তৰ অসমৰ পৰিকল্পনা' নামৰ এলানি প্ৰৱন্ধ সাহিত্যৰথী বেজবৰুৱা দের সম্পাদিত বাঁহীত প্রকাশ পাইছিল। নৰ-নাৰী নামৰ কাব্যগ্রন্থ এখনো তেখেতে লেখিছিল, 'শঙ্কৰী সাহিত্যৰ সঙ্কলন' এখনো যুগুতাইছিল। সঙ্গীতৰ প্ৰতি বিষ্ণুৰাভাৰ ধাউতি আছিল সৰুৰে পৰা। ঘৰুৱা পৰিবেশে তেওঁক সংগীতৰ প্ৰতি আকৰ্ষণ কৰিছিল। বিষ্ণুৰাভাই শাস্ত্রীয় সংগীত আৰু লোক সংগীত দুয়োটাতে খ্যাতি অর্জন কৰিছিল। অসমীয়াৰ বাহিৰেও বঙালী, বড়ো, মিছিং, কার্বি, নেপালী, ৰাভা, খাচী আদি ভাষাতো বিষ্ণুৰাভাই গীত গাই ৰাইজক মুহিত কৰিছিল। বিষ্ণুৰাভাই লিখা গীত সমূহক আমি বিষ্ণুসংগীত বা বিষ্ণুৰাভা সংগীত বুলি কওঁ। কোনো কোনোৱে বিষ্ণুসংগীতক ৰাভা সংগীত বুলিও কয়। এনেদৰে কোৱাটো ভুল; কিয়নো ৰাভা নামৰ এটা জনগোষ্ঠী অসমত আছে গতিকে ৰাভা সংগীত বুলিলে উক্ত জনগোষ্ঠীৰ লোক সংগীতকহে বুজায়।
বিষ্ণুৰাভাৰ গীত সমূহক দুটা ভাগত ভগাব পাৰি। এভাগ ৰোমাণ্টিক আনভাগ বিপ্লবী। প্ৰথম অৱস্থাত ৰচনা কৰা প্ৰায়বোৰ গীতত প্ৰেমবিৰহৰ ছবি ফুটি উঠিছে। আনহাতে বাকীবোৰ গীত সমাজৰ ৰূপান্তৰৰ বাবে লিখা। নাহৰফুলে নুশুৱাই, তগৰ ফুলে শুৱাব, লগন উকলি গ'ল মোৰ জীৱনৰ আকাশতে ইন্দ্ৰ ধনু গঢ়িম, নিচলা আইৰে আমি খাটি অসমীয়া, ব'ল ব'ল কৃষক শক্তি দল, সুৰৰে দেউলৰে ৰূপেৰে শিকলি আহ অ' জিলিকনি, এয়ে মোৰ শেষ গান আদি গীতবোৰ অসমীয়া সংগীতৰ যুগজয়ী সৃষ্টি। তদুপৰি বৰগীতৰ ক্ষেত্ৰতো ৰাভাদেৱৰ প্ৰতিভা লেখত ল'ব লগীয়া। সংগীতৰ শিক্ষক হৈয়ো বিষ্ণুৰাভাই বিভিন্ন ন শিকাৰুক প্রশিক্ষণ দিছিল। শ্রীমন্ত শঙ্কৰদেৱৰ পিচৰ অসমৰ সৰ্বশ্রেষ্ঠ সংগীত শিল্পী হিচাপে বিষ্ণুপ্ৰসাদ ৰাভা দেৱকেই আখ্যা দিয়া হয়।
বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী সাৰ্থক চিত্ৰকৰো আছিল। সৰুৰে পৰাই তেওঁ চিত্রকলাৰ অনুশীলন চলাইছিল আৰু পিচলৈ কলিকতাত থকা অৱস্থাত ইয়াৰ প্ৰশিক্ষণ লাভ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ওপৰত তেওঁ এখনি কল্প চিত্র আঁকিছিল। এইখনতে তেওঁৰ তুলিকাৰ শ্রেষ্ঠত্ব প্রতিপন্ন হয়। তেওঁ এই চিত্রখন তিনিটা ৰঙত ছপাই আনি ৰাইজৰ মাজত বিলাই দিছিল। নৃত্যকলাতো বিষ্ণুৰাভাৰ অপৰিসীম দক্ষতা আছিল। তেজপুৰৰ বাণৰঙ্গমঞ্চত 'আলিবাবা' নাটকৰ মার্জিয়ানা চৰিত্ৰত ছাত্ৰ অৱস্থাতে ৰাভাই নৃত্য প্রদর্শন কৰিছিল। সেয়ে নৃত্যৰ প্ৰতি তেওঁ প্ৰথম প্ৰেৰণা। ইয়াৰ পাছত ১৯৪০ চনত কাশী হিন্দু বিশ্ব বিদ্যালয়ত শিৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি বিষ্ণুৰাভা ভাৰতৰ শ্ৰেষ্ঠ নৃত্য শিল্পীৰূপে পৰিগণিত হয়। আনকি সেই সময়ৰ শ্ৰেষ্ঠ নৃত্য শিল্পী উদয় শঙ্কৰে প্ৰদৰ্শন কৰা নটৰাজ নৃত্যতকৈও তাণ্ডৱ নৃত্য শ্রেষ্ঠ হৈছিল বুলি উদয় শঙ্কৰে নিজে স্বীকাৰ কৰিছিল। ফলত সেই সময়ৰ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ পৰা সোণৰ পদক সহ 'ভাৰতৰ শ্ৰেষ্ঠ ক'লাবিদ আৰু কলাগুৰু সম্মান লাভ কৰিছিল। ইয়াৰ পৰায়েই তেওঁ 'কলাগুৰু নামে জনাজাত হয়।
বিষ্ণুৰাভাৰ এই সাফল্যৰ গুৰিতে আছিল কছিয়াৰ বিশ্ববিখ্যাত নৃত্য-পটিয়সী আনা পাভলোভাই আগবঢ়োৱা অনুপ্ৰেৰণা। ৰাভাই তেখেতক লগ ধৰি নৃত্য শিকাবলৈ অনুৰোধ কৰে। পাভলোভাই নৃত্য শিকোৱাৰ পৰিবৰ্তে ৰাভাক ক'লে ভাৰতত নৃত্য শিক্ষা লাভ কৰাটো অতি সহজ। নৃত্যৰ সকলো বস্তুৱেই ইয়াত আছে। ঠায়ে ঠায়ে সিঁচৰতি হৈ থকা শিল্প মূর্তিৰ ভঙ্গিমাকেই গতিশীল কৰি তালত পেলাই দিলেই ভাৱব্যঞ্জক নৃত্য হ'ব। এই উপদেশ সাবোগত কৰি বিষ্ণু ৰাভাই শিলৰ খোদিত নৃত্য ভঙ্গিমাবোৰ নিৰীক্ষণ কৰি অপূর্ব তাণ্ডৱ নৃত্যৰ সৃষ্টি কৰিছিল। তদুপৰি অসমৰ বিভিন্ন থলুবা নৃত্য, সত্রীয়া নৃত্য, চালিনাচ, ঝুমুৰা, সূত্ৰধাৰা নৃত্য, বাথৌ নৃত্য, দেওধনী নৃত্য আদিৰ ক্ষেত্ৰতো ৰাভাই জ্ঞান লাভ কৰি এইবোৰ প্ৰদৰ্শন কৰি নৃত্যকলাৰ গুৰু হৈ পৰিছিল।
সাতবছৰ বয়সতে অভিনয় জীৱনৰ পাতনি মেলা বিষ্ণুপ্ৰসাদ ৰাভাই পাছৰ জীৱনত অভিনেতা হিচাপে দক্ষতা অর্জন কৰিবলৈ সক্ষম হৈছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূর্য ফণী শৰ্মা, মঞ্চকোঁৱৰ চন্দ্ৰ গোস্বামী, শোণিত কোঁৱৰ গজেন বৰুৱা আদি বিভিন্ন খ্যাত-অখ্যাত শিল্পীৰ সৈতে বিষ্ণু ৰাভাই ইখনৰ পিচত সিখনকৈ বিভিন্ন নাটকত অভিনয় কৰে। সেই সময়ৰ চালুকীয়া অসমীয়া বোলছবি শিল্পৰ সৈতেও বিষ্ণুৰাভা নীবিড় ভাবে জৰিত হৈ পৰে। 'চিৰাজ' কথাছবিৰ 'আঘোনা' চৰিত্ৰ 'এৰাবাটৰ সুৰ'ৰ 'ভুজলংকাকা', 'মাহুত বন্ধু'ৰ 'জনজাতীয় গাঁওবুঢ়া' চৰিত্ৰত নিখুত অভিনয় কৰি বোলছবি জগতৰ সু-অভিনেতা হিচাপে খ্যাতি অর্জন কৰিছিল। তদুপৰি 'জয়মতী' আৰু 'মনোমতী' কথাছবিত নৃত্য পৰিচালনা কৰিছিল। 'পিয়লি ফুকন' কথাছবিৰ প্ৰধান উপদেষ্টা আছিল। 'প্রতিধ্বনি' কথাছবিৰো অভিনেতা আৰু উপদেষ্টা আছিল। সেই ছবিখনৰ 'খাছী ছিয়েম'ৰ জটিল চৰিত্ৰটোৰ উৎকৃষ্ট অভিনয় কৰিছিল।
অসমৰ বামপন্থী ৰাজনীতিত বিষ্ণুৰাভাই এক উল্লেখযোগ্য ভূমিকা লৈছিল। সেই সময়ৰ অন্যতম বামপন্থী দল ভাৰতীয় বিপ্লৱী কমিউনিষ্ট দলৰ সদস্য হিচাপে ৰাইজক উদ্বুদ্ধ কৰাৰ কথা ইতিমধ্যে কোৱা হৈছে। পিচলৈ এই দল একেবাৰে নিষ্ক্রিয় হৈ পৰে আৰু বিষ্ণুৰাভাই তেজপুৰলৈ আহি পুনৰ সাংস্কৃতিক চর্চ্চাত মনোনিৱেশ কৰে। ১৯৬৭ চনত অসম বিধান সভাৰ বাবে নিৰ্ব্বাচনী বতাহ অসমৰ চাৰিও দিশে আৰম্ভ হয়। তেজপুৰৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে বিষ্ণুৰাভাক তেজপুৰ সমষ্টিৰ প্ৰতিনিধি হিচাপে প্রতিদ্বন্দীতা কৰিবলৈ অনুৰোধ জনালে। কিন্তু দৰিদ্র-শিল্পী ৰাভাই নিৰ্ব্বাচন খেলে কেনেকৈ? পিছে তেজপুৰৰ যুৱ শক্তিয়ে সকলো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়াত তেওঁ সন্মতি জনালে।
তেজপুৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্রার্থী হিচাপে ৰাভাই প্রতিদ্বন্দিতা কৰিলে। বিষ্ণুৰাভাক জিকাবলৈ তেজপুৰৰ ছাত্র-ছাত্রী, যুৱক-যুৱতী শিল্পী সকলো উঠি পৰি লাগিল। তেওঁৰ বিশাল মন, বিৰাট প্রতিভা আৰু নমস্য ব্যক্তিত্বৰ প্রভাবে সকলোকে মুগ্ধ কৰিছিল। কেইজনমান ছাত্রই ঘৰৰ পৰা চাউল পাত আনি নিজে ৰান্ধি-বাঢ়ি খাই, ৰাভাদেৱৰ ঘৰতে থাকি তেওঁৰ নিৰ্ব্বাচনী প্রতীক 'পাল্লা'ৰ ছবি আঁকিছিল আৰু প্ৰচাৰ কাৰ্য্য চলাইছিল। পোষ্টাৰ ছপাবলৈ ৰাভাৰ পইচা নাছিল। নিৰ্ব্বাচনৰ কামত ঘূৰা-পকা কৰিবলৈ তেওঁৰ গাড়ী এখনো নাছিল। অৱশেষত নির্বাচনলৈ কিছুদিন থাকোঁতে শিল্পী নলিনী বৰুৱাৰ পৰা এই উদ্দেশ্যে গাড়ী এখন পায়। গাড়ীৰ চালক হ'ল ৰাভা নিজে।
ৰাইজৰ মৰমকে মূলধৰ হিচাপে লৈ নিৰ্বাচনত নমা ৰাভাই তেওঁৰ নিকটতম প্রতিদ্বন্দী কংগ্রেছ প্রার্থী বিজয় চন্দ্ৰ শৰ্মাক পৰাজিত কৰি তেজপুৰ বিধান সভা সমষ্টিৰ পৰা জয়ী হ'ল; বিষ্ণুপ্ৰসাদ ৰাভা বিধায়ক হ'ল। শোষণহীনমুখী সমাজ এখন গঠন কৰাৰ মানসেৰেই বিষ্ণুৰাভা বিধায়ক হৈছিল। নিয়তিয়ে অকালতে লৈ নোযোৱা হেঁতেন তেওঁৰ পৰা আমি বহু কিছু পালো হেঁতেন।
জীৱনৰ খলা-বমাবোৰ অতিক্ৰম কৰোঁতে বিষ্ণুপ্ৰসাদ ৰাভাই কোনোবা মুহূৰ্ত্তত ব্যৱসায় কৰি ধন-সম্পত্তি গোটোৱাৰ কথাও ভাবিছিল। তেতিয়া ১৯৩২ চন। জীৱনৰ লক্ষ্যস্থিৰ কৰিব নোৱাৰি ৰাভাই ৰংপুৰ এৰি গুৱাহাটী পাইছিলহি। গুৱাহাটীত বিপ্লবী কমিউনিষ্ট পার্টিৰ লগত জৰিত হ'ল আৰু মাছ, জহা চাউল আৰু ঘিউৰ কাৰবাৰ কৰিবলৈ ল'লে। সময়ত নট সূর্য্য ফণী শৰ্ম্মাও জহা চাউল আৰু ঘিউ ব্যৱসায়ত বিষ্ণুৰাভাৰ পাৰ্টনাৰ হৈছিল। দুয়ো বন্ধুৰ কিমান যে কল্পনা কিমান যে আঁচনি- ত্রিশ হাজাৰ মান টকা গোট খালেই তেওঁলোকে এখন কথাছবি প্রযোজনা কৰিব। কাম-কাজবোৰ কৰা সুবিধা হ'বৰ বাবে দুয়ো দুখন মটৰ চাইকেল কিনি ল'ব। পিছে সেই আশা পূৰণ নহ'ল। আয়তকৈ ব্যয়ৰ পৰিমাণ বেছি হোৱাত "বাণিজ্যে ফলন্তে ইতি।"
অবিৰত ভাৱে জীৱন নাটত অভিনয় কৰি এদিন বিষ্ণুপ্ৰসাদ ৰাভা ভাগৰি পৰিল। তেওঁ অসুস্থ হৈ পৰিল। ১৯৬৮ চনৰ শেহৰ ফালে খাওঁতে তেওঁ এদিন কষ্ট পালে। চিকিৎসালয়ত তেওঁৰ বেমাৰ ধৰা পৰিল। বিষ্ণুৰাভাৰ কৰ্কট ৰোগ হ'ল। এই শোকাবহ খবৰ পাই অসমৰ, ভাৰতৰ শত সহস্র বিষ্ণুৰাভাৰ গুণমুগ্ধ জনতা শোকত ম্রিয়মান হ'ল। অসমৰ ৰাইজে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে বিষ্ণুৰাভাৰ চিকিৎসাৰ বাবে ধন সংগ্ৰহ কৰিলে। অসম চৰকাৰেও আর্থিক ভাবে সহায় কৰিলে। ১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখে বোম্বাইৰ এটা কেঞ্চাৰ ইনষ্টিটিউতত ভৰ্তি কৰা হয়। দুমাহ চিকিৎসা কৰাৰ পাছত তেওঁক গুৱাহাটীলৈ অনা হ'ল। অসমৰ নামঘৰ, মন্দিৰ, মজি বিষ্ণু ৰাভাদেৱৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনোৱা হ'ল। অৱশেষত ৰাভাক তেজপুৰলৈ অনা হ'ল। ইতিমধ্যে তেওঁৰ শৰীৰ একেবাৰে ভাগি পৰিছিল। এনে অৱস্থাতে ১৯৬৯ চনৰ মে' মাহৰ শেষৰ ফালে তেওঁ এটি গীত লেখিছিল। এইটোৱেই আছিল তেওঁৰ জীৱনৰ শেষ গীত -
"এয়েমোৰ শেষ গান,
মোৰ জীৱন নাটৰ শেষ ৰাগিনী
কল্যান খৰ মান্।।
হাঁহি বিননিৰে ভাও দিলো নানা
বোৱালো অশ্রুধাৰ।।
নৱ নৱ ৰসে বালোঁ ভাও-নাও
আশাৰ- নিৰাশাৰ।
আজি হ'ব মোৰ জীৱন নাটৰ
ভাওনাৰ অৱসান।।
নীল আকাশত পুৱঁতি তৰা
ঢিমিকি ঢিমিকি জ্বলে।
সিও যাব ডুবি একে নিশাহতে
বেলিৰ পোহৰ পালে।।
ঠগীৰ লগৰে বন্তিৰ শিখা
নুমো-নুমোক'ই নাচে।
খৰ্মান্ তালৰ কল্যাণ ৰাগৰ
ছেৱে অপৰূপ ঠাচে।।
দোষ গুণে হ'ল ভাওনাৰ শেষ
পুৱঁতিৰ তৰাও নুমে।
বাঁহৰ আগেদি উষাৰ বেলিয়ে
ৰঙামুখ তুলি জুমে।।
নিশাৰ লগৰী বিদায় ৰাগিণী
ৰাইজৰ পদ চুমে।।
আজি হ'ল মোৰ জীৱন-নাটৰ
ভাওনাৰ অৱসান।।"
বিষ্ণু প্ৰসাদ ৰাভা- মৃত্যু:
১৯৬৯ চনৰ ২০ বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ জীৱন নাটৰ অৱসানৰ সময় হ'ল জুন তাৰিখে তেওঁৰ জীৱন নাটৰ অৱসান ঘটিল কল্যাণ খৰ মান্ ৰাগত। ৰাইজ শোকত ম্রিয়মান হৈ পৰিল। বিষ্ণুৰাভাৰ মৃত্যুত- "সৰ্ব্বহাৰা জনতাই হেৰুৱালে মৰমৰ আবৌক; বুকুৰ বান্ধৈক, হিয়াৰ আমঠুক, জনতাৰ শিল্পী, বিপ্লবী, সংগ্রামী, ক'লাগুৰু, ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ জনক। ভাৰতবৰ্ষই হেৰুৱালে সমন্বয়ৰ সেতুবন্ধা সব্যসাচী জনক আৰু বিশ্বই হেৰুৱালে সাম্যবাদী শান্তি আৰু প্রগতিবাদী দৰিদ্ৰ জনসাধাৰণৰ সংগ্ৰামী শক্তি অসমৰ সমন্বয়ৰ প্ৰতীক ক'লাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক।”
বিষ্ণু প্ৰসাদ ৰাভা- সামৰণি:
বিষ্ণুৰাভা আজি আমাৰ মাজত নাই, আছে তেওঁৰ আদৰ্শ আৰু কৰ্ম্মৰাজী। ইয়াৰ মাজতেই বিষ্ণুৰাভা জীয়াই আছে আৰু থাকিব। ইয়াকে কৰিবলৈ আমাৰ উঠি অহা চেমনীয়াসকলৰ প্ৰত্যেকেই বিষ্ণুৰাভাৰ সমস্ত চিন্তা চেতনা আৰু কৰ্ম্মৰাজীৰ সম্যক অধ্যয়ন কৰি একোজন নতুন যুগৰ বিষ্ণুৰাভা হ'বলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব। আৰু তেনে কৰিলেই অসমৰ ভাষা, সাহিত্য, সমাজ, সংস্কৃতি আদিৰ ক্ষেত্ৰত যে নতুন দিনৰ নতুন সূৰ্য্য উদয় হ'ব ইয়াত সন্দেহ নাই। শেষত শোণিত কোঁৱৰ গজেন বৰুৱাৰ কথাৰে কওঁ "অসমীয়া সংস্কৃতিৰ বৰ পূজাৰী, নায়ক, বাদক, চিত্ৰকাৰ, নৃত্যকাৰ, অভিনেতা, খেলুৱৈ, নাট্যকাৰ, সুৰকাৰ, কবি, জীবন শিল্পী, বিপ্লবী শিল্পী বিষ্ণু ককাইদেৱে আমাক এৰি গ'ল; থৈ গ'ল স্মৃতি যি স্মৃতিয়ে অসমীয়া সংস্কৃতিক উজ্জ্বল কৰি থ'ব- ভৱিষ্যতৰ অসমীয়াক প্ৰেৰণা দিব, মহীয়ান কৰি তুলিব।”
******

Comments
Post a Comment