অসমৰ চাহ উদ্যোগ ৰচনা অসমীয়াত Tea Industry in Assam Essay in Assamese
অসমৰ চাহ উদ্যোগ ৰচনা অসমীয়াত Tea Industry in Assam Essay in Assamese
- অসমৰ চাহ শিল্প ৰচনা
- চাহ মানে কি?
- চাহৰ উৎপত্তি
- অসমৰ চাহ উদ্যোগৰ আৰম্ভণি
- অসমৰ চাহ গছৰ বৈজ্ঞানিক নাম কি?
- অসমৰ চাহ উদ্যোগৰ সমস্যা
- অসমৰ চাহৰ অর্থনীতিত কোন শিল্পৰ গুৰুত্বপূৰ্ণ অবদান আছে?
- অসমৰ চাহ উদ্যোগৰ ইতিহাস
- অসমত চাহ কোনে আৱিষ্কাৰ কৰিছিল?
![]() |
| অসমৰ চাহ উদ্যোগ ৰচনা অসমীয়াত Tea Industry in Assam Essay in Assamese |
অসমৰ চাহ উদ্যোগ
অসমখন চাহৰ বাবে বিখ্যাত। বর্তমান অসমত প্রায় আঠশখনৰো (৮০০) অধিক চাহ বাগিছা আছে আৰু ই অসমৰ এটা বুজন অংশৰ লোকক কর্মসংস্থান দিয়াৰ ওপৰি দেশৰ অৰ্থনীতিতো ভালেখিনি বৰঙণি আগবঢ়াই আহিছে। অসমৰ চাহ শিল্পৰ এটা স্মৰণীয় ইতিহাস আছে আৰু বর্তমান এই চাহ শিল্পই পৃথিৱীৰ ভিতৰতে উল্লেখনীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। বৃটিছ লোক এজনে এই অঞ্চলত চাহ পাতৰ সন্ধান পায় আৰু কেপ্তেইন জোনকিন্সৰ দিনতে বিষয়টোৱে গুৰুত্ব লাভ কৰে। ১৮৩৬ চন মানৰ পৰা অসমত চাহ খেতিৰ প্ৰয়াস আৰম্ভ হয়। ইয়াৰ আগলৈকে একমাত্র চীন দেশতে চাহৰ ব্যৱহাৰ আছিল।
ক্রমে অসমৰ চাহে বিশ্বৰ লোকসকলক আকৃষ্ট কৰে আৰু বৃটিছ কোম্পানীয়ে চাহৰ ব্যৱসায়ত বিশেষভাৱে মনোনিবেশ কৰে। এই সময়তে অসমত মণিৰাম দেৱানকে ধৰি ভালেমান লোকেও চাহখেতিত মনোনিবেশ কৰিছিল। ভাৰতৰ্ষৰ বৈদেশিক মূদ্রা অর্জীনকাৰী ৰপ্তানী সামগ্ৰী সমূহৰ ভিতৰত চাহপাত অন্যতম। উল্লেখনীয় যে ভাৰতবৰ্ষত উৎপাদিত চাহৰ শতকৰা ৫৫% ভাগ অসমতে উৎপাদিত হয়। অসমত প্রায় ২,১১,৩২৩ হেক্টৰ মান মাটিত চাহ খেতি কৰা হয়। অসমৰ চাহে বিশ্বত অতি উচ্চ স্থান লাভ কৰি আছে। অকল উৎপাদনৰ ক্ষেত্ৰতে নহয় চাহ গৱেষণাৰ ক্ষেত্ৰতো অসম আগবঢ়া। যোৰহাটৰ টোকলাইত থকা চাহ গৱেষণা কেন্দ্রই অতি উচ্চমানৰ গৱেষণা চলাই বিশ্বৰ বিভিন্ন চাহ উৎপাদনকাৰী দেশলৈ পৰামৰ্শ আগবঢ়াব পাৰিছে আৰু চাহৰ গুণমান বৃদ্ধি কৰাত মূখ্য ভূমিকা পালন কৰি আহিছে।
চাহপাতৰ খেতিৰ দুটা প্ৰধান দিশ আছে।
(ক) এটা হ'ল ইয়াৰ কৃষি কার্য্য আৰু আনটো হ'ল
(খ) ইয়াৰ উদ্যোগিক দিশ।
উল্লেখনীয় যে এই দুয়োটা বিভাগতে বর্তমান হাজাৰ হাজাৰ লোকে সংস্থাপন পাই আছে। বিশেষকৈ ইয়াৰ কৃষি কাৰ্য্যৰ লগত জড়িত লোকসকলে অসমৰ জনগাঁঠনিতো গুৰুত্বপূর্ণ প্রভাৱ পেলাইছে। বৃটিছে প্রথমে চাহখেতি কৰিবলৈ বিহাৰ, উৰিষ্যা, ছোটানাগপুৰ, পুবোলিয়া আদিৰ পৰা অনা গিৰমিটিয়া বনুৱাসকল আজি অসমৰ নিগাজী বাসিন্দা হৈ পৰিছে আৰু অসমীয়া ভাষা সংস্কৃতি গ্রহণ কৰি এক সমন্বয়ৰ সংস্কৃতি গঢ় দিছে। বাগিছাৰ এই বনুৱাসকলক চাহ জনজাতি বুলি কোৱা হয় যদিও তেওঁলোক আজি অসমীয়া জনগাঁঠনিৰ অন্যতম অংশীদাৰ। তেওঁলোকেও বিভিন্ন উপাদানেৰে অসমীয়া সংস্কৃতিৰ বৈচিত্র্যতাত অৰিহণা যোগাই আহিছে।
চাহপাতৰ বজাৰৰ বাবে কেতবোৰ চাহ নিলাম কেন্দ্ৰ আছে। ভাৰতবৰ্ষত এনে ৫/৬ টা মান চাহ নিলাম কেন্দ্র আছে। অসমৰ চাহ আগতে কলিকতাৰ নিলাম বজাৰত বিক্ৰী কৰা হৈছিল যদিও বর্তমান ১৯৭০ চনত গুৱাহাটীত এটা নিলাম কেন্দ্র স্থাপন হোৱাত অসমব চাহ ব্যৱসায়ী সকলৰ ভালেমান সুবিধা হৈছে। প্রথম অৱস্থাত এই নিলাম কেন্দ্ৰ পৰিসৰ অতি ক্ষুদ্র আছিল যদিও এইতয়া ই ভালেখিনি সম্প্ৰসাৰিত হৈছে। চাহ শিল্পৰ এনে শ্রীবৃদ্ধিৰ লগে লগে বাট-পথ আদিৰো ভালেমান উন্নতি হৈছে আৰু এই চাহৰ বজাৰখনৰ বাবেই বৃটিছে ভালেমান উন্নযমূলক কাম কৰিছিল। কিন্তু দুর্ভাগ্যৰ বিষয় যে ভাৰতৰ ৰপ্তানী বজাৰৰ এক সিংহ ভাগ দখল কৰি থকাৰ পিছতো অসম এই শিল্পৰ পৰা পোনপটীয়াভাবে লাভবান হ'ব পৰা নাই। কাৰণ চাহ শিল্পৰ বেছিভাগেই বৃটিছ কোম্পানী আৰু ভাৰতীয় পুঁজিপতিৰ হাতত। অসমীয়া লোকৰ হাতত মাত্ৰ কেইখনমান বাগিছা আছে যদিও সিও তেনেই নগণ্য।
লক্ষণীয় কথা যে চাহ এনে এটি সামগ্রী যাৰ চাহিদা সদায় বৃদ্ধি পাব লাগিছে। বর্তমান বিশ্বৰ প্ৰায় সকলো দেশৰ লোকেই চাহ খায় আৰু দৈনকি প্রায় ১.৫০ কোটি কাপ চাহ ব্যৱহাৰ হয়। চাহৰ এনে চাহিদালৈ চাই এই শিল্পৰ শ্ৰীবৃদ্ধিৰ আৰু সম্ভৱনা আছে। অসমত এতিয়া কেতবোৰ যুৱকে ক্ষুদ্র চাহ বাগিছা গঢ়ি তুলিছে। এনে বাগিছা বোৰত ঔদ্যোগিক ব্যৱস্থাৱলী নাই। তেওঁলোকে মাত্ৰ চাহৰ কৃষি কাৰ্য্যহে কৰে আৰু উৎপাদিত চাহ নিকটবর্তী ডাঙৰ বাগিছাবোৰক বিক্ৰী কৰে। এনে কাৰ্য্যত চৰকাৰেও স্থানীয় যুৱক সকলক ঋণ সাহাৰ্য্য দি এনে খেতিৰ বাবে প্ৰেৰণা দিছে। দেখা গৈছে যে চাহপাতৰ এনে সৰু সৰু বাগানবোৰেও ভালেমান আয় কৰিবলৈ সমৰ্থ হৈছে। কিন্তু যিহেতু এনে বাগিছাবোৰ স্বয়ংসম্পূর্ণ উৎপাদনক্ষম নহয় গতিকে এনে ব্যৱসায়ীসকল উৎপাদন ক্ষম ডাঙৰ ব্যৱসায়ী চক্ৰৰ হাতৰ পুতলা হোৱাৰ সম্ভৱনাও নোহোৱা নহয়। চৰকাৰে এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা ল'লে এই চাহ উদ্যোগে ভালেমান নিয়োগবিহীন যুৱকৰ বাবে স্বনিয়োজনৰ এক বাট মুকলি কৰিব।
********

Comments
Post a Comment