আমাৰ ৰাজ্যখন পাঠ-১০ চতুৰ্থ শ্ৰেণী Class4 Chapter10
আমাৰ ৰাজ্যখন পাঠ-১০ চতুৰ্থ শ্ৰেণী Class4 Chapter10 আমাৰ ৰাজ্যখন পাঠ-১০ আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী Amar Rajyakhon Chapter10 Class4 ১/ অসম ভাৰতৰ কোনটো অংশত অৱস্থিত? উত্তৰ: অসম ভাৰতৰ উত্তৰ-পূব অংশত অৱস্থিত। ২/ অসমৰ চাৰিসীমাত থকা ৰাজ্যবোৰৰ নাম লিখা। উত্তৰ: অসমৰ চাৰিসীমাত থকা ৰাজ্যবোৰৰ নাম হ'ল - অৰুণাচল প্ৰদেশ নাগালেও মিজোৰাম মনিপুৰ ত্রিপুৰা মেঘালয় পশ্চিমবংগ ৩/ অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা। এই বিদেশী ৰাষ্ট্রকেইখন অসমৰ কোন কোন দিশত অৱস্থিত? উত্তৰ: অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম হ'ল - ভূটান আৰু বাংলাদেশ। অসমৰ উত্তৰে ভূটান আৰু দক্ষিণ-পশ্চিম দিশত বাংলাদেশ অৱস্থিত। ৪/ ডিমা হাছাও জিলাৰ এখন উপনৈৰ নাম লিখা। উত্তৰ: ডিমা হাছাও জিলাৰ এখন উপনৈৰ নাম হ'ল - জাতিংগা। ৫/ অসমক কিয় নৈ-প্রধান ৰাজ্য বুলি কোৱা হয়? উত্তৰ: অসমৰ মাজেৰে বহু নৈ-উপনৈ বৈ গৈছে। সেয়ে অসমক এখন নৈ-প্রধান ৰাজ্য বুলি কোৱা হয়। ৬/ অসমৰ প্রধান নৈ দুখনৰ নাম কি? উত্তৰ: অসমৰ প্রধান নৈ দুখনৰ নাম হৈছে ব্রহ্মপুত্ৰ আৰু বৰাক। ৭/ উপত্যকা বুলিলে কি বুজা? উত্তৰ: দুশাৰী পৰ্বত বা দুই উচ্চ ভূ...