বৃক্কৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি আৰু ৰোগৰ লক্ষণসমূহ কি কি?
বৃক্কৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি আৰু ৰোগৰ লক্ষণসমূহ কি কি? বৃক্কৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি আৰু ৰোগৰ লক্ষণসমূহ কি কি? আমাৰ অঞ্চলত বৃক্কৰ পাথৰ এটা সঘনাই দেখা দিয়া ব্যাধি। সর্বসাধাৰণৰ ক্ষেত্ৰত পাঁচ শতাংশ লোকে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। পুৰুষৰ ক্ষেত্রত মহিলাতকৈ দুগুণ সংখ্যক মানুহৰ এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। পুৰুষৰ ক্ষেত্রত ত্রিশ বছৰ বয়সত আৰু মহিলাৰ ক্ষেত্ৰত চৌত্রিশৰ পৰা পঁচপন্ন বছৰৰ ভিতৰত এই ৰোগ সর্বাধিক হোৱা দেখা যায়। বংশানুগতিকভাৱে কিছুমান লোক এই ৰোগত আক্রান্ত হোৱা দেখা যায়। বর্জিত পদার্থই প্রস্রাৱৰ নলীত গাঢ় হৈ পাথৰ হোৱাত সহায় কৰে। মূত্রাশয়ত পাথৰ তৈয়াৰ হৈ তললৈ নামি আহে। উপাদান অনুযায়ী ই কেলচিয়াম অক্সেলেট, কেলচিয়াম ফছফেট, ইউৰিক এচিড, স্টুভাইট, চিষ্টিন (Calcium Oxalate, Calcium Phospat, Uric Acid, Struvite, Cystine) ইত্যাদি হ'ব পাৰে। বৃক্কত পাথৰ হোৱা ৰোগৰ লক্ষণসমূহ : ১) তললৈ নামি যোৱাৰ সময়ত প্রস্রাৱৰ লগত কেতিয়াবা তেজ ওলাব পাৰে। ২) খামুচীয়া বিষ হ'ব পাৰে। ৩) সঘনাই প্রস্রাৱত বীজাণুৰ দ্বাৰা সংক্রমণ হোৱাটোও এটা প্রধান কাৰণ। কেতিয়াবা ই প্ৰস্ৰাৱৰ নলীত টানকৈ লাগি ধ...